কুৰুলী ফেঁচা

কুৰুলী ফেঁচা (ইংৰাজী: Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়। ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়।

কুৰুলী ফেঁচা
কুৰুলী ফেঁচা
সংৰক্ষণ স্থিতি
কুৰুলী ফেঁচা
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Strigiformes
পৰিয়াল: Strigidae
গণ: Athene
প্ৰজাতি: A. brama
বৈজ্ঞানিক নাম
Athene brama
(Temminck, 1821)
কুৰুলী ফেঁচা
সমাৰ্থক

Carine brama
Noctua indica Franklin, 1831

বিৱৰণ

কুৰুলী ফেঁচা 
পুণেত এটা পূৰ্ণবয়স্ক কুৰুলী ফেঁচা

কুৰুলী ফেঁচাৰ দেহটো থোপোকা। দৈৰ্ঘ্য প্ৰায় ২১ ছে:মি:। দেহৰ ওপৰৰ অংশ মটিয়া-মুগা বৰণৰ আৰু বগা ফুটুকীয়া দাগেৰে পৰিপূৰ্ণ। তলৰ অংশ বগা আৰু মটিয়া ৰঙৰ ফুটুকীয়া। ইয়াৰ চকুৰ মণিৰ বৰণ হালধীয়া। ইয়াৰ চকুৰ চেলাউৰি (supercilium) আৰু ডিঙিৰ পটা বগা ৰঙৰ। মতা আৰু মাইকী দেখিবলৈ একে হয়।

টেক্স'নমি

কুৰুলী ফেঁচাৰ পাঁচবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-

আচৰণ

কুৰুলী ফেঁচা 
কলকাতাত কুৰুলী ফেঁচা

কুৰুলী ফেঁচা সাধাৰণতে নিশাচৰ যদিও ইয়াক কেতিয়াবা দিনৰ ভাগতো দেখা পোৱা যায়। গছত জিৰণি লোৱা অৱস্থাত অন্য চৰা্য়ে ইয়াকজাক পাতি খেদা (mob) দেখা যায়। ইয়াৰ মাতটো তীক্ষ্ণ (harsh and loud)। ই প্ৰধানকৈ পুৱতি নিশা বা সূৰ্য্য অস্ত যোৱাৰ পিছত মাত মাতে।

খাদ্য

কুৰুলী ফেঁচাই সাধাৰণটে বিভিন্ন ধৰণৰ পোক-পতংগ আৰু সৰু আকাৰৰ মেৰুদণ্ডী প্ৰাণী চিকাৰ কৰি খায়। t মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত নিগনি, বাদুলী, ভেকুলী, সৰু সাপ আদিয়ে প্ৰধান। তদুপৰি কেতিয়াবা ইহঁতে বৃশ্চিক তথা মলাস্কা আদিও আহাৰ হিচাপে গ্ৰহণ কৰে বুলি জনা যায়।

প্ৰজনন

কুৰুলী ফেঁচাই সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহত প্ৰজনন কৰে। ই গছৰ সুৰুঙা বা ওখ মথাউৰিত গাঁত খান্দিও বাহ সাজে। বাহটোত গছৰ পাত, গাৰ পাখি আদিৰে সাজে। এবাৰত ই সাধাৰণতে তিনিৰ পৰা চাৰিটাকৈ কণী পাৰে। পোৱালিক ই প্ৰথমে পোক-পতংগ, পইতাচোৰা আদি আৰু পিছলৈ সৰু প্ৰাণী যেনে নিগনি আদি খুৱায়। পোৱালিয়ে জন্মৰ ২০-২৮ দিনৰ ভিতৰত বাহ এৰে।

