জয়পুৰ: ৰাজস্থানৰ ৰাজধানী চহৰ

জয়পুৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী তথা বৃহত্তম চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৩১ লাখ লোকৰ সৈতে ই ভাৰতৰ দশম আটাইতকৈ জনবহুল চহৰ। ইয়াক গোলাপী নগৰ (Pink City) বুলিও জনা যায় কাৰণ ইয়াৰ অধিকাংশ অট্টালিকাৰ ৰং গুলপীয়া। ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ইয়াৰ দূৰত্ব ২৬৮ কি:মি: (১৬৭ মাইল)।

জয়পুৰ
গোলাপী নগৰ
—  নগৰ  —
জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ
জয়পুৰৰ অৱস্থান
ৰাজস্থান আৰু ভাৰত
স্থানাঙ্ক 26.9260°0′0″N 75.8235°0′0″E / 26.926°N 75.8235°E / 26.926; 75.8235
দেশ জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি ভাৰত
অঞ্চল মধ্য ৰাজস্থান
ৰাজ্য ৰাজস্থান
জিলা জয়পুৰ নগৰ
মেয়ৰ জৌতি খান্দেলৱাল
পুলিচ কমিচনাৰ ভুপেঅন্দ্ৰ কুমাৰ ডাক
জনসংখ্যা

• ঘনত্ব

30,73,350 (44) (2011)

5,528 /কিমি (14,317 /বৰ্গ মাইল) (44) (2010)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>556 km (345 mi)>

55 m (180 ft)

ক'ড
  • পিনক'ড • 302 0xx
    • ফোন • +91141-XXXX XXXX
    • যান-বাহনৰ নম্বৰ • RJ-14 (Jaipur), RJ-45 (Jaipur North)
ৱেবছাইট জয়পুৰ
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
জয়পুৰ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iv, vi
উদ্ধৃতি ১৬০৫
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল দক্ষিণ এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ২০১৯ (৪৩তম অধিবেশন)

১৭২৯ চনত আজমেৰৰ ৰাজপুত শাসক দ্বিতীয় জয় সিঙৰ দ্বাৰা জয়পুৰ চহৰ স্থাপন কৰা হয়, যাৰ নামত চহৰখনৰ নাম ৰখা হ'ল। ইয়াক আধুনিক নগৰ পৰিকল্পনাবিদসকলৰ দ্বাৰা সুপৰিকল্পিত আৰু সুসংগঠিত নগৰসমূহৰ মাজত গণ্য কৰা হয়। ইয়াৰ পৰিকল্পনা বিদ্যাধৰ ভট্টাচাৰ্যৰ দ্বাৰা কৰা হৈছে। ঔপনিৱেশিক কালত ই জয়পুৰ ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰিছে। ১৯৪৭ চনত স্বাধীনতাৰ পাছত ইয়াক নৱগঠিত ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ কৰা হয়।

জয়পুৰ ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন স্থল আৰু ই দিল্লী আৰু আগ্ৰাসহ পশ্চিমীয়া গ'ল্ডেন ট্ৰায়েংগেল টুৰিষ্ট চাৰ্কিটৰ এক অংশ। ই ৰাজস্থানৰ অন্য পৰ্যটন স্থল যেনে- যোধপুৰ, জয়শালমেৰ, উদয়পুৰ, কোটা, আবু পৰ্বত আদিৰ প্ৰৱেশদ্বাৰ হিচাপেও কাম কৰে। জয়পুৰ ছিমলাৰ পৰা ৬১৬ কি:মি: দূৰৈত অৱস্থিত।

২০১৯ চনৰ ৬ জুলাই তাৰিখে ইউনেস্কো ঐতিহ্যবাহী স্থান সমিতিয়ে “ভাৰতৰ গোলাপী নগৰ” জয়পুৰক বিশ্ব ঐতিহ্যবাহী স্থানসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াত ইউনেস্কো ঐতিহ্যবাহী স্থান আমেৰ কিল্লা আৰু যন্তৰ মন্তৰো অৱস্থিত।

বুৰঞ্জী

জয়পুৰ: বুৰঞ্জী, ভৌগোলিক বিৱৰণ, জনগাঁথনি
জয়পুৰ চহৰৰ স্থাপক দ্বিতীয় জয় সিং

আমেৰত ১৬৯৯ চনৰ পৰা ১৭৪৩ চনলৈ শাসন কৰা দ্বিতীয় জয় সিঙৰ দ্বাৰা ১৭২৭ চনত জয়পুৰ চহৰ স্থাপন কৰা হয়। জনসংখ্যা আৰু পানীৰ নাটনি বৃদ্ধি পোৱাৰ বাবে জয় সিঙে তেওঁৰ ৰাজধানী আমেৰৰ পৰা ১১ কিলোমিটাৰ দূৰৈত অৱস্থিত জয়পুৰলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰে। প্ৰাচীন ভাৰতীয় শিল্পশাত্ৰ আৰু বাস্তুশাত্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই চহৰখনৰ প্ৰধান স্থপিতবিদ আছিল বিদ্যাধৰ ভট্টাচাৰ্য। চহৰখনৰ নিৰ্মাণ কাৰ্য্য ১৭২৬ চনত আৰম্ভ হয় আৰু প্ৰধান পথ, কাৰ্য্যালয় আৰু ভৱনসমূহৰ নিৰ্মাণ কাৰ্য্য প্ৰায় চাৰি বছৰত সম্পূৰ্ণ হয়। চহৰখনক নটা খণ্ডত বিভক্ত কৰা হয়। তাৰে দুটা খণ্ডত ৰাজ্যিক ভৱনসমূহ আছিল আৰু বাকীকেইটা আছিল জনসাধাৰণৰ বাবে।

