হাঁপানি

হাঁপানী বা উদফাঁই বা এজমা হাওঁফাওঁৰ বায়ুপথৰ দীৰ্ঘদিনীয়া প্ৰদাহজনিত ৰোগ ৷ ইয়াৰ বৈশিষ্ট্য হৈছে পৰিৱৰ্তনশীল আৰু পুনৰাবৃত্তি হোৱা লক্ষণ, বায়ু প্ৰবাহত বাধা, আৰু সহজে আৰম্ভ হোৱা ব্ৰংক'স্পাজম বা শ্বাসনলীৰ সংকোচন। ডিঙিৰ শব্দ (wheeze), কাহ, বুকুখন টানি ধৰা, আৰু উশাহ চুটি হোৱা এই ৰোগৰ লক্ষণ। এইবোৰ দিনটোত কেইবাবাৰো বা সপ্তাহত কেইবাবাৰো হ’ব পাৰে। ব্যক্তিবিশেষে ৰাতি বা ব্যায়ামৰ লগে লগে হাঁপানিৰ লক্ষণবোৰ বেছি বেয়া হ’ব পাৰে।

হাঁপানি
Two white plastic tubes with movable dials on the front
নিশাহৰ শীৰ্ষ প্ৰবাহৰ হাৰ জুখিবলৈ পিক্‌ ফ্ল' মিটাৰ ব্যৱহাৰ কৰা হয়। হাঁপানি নিৰ্ণয় বা নিৰীক্ষণ কৰিবলৈ ই গুৰুত্বপূৰ্ণ।
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
উচ্চাৰণ UK /ˈæsməˌˈæsθmə/
US /ˈæzmə/
বিশেষ বৃত্তি (চিকিৎসাসেৱা) হাওঁফাওঁবিদ্যা
Patient UK হাঁপানি

জিনীয় আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণৰ ফলত হাঁপানি হোৱা বুলি ভবা হয়৷ পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত বায়ু প্ৰদূষণ আৰু এলাৰ্জেনৰ সংস্পৰ্শলৈ অহা আদি অন্তৰ্ভুক্ত। আন সম্ভাৱ্য ট্ৰিগাৰসমূহৰ ভিতৰত এছপিৰিন আৰু বিটা ব্লকাৰৰ দৰে ঔষধসমূহো অন্তৰ্ভুক্ত। সাধাৰণতে লক্ষণৰ আৰ্হি, সময়ৰ লগে লগে চিকিৎসাৰ প্ৰতি সঁহাৰি আৰু স্পাইৰ’মেট্ৰি বা হাওঁফাওঁৰ কাৰ্য্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণসমূহৰ নিয়মিয়তা, এক চেকেণ্ডত বলপূৰ্বক নিশাহ লোৱাৰ আয়তন (FEV1), আৰু নিশাহৰ শীৰ্ষ প্ৰবাহৰ হাৰ (PEFR) অনুসৰি হাঁপানিক শ্ৰেণীকৰণ কৰা হয়। ইয়াক এট'পিক বা নন-এট'পিক হিচাপেও শ্ৰেণীকৰণ কৰিব পাৰি, য'ত এট'পিয়ে প্ৰথম প্ৰকাৰৰ অতি সংবেদনশীলতা (Type 1 hypersensitivity) বিকাশৰ প্ৰৱণতাক বুজায়।