লগতে চাওক

  • Kumar,TS; Rao,JVR (1984). "Diurnal changes in the body temperature of nestling Spotted Owlet, Athene brama brama (T)". Geobios, Jodhpur খণ্ড 11 (5): 216–218. 
  • Lamba,BS; Tyagi,AK (1976). "Incubation period in Northern Spotted Owlet, Athene brama indica (Franklin)". Newsl. Zool. Surv. India খণ্ড 2 (4): 128–129. 
  • Suresh, Kumar T. (1980). The life-history of the Spotted Owlet (Athene brama brama Temminck) in Andhra Pradesh.. Raptor Research Centre, Hyderabad. Pub. No. 4.. 
  • Mahmood-ul-Hassan, Muhammad; Beg, Mirza Azhar; Mushtaq-ul-Hassan, Muhammad; Rana, Shahnaz Ahmed (2007). "Nesting and Breeding Habits of the Spotted Owlet (Athene brama) in Punjab, Pakistan". Journal of Raptor Research খণ্ড 41 (1): 50–52. doi:10.3356/0892-1016(2007)41[50:NABHOT]2.0.CO; 2. 
Spotted Owlet mobbed by a Rufous Treepie (Fort Aguada, Goa)

তথ্যসূত্ৰ

Tags:

কুৰুলী ফেঁচা বিৱৰণকুৰুলী ফেঁচা টেক্সনমিকুৰুলী ফেঁচা আচৰণকুৰুলী ফেঁচা লগতে চাওককুৰুলী ফেঁচা তথ্যসূত্ৰকুৰুলী ফেঁচা বাহ্যিক সংযোগকুৰুলী ফেঁচাইংৰাজী ভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাআনন্দ চন্দ্ৰ আগৰৱালাকীৰ্তন-ঘোষাঅসমৰ জাতীয় গীতবৃত্তনিচি জনগোষ্ঠীসাধুকথানগাঁও জিলাবহুৱা নাচব'হাগ বিহুকুলধৰ শইকীয়াসিন্ধু সভ্যতাগগনাৱিকিপিডিয়াশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহসুভাষ চন্দ্ৰ বসুদৰ্শনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাউদাৰনৈতিকতাবাদপদিনাচিৰ চেনেহী মোৰ ভাষা জননীবেক্টেৰিয়াআনন্দৰাম বৰুৱাকল্পনা চাওলাপৰিমেয় সংখ্যাৰামধেনুদ্ৰৌপদীসূৰ্যনীৰজ চোপ্ৰানাটকআমেৰিকা যুক্তৰাষ্ট্ৰশ্ৰীনিবাস ৰামানুজনআন্তৰ্জাতিক শান্তি দিৱসচৰিত পুথিম’বাইল ফোনআহোম ভাষাবাল্য বিবাহ নিষেধ আইন, ২০০৬ইয়াত এখন অৰণ্য আছিলপ্ৰদূষণধ্ৰুৱবাদজেং বিহুঅগ্নিগড়দস্যু ভাস্কৰ ছিৰিজনেতাই ধুবুনী ঘাটআয়কৰঅংগনবাদীলখিমপুৰ জিলাগাঁও পঞ্চায়তকামাখ্যা মন্দিৰযোৰহাট জিলাকৰতল কমল কমল দল নয়নপ্ৰাগজ্যোতিষপুৰ ৰাজ্যঅসমত দেখা চৰাইবোৰগুৱাহাটীজুইমাটিআদিবাসীমালিতাপদ্মনাথ গোহাঞি বৰুৱাথমাছ আলভা এডিচনহেমকোষচিলাৰায়নামঘৰশৰাইঘাটৰ যুদ্ধচীনা ভাষাযোগিনী তন্ত্ৰঅসমৰ মহকুমাসমূহৰ তালিকাচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতীয় দণ্ড বিধিসৰ্বশিক্ষা অভিযানপলাশীৰ যুদ্ধখনিকৰ পুথিপ্ৰাগজ্যোতিষপুৰভবানন্দ দত্তজিকিৰঅসমৰ শাক-পাচলিৰ তালিকা🡆 More