জীৱেশ্বৰ ডেকা

জীৱেশ্বৰ ডেকা (ইংৰাজী: Jibeswar Deka) অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰ মুকুন্দ থিয়েটাৰত 'দধিচী' নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল। এইখন নাটকৰ নন্দ পাঠক চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেই তেওঁক ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰা হৈছিল। দধিচী নাটকত দক্ষ অভিনয়ৰ প্ৰমাণ দিয়া এইগৰাকী অভিনেতা তেতিয়াৰ পৰাই ‘দধিচী’ নামেৰে সৰ্বত্ৰে জনাজাত হৈ পৰে।

জীৱেশ্বৰ ডেকা
জন্ম ২০ জুলাই, ১৯৪৬
বেলশৰ, নলবাৰী, অসম
মৃত্যু ২৪ আগষ্ট, ২০২০ (৭৪ বছৰ)
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হস্পিটেল
পেচা অভিনয়
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব জীৱেশ্বৰ ডেকা ভাৰত
উল্লেখযোগ্য বঁটা অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা

জন্ম

জীৱেশ্বৰ ডেকাই ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত জন্মগ্ৰহণ কৰে।

শিক্ষা আৰু কৰ্মজীৱন

অভিনয় জীৱন

জীৱেশ্বৰ ডেকাই ১৯৬৭ চনত পোনপ্ৰথমে ‘বেলশৰ স্মৃতি নাট্যসংঘ’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰবেশ কৰে আৰু থিয়েটাৰৰ মঞ্চত অভিনেতা হিচাপে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁ নটৰাজ, ৰূপকোঁৱৰ, বিষ্ণুজ্যৌতি, ভাগ্যদেৱী, মুকুন্দ, আৱাহন, জ্যৌতিৰূপা, অনুৰাগ, মনালিছা, মাধৱদেৱ, ৰূপায়ণ, নয়নতৰা আদি থিয়েটাৰত প্ৰায় ২০০ খনৰো অধিক পৌৰাণিক ধৰ্মমূলক, সামাজিক নাটকত ভিন্নসুৰী চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭০-৭১ নাট্যবৰ্ষত মৰোৱাৰ শৰত্‍ মজুমদাৰ প্ৰযোজিত ‘ভাগ্যদেৱী নাট্য সমিতি’ত (পৰৱৰ্তিত ৰূপত থিয়েটাৰ ভাগ্যদেৱী) নাট্যকাৰ উগ্ৰ মেনাৰ ৰচনা আৰু ভৈৰৱ বৰ্মনৰ পৰিচালনাত মঞ্চস্থ কৰা নাট ‘মিলনমালা’ত নায়ক ‘মিলন’ৰ চৰিত্ৰত অভিনয় কৰা জীৱেশ্বৰ ডেকাৰ অভিনয় দৰ্শকে যথেষ্ট ভাল পাইছিল। সেই বৰ্ষতে মিলনমালা নাটকখন বৰপেটাত ১১ টাকৈ দৰ্শনী মঞ্চস্থ কৰিব লগীয়া হৈছিল। ১৯৮৭-৮৮ নাট্যবৰ্ষত টিহুৰ মাখিবাহাৰ অতুল ভট্টাচাৰ্য প্ৰযোজিত ‘মুকুন্দ থিয়েটাৰ’ত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত আৰু হেম ভট্টাচাৰ্য পৰিচালিত প্ৰভাত শৰ্মাৰ সংগীতেৰে ‘দধিচী’ নাটকত ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰে। এই নাটকখনৰ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ, সাংস্কৃতিক শিল্পী ৰত্ন ওজা, সাংবাদিক কনকসেন ডেকাই একেলগে নাটখন উপভোগ কৰি অভিভূত হৈ পৰিছিল। ‘দধিচী’ নাটকৰ নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰৰ পৰা ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰা হয়।

লাভ কৰা বঁটা আৰু সন্মান

অভিনয় শিল্পী জীৱেশ্বৰ ডেকাই বহু বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত -

