শিৱসাগৰ জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

শিৱসাগৰ জিলা ইংৰাজী: Sivasagar) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা শিৱসাগৰৰ ঐতিহাসিক নাম চে'-মুন (আহোম: 𑜋𑜦𑜧 𑜉𑜤𑜃𑜫 । ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। জিলাখনৰ যি ঠাইলৈকে যোৱা হয় সেই ঠাইতে বুৰঞ্জীৰ সমল বিচাৰি পোৱা যায়৷

শিৱসাগৰ জিলা
চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫)
—  জিলা  —
শিৱসাগৰ জিলা: শিৱসাগৰ নামৰ উৎপত্তি, শিৱসাগৰত আহোম যুগৰ সাহিত্য-চৰ্চা, আহোমোত্তৰ যুগৰ সাহিত্য-চৰ্চা
(ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) শিৱসাগৰৰ শিৱদৌল, শৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহ, গড়গাঁৱৰ কাৰেংঘৰ, ৰংঘৰ, আৰু নিশাৰ শিৱসাগৰ পুখুৰী
শিৱসাগৰ জিলা: শিৱসাগৰ নামৰ উৎপত্তি, শিৱসাগৰত আহোম যুগৰ সাহিত্য-চৰ্চা, আহোমোত্তৰ যুগৰ সাহিত্য-চৰ্চা
শিৱসাগৰ জিলাৰ অৱস্থান
শিৱসাগৰ জিলাৰ অৱস্থান
দেশ শিৱসাগৰ জিলা: শিৱসাগৰ নামৰ উৎপত্তি, শিৱসাগৰত আহোম যুগৰ সাহিত্য-চৰ্চা, আহোমোত্তৰ যুগৰ সাহিত্য-চৰ্চা ভাৰত
ৰাজ্য অসম
সদৰ শিৱসাগৰ
মাটিকালি
 - মুঠ ২,৬৬৮ কি.মি. 
(১,০৩০.১ বৰ্গ মাইল)
জনসংখ্যা (২০০৯)
 - মুঠ ২৫,০৮,০২১ জন
 - জনঘনত্ব ৯৪০ প্ৰতি বৰ্গ কি.মি. 
(২,৪৩৪.৬ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট sivasagar.nic.in

জিলাখনৰ জলবায়ু গৰম আৰু সেমেকা৷ ব্ৰহ্মপুত্ৰ নদী জিলাখনৰ দাঁতিয়েদি বৈ গৈছে ৷ দিখৌ আৰু দিচাং জিলাখনৰ প্ৰধান নৈ৷

শিৱসাগৰ জিলা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা৷ জিলাখনৰ নাজিৰাত ‘তেল আৰু প্ৰাকৃতিক গেছ নিগম’ৰ উত্তৰ-পূৱ আঞ্চলিক কেন্দ্ৰ অৱস্থিত৷

শিৱসাগৰ নামৰ উৎপত্তি

শিৱসাগৰ নামটো জিলাখনৰ সদৰ শিৱসাগৰ নগৰত থকা শিৱসাগৰ নামৰ পুখুৰীৰ নামৰ পৰা অহা।

স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। ফুলেশ্বৰী কুঁৱৰী কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল।

সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক অৰ্থাৎ মোমায়েকৰ জীয়েক দময়ন্তী বা দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। অম্বিকাক মদাম্বিকা নামেৰেও জনা যায়। এইবাৰ অম্বিকা বৰৰজা হ'ল। বৰৰজা হৈ অম্বিকাই শিৱ দেৱতাৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত তিনিটা দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ বৰপুখুৰী।

শিৱসাগৰৰ অতীতৰ নাম ‘কলঞ্চুপাৰ’৷ কিন্তু পুখুৰী আৰু দৌল নিৰ্মাণ কৰাৰ পাছত পুখুৰীৰ নাম 'শিৱসাগৰ' আৰু 'কলঞ্চুপাৰ'ৰ নাম 'শিৱপুৰ' হৈছিল। মদাম্বিকা কুঁৱৰীয়ে খন্দোৱা শিৱসাগৰ বৰপুখুৰী সমগ্ৰ অসমৰ ভিতৰতে বিখ্যাত৷ বৰপুখুৰীৰ চাৰিওটা পাৰক চাৰিটা নামেৰে জনা যায়৷ পুখুৰীটোৰ পূৱ পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাথপাৰ, উত্তৰ পাৰৰ নাম জয়ৰাপাৰ আৰু দক্ষিণ পাৰটোৰ নাম ঢুলীয়াপাৰ৷

