কাংগড়ী

কাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ কাংগড়া, উনা আৰু হমীৰপুৰ তথা পাঞ্জাবৰ গুৰদাসপুৰ, ৰূপনগৰ আৰু হোশ্বিয়াৰপুৰত ব্যৱহাৰ কৰা হয়। এই ভাষাৰ সৈতে কাংগড়া উপত্যকাৰ লোক জড়িত। ২০১১ চনত ১১ লাখ কাংগড়ী ভাষী লোক আছিল।

Kangri
कांगड़ी
কাংগড়ী
Kangri written in Takri and Devanagari
থলুৱা অঞ্চল India
অঞ্চল Himachal Pradesh, Punjab
স্থানীয় ভাষিক
সাঁচ:Sigfig million (2011)e25
ভাষা পৰিয়াল
Indo-European
  • Indo-Iranian
    • Indo-Aryan
      • North-Western or Northern
        • Western Pahari
          • Kangri
লিখন প্ৰণালী Takri,
Devanagari
ভাষা সংকেত
ISO 639-3 xnr

অন্যান্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই কাংগড়ী ভাষায়ো চুবুৰীয়া ভাষাসমূহৰ সৈতে এটি উপভাষাৰ নিৰন্তৰতা বৰ্তাই ৰাখে। এনেদৰে ই অন্য পাহাড়ী প্ৰকাৰ যেনে পূবত মণ্ডিয়ালী আৰু কুলূঈ, উত্তৰত চম্বয়ালী, গদী আৰু ভটিয়ালী আৰু দক্ষিণ-পূবত কহলূৰীৰ সৈতে সম্বন্ধিত। উত্তৰ-পশ্চিম দিশে ই জম্মু ডোগ্ৰী আৰু দক্ষিণ দিশে পাঞ্জাবীৰ সৈতে সম্বন্ধিত। বৰ্তমানে এই ভাষাক পশ্চিম পাহাড়ী ভাষা গোটত ৰখা হৈছে।

লিপি

এই ভাষা টাকৰী লিপিত ঐতিহাসিকভাৱে লিখা হৈ আহিছে। কিন্তু বৰ্তমানে কোনো কোনোৱে দেৱনাগৰী লিপিও ব্যৱহাৰ কৰে।

কাংগড়ী 
কাংগড়ী ভাষাৰ উদাহৰণ

সুৰ

চুবুৰীয়া পাঞ্জাবী আৰু ডোগ্ৰীৰ দৰেই কাংগড়ীও এটি সুৰীয়া ভাষা। কিন্তু কাংগড়ীত সুৰৰ ব্যৱহাৰ। ।

ব্যাকৰণ

উপনামসমূহ

প্ৰথম পুৰুষ একবচন : मैं /mæ̃/

প্ৰথম পুৰুষ বহুবচনl : असाँ, अहाँ /əsãː, əhãː/

দ্বিতীয় পুৰুষ একবচন : तू /tu/

দ্বিতীয় পুৰুষ বহুবচন : तुसाँ, त्वहाँ /t̪usãː, t̪vəhãː/

তৃতীয় পুৰুষ (একবচন আৰু বহুবচন) : सै /sæ/

স্থিতি

ধৰমশালাত সাহিলৰ সৈতে কাংগড়ী ভাষাত সাক্ষাৎকাৰ

এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনো পাঞ্জাবী আৰু ডোগ্ৰী ভাষাবিদে কাংগড়ীক নিজ নিজ ভাষাৰ উপভাষা বুলিও দাবী কৰে। কিন্তু সেই ভাষাসমূহৰ সৈতে সামঞ্জস্য কেৱল সীমাৱৰ্তী উপভাষাসমূহতহে দেখা যায়, ভাৰতীয়-আৰ্য ভাষাসমূহে প্ৰদৰ্শন কৰা উপভাষাৰ নিৰন্তৰতাৰ বাবে। কাংগড়ী ভাষাৰ কবি আৰু লেখকসকলে পাহাড়ী ভাষাসমূহৰ সংৰক্ষণ আৰু উত্থানৰ বাবে অহৰহ চেষ্টা কৰি আহিছে, বিশেষকৈ হিমাচল প্ৰদেশ একাডেমী অৱ আৰ্টছ, কাল্সাৰ এণ্ড লেংগুৱেজেছৰ অধীনত। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল কাংগড়ী শিশুসকলে মাতৃভাষা হিচাপে নিশিকা হৈছে।

