অচ্যুত লহকৰ

অচ্যুত লহকৰ (৯ জুলাই, ১৯৩১ - ১২ জুন, ২০১৬)-ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়। পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিয়াৰ উপৰিও তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল। এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল আৱিষ্কাৰ কৰিছিল। 'অতুল চন্দ্ৰ হাজৰিকা বঁটা'ৰে সন্মানিত এখেতক 'মঞ্চ প্ৰভাকৰ' বুলিও জনা যায়। ২০১৬ৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত পাঠশালাত তেখেতৰ মৃত্যু হয়।

অচ্যুত লহকৰ
অচ্যুত লহকৰ
জন্ম ৯ জুলাই, ১৯৩১
পাঠশালা, অসম, ভাৰত
মৃত্যু ১২ জুন, ২০১৬ (৮৪ বছৰ)
পেচা ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদনা
বঁটা, সন্মান, পুৰস্কাৰ আদি অতুল চন্দ্ৰ হাজৰিকা বঁটা

শিক্ষা আৰু শৈশৱ

অচ্যুত লহকৰৰ জন্ম হয় ১৯৩১ চনৰ জুলাই মাহৰ ৯ তাৰিখে পাঠশালাৰ সমীপৰ বাগনা গাঁৱত। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত লহকৰ আৰু মাতৃ আছিল কান্তিপ্ৰিয়া লহকৰ। তেওঁ পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু ১৯৪৯ চনত বজালী হাইস্কুলৰ (এতিয়া বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়) পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু সেই সময়তে তেওঁ পিতৃক হেৰুৱাই আৰু ঘৰৰ সমগ্ৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰে। তাৰ পিছত তেওঁ কলিকতালৈ যায় আৰু তাৰ ছেইণ্ট পল কলেজত বাণিজ্য শাখাত নামভৰ্তি কৰে। কিন্তু তেওঁ পঢ়া সমাপ্ত নকৰি পাঠশালালৈ ঘূৰি আহে আৰু বজালী মহাবিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ আই. এ. পাছ কৰে। পুনৰ তেওঁ কলিকতালৈ বি.এ.পঢ়িবলৈ যায়। বি.এ. পঢ়ি থকাৰ সময়তে তেওঁ অনুবাদকৰো কাম পাৰিশ্ৰামিক ভিত্তিত কৰিছিল। আমেৰিকান এম্বেছীৰ লগত হোৱা বন্দৱস্ত অনুসৰি তেওঁ “আব্ৰাহাম লিংকন”, “গনতন্ত্ৰ” আদি কেবাখনো গ্ৰন্থ অনুবাদ কৰি দিছিল। বি.এ. পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহে আৰু ইতিমধ্যে তেওঁৰ ভাতৃ সদা লহকৰৰ দ্বাৰা প্ৰতিষ্ঠিত “নটৰাজ অপেৰা”ক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰে। এই পৰীক্ষামূলক প্ৰয়াসৰ সফল প্ৰতিফলন হিচাপে ১৯৬৩ চনত ভ্ৰাম্যমাণ নটৰাজ থিয়েটাৰৰ জন্ম হয়।

দীপাৱলী আলোচনী সম্পাদনা

কলিকতাত পঢ়ি থকা কালতে অচ্যুত লহকৰে সচিত্ৰ মাহেকীয়া আলোচনী 'দীপাৱলী' সম্পাদনা আৰু প্ৰকাশ কৰিছিল। মূলতঃ 'আৱাহন'ৰদ্বাৰা অনুপ্ৰাণিত এই আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল ১৯৫২ চনত। আলোচনীত কামত সহায়ৰ বাবে লহকৰে পাঠশালাৰ বামুণকুচি গাঁৱৰ তাৰক শৰ্মাক কলিকতালৈ লৈ গৈছিল। দীপাৱলীৰ আয়ুস দীঘলীয়া নাছিল। চেগাচোৰোকাকৈ কিছুবছৰ চলি আলোচনীখন বন্ধ হৈ গৈছিল। আলোচনীখনৰ প্ৰথম সংখ্যাটো কলিকতাৰ লক্ষ্মীবিলাস প্ৰেছত ছপা কৰা হৈছিল।