অতীতত শিৱসাগৰত থকা ৰংপুৰত আহোম ৰজা ৰুদ্ৰ সিংহই ৰাজধানী পাতি দেশ শাসন কৰিছিল৷ ৰংপুৰ আহোমৰ পঞ্চমখন ৰাজধানী৷ ৰংপুৰৰ পুৰণি নাম ‘মেটেকা’৷ ৰুদ্ৰ সিংহই মেটেকাত ৰাজধানী পাতি মেটেকাৰ নাম ৰংপুৰ দিছিল৷ তেখেতে ৰং-আনন্দ কৰি নগৰ কৰিছিল বাবে নগৰৰ নাম ৰংপুৰ হৈছিল৷ ১৭৮৬ খ্ৰিষ্টাব্দত হোৱা তৃতীয়বাৰৰ মোৱামৰীয়া বিদ্ৰোহত ৰংপুৰ পুৰি ছাৰখাৰ হৈছিল৷ ইয়াৰ ফলত আহোম ৰজা গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ উঠাই নিছিল৷ ৰংপুৰৰ উপৰি জিলাখনৰ ভিতৰত আহোমৰ আন দুখন ৰাজধানী চৰগুৱা আৰু গড়গাঁও সোমাই আছে৷ চৰগুৱা ৰাজধানীক বৰনগৰ বুলিও কোৱা হৈছিল৷ আনহাতে, ১৮২৬ খ্ৰিষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ব্ৰিটিছ আৰু মান সেনাৰ মাজত এখন সন্ধি স্বাক্ষৰিত হৈছিল৷ সেই সন্ধিখনক ‘ইয়াণ্ডাবু সন্ধি(১৮২৬,২৪ ফেব্ৰৱাৰী)’ বুলি কোৱা হয়৷ ইয়াণ্ডাবু সন্ধিৰ পিছত দিখৌ নৈৰ দক্ষিণ পাৰৰ ৰংপুৰ আৰু উত্তৰ পাৰৰ শিৱপুৰ ইংৰাজৰ হাতলৈ যায়৷ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিৱপুৰক ‘শিৱসাগৰ’ নাম দিছিল৷ উল্লেখযোগ্য যে আহোমৰ ৰাজত্বকালত ৰাজধানী ৰংপুৰ আৰু শিৱপুৰ দুখন বেলেগ ঠাই হিচাপে জনা গৈছিল৷ তেতিয়াৰ কালত ৰংপুৰৰ উত্তৰৰ সীমা পুৰণি ষ্টেট বেংকৰ ওচৰলৈকে আছিল৷ ইয়াৰ কাৰণ হ’ল সেই সময়ত দিখৌ নৈখন বৰ্তমানৰ শিৱসাগৰৰ শংকৰ মন্দিৰ পথৰ কাষেদি বৈ গৈছিল৷ আহোম ৰাজত্বকালৰ শেষৰ ফালেহে দিখৌৱে সুঁতি সলাই বৰ্তমানৰ অৱস্থান গ্ৰহণ কৰিছিল৷ জে পি ৱাৰ্ড [J. P. Warde]-এ তেখেতৰ ‘আচাম ইন দ্য এইটটিনথ্‌ চেঞ্চুৰী’ নামৰ গ্ৰন্থত লিখিছে যে সেই সময়ত ৰংপুৰ অসমৰ ৰাজধানী আছিল নাইবা এনেকৈও ক’ব পাৰি যে ই আছিল ৰজাৰ গড়গাঁৱৰ সৈন্যবাহিনীৰ ভাতঘৰ৷ সেই সময়ত গোটেই শিৱসাগৰখনকে ‘ৰংপুৰ’ বুলিহে মানুহে জানিছিল৷ উল্লেখযোগ্য যে ১৮৩৮ খ্ৰিষ্টাব্দত লেফ্‌টেনাণ্ট ব্ৰডি চাহাব [বৰতি চাহাব] য়ে ৰংপুৰৰ পৰা ব্ৰিটিছৰ উজনি অসমৰ ৰাজধানী বা হেডকোৱাৰ্টাৰ শিৱপুৰৰ বৰপুখুৰীৰ পাৰলৈ আনে৷ সেই সময়ত যোৰহাট আৰু গোলাঘাটক মহকুমা হিচাপে ৰাখি শিৱপুৰৰ পৰা কাৰ্যভাৰ চলাইছিল৷ সম্ভৱতঃ ১৮৪৬ খ্ৰিষ্টাব্দত ইংৰাজে শিৱপুৰক ‘শিৱসাগৰ’ নাম দিয়ে৷ আনহাতে, ১৯১২ খ্ৰিষ্টাব্দত শিৱসাগৰৰ পৰা সদৰ কাৰ্যালয় যোৰহাটলৈ নিয়া হয়৷ ইয়াৰ ফলত ১৯৮৩ খ্ৰিষ্টাব্দলৈকে শিৱসাগৰে কেৱল এটা মহকুমাৰ ৰূপ পায়৷ কিন্তু ১৯৮৩ খ্ৰিষ্টাব্দত শিৱসাগৰ মহকুমাৰ পৰা জিলা হৈ উঠে৷ আহোমসকলে অসমত ছশ বছৰ ৰাজত্ব কৰিছিল৷ এই ৰাজত্ব কালছোৱাত বৰ অসমৰ অবিভক্ত শিৱসাগৰ জিলা এলেকাত ৫০ টাতকৈও অধিক দৌল নিৰ্মাণ কৰাইছিল৷ আনহাতে, ৩০০ তকৈও অধিক সৰু-বৰ পুখুৰী খন্দাইছিল৷ ডাঙৰ ভূঁইকপ আৰু বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত বহু কীৰ্তিচিহ্ন, দৌল-দেৱালয় ভাগি চিন নাইকিয়া হ’ল৷ কিছুমান দৌলৰ মাথোঁ ভগ্নাৱশেষহে আছে৷ বৰ্তমানেও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰংঘৰ, গড়গাঁৱৰ কাৰেংঘৰ, তলাতল কাৰেংঘৰ, শিৱসাগৰ বৰপুখুৰী আৰু দৌল আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য৷>

