দশাৱতাৰ

দশাৱতাৰ (ইংৰাজী: Dashavatara) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ (সংস্কৃত: अवतार) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত কৃষ্ণৰ) দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জনা যায় গৰুড় পুৰাণৰ (১। ৮৬। ১০-১১) পৰা।

দশাৱতাৰ
ভগৱান বিষ্ণুৰ দশাৱতাৰ ৰূপসমূহ

দশাৱতাৰৰ অধিকাংশই অভিহিত হয় লীলা-অৱতাৰ নামেৰে। হিন্দু বিশ্বাস অনুসৰি, প্ৰথম চাৰি অৱতাৰৰ আৱিৰ্ভাবকাল হৈছে সত্যযুগ। পৰৱৰ্তী তিনি অৱতাৰ ত্ৰেতাযুগত অৱতীৰ্ণ হয়। অষ্টম আৰু নৱম অৱতাৰৰ আৱিৰ্ভাৱকাল যথাক্ৰমে দ্বাপৰযুগ আৰু কলিযুগ। দশম অৱতাৰ কল্কিৰ আৱিৰ্ভাৱ ৪২৭,০০০ বছৰৰ পিছত কলিযুগত অন্তিম পৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে। বিষ্ণু পুৰাণত কোৱা হৈছে যে, কল্কি অৱতাৰৰ আগমনৰ লগে লগেই কলিযুগৰ সমাপ্তি ঘটিব। কল্কি দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰি এক নতুন সত্যযুগৰ সূচনা কৰিব।

দশাৱতাৰ

তলত ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ এখন মান্য তালিকা প্ৰদৰ্শন কৰা হৈছে। অঞ্চলভেদে আৰু মতভেদে দশাৱতাৰৰ ভিন্ন তালিকা পোৱা যায়।

  1. মৎস্য
  2. কূৰ্ম
  3. বৰাহ
  4. নৰসিংহ
  5. বামন
  6. পৰশুৰাম
  7. ৰাম
  8. কৃষ্ণ
  9. বুদ্ধ
  10. কল্কি
দশাৱতাৰ 
বিষ্ণুৰ দশাৱতাৰৰ ৰূপাংকন

মহাপুৰুষ শংকৰদেৱে দশাৱতাৰক ভগৱান বিষ্ণুৰ দহটা অৱতাৰ বুলি নকৈ কৃষ্ণৰ দহটা অৱতাৰহে বুলিছে। সেই অনুসৰি দশাৱতাৰৰ তালিকাত 'কৃষ্ণ'ৰ ঠাইত 'বলৰাম'ক স্থান দিয়া হৈছে। অন্য কোনো তালিকাত বুদ্ধৰ স্থান বলৰামক দিয়া হয় আৰু তালিকাত কৃষ্ণৰ নামো থাকে।

তথ্যসূত্ৰ

  • Klostermaier, Klaus K. (2007). A survey of Hinduism. প্ৰকাশক Albany: Sate University of New York Press. ISBN 0-7914-7081-4. 
  • Sikand, Yoginder (2004). Muslims in India since 1947: Islamic perspectives on inter-faith relations. প্ৰকাশক London: RoutledgeCurzon. ISBN 0-415-31486-0. 

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাকৃষ্ণবিষ্ণুসংস্কৃত ভাষাহিন্দু ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

অসমউপেন্দ্ৰনাথ ব্ৰহ্মবিহুৰ সাজ-পোচাক আৰু অলংকাৰবড়ো জনগোষ্ঠীবড়ো ভাষাব্ৰহ্মপুত্ৰ উপত্যকাঘিলাধাৰী ঘাটৰ সন্ধিবাঁহী (আলোচনী)জাৰ্মানীভগ্নাংশ (গণিত)ইউৰোপিয়ান ইউনিয়নএপ্ৰিলবলআধুনিকতাবাদভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যৰঘুনাথ চৌধাৰীমণিপুৰ সংঘৰ্ষ ২০২৩টেক্‌ট'নিক প্লেটমিডিয়াৱিকিআহোম-মোগলৰ সংঘৰ্ষছাইমন কমিশ্যনলাচিত বৰফুকনলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানশ্ৰীনিবাস ৰামানুজনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅন্নপ্ৰাশনচৰাইঅসমীয়া গীতি সাহিত্যযক্ষ্মাৰোমান সাম্ৰাজ্যউপনিষদপলিনেছিয়াৰ শ্ৰুতিকথাভিটামিনআনন্দৰাম বৰুৱাচিদাম্বৰম (চলচ্চিত্ৰ)লে'ভ লাণ্ডাউকপিৰাইটৰাজনৈতিক দলমাটিচীনা-তিব্বতীয় ভাষাঅসমৰ পৰম্পৰাগত সাজ-পাৰযোৰানামগুৱাহাটীচন্দ্ৰকুমাৰ আগৰৱালাজ্ঞানপীঠ বঁটাসাধাৰণ আপেক্ষিকতাবাদঅনুৰাধা শৰ্মা পূজাৰীগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপাইক প্ৰথাঅভিধানআজান পীৰভাৰতত মহিলা শিক্ষাপতঞ্জলিআহোম ৰাজ্যলোকবিশ্বাসভাৰতৰ প্ৰধানমন্ত্ৰীনামঘোষালিঅ'নাৰ্ড' দা ভিন্সি২৯ মাৰ্চশ্বেৰণ শ্ৱেলজবাৰ্গদৌল গোবিন্দ মন্দিৰদৰিদ্ৰতাডাকৰ বচনঅসমীয়া সাহিত্যমহা মৃত্যুঞ্জয় মন্দিৰ৩১ মাৰ্চচ'জুনবিশ্ব পৰিৱেশ দিৱসগোলকীয় নাগৰিকত্বপ্ৰেমচন্দঅসমৰ পৰম্পৰাগত সাজ- পাৰঅৰ্জুন ভঞ্জনমঘাই ওজাৰংঘৰসাপ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন🡆 More