ইলীহ মাছ: মাছৰ প্রজাতি

ইলীহ, ইলীহি বা ইলিছ (ইংৰাজী: Ilish; বৈজ্ঞানিক নাম: Tenualosa ilisha) হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ। বঙালী ভাষা আৰু অসমীয়া ভাষাত ইলিছ শব্দটো পোৱা যায়। অসমীয়া ভাষাত ইলিছ শব্দটো বঙালী নাইবা আন কোনো অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ ভাষাৰ পৰা তুলি অনা হৈছে। ইয়াৰ থলুৱা অসমীয়া নাম ইলীহ বা ইলীহি। বেলেগ বেলেগ ভাষাত ইলীহৰ নাম বেলেগ বেলেগ, যেনে তেলুগু ভাষাত পোলাছা (పులస, Pulasa বা Polasa), আৰু পাকিস্তানৰ সিন্ধী ভাষাত পাল্লু মাচ্ছি (پلو مڇي, Pallu Machhi), ওড়িয়া ভাষাত ইলিছি (ଇଲିଶି, Ilishii), গুজৰাটত ইলীহ মাছক মোদেন (মাইকী) বা পালভা (মতা) নামে পৰিচিত।

ইলীহ মাছ
ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী
ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Clupeiformes
পৰিয়াল: Clupeidae
উপপৰিয়াল: Alosinae
গণ: Tenualosa
প্ৰজাতি: T. ilisha
বৈজ্ঞানিক নাম
Tenualosa ilisha
(F. Hamilton, 1822)

ইলীহ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মমণ্ডলীয় মাছ। বংগোপসাগৰব-দ্বীপাঞ্চল, পদ্মা-মেঘনা-যমুনা নদীৰ মোহনাৰ হাওৰৰ পৰা প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে ইলীহ মাছ ধৰা হয়। ই এবিধ সামুদ্ৰিক মাছ কিন্তু ই ডাঙৰ নদীত কণী পাৰে। কণী ফুটি পোৱালি ওলাই ডাঙৰ হলে আলু সাগৰলৈ ঘূৰি যায়। এই মাছৰ বহুতো সৰু সৰু কাঁইট আছে বাবে অতি সাৱধানে খোৱা উচিত।

যদিও ইলীহ সাগৰীয় মাছ আৰু বেছিভাগ সময় সাগৰতে থাকে কিন্তু বংশবিস্তাৰৰ বাবে প্ৰায় ১২০০ কিমি পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় উপমহাদেশৰ নদীত পোৱালি জগায়। ইলীহ প্ৰধানত পদ্মা (গংগাৰ কিছু অংশ), মেঘনা (ব্ৰহ্মপুত্ৰৰ কিছু অংশ) আৰু গোদাবৰী নদীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে ভিতৰত পদ্মাৰ ইলীহৰ সোৱাদ আটাইতকৈ ভাল বুলি গণ্য কৰা হয়। ভাৰতৰ ৰূপনাৰায়ণ নদী, গংগা নদী, গোদাবৰী নদী ইলীহ আৰু ইয়াৰ কণীৰ বাবে বিখ্যাত। ইলীহ মাছ সাগৰৰ পৰাও ধৰা হয় কিন্তু ই নদীৰ ইলীহৰ সমান সুস্বাদু নহয়। দক্ষিণ পাকিস্তানৰ প্ৰদেশতো এই মাছ পোৱা যায়। তাত এই মাছ পাল্লা নামে পৰিচিত। এই মাছ অলপ গভীৰ পানীত থাকি ভাল পায়। বৰ্তমান সিন্ধু নদীৰ গভীৰতা কমি যোৱাৰ বাবে এই মাছ কমকৈ পোৱা যায়।