শিৱসাগৰত আহোম যুগৰ সাহিত্য-চৰ্চা

শিৱসাগৰত আহোম ৰাজত্বকালৰ পৰা ব্যাপক ৰূপত ভাষা-সংস্কৃতিৰ চৰ্চা হৈ আহিছে৷ আহোম ৰজা জয়ধ্বজ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ আৰু ৰাজেশ্বৰ সিংহ সাহিত্য-চৰ্চাৰ স’তে জড়িত আছিল৷ ৰুদ্ৰ সিংহই অনেক গীত ৰচনা কৰাৰ উপৰি অসমীয়া ভাষাত ‘শিৱপুৰাণ’ নামৰ পুথিখন ৰচনা কৰিছিল৷ ৰাজেশ্বৰ সিংহ নিজে এজন কবি আছিল আৰু তেখেতৰ দ্বাৰা ৰচিত ‘কীচক বধ’ নাটক বহু দিনলৈ অভিনীত হৈছিল৷ ৰাজেশ্বৰ সিংহক পণ্ডিতসকলে ‘কবি চূড়ামণি’ উপাধিও প্ৰদান কৰিছিল৷ জয়ধ্বজ সিংহই কেইবাখনো পুৰাণৰ অসমীয়া পয়াৰ কৰাৰ উপৰি ‘পদ্মপুৰাণ’ৰ কোনো অংশৰ পদ ৰচনা কৰিছিল বুলি জনা যায়৷ একেদৰে বৰ-ৰজা ফুলেশ্বৰী কুঁৱৰী আৰু অম্বিকা বা মদাম্বিকা কুঁৱৰী লেখক-পণ্ডিতসকলৰ পৃষ্ঠপোষক আছিল৷ ফুলেশ্বৰী কুঁৱৰীয়ে পোনপ্ৰথমবাৰৰ বাবে ৰংপুৰত বিদ্যালয় [টোল] স্থাপন কৰি স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ ঘটাইছিল৷ আহোম ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধান মন্ত্ৰী আতন বুঢ়াগোহাঞিৰ পৃষ্ঠপোষকতাত ৰমানন্দ দ্বিজৰ ‘শঙ্কৰদেৱৰ চৰিত’, সুকুমাৰ বৰকাথৰ ‘হস্তিবিদ্যাণ্ণৰ্ৱ’ আদি অনেক গ্ৰন্থ ৰচনা কৰা হৈছিল৷ তদুপৰি আহোম ৰজা গৌৰীনাথ সিংহই টেঙাই মহন নামৰ পণ্ডিতৰ হতুৱাই দুখন অভিধান প্ৰণয়ন কৰোৱাইছিল৷ অভিধান দুখনৰ নাম আছিল ‘বৰ অম্ৰ’ আৰু ‘লতি অম্ৰÚ’৷>

আহোমোত্তৰ যুগৰ সাহিত্য-চৰ্চা

১৮৪৬ চনত প্ৰথম অসমীয়া সংবাদ-পত্ৰ তথা বাৰ্তালোচনী ‘অৰুণোদই’ আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে শিৱসাগৰৰ পৰাই প্ৰকাশ কৰিছিল৷ তদুপৰি ১৯২৭ খ্ৰিষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ পৰা কনকলতা চলিহা আৰু কমলালয়া কাকতিৰ সম্পাদনাত প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ-জেউতি’ও শিৱসাগৰৰ পৰাই প্ৰকাশিত হৈছিল৷ ১৯১৭ চনত জিলাখনত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুস্থিত হোৱাৰ উপৰি ২০১৭ চনত অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিবেশনখনো শিৱসাগৰতে অনুষ্ঠিত হৈছিল ৷ শিৱসাগৰ জিলাত অনেক প্ৰসিদ্ধ সাহিত্যিক, বিদগ্ধ পণ্ডিত, খেলুৱৈ আৰু শিল্পীয়ে জন্ম লাভ কৰিছে৷ তেখেতলোকৰ কেইজনমান হৈছেঃ মণিৰাম দেৱান, ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডিম্বেশ্বৰ নেওগ, ড॰ মহেশ্বৰ নেওগ, ড॰ লীলা গগৈ, ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, বেণুধৰ শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰপ্ৰসাদ শইকীয়া, তীৰ্থনাথ শৰ্মা, ৰসেশ্বৰ শইকীয়া বৰবায়ন, ড॰ নিৰ্মলপ্ৰভা বৰদলৈ, পাৰ্বতী প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা, মহেন্দ্ৰ বৰঠাকুৰ, ইমৰান শ্বাহ, জাহ্নু বৰুৱা, অজুৰ্ন ভোগেশ্বৰ বৰুৱা আদি৷

