চকৰি ফেঁটী বুৰঞ্জী

চকৰি ফেঁটী বুৰঞ্জী (ইংৰাজী: Chakari Feti Burjanji) হৈছে আহোম ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে। ঠিক সেইদৰে এইখন বুৰঞ্জীয়েও সঁচা কথা লিখিবলৈ পিছ হোঁহকা নাছিল। বুৰঞ্জীখনৰ নামটো এনে এটা ৰূপকৰ ওপৰত আধাৰিত বুলি কোৱা হয়।

সংক্ষিপ্ত বৰ্ণনা

চকৰি ফেঁটী বুৰঞ্জীয়ে গদাধৰ সিংহৰ দিনৰ পৰা ৰাজেশ্বৰ সিংহৰ দিনৰ ৰাজত্বলৈকে সামৰি লয়। অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক ড॰ লীলা গগৈয়ে এইখন বুৰঞ্জীৰ বিষয়ে শিৱসাগৰত বুৰঞ্জী চৰ্চা শীৰ্ষক প্ৰবন্ধ এটাত উল্লেখ কৰি গৈছে। প্ৰবন্ধটোৰ মতে- “বুৰঞ্জীখন গতানুগতিক ৰজাঘৰীয়া কাৰ্যকলাপৰ বিতং বিৱৰণ নহয়, অথবা যুদ্ধ-বিগ্ৰহৰ বিৱৰণো নহয়। বুৰঞ্জীখন আহোমসকলৰ খেল-মেল, ফৈদ আদিৰ বুৰঞ্জীৰ উপৰি নতুনকৈ আহোম সম্প্ৰদায়ভুক্ত কৰি উচ্চ মান-মৰ্যাদা আৰু বিষয়বাব পোৱাৰ ইতিহাসো ইয়াত সংৰক্ষিত হৈছে।” উল্লেখযোগ্য যে, এই বুৰঞ্জীতে সেইসময়ৰ ক্ষমতাশালী ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱা 'জলম বটা' আখ্যা দিয়া হৈছিল। অৰ্থাৎ, তেওঁক প্ৰকৃত আহোম নহয় বুলি কোৱা হৈছিল। এই কথাত অপমানবোধ কৰি বৰবৰুৱাই য'তে যিমান বুৰঞ্জী পালে সকলো জ্বলাই পেলালে। অসম বুৰঞ্জীত ইয়াকে বুৰঞ্জী দাহ বুলি জনা যায়। এনেদৰে জ্বলাই দিওঁতে অনেক সমল চিৰদিনৰ বাবে হেৰাই গ'ল।

তথ্যসূত্ৰ

Tags:

আহোমইংৰাজী ভাষাবুৰঞ্জীৰাজেশ্বৰ সিংহ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ধান খেতিৰ সঁজুলিসমূহদীৰ্ঘেশ্বৰী দেৱালয়অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদসাগৰ দেখিছা (কবিতা সংকলন)গোলাঘাটঅসমৰ ৰাজ্যপালসকলৰ তালিকাবিশ্বনাথ ঘাটবিশ্ব বাণিজ্য সংস্থানগাঁও জিলাসতীপ্ৰদূষণগোৱালপৰীয়া লোকগীতচুতীয়া ৰাজ্যকামৰূপ ৰাজ্যহৰিবৰ বিপ্ৰঅখণ্ড সংখ্যাকোচ ৰাজবংশনাগৰিকত্ববিশেষ্য পদবিষ্ণুটুক্ৰেশ্বৰী দেৱালয়লাচিত বৰফুকনমোৱামৰীয়া বিদ্ৰোহমানুহৰ কংকালমহিম বৰাখামটি ভাষাঅসমৰ গামোচানগাঁও (লোকসভা সমষ্টি)শিক্ষক দিৱসভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবিহুপাকস্থলীমোৰো এটা সপোন আছেচি++পৰ্যটনঅসমীয়া লোক-সংস্কৃতিশকুন্তলাবুঢ়া চাপৰি অভয়াৰণ্যশব্দহেম বৰুৱানামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসম চাহউদয় শংকৰমণিৰাম দেৱানৰাণী লক্ষ্মীবাইশ্ৰী শ্ৰী বটদ্ৰৱা থানবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমানুহশ্ৰীমদ্ভগৱতগীতাঅসীমত যাৰ হেৰাল সীমাউত্তৰ-পূব ভাৰতমানস ৰাষ্ট্ৰীয় উদ্যানপৰিয়ালভাৰতীয় ৰেলকৰ্কট ক্ৰান্তিতেজপুৰসুতুলীসাধুকথাআগ্নেয়গিৰিলভিতাপথেৰ পাঁচালীঅম্বুবাচীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপ্ৰকৃতিহেমচন্দ্ৰ গোস্বামীমাৰ্ক্সবাদনিৰোদ চৌধুৰীক্ষবাল্মীকিপদাৰ্থৰ অৱস্থাৰাজনৈতিক দলআত্মসহায়ক গোটভাৰতীয় দৰ্শনবধকাব্যমৰুভূমি🡆 More