২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পশ্চিমীয়া পাহাড়ী' অন্তৰ্ভুক্ত কৰা হওক, যিয়ে হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক প্ৰতিনিধিত্ব কৰিব। তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই। ৰাজনৈতিক কাৰণত এই ভাষাক হিন্দীৰ উপভাষা হিচাপেহে নথিভুক্ত কৰা হয়, যদিও হিন্দীৰ সৈতে পৰস্পৰ বোধগম্যতা এই ভাষাৰ কম।

তথ্য সংগ্ৰহ

অধিক পঢ়ক

বাহ্যিক সংযোগ

Tags:

কাংগড়ী লিপিকাংগড়ী ব্যাকৰণকাংগড়ী স্থিতিকাংগড়ী তথ্য সংগ্ৰহকাংগড়ী অধিক পঢ়ককাংগড়ী বাহ্যিক সংযোগকাংগড়ীপঞ্জাব, ভাৰতভাষাভাৰতভাৰত-আৰ্য ভাষা পৰিয়ালহিমাচল প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

বিশ্ব বেংকআঙুৰলতা ডেকাভাৰতীয় নাগৰিকত্ব আইনসূৰ্যবিশ্ব খাদ্য কাৰ্যসূচীঅসমীয়া কবিতাপ্ৰেমচন্দহেমচন্দ্ৰ বৰুৱাযাদুমন্ত্ৰধাতু আৰু অধাতুঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসমৰ মুখা শিল্পহিমালয়ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যচিদাম্বৰম (চলচ্চিত্ৰ)এইচ.আই.ভি/এইড্‌ছজয়মতী কুঁৱৰীচুতীয়া জনগোষ্ঠীনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ধানপঞ্চায়তী ৰাজভৌতিক সংস্কৃতিঅসমৰ পুৰণি স্থাপত্যফ্ৰান্সৰ শ্ৰুতিকথাশ্ৰীমন্ত শংকৰদেৱগান্ধীবাদবাগ্‌ধ্বনিবড়ো ভাষাভাৰত ত্যাগ আন্দোলনআজান পীৰমৃত্যুইটালীগায়ত্ৰী মহন্তভাৰত-আৰ্য ভাষা পৰিয়ালবেটুপাতসংগীতযৌন সংগমঅসমীয়া যুক্তাক্ষৰৰমন্যাসবাদভাৰতৰ উচ্চতম ন্যায়ালয়যাদৱ পায়েংলুৰিন জ্যোতি গগৈইষ্ট ইণ্ডিয়া কোম্পানীঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপঞ্জাবৰ লোক-নৃত্যকুমাৰী নাম আৰু বিবাহিত নামমনোমতী (চলচ্চিত্ৰ)পাইথেগাৰাছফেইচবুকয়বিশ্বব্ৰহ্মাণ্ডবিহু নৃত্যঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাদ্বিতীয় বিশ্বযুদ্ধঅসম সাহিত্য সভাঅৰ্জুন ভঞ্জনগোলকীয় উষ্ণতা বৃদ্ধিনিৰুপমা বৰগোহাঞিছাইমন কমিশ্যনমহেশ্বৰ নেওগমুদ্ৰা বজাৰওজাপালিতলাতল ঘৰপলাশীৰ যুদ্ধচন্দ্ৰপ্ৰভা শইকীয়ানীবুৰঞ্জীমাৰ্টিন লুথাৰ কিং, কনিষ্ঠপৰিৱেশ অধ্যয়নহোমেন বৰগোহাঞিভাৰতীয় ভাষাবিহুৱিকিপিডিয়ানৱবিধা ভক্তিকাৰ্বি জনগোষ্ঠীভূটানশব্দচীনআইন অমান্য৩১ মাৰ্চ🡆 More