হেমন্ত দত্ত

হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে। অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।

হেমন্ত দত্ত
হেমন্ত দত্ত
জন্ম হেমন্ত দত্ত
১৯৪১
খাৰুপেটীয়া, দৰং জিলা, অসম
পেচা অভিনেতা, নাট্যকাৰ, গীতিকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা ভবেন বৰুৱা বঁটা
ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

চমু জীৱনী

১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত হেমন্ত দত্তৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। স্কুলীয়া শিক্ষা মঙলদৈত লাভ কৰা দত্তই ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰে।

অভিনয়

মঙলদৈত থাকোঁতে অগ্ৰজসকলৰ নাট্যাভিনয় দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৃষ্ট হয়। মঙলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ ৰচনা কৰা নাট এখনত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ বেমাৰ হোৱাত তেঁৱেই নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণৰ নাটক টাইটানিকত তেওঁ কেপ্টইনৰ চৰিত্ৰতো অভিনয় কৰে।

গীতিকাৰ জীৱন

কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। এই সময়ছোৱাত তেওঁলোকে 'কুইভাৰ্ছ বেণ্ড' নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ 'ইণ্ডিয়া ক্লাব'ত পৰিবেশন কৰে। ১৯৭৭ চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেচাগত ভাবে গীত ৰচনা কৰিবলৈ ধৰে। প্ৰায় পাঁচশতকৈও অধিক গীত ৰচনা কৰা দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।

বঁটা আৰু সন্মান

  • ভবেন বৰুৱা বঁটা (২০১৭)
  • ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯)
  • মুন লাইট মিডিয়া বঁটা
  • অসম নাট্য সন্মিলনী বঁটা
  • অতুল চন্দ্ৰ হাজৰিকা বঁটা
  • নাট্য সিন্ধু বঁটা
  • গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮)

উল্লেখযোগ্য নাট

  • এটা নষ্ট ল'ৰাৰ গল্প
  • পথ
  • টাইটানিক
  • সেন্দূৰ
  • আকাশৰ দৰে মন
  • মুক্তি
  • চক্ৰবেহু
  • জেতুকা পাতৰ ৰং

উল্লেখযোগ্য গীত

গীত গায়ক টোকা
মই যি বাটেৰে ওলালো আজি জয়ন্ত হাজৰিকা জয়ন্ত হাজৰিকাৰ বাবে লিখা প্ৰথম গীত
সময় গতিশীল জয়ন্ত হাজৰিকা -
তুমি আহিছিলা চেনাই চাৰু গোহাঁই -
বুকু দুৰু দুৰু জুবিন গাৰ্গ যৌৱনে আমনি কৰে ছবিৰ ৰ্গীত
জুবিন গাৰ্গে বোলছবিত গোৱা প্ৰথম গীত
নহ'লে পৰিচয় হিয়াৰে জুবিন গাৰ্গ হিয়া দিয়া নিয়া বোলছবিৰ গীত
হিয়াৰ মৰম মুকুতা হৈ ৰিদিপ দত্ত -
এই আকাশ বৰ বিশাল জয়ন্ত হাজৰিকা -
গছে বনে সেউজীয়া ঋতুপৰ্ণ শৰ্মা
নায়ক হ'ব খুজি জুবিন গাৰ্গ নায়ক বোলছবিৰ গীত

তথ্য সংগ্ৰহ

Tags:

হেমন্ত দত্ত চমু জীৱনীহেমন্ত দত্ত অভিনয়হেমন্ত দত্ত গীতিকাৰ জীৱনহেমন্ত দত্ত বঁটা আৰু সন্মানহেমন্ত দত্ত উল্লেখযোগ্য নাটহেমন্ত দত্ত উল্লেখযোগ্য গীতহেমন্ত দত্ত তথ্য সংগ্ৰহহেমন্ত দত্তউপপথদৰং জিলা

🔥 Trending searches on Wiki অসমীয়া:

অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামনোবিজ্ঞানদুৰ্যোগইংৰাজী ভাষাবিশ্বকোষকোকৰাঝাৰ (লোকসভা সমষ্টি)অসমৰ পৰ্যটনস্থলসমূহৰ তালিকাশোণিতপুৰ জিলাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাস্বৰাজআনন্দৰাম ঢেকিয়াল ফুকনৰেখানুৰ জাহানৰাজ্যসভাঅখণ্ড সংখ্যাসুশোভন সোনু ৰায়এককোষী জীৱচৰক সংহিতাজ'মাট'শিক্ষাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভূপেন হাজৰিকাঅসমীয়া পুৰণি সাহিত্যআন্তৰ্জাতিক মানৱ অধিকাৰ আইনলখিমপুৰ (লোকসভা সমষ্টি)আওৰানেতাই ধুবুনী ঘাটগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাবীৰেন্দ্ৰনাথ দত্তছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰেৱতী মোহন দত্তচৌধুৰীটুক্ৰেশ্বৰী দেৱালয়অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাকলিতা জনগোষ্ঠীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমৰ নদীসমূহৰ তালিকাঅসমৰ মহকুমাসমূহৰ তালিকাপ্ৰশান্ত মহাসাগৰচিলাৰায়অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজীৱনীঅণুবীক্ষণ যন্ত্ৰশ্বিলংজ্যোতিপ্ৰসাদ ৰচনাৱলীঅসীমত যাৰ হেৰাল সীমাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপৰিমেয় সংখ্যাগোলাঘাট জিলাভাষাবিজ্ঞাননিৰুপমা বৰগোহাঞিছক্ৰেটিছভাৰতএহাত ডাবাআহোম ৰাজ্যযোৰানামভবেন্দ্ৰ নাথ শইকীয়াসমাজব’হাগশৰৎ ঋতুভাৰতীয় ভাষাতথ্যগণিতপাচন তন্ত্ৰপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰামধেনু (আলোচনী)মৌখিক ইতিহাসসন্ধ্যাৰাগ (চলচ্চিত্ৰ)কামৰূপ ৰাজ্যমাইলছ ব্ৰনছনপাৰিজাত হৰণ নাটহীৰেন গোহাঁইগড়গাঁওলুই পেষ্ট'ৰলোক-সংগীতডুবি তাম্ৰলিপি আৰু ছীল🡆 More