অতুল চন্দ্ৰ হাজৰিকা

অতুল চন্দ্ৰ হাজৰিকা (ইংৰাজী: Atul Chandra Hazarika; ১৯০৩-১৯৮৬) এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

অতুল চন্দ্ৰ হাজৰিকা
অতুল চন্দ্ৰ হাজৰিকা
জন্ম ৯ ছেপ্টেম্বৰ, ১৯০৩
গুৱাহাটী, অসম
মৃত্যু ৭ জুন, ১৯৮৬
পেচা সাহিত্যিক, গল্পকাৰ, প্ৰবক্তা, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰতীয়
শিক্ষা কলিকতা বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৬৭),
পদ্মশ্ৰী বঁটা (১৯৭১),
সাহিত্যচাৰ্য উপাধি
দাম্পত্যসংগী সাবিত্ৰী হাজৰিকা

জন্ম তথা প্ৰাৰম্ভিক জীৱন

অতুল চন্দ্ৰ হাজৰিকাৰ ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত জন্ম হয়। পিতৃৰ নাম ৰমাকান্ত হাজৰিকা আৰু মাতৃৰ নাম নিৰুপমা হাজৰিকা আছিল। অতুল চন্দ্ৰ হাজৰিকাই লতাশিল প্ৰাথমিক বিদ্যালয়ত বাল্য শিক্ষা আৰু মাণিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজিয়েট বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে। ১৯২৩ চনত প্ৰৱেশিকা পৰীক্ষাত তিনিটা লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হয়। ১৯২৮ চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৪ চনত অনাঅনুষ্ঠানিক ভাবে পৰীক্ষা দি দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ১৯৩০ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত হাজৰিকাই অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰিছিল আৰু সেই সময়তেই আইনৰ স্নাতক ডিগ্ৰী (গুৱাহাটী আৰ্ল ল মহাবিদ্যালয়ৰ পৰা) আৰু বি টি ডিগ্ৰী (চেইণ্ট এডমাণ্ডচ মহাবিদ্যালয়, শ্বিলং) লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৪৮ চনত হাজৰিকাদেৱে কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল। পিছলৈ কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন

১৯৩৭ চনত অতুল চন্দ্ৰ হাজৰিকাই সাবিত্ৰী হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁ গুৱাহাটীউজান বজাৰস্থিত তপোবনত স্থায়ীভাবে বসবাস কৰিব আজীৱন সাহিত্য সেৱাত মনোনিৱেশ কৰিছিল।

মৃত্যু

১৯৮৬ চনৰ ৭ জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়।

সাহিত্যৰাজি

অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ ১২৪খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তাৰ ভিতৰত সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা ২৪খন, নাটক আৰু নাটক সম্পৰ্কীয় গ্ৰন্থ ৩২খন, গীত আৰু কবিতা গ্ৰন্থ ২৩ খন, শিশুৰ বাবে ৰচিত গ্ৰন্থ ৪০খন আৰু ৫খন বিবিধ বিষয়ক গ্ৰন্থ আছিল। হাজৰিকা দেৱে ১৯২৮ চনত মিলন আলোচনীৰ সম্পাদনা কৰিছিল আৰু কিছুদিন শিশু আলোচনী দীপকৰো সম্পাদনা কৰিছিল। তেওঁ অমিয়কুমাৰ দাসৰ বাঁহীত চিত্ৰদাস ছদ্মনামেৰে অসংখ্য কবিতা প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম কবিতাটো আছিল বসন্তকাল। হাজৰিকাৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হাজৰিকাই ১৯৫৩ চনৰ পৰা একেলেঠাৰীয়ে তিনিবছৰৰ বাবে প্ৰধান সম্পাদকৰ পদত থাকি ১৯৫৬ চনত উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৫৯ চনত নগাঁও জিলাত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে।

    কবিতা সংকলন
  • বসন্তকাল,
  • পঞ্চজন্য,
  • তপোবন,
  • দিপালী,
  • আৰতি,
  • সন্ধ্যা,
  • মনমাধুৰী,
  • মনিকূট,
  • সুন্দৰৰ আৰাধানা,
  • প্ৰকৃতিৰ সুৰ,
  • মাণিকীমধুৰী,
  • গগনাৰ সুৰ,
  • মুকুতামালা

    নাট সংকলন
  • নৰকাসুৰ (১৯৩০),
  • বেউলা (১৯৩৯),
  • কনৌজ কুঁৱৰী (১৯৩৩),
  • শকুন্তলা,
  • ছত্ৰপতী শিৱাজী(১৯৪৭),
  • আশুতীৰ্থ,
  • মাৰ্জিয়ানা(১৯৫২),
  • নন্দ দুলাল (১৯৩৫),
  • কুৰুক্ষেত্ৰ (১৯৩৬),
  • শ্ৰীৰামচন্দ্ৰ (১৯৩৭),
  • সাবিত্ৰী (১৯৩৯)

  • ৰুক্মিণীহৰণ (১৯৪৯),
  • চম্পাৱতী (১৯৪৯),
  • দময়ন্তী (১৯৫২),
  • আহুতি (১৯৫২),
  • মানস প্ৰতিম (১৯৫২),
  • ৰংমহল (১৯৫২),
  • পাণীপথ (১৯৫২),
  • বীৰঙ্গনা (১৯৫২),
  • পাণ্ডৱৰ অগ্নি পৰীক্ষা (১৯৫৯),
  • টিকেন্দ্ৰজিত্ (১৯৫৯),
  • নিয্যাতিতা (১৯৫৯),
  • সতী (১৯৫৯),
  • বণিজ কোঁৱৰ,
  • অশ্ৰুতীৰ্থ,
  • আনন্দমঠ,

