পালেং শাক

পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক । ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ। পাতবোৰৰ আকাৰ ২-৩০ চেঃমিঃ দীঘল আৰু ১-১৫ চেঃমিঃ বহল হব পাৰে। গছৰ গুৰিৰ দিশৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ দিশৰৰ পাতবোৰ সৰু হয়। ফুলবোৰ হালধীয়া আভাযুক্ত বগা, ৩-৪ মিঃমিঃ ব্যাসবিশিষ্ট হয়। ইয়াৰ ফল সৰু, কঠিন, দানাকৃতিৰ আৰু গুচ্ছকাৰ। ফলৰ আকাৰ প্ৰায় ৫-১০ মিঃমিঃ; যত বহি বীজ থাকে। গা-গছ লেহুকা আৰু পাতত পানীৰ পৰিমাণ বেছি। গোটেই গছজোপা উজ্জ্বল সেউজীয়া ।

পালেং শাক
পালেং শাক
ফুলসহ পালেং শাক
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Core eudicots
বৰ্গ: Caryophyllales
পৰিয়াল: Amaranthaceae,
formerly Chenopodiaceae[2]

গণ: Spinacia
প্ৰজাতি: S. oleracea
বৈজ্ঞানিক নাম
Spinacia oleracea
L.

চীন দেশত পালেং শাকৰ বৰ্ণনাৰ প্ৰাচীনতম নিদৰ্শন পোৱা গৈছে । তাত কোৱা হৈছে যে, এই শাক নেপালৰ পৰা চীন দেশত অনা হৈছিল (সম্ভবতঃ ৬৪৭ খৃঃ)।

পুষ্টি উপাদান

পালেং শাক অত্যন্ত পুষ্টিকৰ। ই শীতকালত পোৱা আটাইতকৈ পুষ্টিকৰ শাক। পালেং শাকত শৰ্কৰা, প্ৰটিন আৰু স্নেহ পদাৰ্থৰ ওপৰি প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। প্ৰতি ১০০ গ্ৰাম কেচা পালেংত ভিটামিন এৰ সমতুল্য বিটা কেৰে'টিন ৪৬৯ μg আৰু লুটিন জিজেন্থিন ৫৬২৬ μg, ভিটামিন এ 9400 IU, ভিটামিন বিৰ সমতুল্য থায়েমিন ০.০৭৮ mg, ৰাইব'ফ্লাভিন ০.১৮৯ mg, নিয়াচিন ০.৭২৪ mg,ফ'লেট 194 μg আৰু ভিটামিন বি ০.১৯৫ mg, ভিটামিন চি ২৮ mg, ভিটামিন ই ২ mg ভিটামিন কে ৪৮৩ μg পোৱা যায়। সেইদৰে কেলচিয়াম ৯৯ mg, লো ২.৭১ mg, মেগনেছিয়াম ৭৯ mg, মেংগানিজ ০.৮৭৯ mg, ফচফৰাচ ৪৯ mg, পটাছিয়াম ৫৫৮ mg, চডিয়াম ৭৯ mg আৰু যিংক ০.৫৯ mg পোৱা যায়। লোৰ এক প্ৰধান উৎস হৈছে পালেং। সেয়ে ৰক্তহীনতাত ভোগা ৰুগীক পালেং শাক খাবলৈ দিয়া হয়। এইবোৰৰ ওপৰিও ইয়াত আছে প্ৰচুৰ এন্টিঅক্সিডেন্ট। সতেজ আৰু অল্পসিদ্ধ কৰি খালে বেছি এন্টিঅক্সিডেন্ট লাভ কৰা যায়।

ভিটামিন-বি ১৯৪১ চনত পোনপ্ৰথমে পালেং শাকত আৱিষ্কৃত হৈছিল

পালেং শাক 
পালেং শাক

ব্যৱহাৰ

পালেং এবিধ সুস্বাদু তথা পুষ্টিকৰ শাক। সাধাৰণতে শীতকালত ইয়াৰ শাক ভাজি অথবা জুল কৰি খোৱা হয়। পালেং শাকৰ জুল বা চুপ বেছ জনপ্ৰিয় । অসমত ঘাইকৈ মাছ আৰু টেঙাৰে পালেং শাক খোৱা হয়। ৰৌ মাছ আৰু পালেং শাক অসমৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন । সেইদৰে উত্তৰ ভাৰতীয় পালেং-পনীৰ(पालक पनिर) পৃথিৱী বিখ্যাত।

পালেং শাক 
পালক পনীৰ

চিত্ৰমালা

তথ্য সংগ্ৰহ

Tags:

পালেং শাক পুষ্টি উপাদানপালেং শাক ব্যৱহাৰপালেং শাক চিত্ৰমালাপালেং শাক তথ্য সংগ্ৰহপালেং শাকঅসমএছিয়া

🔥 Trending searches on Wiki অসমীয়া:

কুমাৰ ভাস্কৰ বৰ্মাশিক্ষাৰ অধিকাৰমিচিং জনগোষ্ঠীচিত্ৰ-ভাগৱতহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যভাৰতৰ উপৰাষ্ট্ৰপতিপোহৰফৰাচী বিপ্লৱগোপীনাথ বৰদলৈৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাতাল (বাদ্যযন্ত্ৰ)জ্যামিতিদৈনিক অসমচীনা সাম্যবাদী বিপ্লৱঅসমৰ কুঁহিলা শিল্পছ'ভিয়েট সংঘহাজং জনগোষ্ঠীতাজমহলসেউজ গৃহ প্ৰভাৱবাইখো পূজাশ্ৰীনিবাস ৰামানুজনভাৰতীয় ৰিজাৰ্ভ বেংকগামোচাগোলকীয় উষ্ণতা বৃদ্ধিবেদান্তভাৰত-আৰ্য ভাষা পৰিয়ালসৰ্থেবাৰীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫দীপৰ বিললোকসভাৰ অধ্যক্ষলক্ষ্মীনন্দন বৰাসংখ্যাবৃত্তনীলমণি ফুকন (কনিষ্ঠ)হেমচন্দ্ৰ গোস্বামীএংকৰ ৱাটশব্দ প্ৰদূষণসাঁচিপাতৰ পুথি (উপন্যাস)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামাঘ বিহুমহাকাব্যম'লহাজোঁ (চন্দ্ৰবিন্দু)কাৰ্ল মাৰ্ক্সসিংহডিব্ৰুগড়ভগ্নাংশভাৰতৰ সংবিধাননাট্য শাস্ত্ৰৰাজিয়া চুলতানাশৰাইঘাটৰ যুদ্ধগ্ৰহাণুকবিৰত্ন সৰস্বতীপোহৰৰ বেগমৌৰ্য সাম্ৰাজ্যঅসমৰ পৰম্পৰাগত সাজ- পাৰকালিদাসদিহানামহয়গ্ৰীৱ মাধৱ মন্দিৰৰাভা জনগোষ্ঠীনীলিম কুমাৰবজ্ৰাংগী আইমাইকেলেঞ্জেল'বৃশ্চিক (ৰাশি)ৰাণী গাইডিনলিউবিদ্যুৎবৰগীতইউনিয়ন বেংক অৱ ইণ্ডিয়াবৰপেটা জিলাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমৰ সাধুকথানীতি আয়োগতেজপুৰগামখাৰুফ্ৰান্স🡆 More