  • অসম চৰকাৰৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ (১৯৮৮)
  • অসম শিল্পী দিৱস বঁটা (১৯৯০)
  • মুনলাইট মিডিয়া বঁটা (১৯৯৩)
  • অসম চৰকাৰৰ শিল্পী পেঞ্চন (২০০৭)
  • সাংস্কৃতিক মহাসভা অসমৰ পৰা ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’ (২০১১)
  • অসম যুৱ-ছাত্ৰ পৰিষদৰ ‘ভবেন বৰুৱা সোঁৱৰণী বঁটা’ (২০১৪)
  • ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা (২০১৬)
  • অখিল ভাৰত হিন্দু মহাসভা অসম প্ৰদেশৰ পৰা ‘লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা’ (২০১৮)
  • থিয়েটাৰ ভাগ্যদেৱীৰ ‘শৰত্‍ মজুমদাৰ সোঁৱৰণী বঁটা’ (২০১৯)
  • অচ্যুত লহকৰ সোঁৱৰণী বঁটা (২০১৯)
  • দপবাশা নাট্য সন্মিলনৰ ‘কামিনী মোহন শৰ্মা জীৱনজোৰা সাধনা বঁটা’ (২০১৯)
  • মঘাই মোহন কৃষ্টি সংঘৰ ‘নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী বঁটা (২০২০) ইত্যাদি।

পৰলোক প্ৰাপ্তি

জীৱেশ্বৰ ডেকা দীৰ্ঘদিন হৃদৰোগত আক্ৰান্ত হৈ ২০২০ চনৰ ২৪ আগষ্ট তাৰিখ, ৰবিবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হস্পিটেলত ১১ বাজি ৪০ মিনিটত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

তথ্য সংগ্ৰহ

Tags:

জীৱেশ্বৰ ডেকা জন্মজীৱেশ্বৰ ডেকা শিক্ষা আৰু কৰ্মজীৱনজীৱেশ্বৰ ডেকা লাভ কৰা বঁটা আৰু সন্মানজীৱেশ্বৰ ডেকা পৰলোক প্ৰাপ্তিজীৱেশ্বৰ ডেকা তথ্য সংগ্ৰহজীৱেশ্বৰ ডেকাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

তাপগতি বিজ্ঞানকামাখ্যা মন্দিৰআজান পীৰবিশ্ব বাণিজ্য সংস্থাৰামায়ণজয়মতী কুঁৱৰী (নাটক)বেটুপাতযোৰহাটবিবাহমনপ্ৰযুক্তিআমেৰিকা যুক্তৰাষ্ট্ৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভূপেন হাজৰিকা সেতুলাচিত বৰফুকনলেছবিয়ানইণ্ডিয়ান বেংকগণতন্ত্ৰবিহু নৃত্যবাগৰুম্বাঅসমধ্ৰুৱবাদসত্ৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)গোৱালপৰীয়া লোকগীতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিজোনবিৰি (অলংকাৰ)সোণহয়গ্ৰীৱ মাধৱ মন্দিৰপৰিয়ালঅসমৰ ছপাশালতেজপুৰসৌৰজগতবৃত্তশকুন্তলা (চলচ্চিত্ৰ)বীজগণিতভূপেন্দ্ৰ সংগীতশীতল যুদ্ধঅসমৰ সাধুকথাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰাজেন্দ্ৰ প্ৰসাদধাতুআবেগনিৰ্ম্মল ভকতএ পি জে আব্দুল কালামহুঁচৰিঅণুবীক্ষণ যন্ত্ৰচ্যু-কা-ফাধ্বনিবিজ্ঞানমানস ৰাষ্ট্ৰীয় উদ্যানচীনপাইক প্ৰথাকামৰূপ জিলাইতিহাসঢোলসত্ৰীয়া নৃত্যসাহিত্য সমালোচনামনোমতীচ্যু-খ্ৰং-ফামৌলিক সংখ্যায়ুৰি গেগেৰিননৱ-বৈষ্ণৱ ধৰ্মউৎসেচকনীলমণি ফুকন (কনিষ্ঠ)পৰিৱেশবাদমাইকেলেঞ্জেল'বৰপেটাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাহাবুংপ্ৰাচীন গ্ৰীচবুঢ়ী আইৰ সাধুভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯চন্দ্ৰগুপ্ত মৌৰ্যভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য🡆 More