ৰোজা বা ৰোযা (ফাৰ্চী روزہ ৰুজ়ে), সাউম (আৰবী صوم স্বাউম্), বা ছিয়াম হ'ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প্ৰতিদিন ছিয়াম (ৰোজা) ৰখা ফৰজ (فرض ফ়াৰ্দ্ব) বা অৱশ্য পালনীয়।
■ ছিয়ামৰ অৰ্থ – ছিয়ামৰ শাব্দিক অৰ্থ হ'ল বিৰত থকা। ফাৰ্চী ভাষাত ইয়াক ৰোজা বোলা হয়।
হাদিছত আহিছে, - “নবী মুহাম্মাদ (ছঃ) য়ে কৈছে, যি ব্যাক্তিয়ে ফজৰৰ পূৰ্বে ৰোজাৰ নিয়ত নকৰে তাৰ কোনো ৰোজা নাই”।
■ অধিকাংশ আলিমৰ মত যে, নিয়ত মনে মনে কৰিব লাগে, নিয়ত উচ্চচৰে পঢ়াতো উচিত নহয় আৰু ইয়াৰ কোনো দলিল শ্বৰীয়তত পোৱা নাযায়। ধৰাহ'ল আপুনি কাইলৈ ৰোজা ৰাখিব, আৰু আপুনি অন্তৰৰ পৰা সিদ্ধান্ত কৰিছে যে কাইলৈ মই ৰোজা ৰাখিম, এইটোৱেই হ'ল নিয়ত।
■ আমাৰ সমাজত প্ৰচলিত এটা আৰবী ভাষাত নিয়ত আছে, "নাওৱাইতুন আছুমা গাদাম্মিন......... আন্তাছ চামি উল আলিম" ইয়াৰ কোনো দলিল ছহিহ হাদীছত পোৱা নাযায়।
হাদিছত আহিছে, “ছালাম ইবনে আমৰ (ৰাঃ) ৰ পৰা বৰ্ণিত তেওঁ কৈছে যে, নবী কৰিম (ছ) য়ে কৈছে যে যেতিয়া তোমালোকৰ কোনোবাই ৰোজা ৰাখিবা, তেতিয়া সি যাতে খেজুৰেৰে ইফতাৰ কৰে। যদি খেজুৰ পোৱা নাযায় তেনেহলে সি যাতে পানীৰে ইফতাৰ কৰা, কাৰণ পানী পবিত্ৰ।
হাদিছত আহিছে,নবী কৰিম মুহাম্মাদ (ছ) য়ে কৈছে যে “যি ব্যক্তিয়ে কোনো ৰোজাদাৰক ইফতাৰ কৰায়, সি উক্ত ৰোজাদাৰৰ সমানেই ছোৱাব লাভ কৰিব”।
আলিম সকলে কয়, - কেৱল 'বিছমিল্লাহ' কৈ ইফতাৰ আৰম্ভ কৰিব আৰু ইফতাৰ শেষ হ'লে উক্ত দুআটো পঢ়িব।
“যাহাবায যামাউ ৱাবতাল্লাতিল উৰূক্ব, ৱাছাবাতাল আজৰু ইনশ্বা আল্লাহ”। অৰ্থ: পিয়াস দূৰীভূত হ'ল, শিৰাসমূহ সিক্ত হল, ছাওৱাব প্ৰতিষ্ঠিত হল। ইন শ্বা আল্লাহ।
■ আমাৰ সমাজত প্ৰচলিত দুআটো ছহীহ হাদিছত নাই। সেইটো হ'ল আল্লাহুমা ছুমতুলাকা......বিৰাহ মাতিকা ইয়া আৰহামাৰ ৰাহিমীন। ইছলামিক পণ্ডিত সকলৰ মত হাদিছটো দুৰ্বল।
(১) আল্লাহে স্বয়ং নিজে ছিয়ামৰ প্ৰতিদান দিব-
হাদীছে কুদছীতত আছে, আল্লাহ তা‘আলাই কৈছেঃ
‘‘মানুহৰ প্ৰতিটো ভাল কাম নিজৰ বাবে হৈ থাকে, কিন্তু ছিয়াম একমাত্ৰ মোৰ বাবে, সেয়ে আমি নিজেই ইয়াৰ প্ৰতিদান দিম।
(২) ছিয়াম অতি উত্তম নেক আমল-
■ আবূ হুৰাইৰাহ ছল্লাল্লাহু আলাইহি ওয়াছাল্লাম’ৰ এটি হাদীছত তেখেতে কৈছেঃ
‘‘হে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম! মোক এটি অতি উত্তম নেক আমলৰ নিৰ্দেশ দিয়ক। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো আমল নাই। ’’
কোৱা হয় অন্যান্য ইবাদত মানুহে দেখিবলৈ পায়। কিন্তু ছিয়ামৰ মাজত সেইটো নাই। লোকক দেখুৱাৰ কোনো আলামত ছিয়াম পালনত নাথাকে। মাত্ৰ আল্লাহক সুখি কৰাৰ বাবে কৰা হয়। সেয়ে এই ইবাদতৰ মাজত আছে বিশুদ্ধ ইখলাছ।
■ হাদীছে কুদছীত আল্লাহ তা‘আলায়ে কৈছে,
‘‘ছিয়াম পালনকাৰী একমাত্ৰ মোক সুখী কৰাৰ বাবেই পানাহাৰ ও যৌন উপভোগ পৰিহাৰ কৰে।
