মাকাম: অসমীয়া উপন্যাস

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।

মাকাম  
মাকাম: কাহিনীৰ সাৰাংশ, অনুবাদ, অভিযোজন
লেখক ড॰ ৰীতা চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক জ্যোতি প্ৰকাশন
প্ৰকাশ এপ্ৰিল, ২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

কাহিনীৰ সাৰাংশ

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলামাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সেই সময়ৰ নেফা (অৰুণাচল প্ৰদেশ)ৰ সীমা অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা চীনা সৈন্যৰ আক্ৰমণৰ সমান্তৰালভাৱে ভাৰত চৰকাৰে দেশখনত কেইবা পুৰুষো পাৰ কৰা চীনা বংশোদ্ভৱ লোকসকলক অমানৱীয়ভাৱে আটক কৰি প্ৰথমে ৰাজস্থান আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰে কিছু সংখ্যকক সমুদ্ৰ পথৰে চীনলৈ বিতাড়িত কৰা হৈছিল। ইয়াৰ পটভূমিতেই বিশিষ্টা ঔপন্যাসিক গৰাকীয়ে ‘মাকাম’ ৰচনা কৰি উলিয়াইছে।

অনুবাদ

ইংৰাজী ভাষাত উপন্যাসখন লেখিকা ৰীতা চৌধুৰীয়ে নিজেই চাইনাটাউন ডেইজ্ (Chinatown Days) নামেৰে অনুবাদ কৰিছে। ২০১৭ চনত এই অনূদিত সংস্কৰণটো মেকমিলান প্ৰকাশনে প্ৰকাশ কৰে। উপন্যাসখন বড়ো ভাষালৈও অনুবাদ কৰা হৈছে। অনুবাদ কৰিছে সোণালী বড়োৱে। অনুবাদৰ বাবে ছমাহ সময় লোৱা উপন্যাসখন বড়ো সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে। বিদ্যা শৰ্মাই উপন্যাসখন একে নামেৰে মাৰাঠী ভাষালৈ অনুবাদ কৰিছে।

অভিযোজন

ইতিমধ্যে এই উপন্যাসখনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে।

লেখকৰ পৰিচয়

ড॰ ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত অধিস্থিত আছিল ৷ সম্প্ৰতি তেখেত কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

লগতে চাওক

  1. দেও লাংখুই
  2. মায়াবৃত্ত
  3. পপীয়া তৰাৰ সাধু

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মাকাম কাহিনীৰ সাৰাংশমাকাম অনুবাদমাকাম অভিযোজনমাকাম লেখকৰ পৰিচয়মাকাম লগতে চাওকমাকাম তথ্য সংগ্ৰহমাকাম বাহ্যিক সংযোগমাকামঅসমৰীতা চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

বাংলাদেশভাৰত-চীন যুদ্ধতাপগতি বিজ্ঞানচন্দ্ৰকুমাৰ আগৰৱালাভটিমাতেজপুৰযৌতুকশ্ৰীকৃষ্ণকীৰ্তনসাংখ্য দৰ্শনকাৰ্বি ভাষাচীনৰ মহাপ্ৰাচীৰনেপালভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবিহুৰ খাদ্যমধুপুৰ সত্ৰমাটিধ্বনিতত্ত্বঅসমৰ কাঁহ শিল্পপাচন তন্ত্ৰকম্পিউটাৰবুৰঞ্জীপঁচতি উৎসৱধেমাজি জিলাভাৰতীয় ৰিজাৰ্ভ বেংকশোভা ব্ৰহ্মবুঢ়ী আইৰ সাধুহোমেন বৰগোহাঞিচানডুবি বিলডিব্ৰুগড় জিলাদেৱকান্ত বৰুৱাচৰ্যাপদকছাৰী ৰাজ্যশামুকৰোমান সাম্ৰাজ্যঅসমীয়া সাহিত্যকল্পনা চাওলাদৈনিক অসমঝুমুৰভাৰতীয় দৰ্শনমাৰ্কাছ টুলিয়াছ চিচেৰোটকা (বাদ্য)হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যভাৰতৰ উচ্চতম ন্যায়ালয়বৰাক নদীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমৰ লোকবাদ্যমোৱামৰীয়া বিদ্ৰোহঅসমলৈ মুছলমান সকলৰ প্ৰবজনঅসমীয়া ভাষাউটবৰগীতঅসমীয়া লিপিৰ বুৰঞ্জীপাইথেগাৰাছঅসম বৈভৱ বঁটালখিমী সবাহসমাজনলবাৰী জিলাসিংহআৱাহন (আলোচনী)মইনা পাৰিজাতউদ্বিগ্নতাদেওধাই অসম বুৰঞ্জীঅসমৰ জনগোষ্ঠীসাঁচিপাতকোণস্বাধীনতা দিৱস (ভাৰত)আহোম ৰাজবংশনিৰুপমা বৰগোহাঞিসাহিত্য সমালোচনাউত্তৰ-পূব ভাৰতঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবৃশ্চিক (ৰাশি)বিহু🡆 More