হাঁপানিৰ কোনো নিৰাময় জনা নাযায় যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। ট্ৰিগাৰ, যেনে এলাৰ্জেন (এলাৰ্জীৰ কাৰক) আৰু শ্বাসজনিত উত্তেজক পদাৰ্থ (irritants) এৰাই চলি লক্ষণসমূহ প্ৰতিৰোধ কৰিব পাৰি আৰু শ্বাসত লোৱা কৰ্টিক'ষ্টেৰয়ডৰ ব্যৱহাৰৰ দ্বাৰা দমন কৰিব পাৰি। হাঁপানিৰ লক্ষণসমূহ অনিয়ন্ত্ৰিত হৈ থাকিলে কৰ্টিক’ষ্টেৰয়ডৰ উপৰিও দীৰ্ঘ-কাৰ্য্যক্ষম বিটা এগ’নিষ্ট (LABA) বা এণ্টিলিউক'ট্ৰাইন এজেণ্টৰ দৰে ঔষধ ব্যৱহাৰ কৰিব পাৰি। দ্ৰুতগতিত বেয়া হোৱা লক্ষণসমূহৰ চিকিৎসা সাধাৰণতে শ্বাসত লোৱা হ্ৰস্ৰ- কাৰ্য্যক্ষম বিটা ২ এগ’নিষ্ট যেনে ছালবিউটামল আৰু কৰ্টিক’ষ্টেৰয়ডৰ দ্বাৰা কৰা হয়। অতি গুৰুতৰ ক্ষেত্ৰত সিৰাত কৰ্টিক'ষ্টেৰয়ড, মেগনেছিয়াম ছালফেট, আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ'ব পাৰে।

২০১৯ চনত হাঁপানিয়ে প্ৰায় ২৬.২ কোটি লোক আক্ৰান্ত কৰিছিল আৰু প্ৰায় ৪,৬১,০০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰে অধিকাংশ মৃত্যু উন্নয়নশীল দেশসমূহত হৈছে৷ প্ৰায়ে শৈশৱৰ পৰাই হাঁপানি আৰম্ভ হয় আৰু ১৯৬০ৰ দশকৰ পৰা ইয়াৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। প্ৰাচীন মিচৰৰ দিনতে হাঁপানিৰ উমান পোৱা গৈছিল৷ হাঁপানি শব্দটো গ্ৰীক ἆσθμα ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে 'ফোঁপনি'।

টোকা

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

🔥 Trending searches on Wiki অসমীয়া:

আত্মজীৱনীমানুহৰ কংকালদ্য টাইমছ অৱ ইণ্ডিয়াৰাজহুৱা ক্ষেত্ৰলাচিত বৰফুকনঅসমৰ ধান খেতিৰ সঁজুলিসমূহভাৰতীয় জাতীয় কংগ্ৰেছঋতুজোনবিল মেলাভাৰতৰ সংবিধানভটিমাবিবাহৰূপালীমছ'ভিয়েট সংঘচকলংঅসমীয়া লোকসাহিত্যনলবাৰী জিলাকোচ ৰাজবংশী২৪ এপ্ৰিলমৰুভূমিগণেশঅসমৰ কাঁহ শিল্পগণতন্ত্ৰৰাষ্ট্ৰসংঘ দিৱসমই আৰু নেফাপ্ৰবীণা শইকীয়াৰবীন্দ্ৰনাথ ঠাকুৰমহামায়া ধামমোহনদাস কৰমচান্দ গান্ধীঅখণ্ড সংখ্যানৱ-বৈষ্ণৱ ধৰ্মমিৰি জীয়ৰীঅসম চুক্তিআলোচনীঅসমীয়া সাহিত্যঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাজল সংৰক্ষণমিচিং জনগোষ্ঠীব’হাগমঙ্গলদৈ (লোকসভা সমষ্টি)মানৱ ভূগোলজৱাহৰলাল নেহৰুসত্ৰঅসমত দেখা পোৱা মাছৰ তালিকাকমলাবাৰী সত্ৰদৰং জিলাচন্দ্ৰকান্ত অভিধানসিন্ধু সভ্যতাখেৰাইমৰুদ্যানআহোম ৰাজ্যউত্তৰ গুৱাহাটীকামৰূপ ৰাজ্যভাওনা২৭ এপ্ৰিলভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগান্ধীবাদঅসমৰ শাক-পাচলিৰ তালিকালিমাৰিক (কবিতা)মানৱ শৰীৰফাকুৱাঅসমীয়া লোক-সংস্কৃতিঅসমীয়া কবিতাএহাত ডাবালভিতাসংশয় ব্যৱস্থাপনাঅসমীয়া ব্যাকৰণনগাঁও (লোকসভা সমষ্টি)ৰুক্মিণীমিঠু বৰুৱাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাশিক্ষা মনোবিজ্ঞানমনালিছাৰেখাআনন্দৰাম ঢেকিয়াল ফুকন🡆 More