অৰ্থনৈতিক গুৰুত্ব

কৃষি হৈছে জিলাখনৰ অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি৷ জিলাখনত চাহ, ধান, সৰিয়হ, কুঁহিয়াৰ, মৰাপাট, ঘেঁহু, আলু আৰু মাহজাতীয় শস্য প্ৰচুৰ পৰিমাণে উৎপাদন হয়৷ শিৱসাগৰৰ অৰ্থনীতি তেল, গেছ, চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল।

ভৌগোলিক বিৱৰণ

  • শিৱসাগৰ জিলাৰ অৱস্থানঃ
    ২৬.৪৫- ২৭.১৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯৪.২৫- ৯৫.২৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।
  • মাটি কালিঃ
    ২৬৬৮ বৰ্গ কিঃমিঃ
  • জলবায়ুঃ
  • বাৰ্ষিক বৃষ্টিপাতঃ২৪৩২ মি.মি.
  • আৰ্দ্ৰতাঃ৭৫-৯৩
  • তাপমাত্ৰাঃ
    উচ্চতম:৩০ডিগ্ৰী চেলচিয়াচ
    নিম্নতম:১০ ডিগ্ৰী চেলচিয়াচ
  • চাৰিসীমাঃ
      উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু লখিমপুৰ জিলা
      পূৱে ডিব্ৰুগড় জিলা
      দক্ষিণে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ
      পশ্চিমে যোৰহাট জিলা।
  • জিলাখনৰ উল্লেখযোগ্য নদীঃ
    জিলাখনৰ উত্তৰ দিশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। অন্য প্ৰধান নদীসমূহ হ'ল- দিচাং, দিখৌ, দৰিকা, জাঁজী।

জন গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি শিৱসাগৰ জিলাৰ জনসংখ্যা ১,১৫০,২৫৩ জন; ইয়াৰে পুৰুষ ৫,৮৯,৪৫৪ জন আৰু মহিলা ৫৬০,৭৯৯ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫১ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৪৩১ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ৯.৩৭%। শিক্ষিতৰ হাৰ ৮১.৩৬%।

প্ৰশাসনিক গাঁথনি

জিলা সদৰ

      শিৱসাগৰ নগৰ

শিৱসাগৰ জিলা ২ টা মহকুমাৰে গঠিত-

      ১.শিৱসাগৰ মহকুমা
      ২.নাজিৰা মহকুমা

জিলাখনৰ উন্নয়ন খণ্ড ৮টা সেইকেইটা হৈছে

      ১.আমগুৰি
      ২.ডিমৌ
      ৩.গৌৰীসাগৰ
      ৪.নাজিৰা
      ৫.সোণাৰি (দিচাংপানী) (গাঁও পঞ্চায়ত ১১খন)
      ৬.লাকুৱা (গাঁও পঞ্চায়ত ৪খন)
      ৭.সাপেখাটী (গাঁও পঞ্চায়ত ১৫খন)
      ৮.পশ্চিম অভয়পুৰ (গাঁও পঞ্চায়ত ৬খন)
      ৯.খেলুৱা

শিৱসাগৰ জিলাৰ মুঠ পৌৰ নগৰ ৬ খন

জিলাখনত বিধানসভাৰ মুঠ সমষ্টি ৬টা-

      ১০৩, আমগুৰি
      ১০৪, নাজিৰা
      ১০৫, মাহমৰা
      ১০৬, সোণাৰি
      ১০৭, থাওৰা
      ১০৮, শিৱসাগৰ

শিৱসাগৰৰ বৰ্তমানৰ উপায়ুক্ত-যতীন্দ্ৰ লহকৰ আৰক্ষী অধীক্ষক-অখিলেষ সিং

যাতায়াত

শিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, গৌৰীসাগৰ, শিৱসাগৰ, ডিমৌ, চেপন আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে জিলাখনৰ আমগুৰি, নামতি, নাজিৰা, শিমলুগুৰি আদি গুৰুত্বপূৰ্ণ ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘ্য ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে। ইয়াৰ উপৰি আমগুৰি জংচন শিৱসাগৰ জিলাৰ এক গুৰুত্বপূৰ্ণ ৰে'ল ষ্টেচন | জিলাখনৰ নিকটতম বিমান বন্দৰ হৈছে যোৰহাট জিলা ত অৱস্থিত ৰৰৈয়া বিমানবন্দৰ |

উল্লেখযোগ্য শিক্ষানুষ্ঠান

  • শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰ
  • শিৱসাগৰ ছোৱালী মহাবিদ্যালয়
  • শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়
  • গড়গাঁও মহাবিদ্যালয়
  • নাজিৰা মহাবিদ্যালয়
  • দিখৌমুখ মহাবিদ্যালয়
  • সোণাৰি মহাবিদ্যালয়
  • সাপেখাটী মহাবিদ্যালয়,
  • মৰাণ মহাবিদ্যালয়,
  • ডিমৌ মহাবিদ্যালয়
  • লাচিত বৰফুকন মহাবিদ্যালয়
  • কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়,নামতি
  • আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমগুৰি
  • জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জাঁজী বালিকা বিদ্যালয়
  • বৰপাত্ৰ দ’ল উচ্চ বিদ্যালয়
  • সাপেখাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
  • শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
  • ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
  • গধূলা ব্ৰাউন মেমৰিয়েল স্কুল
  • ছ’ফি মাৰ্চি মেমৰিয়েল স্কুল
  • ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • দিল্লী পাব্লিক স্কুল, নাজিৰা
  • শিৱসাগৰ জাতীয় বিদ্যালয়
  • কেন্দ্ৰীয় বিদ্যালয় (তেল আৰু প্ৰাকৃতিক গেছ নিগম)