শ্ৰেণীবিভাজন

ইলীহৰ বৈজ্ঞানিক নাম Tenualosa ilisha। ইয়াক ইংৰাজীত Hilsa বোলে। ই Clupeidae পৰিয়ালৰ (family) অন্তৰ্গত। ইলীহ বাংলাদেশ আৰু পশ্চিমবংগৰ স্থানীয় (Native) মাছ।

ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী 
বংগোপসাগৰত নাও এখনত ইলীহ মাছ

বাসস্থান

ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী 
বাংলাদেশত ইলীহ মাছৰ প্ৰাচুৰ্য্য

ইলীহ সাগৰীয় মাছ। সাধাৰণতে ডাঙৰ নদী আৰু মোহনাত সংযুক্ত খালত বৰ্ষাকালত ইয়াক পোৱা যায়। এই সময়ত ইলীহ মাছ কণী পাৰিবলৈ সাগৰৰ ৰা নদীলৈ আহে। ইয়াক মিনপালনত ব্যৱহাৰ কৰিব নোৱাৰি। জালুৱৈ সকলে মাছ ধৰা নাৱেৰে নদীত গৈ জাল পেলাই এই মাছ ধৰে। তাৰ পিছত এই মাছ উপকূলৰ ঘাটত অনা হয়। তাৰ পৰা বৰফ দি দেশৰ দুৰৱৰ্তী বিভিন্ন স্থানত প্ৰেৰণ কৰা হয়। বাংলাদেশৰ চান্দপুৰ জিলাৰ তিনি নদীৰ মিলন স্থলত ইলীহ মাছ বেছি পোৱা যায়। ভাৰত আৰু বাংলাদেশে ইলীহ মাছ ৰপ্তানি কৰি প্ৰচুৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে।

খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী

ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী 
পান্তা ইলিছ - পঁইতা ভাত, ইলীহ মাছ ভজা, আৰু শুকটি, বঙালী সকলৰ পহিলা বহাগৰ জনপ্ৰিয় খাদ্য

ইলীহ এবিধ চৰ্বিযুক্ত মাছ আৰু ইয়াত প্ৰচুৰ পৰিমাণে অমেগা ৩ ফেটি এচিড পোৱা যায়। সাম্প্ৰতিক গৱেষণাত পোৱা গৈছে যে, এই এচিড এন্দুৰৰ কলেষ্ট্ৰল আৰু ইনচুলিনৰ মাত্ৰ কমাই দিয়াত সহায় কৰে।

ইলীহ মাছ: শ্ৰেণীবিভাজন, বাসস্থান, খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালী 
ভাপত দিয়া ইলীহ আৰু সৰিয়হৰ তৰকাৰী, এবিধ বঙালী জনপ্ৰিয় খাদ্য প্ৰকৰণ

সৰিয়হৰ সৈতে ইলীহ, ভাপত দিয়া ইলীহ, ইলীহৰ কালঠি, কুৰকুৰীয়া কৈ ভজা, আৰু জোল অতি জনপ্ৰিয়। কচুৰ পাত আৰু ইলীহৰা কাঁইট, মাথা ইত্যাদিৰে তৈয়াৰ কৰা ঘণ্ট এক প্ৰকাৰৰ বিশেষ খাদ্য। কণী থকা মাছ আৰু সুগন্ধি ছালেৰে ভাতুৰী বা ইলীহ মাছৰ পোলাও বনোৱা হয়। ইয়াক প্ৰধানকৈ বৰ্ষাকালত বেছিকৈ খোৱা হয়।

ইলীহ মাছৰ প্ৰায় ৫০ ধৰণৰ ৰন্ধন প্ৰণালী আছে বুলি কোৱা হয়। ইলীহৰ কণীও অতি জনপ্ৰিয়। এই মাছ ৰান্ধোতে অতি কম পৰিমাণৰ তেলৰ দৰকাৰ হয়। উত্তৰ আমেৰিকাত ইলীহ সকলো সময়ত পোৱা নাযায় বাবে, তাৰ অধিবাসী সকলে চাদ মাছক ইলীহৰ বিকল্পত ব্যৱহাৰ কৰে। চাদ মাছৰ ৰং আৰু সোৱাদ প্ৰায় ইলীহৰ নিচিনা।

