চ্যু-পাত-ফা

চাওফা চ্যু-পাত-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡, ইংৰাজী: Supatphaa, শাসনকাল: ১৬৮১ - ১৬৯৬), বা গদাধৰ সিংহ অসমৰ ২৯তম চাওফা (স্বৰ্গদেউ) আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ বাবে ৰাজপাটত উঠিছিল। গোবৰ কোঁৱৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ আছিল ; সেইবাবেই তেওঁ নিজৰ সন্তানসকলকো সৰুৰে পৰাই নৈতিক বল আৰু বাহুবল দুয়োফালৰ পৰাই বিচক্ষণ কৰি তুলিব পাৰিছিল। আগতে গদাপাণি বুলি জনাজাত, গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল। ইয়াৰ আগৰ সময়চোৱা ল’ৰা ৰজা চুলিকফাৰ শাসনকাল দেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ অত্যাচাৰী শাসনৰ সময় আছিল এই সময়তে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল, গদাধৰ সিংহ স্বৰ্গদেউ হৈ নিজ ৰণ-কৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই চিৰকালৰ বাবে গুৱাহাটীক মোগলৰ পৰা নিজৰ হাতলৈ আনে। পাছত গদাধৰ সিংহৰ বৈষ্ণৱ সত্ৰ সমূহৰ সৈতে কিছু মতবিৰোধ হয় সেইসময়তে তেওঁ শাসনৰ বাঘজৰী পুত্ৰ ৰুদ্ৰ সিংহক দিয়ে, যি সময়ত সাম্ৰাজ্য খ্যাতিৰ শিখৰত প্ৰতিষ্ঠিত হয়। গদাধৰ সিংহৰ শাসনকালত ৰাজ্যৰ ৰাজধানী আছিল বৰকলা। তেওঁ চৈধ্য বছৰ কাল আহোম ৰাজ্যত শাসন কৰি প্ৰায় আঢ়ৈ কুৰি বছৰ বয়সত স্বৰ্গগামী হয়।

চাওফা চ্যু-পাত-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
১৬৮১ - ১৬৯৬
পৰবৰ্তী চাওফা চ্যু-খ্ৰং-ফা
কুঁৱৰী জয়মতী (বৰকুঁৱৰী), ৱাটলং আঙয়া (সৰু কুঁৱৰী)
সম্পূৰ্ণ নাম
চাওফা চ্যু-পাত-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

শাসনকাল

গদাধৰ সিংহ বা গদাপাণি আছিল গোবৰ গোহাঁইৰ পুত্ৰ, ১৬৭৫ চনত গোবৰ গোহাঁইক দেবেৰা বৰবৰুৱাই স্বৰ্গদেউ পাতে। তেওঁ মাত্ৰ ২০ দিনৰ বাবে ৰজা হয়, তাৰ পাছত দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁইৰ হাতত পৰাস্ত হয় আৰু গোবৰ ৰজাক মৃত্যুদণ্ড দিয়া হয়। ১৬৭৯ চনত আতন বুঢ়াগোহাঁইলালুক সোলা বৰফুকনে হত্যা কৰে আৰু "ল’ৰা ৰজা"ক সিংহাসনত বহুৱাই নিজে আহোম সাম্ৰাজ্যৰ শাসনকৰ্তা হৈ পৰে। এই সময়চোৱাত নিজৰ স্থান সুৰক্ষিত কৰিবৰ বাবে, লালুক সোলা বৰফুকনে ৰজা হ’ব পৰা আহোম কোৱঁৰ সকলৰ অংগক্ষত কৰা আৰম্ভ কৰে। ইয়াৰ পৰা বাচিবলৈ গদাপাণি কোৱঁৰে নগাপাহাৰত আত্মগোপন কৰি থাকে। এতিয়াৰ ম’ন জিলাৰ আশে পাশে গদাপানিয়ে আত্মগোপন কৰিছিল। এই সময়চোৱাতে তেওঁৰ পত্নী জয়মতীক ল’ৰা ৰজা আৰু লালুকসোলা বৰফুকনে অত্যাচাৰ কৰি হত্যা কৰে। ইয়াৰ পাছতে গদাপাণিয়ে ল’ৰা ৰজাক হত্যা কৰি আহোম ৰাজ্য নিজৰ দখললৈ আনে আৰু তেওঁৰ শাসনকালৰ আৰম্ভ হয়।

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

  1. Konyak, N. Nyejat (2019) (en ভাষাত). Indian Journal of Tai Studies (Vol. XIX). ISSN 0975-5233. 

বাহ্যিক সংযোগ

Tags:

চ্যু-পাত-ফা শাসনকালচ্যু-পাত-ফা তথ্য সংগ্ৰহচ্যু-পাত-ফা উৎস প্ৰসংগচ্যু-পাত-ফা বাহ্যিক সংযোগচ্যু-পাত-ফাঅসমআহোম ভাষাআহোম সাম্ৰাজ্যআহোম ৰাজবংশইংৰাজী ভাষাগুৱাহাটীগোবৰ ৰজাচাওফাচুহুংমুংলালুক সোলা বৰফুকনল’ৰা ৰজাশৰাইঘাটৰ যুদ্ধসত্ৰস্বৰ্গদেউ

🔥 Trending searches on Wiki অসমীয়া:

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰোমাণ্টিক কবিতাকনকলতা বৰুৱামানুহএৰিষ্ট'টলব্যৱস্থাপনাআত্মজীৱনীগাখীৰউৎসৱঅসমবাজেটবিপন্ন প্ৰজাতিবৈচাগুভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকপৌ ফুলচৰাইদেউ জিলাআন্তৰ্জাতিক শ্ৰমিক দিৱসলেটিন ভাষাভলিবলমোহনদাস কৰমচান্দ গান্ধীনীতি আয়োগতিনিচুকীয়া জিলাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআলি আঃয়ে লৃগাংভীমৰাও ৰামজী আম্বেদকাৰবিজ্ঞাপনস্বৰাজ২৪ এপ্ৰিলবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসচৰকাৰকেঁচুঅসম বিধানসভাএৰী ৰেচমবিজ্ঞানতাল (বাদ্যযন্ত্ৰ)ধৰিত্ৰী দিৱসৰাভা জনগোষ্ঠীনাগৰিকত্বঅযোধ্যা (পৌৰাণিক নগৰ)আমবিশ্ব স্বাস্থ্য সংস্থাৰাষ্ট্ৰসংঘ দিৱসআন্তৰ্জাতিক মানৱ অধিকাৰ আইনপিঠাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপতঞ্জলিৰ যোগসূত্ৰমালিতাৰঘুনাথ চৌধাৰীসংস্কৃতিসপ্তকাণ্ড ৰামায়ণকমলাকান্ত ভট্টাচাৰ্য্যছক্ৰেটিছহোমেন বৰগোহাঞিউদ্বিগ্নতাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাগোৱালপাৰা জিলালোকাচাৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমোৰ জীৱন সোঁৱৰণঅসমীয়া ব্যাকৰণঅসমৰ জিলাসমূহচৰিত পুথিজীৱনৰ বাটতসূৰ্যকুমাৰ ভূঞাভেদাই লতা২৬ এপ্ৰিলনামঘৰউচ্চ ৰক্তচাপপঞ্চভুজমিচিং জনগোষ্ঠীৰ সাজপাৰ🡆 More