কথক

কথক নৃত্য (ইংৰাজী: Kathak Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অৰ্থ হৈছে কথাৰ বৰ্ণনা দিয়া। আদিতে ঘাইকৈ মন্দিৰসমূহৰ ভিতৰত সীমাবদ্ধ থকা এই নৃত্যশৈলীয়ে মোগলসকলৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আধ্যাত্মিক দিশৰ পৰা আহি মনোৰঞ্জনৰ আহিলা হৈ পৰে। কথকত তিনিটা ঘৰানা (সংগীত-নৃত্যৰ পৰম্পৰা) সৰ্বাধিকভাৱে প্ৰচলিত। সেইকেইটা হ’ল : লক্ষ্ণৌ ঘৰানা, জয়পুৰ ঘৰানা আৰু বাৰাণসী ঘৰানা। ঘাইকৈ শ্ৰী কৃষ্ণৰ লীলা প্ৰকাশক এই নৃত্যত শৃংগাৰ ৰস আৰু লয়ৰ প্ৰাধান্য দেখা পোৱা যায়। ঘৰানা আৰু অঞ্চলভেদে কথক নৃত্যৰ পৰিবেশন ৰীতিত কিছু পাৰ্থক্য দেখা পোৱা যায়। মূলত লয় প্ৰধান নৃত্য হ’লেও এই নৃত্যত প্ৰচণ্ড দেহ ভংগী আৰু দৃঢ় পদ সঞ্চালনৰ প্ৰচুৰ অনুশীলনৰ প্ৰয়োজন হয়। কথক নৃত্যত সংগদ বাদ্য হিচাপে তবলা, পাখোৱাজ মৃদংগ, সাৰেংগী আদি পৰিবেশন কৰা হয়। পুৰুষ নৃত্যশিল্পী সকলে কাপখোৱা পায়জামা, অংগ ৰখা আদি পৰিধান কৰাৰ বিপৰীতে মহিলা নৃত্যশিল্পী সকলে পৰিধান কৰে শাৰী, কাপখোৱা পায়জামা, উৰ্ণা, বিভিন্ন ধৰণৰ গহনা আদি।

কথক নৃত্য
কথক
কথক নৃত্যশিল্পী
শৈলী ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা

ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কথক নৃত্য শিল্পী:

  1. বিৰজু মহাৰাজ,
  2. উমা শৰ্মা,
  3. শোভনা নাৰায়ণ।

তথ্য সংগ্ৰহ:

Tags:

🔥 Trending searches on Wiki অসমীয়া:

জোনাকী (আলোচনী)অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকানদীচাপাটিএকে লিংগৰ বিবাহহমফবিয়াকালিকা পুৰাণবাগ্‌ধ্বনিৰাতি বিহুসংস্কৃত ভাষাষ্ট্ৰবেৰী৩১ মাৰ্চসংস্কৃত সাহিত্য২৮ মাৰ্চস্তন্যপাননগা জনগোষ্ঠীখনিজ পদাৰ্থমৌলিক সংখ্যামাইলছ ব্ৰনছনচ্যু-পাত-ফাফুলগুৰি ধেৱাজাৰ্মানীগুৱাহাটী বিশ্ববিদ্যালয়লীলা গগৈভগ্নাংশ (গণিত)উষ্ণতাঅসমৰ সমস্যাপ্ৰাকৃতিক দুৰ্যোগব’হাগঅসমীয়া ভাষাৰ শব্দসম্ভাৰপায়ু সংগমমনোমতী (চলচ্চিত্ৰ)নীতি আয়োগ৩০ মাৰ্চবেণুধৰ শৰ্মাজনপ্ৰব্ৰজনচ'জুনআনন্দৰাম ঢেকিয়াল ফুকনভৌতিক সংস্কৃতিবহুমূত্ৰ ৰোগচিপাহী বিদ্ৰোহ ১৮৫৭হাজোবিশ্বব্ৰহ্মাণ্ডঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাশিৱকেশৱ মহন্তদৌল গোবিন্দ মন্দিৰকোচ ৰাজবংশীলিঅ'নাৰ্ড' দা ভিন্সিবৰপেটা সত্ৰঅসমীয়া ব্যাকৰণঅসম আন্দোলনলোককথাসংখ্যামিচিং ভাষামনোমতীঅসমৰ লোকগীতভাৰতত নাৰীবাদতিৱা জনগোষ্ঠীবৰ্মণ ৰাজবংশভাৰতত মহিলা শিক্ষামহা মৃত্যুঞ্জয় মন্দিৰডিম্পু বৰুৱাহেমচন্দ্ৰ গোস্বামীবিয়া নামঅসমীয়া লোক-সংস্কৃতিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদানলবাৰী জিলা২০২২ ফিফা বিশ্বকাপঅসম আৰক্ষীভাৰতৰ উপৰাষ্ট্ৰপতিহেমচন্দ্ৰ বৰুৱাভাৰতৰ প্ৰধানমন্ত্ৰীফ্ৰান্সৰ শ্ৰুতিকথামানৱ ভূগোলবাঁহীজুইভাস্কো দা গামা🡆 More