পানী দিহিং অভয়াৰণ্য

পানী দিহিং অভয়াৰণ্য (ইংৰাজী: Pani Dihing Wildlife Sanctuary ) অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।

পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary)
মানচিত্ৰত পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary)ৰ অৱস্থিতি
পানী দিহিং অভয়াৰণ্য
অসমত পানী দিহিং অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান শিৱসাগৰ জিলা, অসম, ভাৰত
নিকটতম চহৰ Sivasagar
স্থানাংক 27°7′19″N 94°35′47″E / 27.12194°N 94.59639°E / 27.12194; 94.59639 94°35′47″E / 27.12194°N 94.59639°E / 27.12194; 94.59639
মাটিকালি 33.93 বৰ্গ কি.মি. (3,39,30,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৯৬
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

এই বনাঞ্চলখনক অসম চৰকাৰএ ১৯৯৬ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৯৯ চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়ে।

ভৌগোলিক বিৱৰণ

পানী দিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰ জিলাৰ প্ৰায় ৬০-৭০ বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত হৈ আছে। ইয়াৰে ৩৩.৯৩ বৰ্গ কিলোমিটাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গণ্য কৰা হৈছে। এই বনাঞ্চলখনৰ উত্তৰ-পশ্চিম দিশত ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে দিচাং নৈ বৈ গৈছে।

বতৰ

পানী দিহিং অভয়াৰণ্যৰ বতৰ সেমেকা ক্ৰান্তীয় (moist tropical)। বছৰি গড় তাপমাত্ৰা সৰ্বনিম্ন ৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্ব্বোচ্চ প্ৰায় ৩৫ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হয়। বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ৩২০০ মিমি আৰু আপেক্ষিক আৰ্দ্ৰতা (relative humidity) ৬৫-৮৫% হোৱা দেখা যায়। [উদ্ধৃতিৰ প্ৰয়োজন]

উদ্ভিদকুল

এই বনাঞ্চল বিশেষকৈ জলজ উদ্ভিদ আৰু ঘাঁহনিৰে পৰিপূৰ্ণ।

প্ৰাণীকুল

স্তন্যপায়ী প্ৰাণী

অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, বন-ৰৌ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, খটীয়া পহু, শিয়াল, শৰপহু, সুগৰী পহু, হলৌ বান্দৰ

চৰাই-চিৰিকটি

প্ৰায় ২৬৭ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰে ৭০ বিধ মান পৰিভ্ৰমণকাৰী চৰাই বুলি তথ্য পোৱা গৈছে। এই চৰাই সমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল- কাঠ শালিকা, কামচৰাই, ঘিলা হাঁহ, কুটুম চৰাই, আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া, হাইঠা, উকাহ, উলূম’ৰা, ক'লা আকুহী বগ, কণামুছৰি, কনুৱা, কাকৈশিৰা, কুলি, কুৰুলী ফেঁচা, কুৰুৱা, কেঁচুখাটী, কেতেকী, কৈলাঙী, কোকলোঙা, ক’লা টুনি, খন্তীয়া হাঁহ, চাকৈ-চকোৱা, চাতক, চিলনী, গাং শালিকা, কমলা-বুকুৰ হাইঠা, কলীমূৰী হাঁহ, কাকলি হাঁহ, গো-বগ, চুটীয়া শালিকা, বিহুৱতী চৰাই, বুলবুলি, বৰ বগ, বৰটোকোলা, বৰবালি বগুৱা, দলপুঙা,দলমৰা, দহিকতৰা, দিনকণা, দীঘলনেজী, দেওৰাজ হাঁহ, দৈকলা, বৰমূগী হাঁহ, শৰালি, বৰহাইঠা ইত্যাদি।

ভাবুকি

জৈৱবৈচিত্ৰৰে সমৃদ্ধ এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ প্ৰধান সংকট হৈ পৰিছে চোৰাং চিকাৰ আৰু অভয়াৰণ্যৰ ভিতৰত বেআইনীভাৱে গৰু চৰোৱা,মাছ ধৰা ইত্যাদি কাৰ্য্য।

লগতে চাওক

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

পানী দিহিং অভয়াৰণ্য ইতিহাসপানী দিহিং অভয়াৰণ্য ভৌগোলিক বিৱৰণপানী দিহিং অভয়াৰণ্য বতৰপানী দিহিং অভয়াৰণ্য উদ্ভিদকুলপানী দিহিং অভয়াৰণ্য প্ৰাণীকুলপানী দিহিং অভয়াৰণ্য স্তন্যপায়ী প্ৰাণীপানী দিহিং অভয়াৰণ্য চৰাই-চিৰিকটিপানী দিহিং অভয়াৰণ্য ভাবুকিপানী দিহিং অভয়াৰণ্য লগতে চাওকপানী দিহিং অভয়াৰণ্য তথ্যসূত্ৰপানী দিহিং অভয়াৰণ্য বাহ্যিক সংযোগপানী দিহিং অভয়াৰণ্যঅসমইংৰাজী ভাষাশিৱসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

যতি-চিনশ্ৰীকৃষ্ণকীৰ্তনত্ৰৈলোক্য নাথ গোস্বামীভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগঅষ্ট্ৰেলিয়াযৌন নিৰ্যাতনমহামায়া ধামমহীচন্দ্ৰ মিৰিফুলসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বহুভাষাবাদভিয়েটনামসত্ৰবৃশ্চিক (ৰাশি)অগ্নিগড়বেলি ফুলদৰ্শনসংঘাতকুশান নৃত্যস্বচ্ছ ভাৰত অভিযানহেমকোষকুন্তীভাৰত ৰত্নকিৰাটমৃত্যুঞ্জয়মাধৱ কন্দলিসাহিত্যদূৰবীক্ষণ যন্ত্ৰৰাম সৰস্বতীঅসমীয়া বান্দৰতেজপদ্মনাথ গোহাঞি বৰুৱাৰামধেনুগোৱালপাৰা জিলাপাইক প্ৰথামকৰাগুণমালানীল প্ৰজাপতিৰংঘৰআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিআমেৰিকা (মহাদেশ)মাটি আখৰাভাৰতৰ স্বাধীনতা আন্দোলনবৰপেটা জিলামুহাম্মাদআমেৰিকা যুক্তৰাষ্ট্ৰঅলিম্পিকধাতু আৰু অধাতুআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰুক্মিণী হৰণ নাটহয়গ্ৰীৱ মাধৱ মন্দিৰব'হাগ বিহুমুদ্ৰাৰাজস্থানচুতীয়া জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰঅসমৰ বনৌষধিনাটকধানজোৰোণভূপেন হাজৰিকা সেতুআহোম জনগোষ্ঠীমিচিং জনগোষ্ঠীৰ সাজপাৰগগনাপ্ৰদূষণইন্দিৰা মিৰিপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)মহাভাৰতবৰপেটাডিম্পু বৰুৱাকীৰ্তন ঘোষা সংকলননামেৰি ৰাষ্ট্ৰীয় উদ্যানআহোম বিবাহ পৰম্পৰাভাৰতত বাল্য বিবাহত্ৰিভুজআৰবী ভাষাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য🡆 More