জিলাখনৰ উল্লেখযোগ্য ঠাই

  1. কাৰেংঘৰ বা (তলাতল ঘৰ)
    শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দক্ষিণলৈ অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰ সিংহই এই তলাতল কাৰেংঘৰটো পোনতে কাঠ-বাঁহেৰে নিৰ্মাণ কৰিছিল৷ ইয়াৰ পিছত শিৱ সিংহ আৰু প্ৰমত্ত সিংহই ৰাজকাৰ্য চলোৱাৰ পিছত ৰাজেশ্বৰ সিংহই বৰ্তমানে থকা পকী তলাতল কাৰেংঘৰটো ১৭৬৫ খ্ৰিষ্টাব্দত নিৰ্মাণ কৰোৱাইছিল৷ পকী তলাতল কাৰেংঘৰৰ চাৰিওফালে ইটাৰ পকী বেৰা দি দেৱাল সদৃশ কৰি লোৱা হৈছিল৷ এই দেৱাল প্ৰকাণ্ড ইটাৰ গড়ৰ আছিল৷ ইটাৰ গড়ৰ কাষতে গড়খাৱৈও খন্দোৱা হৈছিল৷ তলাতল কাৰেংঘৰটো সাত মহলীয়া ৰাজকাৰেং৷ মাটিৰ ওপৰত ই চাৰি মহলীয়া আৰু মাটিৰ তলত তিনি মহলীয়া৷ ইয়াৰ কাষতে সুবৃহৎ দুমহলীয়া তলাতল ঘৰটো৷ ইয়াৰ তলৰ মহল ইটাৰে পকীকৈ সাজি ওপৰৰ মহলটোৰ চ’ৰাঘৰৰ গোটেই অংশটো কাঠ-বাঁহেৰে ভাটৌ চালি দি সাজিছিল৷ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ওপৰৰ মহলটো জুই দি ধ্বংস কৰে৷ বৰ্তমান এই বৃহৎ অংশটো মুকলিভাৱে থকা দেখা যায়৷ আহোম যুগৰ অতি বিস্ময়কৰ স্থাপত্য এই তলাতল কাৰেংঘৰটোৰ তলৰ মহলাত ঘোঁৰাশাল, গুদাম ঘৰ, চন্তৰী-চাউদাঙে পহৰা দিয়া স্থান, লিগিৰীসকল থকা ঘৰ আৰু ওপৰৰ মহলাকেইটাত ৰজা আৰু ৰাজ-পৰিয়ালৰ লোক থকা ঘৰ আছিল৷ ইয়াৰ উত্তৰৰ ফালৰ মাজভাগত এটা আঠকোণীয়া পূজাঘৰো আছিল৷ এই স্থাপত্যত দুপলীয়া কাঠৰ দুৱাৰ ব্যৱহাৰ কৰা হৈছিল৷ সমগ্ৰ তলাতল কাৰেংঘৰটো প্ৰায় তিনি কিলোমিটাৰ পৰিসীমাৰ এটা বাজগড়ে বেৰি আছিল৷ এই ঘৰ থকা ৰংপুৰ নগৰখনত প্ৰতিৰক্ষাৰ বাবে পানী দুৱাৰ, ন-দুৱাৰ, বৰ দুৱাৰ, দৰিকা দুৱাৰ, মাটি ঘৰৰ দুৱাৰ, কমলাবৰীয়া দুৱাৰ, নাচনী দুৱাৰ আদি বিচিত্ৰ প্ৰকাৰৰ দুৱাৰ আছিল৷ দুৱাৰবোৰত সকলো সময়তে ৰজাঘৰীয়া সৈন্য-সামন্তই পহৰা দিছিল৷ বিভিন্ন প্ৰকাৰৰ কাম-কাজ ভালদৰে পৰিচালনা কৰিবৰ নিমিত্তে ঘৰৰ কোঠাবোৰ শৃংখলাবদ্ধভাৱে সজোৱা হৈছিল৷ এই ঘৰৰ বিভিন্ন প্ৰকাৰৰ কোঠাবোৰ আছিল এনে ধৰণৰঃ বৰ চ’ৰাঘৰ, দেওঘৰ, চটাই চ’ৰা,বৰঘৰ, ৰজা আৰু আইদেউ কঁুৱৰীসকলৰ শোৱনি কোঠা, বুলনি কাৰেংঘৰ, মৰংঘৰ, বিভিন্ন ধৰণৰ তোলঘৰ, বুলনি ঘৰ, পানী ঘৰ, মংগল চোৱা ঘৰ, যন্ত্ৰ থোৱা ঘৰ, দোলাকাষৰীয়া চ’ৰাঘৰ, বেজশালৰ ঘৰ আদি৷ তলাতল ঘৰ সংলগ্ন পূজা-পাতল কৰা শিৱ মন্দিৰ বা গোসাঁই ঘৰ এতিয়াও দেখা পোৱা যায়৷ আহোম ভাষাত ইয়াক চুমফ্ৰাৰুম ছেঙৰ মন্দিৰ বুলি কোৱা হয়৷ এই মন্দিৰতে গোসাঁইঘৰীয়া বা কমলাবৰীয়া দুৱাৰেদি সোমাই আহি মহন্তসকলে চাওফাক পূজাৰ নিৰ্মালি দিছিলহি৷ স্থাপত্য হিচাপে তলাতল কাৰেংঘৰটো আহোম যুগত নিৰ্মিত এক উচ্ছ পৰ্যায়ৰ স্থাপত্য-কলা৷ ই সেই যুগৰ এক দুৰ্ভেদ্য ৰাজভৱন আছিল৷ বাহিৰা শত্ৰুৱে ইয়াৰ একো ভূ-ভা উলিয়াব নোৱাৰিছিল৷ এই ঘৰ [লগতে গড়গাঁৱৰ কাৰেংঘৰ, ৰূপহী পথাৰৰ ৰংঘৰ আদি] নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শিল নগা পাহাৰৰ পৰা অনা হৈছিল৷ ঘৰ আৰু মন্দিৰবোৰৰ ভেটিত গুটীয়া শিল আৰু গাঁথনিত চটিয়া শিল