বৰ বগ

বৰ বগ (ইংৰাজী: Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷

বৰ বগ (Great Egret)
বৰ বগ
প্ৰজনন নোহোৱা কালত এটা পূৰ্ণবয়স্ক বৰ বগ
সংৰক্ষণ স্থিতি
বৰ বগ
সংকটৰপৰা মুক্ত  (IUCN 3.1
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Ardeidae
গণ: Ardea
প্ৰজাতি: A. alba
বৈজ্ঞানিক নাম
Ardea alba
Linnaeus, 1758
সমাৰ্থক

Casmerodius albus
Egretta alba

বিৱৰণ

বৰ বগ 
উৰন্ত অৱস্থাত এটা বৰ বগ

বৰ বগ এটা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ ইয়াৰ উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় ৮০-১০৪ ছেণ্টিমিটাৰ৷ ইয়াৰ দেহৰ ওজন ৭০০-১৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে৷দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠৌঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷

বৰ বগ 
Sketch to differentiate Great Egret from Intermediate Egret at close range.

উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোঁচ খুৱাই থয়৷ ই সাধাৰণতে নিমাতে থাকে৷ কেতিয়াবাহেকুক কুক কুক বুলি মতা শুনা যায়৷

টেক্স'নমি

বৰ বগৰ সাধাৰণতে চাৰিটা উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰ হ'ল-

আচৰণ


খাদ্য

বৰ বগ 
মাছ খোৱা অৱস্থাত

বৰ বগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে৷ ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে৷

প্ৰজনন

বৰ বগ 
পোৱালিৰ সৈতে এটা বাহত

বৰ বগ আংশিক ভাৱে পৰিভ্ৰমণকাৰী চৰাই৷ ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ ই সাধাৰণতে বৃহৎ গোটত বাস কৰে৷ জলাশয়ৰ পাৰৰ গছত ই গছৰ ডালিৰে বাহ সাজে৷

বৰ বগ 
Ardea alba melanorhynchos

তথ্যসূত্ৰ

Tags:

বৰ বগ বিৱৰণবৰ বগ টেক্সনমিবৰ বগ আচৰণবৰ বগ খাদ্যবৰ বগ তথ্যসূত্ৰবৰ বগ বাহ্যিক সংযোগবৰ বগইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কল্পনা সাহিত্যমনোবিজ্ঞানঅসমীয়া সাহিত্যৰেখাভাষাবিজ্ঞানমৌলিক সংখ্যাঈয়াৰুইঙ্গমৱিকিঅৰবিন্দ ৰাজখোৱা (লেখক)ৰাজিয়া চুলতানাচৰিত পুথিড়একচেটীয়া বজাৰচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়পোহৰৰ বেগবুৰঞ্জীভট্টদেৱমনকৰমালিতাবধকাব্যনাগালেণ্ডনৱকান্ত বৰুৱামহা মৃত্যুঞ্জয় মন্দিৰপাঁচালীঅসমৰ চলচ্চিত্ৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআমেৰিকা যুক্তৰাষ্ট্ৰটকা (বাদ্য)নলবাৰী জিলাহিন্দু ধৰ্মশৰৎচন্দ্ৰ গোস্বামীভাষাপ্ৰযুক্তিপ্ৰশান্ত মহাসাগৰভূপেন হাজৰিকা সেতুচীনবানপানীব’হাগবিজ্ঞাপনইন্দ্ৰা নূয়ীবুলু ফিল্মনাহৰপূৰবী বৰমুদৈ২০২২ ফিফা বিশ্বকাপবাণীকান্ত কাকতিচুটিগল্পছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)শ্বজিবু নোংমা পানবাঅংকীয়া নাটজোনবিল মেলাগৱেষণামহাযাননাগৰিকত্বসংগীত নাটক একাডেমী বঁটাঅৰুণাচল প্ৰদেশউপভাষাবাগ্‌ধ্বনিকাৰ্ল মাৰ্ক্স২৮ মাৰ্চভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাওজাপালিপ্ৰকৃতিপঞ্জাবী ভাষাবেদান্তকনকলতা বৰুৱাজুবিন গাৰ্গদৈনিক অসমপুৰাণললিত কলা একাডেমীজৱাহৰলাল নেহৰুমনোমতীডালিমীবাঁহী (আলোচনী)বিহু নৃত্যদৰিদ্ৰতা🡆 More