নটৰাজ থিয়েটাৰৰ জন্ম

নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰবৰপেটা জিলাপাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল। ১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা 'নটৰাজ অপেৰা' নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল।

১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে এক আধুনিক আৰু ব্যতিক্ৰমী যাত্ৰাপাৰ্টী নটৰাজ অপেৰা গঠন কৰে। এই দলটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰিছিল। ১৯৬০ চনত ই সম্পূৰ্ণ ভ্ৰাম্যমাণ পৰ্যায়লৈ ৰূপান্তৰিত হয় আৰু এই ভ্ৰাম্যমাণ যাত্ৰা ১৯৬২ চনলৈ বাহাল থাকে। পৰিৱৰ্তিত সমাজে 'নটৰাজ অপেৰা'ৰ এই ভ্ৰাম্যমাণ যাত্ৰাক আকোঁৱালি লৈছিল। 'নটৰাজ অপেৰা'ৰ এই কাম-কাজ দেখি অচ্যুত লহকৰে যাত্ৰাপাৰ্টীৰ এই ভ্ৰাম্যমাণ ৰূপটো আৰু কলিকতা, বোম্বাই আদি চহৰৰ থিয়েটাৰৰ ৰূপটো মিহলাই ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিলে। সেয়েহে চুইচ টিপিয়েই ষ্টেজত মাইক, ৰঙা-নীলা লাইট আদি জ্বলাই তেওঁ চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্য শিল্পক আধূলিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে ১৯৬৩ চনত 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে।

থিয়েটাৰলৈ অৱদান

অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওক আৰু নাটক হওক মৌলিক লগতে হওক অসমৰ পটভূমিৰ।

তাৰ বাহিৰেও এই অনুষ্ঠানটোৰ যোগেদি তেখেতে শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট্য-প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল বুলি তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে। সেয়ে তেখেতে পোহৰ নিক্ষেপনৰ কাৰচাজী, শব্দযন্ত্ৰত ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলা-কৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমাণক যাত্ৰা-অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল। সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধালৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদিও লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল।

সাহিত্য কৰ্ম

ৰচিত নাটক

  • এৰিনা
  • অজেয় ভিয়েটনাম
  • আমেৰিকাৰ পুতলা
  • ঊষা
  • ব্লেকমানী

  • ডাক্তৰবাবু
  • আদৰ্শৱতী নাৰী
  • আমি হেনো মানুহ নহয়
  • হামিদা
  • এখন পৃথিৱী

  • শংকৰদেৱ
  • বন্ধু হত্যাকাৰী বন্ধু
  • দুলীয়াজান
  • আল্লা ঈশ্বৰ

অনুবাদ গ্ৰন্থ

  • আনা কাৰেনিনা

চলচ্চিত্ৰ নিৰ্মাণ

১৯৭৩-৭৪ চনত অচ্যুৎ লহকৰে তেখেতৰ এখন মঞ্চনাট ব্লেকমাণিৰ কাহিনীৰ আধাৰত একে নামতে এখন চিনেমা নিৰ্মাণৰ প্ৰচেষ্টা হাতত লয়। তেখেতে 'ব্লেকমাণি' প্ৰযোজনা কৰাৰ উপৰিও পৰিচালনাও কৰিছিল। চিনেমাখনৰ বহু অংশৰ দৃশ্যগ্ৰহণ হৈছিল যদিও ই মুক্তি নাপালে।

