কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় গৌহাটী গভমেণ্ট চেমিনাৰী নামেৰে স্থাপন কৰিছিল। এইখন উত্তৰ-পূব ভাৰতৰ প্ৰথমখন আধুনিক শিক্ষা প্ৰদান কৰা বিদ্যালয়। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
অৱস্থান
পানবজাৰ, গুৱাহাটী, কামৰূপ মহানগৰ জিলা, কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ চৰকাৰী
প্ৰতিষ্ঠাকাল ১৮৩৫
অধ্যক্ষ বলয় কুমাৰ বৰা
উপনাম কটন কলেজিয়েট
ৱেবছাইট

ইতিহাস

১৮৩৪ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনৰ অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স (১৮৩৪-৬১) ডাঙৰীয়ায়ে অসমীয়া যুৱচামক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চাৰিখন সদৰ গৌহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত ইংৰাজী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰলৈ আবেদন জনাইছিল। ইয়াৰ লগতে তেওঁ বিদ্যালয়ৰ স্থাপনৰ বাবে গুৱাহাটীৰ স্থানীয় বাসিন্দাৰ পৰা ১,৭৪০ টকা বৰঙণি লাভ কৰিছিল। সেই সময়ত গুৱাহাটী অঞ্চলৰ মুঠ জনসংখ্যা ৫,৮০০ জন আছিল। ১৮৩৫ চনত ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পিছত একে বছৰে ৫৮ গৰাকী ছাত্ৰৰে "গৌহাটী স্কুল" নামেৰে বিদ্যালয়খনৰ আৰম্ভ কৰা হয়। মাহিলী ১৫০ টকা বেতনৰে মিষ্টাৰ চিংগাৰক বিদ্যালয় খনৰ প্ৰথম প্ৰথম শিক্ষকৰ নিযুক্তি দিয়া হয়।

১৮৩৮ চনত মিষ্টাৰ ৰবিনছনে গৌহাটী স্কুলৰ নতুন প্ৰধান শিক্ষক হিচাপে মাহিলী ৩০০ টকা বেতনত দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ লগতে বিদ্যালয় খনক "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে নামাকৰণ কৰা হয়। লাহে লাহে বিদ্যালয়ত ছাত্ৰৰ সংখ্যা ৩৪০ লৈ বৃদ্ধি পোৱাত ১৮৪০ চনত দান বৰঙণি তুলি বিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰা হয়। ১৮৬৫ চনত চৰকাৰে বিদ্যালয় খনক কলেজিয়েট পৰ্যায়লৈ উন্নীত কৰে।

অৱস্থান

কটন কলেজিয়েট স্কুল অসমৰ কামৰূপ মহানগৰ জিলাগুৱাহাটীৰ পানবজাৰত অৱস্থিত।

শিক্ষা

বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

নামভৰ্তি

ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হয়। একাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ নামভৰ্তি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হয়।

উল্লেখযোগ্য ছাত্ৰসমূহ

তথ্য উৎস

Tags:

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইতিহাসকটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱস্থানকটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষাকটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উল্লেখযোগ্য ছাত্ৰসমূহকটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথ্য উৎসকটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসম মাধ্যমিক শিক্ষা পৰিষদঅসমীয়া ভাষাগুৱাহাটী

🔥 Trending searches on Wiki অসমীয়া:

অব্যয় পদৰাজহুৱা ক্ষেত্ৰবাণীকান্ত কাকতিলোজৱাহৰলাল নেহৰুঅসমীয়া ভাষা উন্নতি সাধিনী সভাগুপ্ত সাম্ৰাজ্যকেশৱ মহন্তবাগ্‌ধ্বনিকুকুৰাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাগুৱাহাটীবাগৰুম্বাস্বাস্থ্যভবেন্দ্ৰ নাথ শইকীয়াসিন্ধু সভ্যতাউত্তৰ-পূব ভাৰতৰাজস্থানযোগেশ দাসতথ্য জনাৰ অধিকাৰ আইন, ২০০৫কামিনী কাঞ্চনবুৰঞ্জী সাহিত্যকমলাবাৰী সত্ৰনিচুকনি গীতআইজাক নিউটনলীলা গগৈগুণাভিৰাম বৰুৱা২২ এপ্ৰিলবাঙালী জাতিঅসমৰ পুৰণি স্থাপত্যবৃহস্পতি গ্ৰহশিক্ষাৰ অধিকাৰবুৰঞ্জীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাঅনিৰুদ্ধদেৱঅসমীয়া ভাষা আন্দোলনআকবৰস্তন সংগমমণিপুৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলতথ্যগান্ধীবাদজুইঔষধি উদ্ভিদঅসমীয়া সাহিত্যআলি আঃয়ে লৃগাংনতুন দিল্লীসৰ্বানন্দ সোণোৱালভাইটি (চলচ্চিত্ৰ)ভাৰতৰ ৰাষ্ট্ৰপতিঅসমৰ শাক-পাচলিৰ তালিকাসাত বিহুসোণালী বান্দৰসম্পাদনাঅসমৰ ৰেচম শিল্পপানীপ্ৰাচীন গ্ৰীচজলসিঞ্চনয়ফলৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাফুটবলবুঢ়ী আইৰ সাধুদ্বিতীয় বিশ্বযুদ্ধচিপকো আন্দোলনমই আৰু নেফাহিউৱেন-চাংবংগ বিভাজন (১৯০৫)আয়ুৰ্বেদভূগোলপদাৰ্থৰ অৱস্থাকলাখাৰদেউৰী জনগোষ্ঠীযতি-চিন২৩ এপ্ৰিলওৰাং ৰাষ্ট্ৰীয় উদ্যান🡆 More