বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। তদুপৰি এইখন মহাবিদ্যালয় ১৯০১ চনত স্থাপন হোৱা কটন কলেজৰ পিছতে অসমৰ দ্বিতীয়খন উচ্চ শিক্ষানুষ্ঠান। মহাবিদ্যালয় খনে পাঁচবছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া আইনৰ স্নাতক আৰু দুবছৰীয়া আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উকীল পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়
স্থাপিত ১৯১৪ (1914)
ধৰণ আইন মহাবিদ্যালয়
অধ্যক্ষ ডঃ ভূপেশ মল্ল বুজৰবৰুৱা
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি
ৱেবছাইট www.brmgovtlawcollege.org.in

ইতিহাস

১৮৯৬ চনত ছাৰ হেনৰী ষ্টেডমেন কটন অসমৰ চীফ কমিচনাৰ হিচাপে নিযুক্ত হয়। অসমত এখন মহাবিদ্যালয় স্থাপনৰ বাবে মাণিক চন্দ্ৰ বৰুৱাই তেওঁলৈ আবেদন জনায় আৰু সেই মৰ্মে ১৮৯৯ চনত তেওঁ এখন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰে। সেই মতে ১৯০১ চনৰ ২৭ মে'ত কটন মহাবিদ্যালয় স্থাপিত হয়। কটন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছৰে পৰা ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱায়ে ব্ৰিটিছ চৰকাৰক অসমত এখন আইন মহাবিদ্যালয় স্থাপনৰ বাবে আবেদন জনাইছিল। ১৯১২ চনত তেতিয়াৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চডেল আৰ্ল ডাঙৰীয়ায়ে অসমত এখন আইন মহাবিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এই প্ৰচেষ্টাতে ১৯১৪ চনত আৰ্ল ল কলেজ নামেৰে মহাবিদ্যালয়খনৰ আৰম্ভণি হয়। এইখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। প্ৰথমতে ইয়াৰ নাম সেইসময়ৰ অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চডেল আৰ্লৰ নামেৰে আৰ্ল ল কলেজ ৰখা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি স্বাধীনতা সংগ্ৰামী বিষ্ণুৰাম মেধিৰ নামেৰে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হৈছিল। বিখ্যাত সাহিত্যিক আৰু শিক্ষাবিদ জ্ঞানদাভিৰাম বৰুৱা মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ আছিল। ১৯১৪ চনৰ পৰা ১৯৪৭ চনলৈ এই মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আছিল। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত মহাবিদ্যালয়খনে ইয়াত অন্তৰ্ভুক্ত হয়।

অৱস্থান

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় বৰ্তমান গুৱাহাটীৰ শিল্পগ্ৰাম পথৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিচেই কাষৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথত অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত হোৱাৰ বাবে যাতায়ত ব্যৱস্থা সুচল। ইয়াৰ পুৰণি অৱস্থান গুৱাহাটীৰ পাণবজাৰত আছিল।

পাঠ্যক্ৰম

মহাবিদ্যালয় খনে পাঁচবছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া আইনৰ স্নাতক আৰু দুবছৰীয়া আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উকীল পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

তথ্য উৎস

Tags:

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় ইতিহাসবিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অৱস্থানবিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় পাঠ্যক্ৰমবিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় তথ্য উৎসবিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়কটন কলেজগুৱাহাটীগুৱাহাটী বিশ্ববিদ্যালয়

🔥 Trending searches on Wiki অসমীয়া:

ডাকৰ বচনহিমন্ত বিশ্ব শৰ্মাউপন্যাসচুতীয়া ৰাজ্যকামাখ্যা মন্দিৰসূৰ্যত্ৰিপুৰামানুহআন্তৰ্জাতিক মাতৃভাষা দিৱসঅপৰিমেয় সংখ্যাপ্লাষ্টিকচিকিৎসা বিজ্ঞানঅসম সাহিত্য সভাচ'জুনসাহিত্যগোলকীকৰণলিংগভিত্তিক অধ্যয়নদেউৰী জনগোষ্ঠীসংস্কৃতিফাট বিহুজৈৱ বৈচিত্ৰ্যঅসমৰ লোকবাদ্যনিকি তাম্বোলিচৰ্যাপদহস্তমৈথুনমাধৱদেৱভূপেন হাজৰিকাদৰ্শনঅসমীয়া ভাষা আন্দোলনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলৰাষ্ট্ৰসংঘভাৰতৰ ৰাষ্ট্ৰপতিমৰাণ জনগোষ্ঠীভাৰতৰ নিৰ্বাচন আয়োগজোৰোণআপেক্ষিকতাবাদ তত্ত্বনামঘোষাৰাতি বিহুঅম্বিকাগিৰি ৰায়চৌধুৰীকনকলতা বৰুৱাকোচ ৰাজবংশীদেউলসেউজ গৃহ প্ৰভাৱদ্য টেল অফ গেঞ্জিসন্ধিস্বাভাৱিক সংখ্যাশিৱসাগৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানগৌৰৱ গগৈঅসমৰ বনৌষধিদেৱব্ৰত দাসকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঢ়চুতীয়া জনগোষ্ঠীবেংকদৰং জিলাসংগীতভাওনামাধৱ কন্দলিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপলাশীৰ যুদ্ধঅসমৰ শাক-পাচলিৰ তালিকাৰাজিয়া চুলতানাঅষ্টাংগিক আৰ্য মাৰ্গউৎসৱইবাঁকু বিচুঅপৰূপাচীনঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাভূমি প্ৰদূষণঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅনুবাদনগাঁও জিলা🡆 More