১৮৭৬ চনত ৱেইল্‌চৰ ৰাজকোঁৱৰ এইচ আৰ এইচ এলবাৰ্ট এডৱাৰ্ডৰ আগমনৰ পূৰ্বে চহৰখনক আকৰ্ষণীয় কৰি তুলিবলৈ ছৱাই ৰাম সিঙে সমগ্ৰ চহৰখনক গুলপীয়া ৰং দিবলৈ আদেশ দিয়ে। তেতিয়াৰে চহৰখনক ‘গোলাপী নগৰ’ৰ নামেৰে জনা যায়।

১৯ শতিকাত জয়পুৰ চহৰৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় আৰু ১৯০০ চনলৈ ইয়াৰ জনসংখ্যা হ'লগৈ ১৬০,০০০জন। ১৮৬৮ চনত এই চহৰখনত কলা বিদ্যালয় স্থাপন কৰা হয়। দ্বিতীয় মহাৰাজ ৰাম সিঙৰ শাসনকালত সংস্কৃত মহাবিদ্যালয়কে ধৰি তিনিখন মহাবিদ্যালয় স্থাপন কৰা হয়।

ভৌগোলিক বিৱৰণ

জনগাঁথনি

জয়পুৰ চহৰৰ ধৰ্মসমূহ (২০১১)
ধৰ্ম শতাংশ(%)
হিন্দু
  
৭৭.৯%
মুছলমান
  
১৮.৬%
জৈন
  
২.৪%
অন্য
  
১.২%

২০১১ চনৰ লোকপিয়ল অনুসৰি জয়পুৰৰ জনসংখ্যা ৩,০৭৩,৩৫০জন। সাক্ষৰতাৰ হাৰ হৈছে ৮৪.৩৪%। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৯০.৬১% আৰু ৭৭.৪১%। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৮৯৮ গৰাকী মহিলা। চহৰখনৰ জনসংখ্যাৰ ৭৭.৯% হিন্দু, ১৮.৬% মুছলমান, ২.৪% জৈন আৰু ১.২% অন্য ধৰ্মাৱলম্বী লোক।

আন্তঃগাথঁনি

উল্লেখযোগ্য ঠাই

মঠ-মন্দিৰ

উদ্যান

সংস্কৃতি

জয়পুৰ: ৰাজস্থানৰ ৰাজধানী চহৰ

=

জাতীয় উৎসৱ

শৈক্ষিক প্ৰতিষ্ঠান

তথ্য-সংগ্ৰহ

Tags:

জয়পুৰ বুৰঞ্জীজয়পুৰ ভৌগোলিক বিৱৰণজয়পুৰ জনগাঁথনিজয়পুৰ আন্তঃগাথঁনিজয়পুৰ উল্লেখযোগ্য ঠাইজয়পুৰ সংস্কৃতিজয়পুৰ =জাতীয় খাদ্যজয়পুৰনতুন দিল্লীভাৰতৰাজস্থান

🔥 Trending searches on Wiki অসমীয়া:

মানৱতাবাদহিমবাহভূটানঅসমীয়া ভাষাগণিতযৌন নিৰ্যাতনঅসম বিধানসভাজাতনামশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া ভাষা উন্নতি সাধিনী সভাআয়ুৰ্বেদমহাকাব্যইৰানভেঁকুৰভূপেন হাজৰিকাসোণোৱাল কছাৰীশ্ৰীমন্ত শংকৰদেৱ বঁটাঅভিধানশ্ৰী সূৰ্য পাহাৰঅসমৰ শাক-পাচলিৰ তালিকাবচন (ব্যাকৰণ)অংকীয়া নাটআৰ্দ্ৰতাশিক্ষানিৰ্মলপ্ৰভা বৰদলৈপঞ্জাবৰ লোক-নৃত্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাসেউজ গৃহ প্ৰভাৱপবা বৰ্ষাৰণ্যবুঢ়ী আইৰ সাধুভাৰত চৰকাৰনলবাৰী জিলাপাঠ্যক্ৰমপুথিভঁৰালভীমৰাও ৰামজী আম্বেদকাৰহৰি-হৰ যুদ্ধলে'ভ লাণ্ডাউমৃত্যুভাৰতৰ শাস্ত্ৰীয় নৃত্যপাঁচালীউপভাষাডিব্ৰুগড় বিশ্ববিদ্যালয়ৰমজানসামাজিক মনোবিজ্ঞানলাচিত বৰফুকনমৌন ওঁঠ মুখৰ হৃদয়মথুৰা দাস বুঢ়া আতাবাগ্‌ধ্বনিবাঁহীছক্ৰেটিছহীৰেন গোহাঁইউৎসৱপৰিৱেশ বিজ্ঞানভাৰতীয় দৰ্শনঅষ্ট্ৰেলিয়াআৱাহন (আলোচনী)বিজ্ঞানবিহুগীতমৌৰ্য সাম্ৰাজ্যআনন্দৰাম ঢেকিয়াল ফুকনগাঁওবুঢ়া (নাটক)সংগীতৰাজিয়া চুলতানাকীৰ্তন-ঘোষাঅসমীয়া ব্যাকৰণকমলাকান্ত ভট্টাচাৰ্য্যজুইমাতা গুজৰিনীলপৱন বৰুৱাঅসমৰ বাঁহ-বেতৰ শিল্পবৰষুণঅসমৰ সমস্যাতানসেনচন্দ্ৰকুমাৰ আগৰৱালা🡆 More