ব্যৱহাৰ কৰা হৈছিল৷ নগা পাহাৰৰ পৰা অনা শিলবোৰ বিভিন্ন জোখত কাটি উলিয়াবৰ বাবে শিলাকুটীসকলক কামত লগোৱা হৈছিল৷ গাঁথি থোৱা শিলবোৰত বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু আৰু গছ-লতাৰ ভাস্কৰ্য খোদিত কৰিছিল৷ এই ভাস্কৰ্যবোৰ উন্নত মানৰ আছিল৷ চটিয়া শিলবোৰ কৰালেৰে গঁথা হৈছিল৷ আলতীয়া মাটিৰ লগত কৰাল মিহলাই ইটাসমূহ সাঁচত মাৰি ফুল-লতা কাটি ভাটাত তৈয়াৰ কৰি সাঁচত সাঁচে সাঁচে মিলাই লোৱা হৈছিল৷ পোৰা-মাটিৰ ভাস্কৰ্যৰ লগতে কৰালেৰে খোদিত কৰা বিভিন্ন-বিচিত্ৰ ভাস্কৰ্যৰ চিন তলাতল কাৰেংঘৰত এতিয়াও দেখিবলৈ পোৱা যায়৷
  1. গড়গাঁৱৰ কাৰেংঘৰ
    চাৰি মহলীয়া ইটাৰে নিৰ্মিত এই কাৰেংঘৰ ১৭৫২ চনত স্বৰ্গদেও ৰাজেশ্বৰ সিংহই পকীকৰণ কৰে। ইয়াৰ আগতে কাঠ-বাঁহৰ কাৰেংটো স্বৰ্গদেও ছ্যু-ক্লেন-ম্যুঙে নিৰ্মাণ কৰিছিল।
  2. ৰংঘৰ
    এই ৰংঘৰত বহি আহোম স্বৰ্গদেওসকলে সপৰিয়ালে খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছিল। এচিয়াৰ প্ৰথম পেভিলিয়ন হিচাপে প্ৰখ্যাত ৰংঘৰ ১৭৪৬ চনত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।
  3. শিৱসাগৰ বৰপুখুৰী আৰু শিৱদৌল
    ৰাণী অম্বিকা কুঁৱৰীয়ে স্বামী শিৱসিংহৰ নামত শিৱসাগৰ বৰপুখুৰী খন্দাই তাৰ পাৰত শিৱদৌল নিৰ্মাণ কৰে। এই দৌল ভাৰতত আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ। একেটা চৌহদতে আৰু দুটা দৌল আছে- দেৱী দৌল আৰু বিষ্ণু দৌল।
  4. জয়সাগৰ বৰপুখুৰী আৰু জয়দৌল
    ল'ৰাৰজাৰ চাউদাঙৰ হাতত নিৰ্মমভাৱে মৃত্যুবৰণ কৰা জয়মতী কুঁৱৰীৰ স্মৃতিত স্বৰ্গদেও ৰুদ্ৰ সিংহই জয়সাগৰ বৰপুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল। জয়সাগৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ মানৱ-নিৰ্মিত পুখুৰী।
  5. ৰুদ্ৰসাগৰ বৰপুখুৰী আৰু ৰুদ্ৰসাগৰ শিৱদৌল
    পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষ্মী সিংহই ৰুদ্ৰসাগৰ বৰপুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰসাগৰ শিৱদৌল নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ইয়াৰ দূৰত্ব ৪ কিঃমিঃ।
  6. গৌৰীসাগৰ বৰপুখুৰী আৰু গৌৰীদৌল
    বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত অৱস্থিত।
  7. চৰাইদেউৰ মৈদাম বা চৰাইদেও
    সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
  8. নামদাঙৰ শিলৰ সাঁকো
    নামদাং নদীৰ ওপৰত গোটা শিলেৰে নিৰ্মিত সাঁকো। ১৭০৩ চনত ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই সাঁকোৰ ওপৰৰে পাৰ হৈ গৈছে।
  9. আজানপীৰৰ দৰগাহ
    শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
  10. অসম তাই যাদুঘৰ শিৱসাগৰ বৰপুখুৰীৰ পশ্চিম পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে।
  11. দিচাংমুখশিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখ ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যৰ বাবে বিখ্যাত।