বঁটা

মৃত্যু

২০১৬ চনৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত তেখেতৰ মৃত্যু হয়। বিভিন্ন ৰোগত ভুগি থকা লহকৰক জীৱনৰ শেষ নমাহ পাঠশালাৰ জ্যোতিনগৰত বাস কৰা জী-জোৱাইৰ ঘৰত বাস কৰিছিল। প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা দিয়াৰ বাবেই জী-জোয়ায়ে তেখেতক নিজৰ ঘৰলৈ লৈ আহিছিল আৰু এইখন ঘৰতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  1. আমি অসমীয়া ৱেবছাইটত অচ্যুত লহকৰৰ বিষয়ে অধিক তথ্য আছে[সংযোগবিহীন উৎস]
  2. দ্য চান্‌ডে ইণ্ডিয়ান ৱেবছাইটত ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে থকা তথ্য[সংযোগবিহীন উৎস]

Tags:

অচ্যুত লহকৰ শিক্ষা আৰু শৈশৱঅচ্যুত লহকৰ দীপাৱলী আলোচনী সম্পাদনাঅচ্যুত লহকৰ নটৰাজ থিয়েটাৰৰ জন্মঅচ্যুত লহকৰ থিয়েটাৰলৈ অৱদানঅচ্যুত লহকৰ সাহিত্য কৰ্মঅচ্যুত লহকৰ চলচ্চিত্ৰ নিৰ্মাণঅচ্যুত লহকৰ বঁটাঅচ্যুত লহকৰ মৃত্যুঅচ্যুত লহকৰ তথ্য সংগ্ৰহঅচ্যুত লহকৰ বাহ্যিক সংযোগঅচ্যুত লহকৰপাঠশালাভ্ৰাম্যমাণ থিয়েটাৰ

🔥 Trending searches on Wiki অসমীয়া:

বুলু ফিল্মবাইখো পূজাবংগ বিভাজন (১৯০৫)পথৰুঘাটৰ ৰণকোণবিশ্ব স্বাস্থ্য সংস্থাআহোম ৰাজবংশঅৰ্কিডনাৰী সবলীকৰণমণিৰাম দেৱানচৰিত পুথিঅসমীয়া কবিতাঁ (চন্দ্ৰবিন্দু)কুলধৰ শইকীয়াঅসমীয়া ভাষা আন্দোলনবিহুগীতউত্তৰ-পূব ভাৰতচ'মাংকানহিউমাছভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাজাতীয়তাবাদগঙ্গা নদীমহেন্দ্ৰ বৰাহেম বৰুৱাকবিতাভলিবলঅসমৰ চিত্ৰকলাৰ ইতিহাসঅৰ্জুন ভঞ্জননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামহাসাগৰ২৭ এপ্ৰিলশীতল যুদ্ধকলমানস ৰাষ্ট্ৰীয় উদ্যানমৈদামঢ়অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলনগেন শইকীয়াঅসমৰ ৰাজ্যপালসকলৰ তালিকালোকভাষাভাৰত-আৰ্য ভাষা পৰিয়ালমৰুভূমিবড়ো জনগোষ্ঠীনীলমণি ফুকন (কনিষ্ঠ)নগাঁও (লোকসভা সমষ্টি)নিমাতী কইনাসংক্ৰমণকনকলতা বৰুৱাবীৰেন্দ্ৰনাথ দত্তৰাজনৈতিক দলহিউৱেন-চাংমহেশ্বৰ নেওগত্ৰিভুজপুৰাণউৎপাদন (অৰ্থনীতি)অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদশিশুৰ খেল-ধেমালিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানখাদ্য সুৰক্ষাডিমাছা জনগোষ্ঠীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপৃথিৱীশিৱসাগৰ পুখুৰীউপভাষাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅৰ্থনীতিঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰবিৰিঞ্চি কুমাৰ বৰুৱাসত্যনাথ বৰামঙ্গলদৈ (লোকসভা সমষ্টি)বিবাহশূন্যমণিৰাম দেৱান (চলচ্চিত্ৰ)ঈয়াৰুইঙ্গমভাৰতীয় ভাষাঅসমৰ সমস্যা🡆 More