(৩) ক) জান্নাত লাভ সহজ হৈ যাব-
ছহীহ ইবনু হিববান কিতাবত আছে আবূ উমামা ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক সুধিলেঃ
আবূ উমামা ৰাদিয়াল্লাহু আনহুয়ে কয়, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটি আমলৰ কথা কওক যাৰ কাৰণে মই জান্নাতত যাব পাৰো। তেখেতে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমৰ্যাদা সম্পন্ন কোনো ইবাদাত নাই।
খ) ছিয়াম পালনকাৰীকে বিনা হিচাপত প্ৰতিদান দিয়া হয়-
অন্যান্য ইবাদতৰ প্ৰতিদান আল্লাহ তা‘আলায়ে তাৰ দয়াৰ বদৌলতত ১০ ৰ পৰা ৭০০ গুণ পৰ্যন্ত বঢাই দিয়ে। কিন্তু ছিয়ামৰ প্ৰতিদান ও তাৰ চাওয়াব ইয়াতকৈও বেহিচাপ সংখ্যা দি গুণ দি বঢাই দিয়া হ'ব। হাদীছে কুদছীত আল্লাহে কৈছে,
‘‘মানব সন্তানৰ প্ৰতিটো নেক আমলৰ প্ৰতিদান দশৰ পৰা সাতশ গুণ লৈকে বৃদ্ধি কৰা হৈ থাকে। আল্লাহ তা‘আলায়ে কৈছে, কিন্তু ছিয়ামৰ বিষয়টো ভিন্ন। কিয়নো ছিয়াম একমাত্ৰ মোৰ বাবে, ময়েই ইয়াৰ প্ৰতিদান দিম।
সেয়েহেইমুছলিমসকলে বিশ্বাস কৰে যে, কি পৰিমাণ সংখ্যা দি গুণ কৰি ইয়াৰ প্ৰতিদান বঢ়িই দিয়া হ'ব ইয়াৰ কোনো হিচাপ নাই, একমাত্ৰ আল্লাহেই জানে ছিয়ামৰ পুণ্যেৰ ভাণ্ডাৰ কিমান সুবিশাল হ'ব।
(৪) জাহান্নামৰ পৰা মুক্তি পোৱাৰ বাবে ছিয়াম ঢাল স্বৰূপ-
ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ
‘‘ছিয়াম ঢাল স্বৰূপ। ইয়াৰ দ্বাৰা বান্দা তাৰ নিজক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰিব পাৰা। ’’
(৫) জাহান্নামৰ পৰা বঁচাৰ বাবে ছিয়াম এটি মজবুত দূৰ্গ-
হাদীছত আছে,
‘‘ছিয়াম ঢালস্বৰূপ আৰু জাহান্নাম পৰা বঁচাৰ এক মজবুত দূৰ্গ। ’’
(৬) হাদিছত মতে, কোনোৱে যদি একমাত্ৰ আল্লাহক খুছী কৰাৰ কাৰণে এদিন ছিয়াম (ৰোজা) ৰাখে আল্লাহে তাক জাহান্নামৰ জুইৰ পৰা সত্তৰ বছৰৰ ৰাস্তাৰ পৰিমাণ দুৰবৰ্তী স্থানত ৰাখিব।
(৭) হাদিছত আহিছে, ইফতাৰৰ মহূৰ্তত আল্লাহে বহু লোকক জাহান্নামৰ পৰা মুক্তি দিয়ে। মুক্তিৰ এই প্ৰক্ৰিয়া ৰমজানৰ প্ৰত্যেক ৰাতিয়েই চলি থাকে।
(৮) ছিয়াম (ৰোজা ) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম।
ৰাছুলুল্লাহ (ছ) য়ে কৈছে যাৰ হাতত মোৰ প্ৰাণ আছে সেই সত্তাৰ শপথ, ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম।
(৯) ৰাছুলুল্লাহ (ছ) য়ে কৈছে ছিয়াম (ৰোজা) ৰখা ব্যক্তিৰ কাৰণে দুটা বিশেষ আনন্দৰ মহূৰ্ত আছে। ক) ইফতাৰৰ সময় খ) আল্লাহৰ লগত সাক্ষাতৰ সময়।
(১০) ৰোজাই কিয়ামতৰ দিনা আল্লাহৰ ওচৰত চুপাৰিছ কৰিব,
হাদিছত এনেদৰে বৰ্ণনা কৰা হৈছে, যে হে মোৰ ৰব, মই দিনৰ সময়ত তাক (ৰোজা ৰখা ব্যক্তিক) পানাহাৰ আৰু যৌনতাৰ পৰা বিৰত ৰাখিছো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা।