অন্যান্য দৌলসমূহ

  1. নাতিগোহাঁই দৌল বা ঘনশ্যামৰ ঘৰ : এই স্থাপত্যটি জয়সাগৰ বৰপুখুৰীৰ পশ্চিম পাৰৰ দক্ষিণ-পশ্চিম কোণৰ খাৱৈলৈ অৱস্থিত। ইয়াৰ গাত থকা টেৰাকোট্টা বা পোৰামাটিৰ ভাস্কৰ্যৰ নিদৰ্শন সমগ্ৰ অসমৰ কোনো স্থাপত্যৰ গাত দেখিবলৈ পোৱা নাযায়।
  2. ফাকুৱা দৌল : এই দৌলটো জয়সাগৰৰ ৰংগনাথ শিৱদৌলৰ সন্মুখত অৱস্থিত। ই ৰুদ্ৰ সিংহৰ একক স্থাপত্য-শৈলীৰ নিদৰ্শন। এই দৌলৰ নক্সা বা এনেকুৱা আৰ্হি সদৌ ভাৰতবৰ্ষতে পাবলৈ নাই। মেক্সিকোৰ চিচেন ইটজাৰ লগতহে ইয়াৰ মিল দেখিবলৈ পোৱা যায়।
  3. ৰংগনাথ শিৱদৌল : এই দৌল ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল। জয়সাগৰত আছে।
  4. থাওৰা দৌল : থাওৰা অঞ্চলত গদাধৰ সিংহৰ ৰাজত্বকালত এই দৌলটো আলন বুঢ়া দিহিঙীয়া বৰবৰুৱাই নিৰ্মাণ কৰিছিল। ই এটা শিৱ দৌল।
  5. নামতি দৌল : নামতিৰ বাইলুং গাঁৱত নামতি পুখুৰীৰ পাৰত নামতি দৌল অৱস্থিত। ইয়াত দুটা দৌল আছে। এটা বিষ্ণু দৌল আৰু আনটো দেৱী দৌল। এই দৌল দুটা গৌৰীনাথ সিংহৰ ৰাজত্বকালত নামতিয়াল ভাগৱতী বৰবৰুৱাই নিৰ্মাণ কৰাইছিল। দৌল দুটা নিৰ্মাণ কৰাৰ সময়ত দেশত দুৰ্ভিক্ষ চলি আছিল। চাউল টেমাৰে জুখিহে দিয়া হৈছিল আৰু এটেমি চাউলৰ মূল্য এটকা পৰ্যন্ত হৈছিল। সেই সময়ত এই দৌল দুটা নিৰ্মাণ কৰোঁতে বুজন পৰিমাণৰ ধন খৰচ হৈছিল। দৌলকেইটা আৰু পুখুৰীটো ৰজাঘৰৰ ১০০০ হজুৱা মানুহে নিৰ্মাণ কৰিছিল।
  6. বৰপাত্ৰ দৌল : কালুগাঁৱত অৱস্থিত। ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰগোহাঁয়ে লক্ষ্মীসাগৰ পুখুৰী খন্দাই এই দৌলটোৰ উপৰি জগদ্ধাত্ৰী দৌলটোও নিৰ্মাণ কৰিছিল।

