সংগীত নাটক একাডেমী: ভাৰতৰ ।

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

সংগীত নাটক একাডেমী
Sangeet Natak Akademi
সংগীত নাটক একাডেমী: ভাৰতৰ ।
নতুন দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গত অৱস্থিত ৰবীন্দ্ৰ ভৱন, সাহিত্য অকাডেমি, ললিত কলা একাডেমী আৰু সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয়
প্ৰতিষ্ঠা মে' ৩১, ১৯৫২ (1952-05-31) (৭১ বছৰ পূৰ্বে)
প্ৰধান  কাৰ্যালয় ৰবীন্দ্ৰ ভৱন, ফিৰোজশ্বাহ ৰোড, নতুন দিল্লী
সেৱা  ক্ষেত্ৰ ভাৰত
ৱেবছাইট sangeetnatak.org

ইতিহাস

১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম নিৰ্দেশক আছিল ডঃ পি. ভি. ৰাজমান্নাৰ। ১৯৫৩ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংসদ ভৱনত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ইয়াক উদ্বোধন কৰে। একাডেমী খনে সংগীত নাটক একাডেমী ফেল'শ্বিপ আৰু বঁটা আগবঢ়ায়।

কাৰ্য

একাডেমী খনে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্য কৰে। ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰ ইয়াৰ অন্যতম প্ৰধান লক্ষ্য। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ স্বৰূপ পৰিবেশ্য কলাৰ মাধ্যমৰে প্ৰচাৰ কৰা হয়। ই দেশে বিদেশে নানা অনুষ্ঠান আৰু কাৰ্যসূচী আয়োজিত কৰে। লগতে চৰকাৰৰ লগত লগ লাগি পৰিবেশ্য কলাৰ উন্নতিৰ হকে কাম কৰে।

সংগীত নাটক একাডেমীয়ে প্ৰতিষ্ঠা কৰা কেইখন মান অনুষ্ঠান হ'ল,

  • মণিপুৰী নৃত্য একাডেমী, ইম্ফল
  • সত্ৰীয়া নৃত্য কেন্দ্ৰ
  • কথক নৃত্য কেন্দ্ৰ (ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান, নতুন দিল্লী)
  • ৰবীন্দ্ৰ ৰংশাল কেন্দ্ৰ
  • কুটিয়াট্টম কেন্দ্ৰ, তিৰুঅনন্তপুৰম
  • ছাউ কেন্দ্ৰ, বাড়িপাৰা, জামছেদপূৰ
  • উত্তৰ-পূব কেন্দ্ৰ

লগতে একাডেমী খনে

  • নাটক, সংগীত আৰু নৃত্য পৰিবেশন আৰু শিক্ষণত আৰ্থিক সাহায্য প্ৰদান কৰে
  • পৰিবেশ্য কলাৰ গৱেষণা, তথ্য চিত্ৰ আৰু প্ৰকাশৰ বাবে পুঁজিৰ যোগান ধৰে
  • সভা, সমিতি, আলোচনা চক্ৰৰ আয়োজন কৰে
  • পৰিবেশ্য কলাৰ ইলেকট্ৰনিক মাধ্যমত সংৰক্ষণ কৰে
  • চৰকাৰক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়

তথ্য উৎস

Tags:

ভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

মই আৰু নেফাবিবাহকথা কবিতাএকচেটীয়া বজাৰশিৱসাগৰ জিলাদৰং জিলাজেহিৰুল হুছেইনগৱেষণাতোলনি বিয়াপাচনঅসম আৰক্ষীসংঘাতনীলপৱন বৰুৱাবিহুৰ সাজ-পোচাক আৰু অলংকাৰধাতু আৰু অধাতুসমীৰ তাঁতীক্ষমকৰাইষ্ট ইণ্ডিয়া কোম্পানীহুঁচৰিপুৰন্দৰ সিংহৰামায়ণদীপলিনা ডেকাজ্যোতিপ্ৰসাদ আগৰৱালামাৰ্ক্সবাদভাৰতৰ জাতীয় পতাকাঅসম আন্দোলনকৃষ্ণদ্বিতীয় বিশ্বযুদ্ধদুৰ্গা পূজানাগৰিকত্বমানৱ ভূগোলদুৱাৰ (চলচ্চিত্ৰ)মাটিৰ হিচাপস্বাস্থ্যবিহুগীতবাণীকান্ত কাকতিকেঁচুসাৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগজাতিংগাগঙ্গা নদীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাসাত বিহুহোমেন বৰগোহাঞিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যপ্ৰকাশ (আলোচনী)ভাৰত ত্যাগ আন্দোলনআত্মসহায়ক গোটঅযোধ্যা (পৌৰাণিক নগৰ)ধ্বনিতত্ত্বযৌন সংগমখ্ৰীষ্টান ধৰ্মড়ব-দ্বীপবিজ্ঞানৰ দৰ্শনমুঠিখাৰুউপন্যাসগণৰাজ্য দিৱস (ভাৰত)লোকবিশ্বাসবৃহস্পতি গ্ৰহভাৰতগুণাভিৰাম বৰুৱাবিজ্ঞাপনএডল্ফ হিটলাৰগুগলবেদহীৰেন গোহাঁইকিতাপঅসমীয়া বৰ্ণমালাঅসমীয়া লোকসাহিত্যখৰিচাজণ্ডিছবৰ্গক্ষেত্ৰনীলমণি ফুকন (কনিষ্ঠ)🡆 More