ঠিক তেনেদৰে কোৰআনয়েও ক'ব, হে মোৰ ৰব মোক পঢ়াৰ কাৰণে মই তাক ৰাতি টুপনিৰ পৰা বিৰত ৰাখিছিলো। হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা। ৰাছুলুল্লাহ (ছ) য়ে কৈছে, তাৰ পিচত সিহঁতৰ চুপাৰিছ আল্লাহে কবুল কৰিব।
(১১) ছিয়াম হ'ল গুনাহৰ (পাপৰ) কাফফাৰা-
ক) আল্লাহ তাআলাই কৈছে, নিশ্চয় নেক আমলে পাপবোৰ দূৰ কৰি দিয়ে।
খ) নবী (ছ) য়ে কৈছে যে ,পৰিবাৰ পৰিজন, ধন-সম্পদ আৰু প্ৰতিবেশিসকলক লৈ জীবন ধাৰণা কৰাৰ পথত যিবোৰ গুনাহ মানুহৰ হৈ যায় সেইবোৰ গুনাহক ছালাত, ছিয়াম আৰু দান খাইৰাতে মুছি পেলাই।
(১২) ছিয়াম পালনকাৰীৰ এক ৰমাদ্বানৰ পৰা পৰবৰ্তী ৰমাদ্বানৰ মধ্যবৰ্তী সময়ত হৈ যোৱা ছগীৰা গুনাহবোৰক আল্লাহে মাফ কৰি দিয়ে-
(ক) আল্লাহ তাআলাই কৈছে যে,
‘‘তোমালোকে যদি নিষিদ্ধ কবীৰা গুনাহৰ পৰা বিৰত থকা তেনেহলে তোমাৰ ছগীৰা গুনাহবোৰ ক্ষমা কৰি দিয়া হব আৰু (জান্নাতত) তোমাক সম্মানজনক স্থানত প্ৰবেশ কৰোৱা হ'ব।
(খ) ৰাছূলুল্লাহ (ছ) য়ে কৈছে যে,
পাঁচ ওয়াক্ত ছালাতৰ (নামাজৰ) মধ্যবৰ্তী সময় আৰু এক জুম্মাৰ পৰা পৰৱৰ্তী জুম্মালৈ আৰু এক ৰমযানৰ পৰা পৰৱৰ্তী ৰমযানলৈ মাজত হোৱা ছগীৰা গুনাহবোৰক (উল্লিখিত ইবাদতৰ) কাফ্ফাৰা স্বৰূপে মাফ দিয়া হব, যদি তেও কবীৰা গুনাহৰ পৰা বাচি থাকিব পাৰে।
(১৩) ছিয়াম পালনকাৰীৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হয়- নবীজি ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, যি ব্যক্তিয়ে ঈমান আনি ছোৱাব অৰ্জনৰ আশাত ৰমযানৰ গোটেই কেইটা ছিয়াম পালন কৰিব, তাৰ অতীতৰ সকলো গুনাহ মাফ কৰি দিয়া হ'ব।
(১৪) ছিয়াম যৌনপ্ৰবৃত্তি নিয়ন্ত্ৰণত ৰাখে- ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, হে যুৱক সকল! তোমালোকৰ মাজত যাৰ সমৰ্থ আছে তেও যেন বিবাহ কৰাই। কিয়নো বিবাহে দৃষ্টি আৰু লজ্জাস্থান হেফাযত কৰি ৰাখে। আৰু যি ব্যক্তিৰ বিবাহৰ সামৰ্থ নাই তেও যেন যেন ছিয়াম পালন কৰে। কাৰণ এইটো তাৰ কাৰণে নিবৃতকাৰী। (অৰ্থাৎ ছিয়াম পালন যৌন প্ৰবৃত্তি নিবৃত কৰি ৰাখে)। (১৫) ছিয়াম পালনকাৰী সকল ৰাইয়ান নামৰ বিশেষ এখন দৰ্জাৰে জান্নাতত প্ৰবেশ কৰিব- হাদিছত এনেদৰে আছে, জান্নাতত এখন দৰ্জা আছে যাৰ নাম ৰাইয়্যান। কিয়ামতৰ দিনা কেবল ছিয়ামপালনকাৰী সকলেই সেই দৰ্জাৰে প্ৰবেশ কৰিব। সিহঁতৰ বাহিৰে অন্য কোনেও সেই দৰজাৰে প্ৰবেশ কৰিব নোৱাৰিব। সেইদিনা ঘোষণা কৰা হব, ছিয়াম পালনকাৰীসকল ক'ত? (ৰোজা ৰখা সকল ক'ত) তেতিয়া সিহঁতে থিয় হৈ যাব সেই দৰজাৰে প্ৰবেশ কৰাৰ কাৰণে। সিহঁত প্ৰবেশ কৰাৰ পাছত সেই দৰ্জাখন বন্ধ কৰি দিয়া হ'ব। ফলত সিহঁত ব্যতীত অন্য কেনেও সেইখন দৰ্জাৰে জান্নাত প্ৰবেশ কৰিব নোৱাৰিব।
This article uses material from the Wikipedia অসমীয়া article ৰোজা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.