ৰীতা চৌধুৰী: অসমীয়া কবি আৰু ঔপন্যাসিক

ড॰ ৰীতা চৌধুৰী (জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান । তেখেতে ২০১৫ চনৰ জুলাই মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত । পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেওঁ সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ।

ড॰ ৰীতা চৌধুৰী
ৰীতা চৌধুৰী: প্ৰাৰম্ভিক জীৱন, সাহিত্যকৃতি, বঁটা
জন্ম ১৭ আগষ্ট, ১৯৬০
নামপং, টিৰাপ, অৰুণাচল প্ৰদেশ
পেচা ঔপন্যাসিক, কবি, প্ৰবক্তা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ., এল.এল.বি., পি.এইচ.ডি.
সময় ১৯৮১-বৰ্তমানলৈ
সাহিত্যিক বিপ্লৱ অসম আন্দোলন
উল্লেখনীয় কৰ্মৰাজি দেও লাংখুই
মাকাম
উল্লেখযোগ্য বঁটা অসম সাহিত্য সভা বঁটা,
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০০৬),
সাহিত্য অকাডেমি বঁটা (২০০৮)
দাম্পত্যসংগী চন্দ্ৰমোহন পাটোৱাৰী
ৱেবছাইট ritachowdhury.in

প্ৰাৰম্ভিক জীৱন

ৰীতা চৌধুৰীয়ে উজনি হাফলং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ে। ১৯৮০ চনত চৌধুৰীৰ পৰিয়াল গুৱাহাটীলৈ উঠি আহে। তেখেতে অসমীয়া আৰু ৰাজনীতি বিজ্ঞান দুয়োটাতে স্নাতক উপাধি লাভ কৰে। তদুপৰি তেখেতে আইনৰ এল.এল.বি. গ্ৰহণ কৰাৰ লগতে ৰাজনীতি বিজ্ঞানত পি.এইচ.ডি.ও কৰে।

অসম আন্দোলনৰ সময়ছোৱাত তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত আছিল। আন্দোলনৰ কাৰ্য-কলাপৰ বাবে তেখেতে গুৱাহাটীত দুবাৰ আৰু ডিব্ৰুগড়ত তিনিবাৰ কাৰাবাস খাটিছিল।

সাহিত্যকৃতি

চৌধুৰীৰ জীৱনৰ প্ৰথমখন উপন্যাস আছিল ১৯৮১ চনত লিখা "অবিৰত যাত্ৰা"। ইয়াৰ বাবে তেওঁ অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি থকা অৱস্থাত তেখেতে এই উপন্যাসখন লিখি উলিয়াইছিল। ২০০১-২০০২ বৰ্ষত তেওঁ "আধাৰশিলা"ৰ সম্পাদকো আছিল। ২০০৫ চনত তেওঁৰ "দেও লাংখুই উপন্যাসখন প্ৰকাশিত হয় আৰু সেইখনৰ বাবেই ২০০৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে । তাৰ পিছত চৌধুৰীৰ ২০১০ চনত প্ৰকাশিত উপন্যাস "মাকামে" বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। ইতিমধ্যে ইয়াৰ আধাৰত চলচ্চিত্ৰৰ পৰিকল্পনাও কৰা হৈছে।

উপন্যাস

ৰীতা চৌধুৰী: প্ৰাৰম্ভিক জীৱন, সাহিত্যকৃতি, বঁটা 
মাকাম উপন্যাসৰ বেটুপাত
  1. অবিৰত যাত্ৰা (১৯৮১)
  2. তীৰ্থভূমি (১৯৮৮)
  3. মহা জীৱনৰ আধাৰশিলা (১৯৯৩)
  4. নয়না, তৰালী, সুজাতা (১৯৯৬)
  5. পপীয়া তৰাৰ সাধু (১৯৯৮)
  6. ৰাগ মালকোশ (১৯৯৯)
  7. জল পদ্ম (১৯৯৯)
  8. হৃদয় নিৰুপায় (২০০৩)
  9. দেও লাংখুই (২০০৫)
  10. মাকাম (২০১০)
  11. এই সময় সেই সময়
  12. ৰাজীৱ ঈশ্বৰ
  13. জাহ্নবী
  14. মায়াবৃত্ত (২০১২)
  15. বিভ্ৰান্ত বাস্তৱ
  16. মৰে অসম, জীয়ে কোন (২০২১)

কবিতা

  1. সুদূৰ নক্ষত্ৰ (১৯৮৯)
  2. বনৰীয়া বতাহৰ সুঁহুৰি (১৯৯৬)
  3. অলপ পোহৰ অলপ আন্ধাৰ (১৯৯৭)
  4. বগা মাটিৰ তুলসী (১৯৯৯)

বঁটা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ৰীতা চৌধুৰী প্ৰাৰম্ভিক জীৱনৰীতা চৌধুৰী সাহিত্যকৃতিৰীতা চৌধুৰী বঁটাৰীতা চৌধুৰী তথ্য সংগ্ৰহৰীতা চৌধুৰী বাহ্যিক সংযোগৰীতা চৌধুৰীঅসমীয়া সাহিত্যঅৰুণাচল প্ৰদেশকটন মহাবিদ্যালয়সাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মন্ত্ৰ-সাহিত্যইউক্লিডকনকলতা বৰুৱাৰঘুনাথ দাস মহন্তৰমজানভাৰতীয় দৰ্শনপাইথাগোৰাছৰ উপপাদ্যমাজুলীবঙালী ভাষাৰাজেন্দ্ৰ প্ৰসাদকপৌ ফুলগামখাৰুঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবায়ু প্ৰদূষণভূগোলইণ্ডিয়ান অভাৰচিজ বেংকমোহনদাস কৰমচান্দ গান্ধীমৌন ওঁঠ মুখৰ হৃদয়সময়আজান পীৰৰ দৰগাহবৰদলৈ ট্ৰফীৱাশ্বিংটন ডি.চি.পাইথেগাৰাছবাল্য বিবাহ নিষেধ আইন, ২০০৬নেতাই ধুবুনী ঘাটকোৰআনশিৱনাথ বৰ্মনএম ভেঙ্কায়াহ নাইডুবজ্ৰাংগী আইচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়তাজমহলশব্দ (অভিধান)পুঁজিবাদঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজিজিয়াপ্ৰথম বিশ্বযুদ্ধশ্বজিবু নোংমা পানবাবেংক অৱ বৰোদানগাঁওসাঁচিপাতৰ পুথি (উপন্যাস)ঐনিতমগোলকীয় উষ্ণতা বৃদ্ধিখেৰাইযোৰানামযতীন্দ্ৰ নাথ দুৱৰাইউকো বেংকনিউটনৰ গতিৰ সূত্ৰৰুদ্ৰ কন্দলীবসন্ত ঋতুইটো সিটো বহুতোএংকৰ ৱাটশিক্ষাৰ অধিকাৰভৌতিক সংস্কৃতিজয়মতী কুঁৱৰী (নাটক)দক্ষিণপাট সত্ৰভক্তি ৰত্নাৱলীচীনৰ মহাপ্ৰাচীৰঅখণ্ড সংখ্যাঋতুলখিমী সবাহকোচ ৰাজবংশীকৰ'নাভাইৰাছ ৰোগ ২০১৯লখিমপুৰ জিলাগ্ৰহাণুঈয়াৰুইঙ্গমযোগেশ দাসকলীয়াভোমোৰা সেতুবৰাইল পৰ্বতসামাজিক উপভাষাভাৰতৰ ৰাষ্ট্ৰপতিবিহু নৃত্য🡆 More