ঐতিহাসিক পুখুৰী

  • আথাইসাগৰ বৰপুখুৰী
  • কটীয়া গোহাঁই পুখুৰী, ফাকুম নকটানি
  • বগীদৌল পুখুৰী
  • মেচাগড় পুখুৰী
  • লখিমী পুখুৰী
  • ৰাজমাও পুখুৰী
  • সুন্দৰ পুখুৰী
  • ৰহদৈ পুখুৰী
  • লেঙীবৰ পুখুৰী
  • ৰুদ্ৰসাগৰ বৰপুখুৰী
  • গৌৰীসাগৰপুখুৰী
  • মগলৌ পুখুৰী
  • তেলীয়াডোঙা পুখুৰী
  • শিৱসাগৰ বৰপুখুৰী
  • শুকান পুখুৰী
  • থাওৰা পুখুৰী
  • ডিমৌ পুখুৰী
  • নিতাই পুখুৰী
  • নামতিপুখুৰী
  • পানীবিল পুখুৰী
  • ধিতাই পুখুৰী
  • বাউলী পুখুৰী
  • নেওগ গোঁহাই পুখুৰী
  • ফুলপানীছিগা পুখুৰী
  • ৰঙাচিলা পুখুৰী
  • বেজদলৈ পুখুৰী
  • গড়গাঁৱৰ পুখুৰী
  • খনাখোকোৰা পুখুৰী
  • কপৌ পুখুৰী
  • হেকেৰা বৰবৰুৱা পুখুৰী
  • লিগিৰী পুখুৰী
  • বুঢ়াগোহাঁই পুখুৰী
  • সোনাদৈ পুখুৰী
  • শ ধোৱা পুখুৰী
  • টেঙা পুখুৰী
  • ৰহধলা পুখুৰী
  • সোণতোলা পুখুৰী বা মিঠাপুখুৰী
  • খটখটী পুখুৰী
  • সেন্দূৰী পুখুৰী
  • ভোগদৈ পুখুৰী
  • জহাখাতৰ পুখুৰী
  • ফুলচেং পুখুৰী
  • মনখাম পুখুৰী
  • গাভৰু পুখুৰী
  • আইদেউ পুখুৰী
  • খাৰঘৰীয়া ফুকনৰ পুখুৰী
  • ঘোঁৰাচোৱা পুখুৰী
  • মনাদৈ পুখুৰী
  • আচুঁবুলীয়া পুখুৰী
  • তাওকাকৰ পুখুৰী
  • সোণাৰি পুখুৰী
  • বৰপাত্ৰ পুখুৰী
  • পেহী পুখুৰী
  • জয়সাগৰ বৰপুখুৰী
  • গোঁহাই কুঁৱৰী পুখুৰী
  • শিল পুখুৰী
  • নৰাকোঁৱৰ পুখুৰী


তথ্য সংগ্ৰহ



Tags:

শিৱসাগৰ জিলা শিৱসাগৰ নামৰ উৎপত্তিশিৱসাগৰ জিলা শিৱসাগৰত আহোম যুগৰ সাহিত্য-চৰ্চাশিৱসাগৰ জিলা আহোমোত্তৰ যুগৰ সাহিত্য-চৰ্চাশিৱসাগৰ জিলা অৰ্থনৈতিক গুৰুত্বশিৱসাগৰ জিলা ভৌগোলিক বিৱৰণশিৱসাগৰ জিলা জন গাঁথনিশিৱসাগৰ জিলা প্ৰশাসনিক গাঁথনি[8]শিৱসাগৰ জিলা যাতায়াতশিৱসাগৰ জিলা উল্লেখযোগ্য শিক্ষানুষ্ঠানশিৱসাগৰ জিলা জিলাখনৰ উল্লেখযোগ্য ঠাই[9]শিৱসাগৰ জিলা ঐতিহাসিক পুখুৰীশিৱসাগৰ জিলা তথ্য সংগ্ৰহশিৱসাগৰ জিলাঅসমঅসমৰ জিলাআহোম ভাষাআহোম ৰাজ্যইংৰাজী ভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

এশিঙীয়া গঁড়চলচ্চিত্ৰবহুভাষাবাদমানৱ ভূগোলবিহু নৃত্যদেওপাহাৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকৰ্কট ক্ৰান্তিনাৰীযোগাত্মক বিপৰীত সংখ্যাভাৰতীয় ৰিজাৰ্ভ বেংকমাৰ্ক্সবাদহেপাটাইটিছ বিএলবাৰ্ট আইনষ্টাইনইয়াত এখন অৰণ্য আছিলঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমৰ লোকবাদ্যইন্দ্ৰৰাভা জনগোষ্ঠীসাহিত্য অকাডেমি বঁটাসাপসত্ৰীয়া নৃত্যকম্পিউটাৰব্যক্তিত্বঅন্নপ্ৰাশনআহোম জনগোষ্ঠীআৱাহন (আলোচনী)যোৰহাট (লোকসভা সমষ্টি)প্ৰদূষণএ পি জে আব্দুল কালামদিল্লীভূমিকম্প২২ এপ্ৰিলঅসমীয়া ভাষাৰ শব্দসম্ভাৰনিৰ্মলপ্ৰভা বৰদলৈনলবাৰী জিলাএচিদ বৰষুণভোজন মন্ত্ৰম’বাইল ফোনৰুদ্ৰেশ্বৰ দেৱালয়তৰল পদাৰ্থবামুণী পাহাৰযৌন সংগমআয়ুৰ্বেদআকবৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআজান পীৰবলডিম্বেশ্বৰ নেওগনাগালেণ্ডঅসমৰ ইতিহাসনাৰীবাদশিৱসাগৰ জিলাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাগণতন্ত্ৰখেৰাইশিশু সাহিত্যগাঁও পঞ্চায়তৰঘুনাথ চৌধাৰীমাটিপদাৰ্থৰ অৱস্থাইজৰাইলচ'মাংকানবিশ্ব পৰিৱেশ দিৱসপৃথিৱীসংস্কৃতিজল প্ৰদূষণযোৰহাট জিলাগদ্যমিৰি জীয়ৰীবাঁহীমহাভাৰতধানমই আৰু নেফা🡆 More