    গ্ৰন্থ সংকলন (শিশু উপযোগী)
  • আঙ্কীয়া নাটৰ সাধু,
  • অপেশ্বৰীৰ দেশ,
  • ঈছপৰ সাধু,
  • আইতাৰ দেশ,
  • এণ্ডাৰছনৰ সাধু,
  • উছবৰ ভোগজৰা,
  • কথা-কীৰ্তন,
  • কথা-দশম,
  • কাব্যকথা,
  • কাব্য কাহিনী,
  • গ্ৰীমৰ সাধু,
  • জলকুঁৱৰী,

  • জোনাকী দেশৰ সোণালী সাধু,
  • দিগ্বিজয়,
  • নীলা চৰাই,
  • ভাৰত জেউতি,
  • বিশ্বজ্যোতি,
  • ৰাণী হিমানী,
  • ৰামায়ণৰ ৰহঘৰা,
  • লৰাৰ জাতক,
  • স্বৰ্গতো অধিক জনমভূমি,
  • হাঁহিচম্পা,
  • পাৰিজাত,
  • ৰুনুক জুনুক
    আত্মজীৱনী সমূহ
  • স্মৃতিলেখা,
  • স্মৃতিৰ পাপৰি,
  • স্মতি,

    সম্পাদিত গ্ৰন্থ সংকলন
  • বেজবৰুৱাৰ ৰচনাৱলী,
  • জ্যোতিধাৰা
  • উছৱৰ ভোগজৰা,
  • চন্দ্ৰকুমাৰ আগৰৱালা ৰচনাৱলী,
  • অসম সাহিত্য সভাৰ ভাষণাৱলী,
  • অসম ছাত্ৰ সন্মিলনৰ ভাষণাৱলী,

সন্মান আৰু স্বীকৃতি

  • ১৯৫৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।
  • ১৯৬৯ চনত অসমীয়া নাটৰ পাঁচশ বছৰীয়া ইতিহাস বৰ্ণনা কৰা "মঞ্চলেখা" গ্ৰন্থৰ বাবে হাজৰিকাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।
  • ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
  • অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙনিৰ বাবে ১৯৮২ চনত অসম সাহিত্য সভাই তেখেতক ‘সাহিত্যাচাৰ্য্য’ উপাধি প্ৰদান কৰে।

তথ্য সংগ্ৰহ

Tags:

অতুল চন্দ্ৰ হাজৰিকা জন্ম তথা প্ৰাৰম্ভিক জীৱনঅতুল চন্দ্ৰ হাজৰিকা ব্যক্তিগত জীৱনঅতুল চন্দ্ৰ হাজৰিকা মৃত্যুঅতুল চন্দ্ৰ হাজৰিকা সাহিত্যৰাজিঅতুল চন্দ্ৰ হাজৰিকা সন্মান আৰু স্বীকৃতিঅতুল চন্দ্ৰ হাজৰিকা তথ্য সংগ্ৰহঅতুল চন্দ্ৰ হাজৰিকাঅসম সাহিত্য সভাঅসমীয়াইংৰাজী ভাষানগাঁও

🔥 Trending searches on Wiki অসমীয়া:

ৰক্তদলঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপীযুষ হাজৰিকাপাৰিপাৰ্শ্বিক সংঘাতনাটকআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰএলভিছ আলী হাজৰিকাবৰ্ণালী কলিতাৰাজিয়া চুলতানামহো-হো উৎসৱগৱেষণালোকবিশ্বাসলোক-সংগীতগোপাল কৃষ্ণ গোখলেঅসমীয়া লিপিৰ বুৰঞ্জীৰংঅসমৰ ৰাজ্যপালসকলৰ তালিকাবহনক্ষম উন্নয়নৰ লক্ষ্যহাঁওফাঁওবৃত্তমুখমৈথুনৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসইন্দিৰা মিৰিছট পূজাযৌন সংগমওজাপালিযাদৱ পায়েংঅসীমত যাৰ হেৰাল সীমাচি এছ এছব্ৰহ্মপুত্ৰ উপত্যকাতাল (বাদ্যযন্ত্ৰ)মেকুৰীএকচেটীয়া বজাৰযুগ্ম সংখ্যাশ্ৰীকৃষ্ণকীৰ্তননবীনচন্দ্ৰ বৰদলৈঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমামণি ৰয়ছম গোস্বামীৰ উপন্যাসআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডসাঁচিপাতৰামায়ণবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনসাহিত্য সমালোচনাবিষুৱ ৰেখাঅসমৰ কাঁহ শিল্পঅসমীয়া ভাষাপঞ্চতন্ত্ৰএ পি জে আব্দুল কালামলোকাচাৰভাৰতৰ সংবিধানবড়ো ভাষাআগ্নেয়গিৰিপাঠ্যক্ৰমগণিতবন্দে মাতৰম্‌ৰঘুনাথ চৌধাৰীবৰহমথুৰিজিকিৰব্ৰহ্মগুপ্তসত্যনাথ বৰাৰামধেনুৰামমোহন ৰায়বায়ু প্ৰদূষণচুটিগল্পপুৰুষতথ্য জনাৰ অধিকাৰ আইন, ২০০৫লোকসভাচৰ্যাপদকালিদাসস্বাভাৱিক সংখ্যাকামৰূপ জিলাখাৰখোৱা🡆 More