বিভিন্ন সংস্কৃতিত ইলীহ

বঙালী হিন্দু সকলে বিভিন্ন পূজাৰ শুভ দিনত যোৰা ইলীহ কিনে। সৰস্বতী পূজা আৰু লক্ষ্মী পূজাত যোৰা ইলীহ কিনা খুব শুভ বুলি গণ্য কৰা হয়। বহুতে লক্ষ্মী দেৱীক ইলীহ মাছ উছৰ্গা কৰে। অনেকৰ মতে ইলীহ মাছ উছৰ্গা নকৰিলে পূজা সম্পূৰ্ণ নহয় বুলি বিশ্বাস কৰে।

তথ্য উৎস

বহিঃসংযোগ

Tags:

ইলীহ মাছ শ্ৰেণীবিভাজনইলীহ মাছ বাসস্থানইলীহ মাছ খাদ্য উপাদান আৰু ৰন্ধনপ্ৰণালীইলীহ মাছ বিভিন্ন সংস্কৃতিত ইলীহইলীহ মাছ তথ্য উৎসইলীহ মাছ বহিঃসংযোগইলীহ মাছঅসমঅসমীয়া ভাষাঅসমীয়া-বঙালী ভাষাগোষ্ঠীইংৰাজী ভাষাউৰিষ্যাতেলুগু ভাষাত্ৰিপুৰাপশ্চিমবংগবঙালী ভাষাবাংলাদেশভাৰতমাছসিন্ধী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পচুতীয়া ৰাজ্যঅসমীয়া প্ৰতিদিনবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅংকীয়া নাটযুগ্ম সংখ্যাঅভিযাত্ৰীগদ্যন'বেল বঁটাশ্ৰীমন্ত শংকৰদেৱবিপন্ন প্ৰজাতিএৰিষ্ট'টলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজাতি লাউলক্ষ্মীনন্দন বৰাসংমিশ্ৰিত মীন-পালনদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবৰগীতজোনবিল মেলামই আৰু নেফাম'হৰ শিঙৰ পেঁপাহৰপ্পাগঙ্গা নদীঅপভ্ৰংশযোগাসনসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ৰুদ্ৰ কন্দলীৰজনীগন্ধাবেণুধৰ শৰ্মাপথেৰ পাঁচালীবৰপেটা সত্ৰজোৰোণশালস্তম্ভ ৰাজবংশধুবুৰী (লোকসভা সমষ্টি)বিজ্ঞানবিশ্বকোষশৰাইঘাটৰ যুদ্ধনদীপ্ৰাকৃতিক দুৰ্যোগবিত্তীয় বজাৰগুণাভিৰাম বৰুৱাযকৃৎশৰাইঘাট দলংবব্ৰুবাহনৰ যুদ্ধআত্মজীৱনীউত্তৰ গুৱাহাটীভৃগু কুমাৰ ফুকনবিষ্ণুপ্ৰসাদ ৰাভাঅংগৰাগ মহন্তঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাছাইমন কমিশ্যনব'হাগ বিহুশীতল যুদ্ধসাম্যবাদমাইলছ ব্ৰনছনইউনিক’ডঅসমীয়া লিপিৰ বুৰঞ্জীসংস্কৃতিএশিঙীয়া গঁড়যুধিষ্ঠিৰস্বাস্থ্যধতুৰাছ'ভিয়েট সংঘৰাজহুৱা ক্ষেত্ৰগোলকীকৰণখেৰাইআগ্নেয়গিৰিথমাছ আলভা এডিচনগণতন্ত্ৰবৃহস্পতি গ্ৰহআৰ্যভট্টদুৰ্গাকপৌ ফুলবেলিমাৰ (নাটক)🡆 More