মাৰ্ক টোৱেইন

ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০) বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল। ইয়াৰে পিছৰখনক মহান আমেৰিকান উপন্যাস বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে। এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।

মাৰ্ক টোৱেইন
মাৰ্ক টোৱেইন
জন্ম ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ
৩০ নৱেম্বৰ, ১৮৩৫
ফ্ল'ৰিডা, মিচৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২১ এপ্ৰিল, ১৯১০ (৭৪ বছৰ)
ৰিডিং, কনেক্টিকাট, আমেৰিকা যুক্তৰাষ্ট্ৰ
ছদ্মনাম মাৰ্ক টোৱেইন
পেচা লেখক, বক্তা
ৰাষ্ট্ৰীয়তা আমেৰিকান
ধৰণ কাল্পনিক, কাল্পনিক ইতিহাস, শিশু সাহিত্য, ভ্ৰমণ সাহিত্য, ব্যঙ্গ, ৰচনা, দাৰ্শনিক সাহিত্য, সামাজিক ধাৰাভাষ্য, সাহিত্যিক সমালোচনা
উল্লেখনীয় কৰ্মৰাজি এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন, দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ
দাম্পত্যসংগী Olivia Langdon Clemens (বি. ১৮৭০১৯০৪)
সন্তান লেংডন, চুজি, ক্লাৰা, জিন

স্বাক্ষৰ মাৰ্ক টোৱেইন
মাৰ্ক টোৱেইন
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ডাকটিকট, ১৯৪০
মাৰ্ক টোৱেইন (1909)

হেলীৰ ধুমকেতুৱে দেখা দিয়াৰ সময়ত মাৰ্ক টোৱেইনৰ জন্ম হৈছিল। তেখেতে ভৱিষ্যতবাণী কৰিছিল যে তেখেতৰ মৃত্যুও তাৰ লগতে হ'ব। সঁচাকৈ হেলীৰ ধুমকেতুৱে পিছৰবাৰ দেখা দিয়াৰ এদিন পিছতে টোৱেইনৰ মৃত্যু ঘটে। টোৱেইনক সেই সময়ৰ "মহানতম আমেৰিকান হাস্যৰসিক" বুলি অভিহিত কৰা হৈছিল আৰু ৱিলিয়াম ফক্‌নাৰে তেখেতক "আমেৰিকান সাহিত্যৰ জনক" বুলি সন্মান প্ৰদান কৰিছিল।

শৈশৱ আৰু যৌৱনকাল

মাৰ্ক টোৱেইনৰ পিতৃৰ নামজন মাৰ্চাল ক্লিমেঞ্চ আৰু মাতৃ জে’ন লেম্পটন ক্লিমেঞ্চ। ফ্ল’ৰিডাত তেখেতেৰ জন্ম হৈছিল। টোৱেইনৰ চাৰি বছৰ বয়সত পৰিয়ালটো মিচিচিপি নদীৰ ওচৰৰ হানিবাল নামৰ এখন সৰু বন্দৰ নগৰলৈ আহি বাস কৰিবলৈ লয়।

এঘাৰ বছৰ বয়সতে তেখেতৰ পিতৃৰ মৃত্যু হয়। তেতিয়া তেখেতে হানিবালত এটা ছপাশালৰ কামত যোগদান কৰে। ১৮৫১ চনৰ পিছত তেখেতে নিউইয়ৰ্ক, ফিলাডেলফিয়া আদি নগৰত ছপাশালত কাম কৰে। ১৮৫৯ চনত তেখেতে ভাপ জাহাজৰ নাবিক হ’বলৈ অনুজ্ঞাপত্ৰ লাভ কৰে। পাছলৈ তেখেতে সোণৰ খনিত কাম কৰাৰ উপৰিও কিছুকাল সাংবাদিকতাও কৰে। ১৮৭০ চনত মাৰ্ক টোৱেইন অ’লিভিয়া লেংডনৰ লগত বিবাহপাশত আবদ্ধ হয়। বাফেল'ত থকা সময়ত তেওঁলোকৰ পুত্ৰ লেংদনৰ ডিফথেৰিয়া ৰোগত মৃত্যু হয়। তেওঁলোকৰ চুজি, ক্লাৰা আৰু জিন নামৰ তিনিটি কন্যা সন্তানো আছিল।

লেখক জীৱন

মাৰ্ক টোৱেইনে লেখকজীৱনৰ আৰম্ভণিতে খুহুতীয়া গদ্য লিখিছিল যদিও পিছলৈ তেখেত মানৱতাৰ বিচিত্ৰতাৰ এজন শক্তিশালী লেখক, সমালোচক হৈ পৰে। নাবিক জীৱনৰ অভিজ্ঞতাৰ পৰা তেখেতে ‘মাৰ্ক টোৱেইন’(পানীৰ গভীৰতা বুজাবলৈ ব্যৱহৃত শব্দ) ছদ্মনাম গ্ৰহণ কৰে। ১৮৬৫ চনত নিউইয়ৰ্ক ছেটাৰডে প্ৰেছত তেখেতৰ প্ৰথম লেখা ‘The Celebrated Jumping Frog of Calaveras County’ প্ৰকাশ পায়। তাৰ পিছত তেখেতৰ হাস্যমধুৰ ভ্ৰমণ কাহিনী ‘The Innocents Abroad or The New Pilgrims' Progress’ আৰু ‘Roughing It’ প্ৰকাশ পায়। ইয়াৰ পিছৰ গ্ৰন্থ ‘ The Gilded Age: A Tale of Today’ আছিল তেখেতৰ উপন্যাস ৰচনাৰ প্ৰথম প্ৰয়াস। তাৰ পিছত শৈশৱৰ স্মৃতিৰে সংপৃক্ত গ্ৰন্থ ‘Old Times on the Mississippi’ আৰু ‘Life on the Mississippi’ প্ৰকাশ হয়। ইয়াৰ লগে লগে লেখক আৰু বক্তা হিছাপে মাৰ্ক টোৱেইনৰ জনপ্ৰিয়তা বাঢ়ি আহে। ১৮৭৬ চনত তেখেতৰ এখন জনপ্ৰিয় উপন্যাস ‘The Adventures of Tom Sawyer’ প্ৰকাশ পায়। ১৮৮৪ চনত তেখেতৰ শ্ৰেষ্ঠ উপন্যাস হিছাপে সমাদৃত ‘ Adventures of Huckleberry Finn’ প্ৰকাশ পায় যাক আমেৰিকাৰ প্ৰথম মহৎ উপন্যাস বুলিও কোৱা হয়। তেখেতৰ আন আন জনপ্ৰিয় কিতাপ আছিল- ‘The Prince and the Pauper’, ‘A Connecticut Yankee in King Arthur's Court’, ‘Pudd'nhead Wilson’, ‘Personal Recollections of Joan of Arc’ আদি। মাৰ্ক টোৱেইনৰ আত্মজীৱনীৰ প্ৰথম খণ্ড তেখেতৰ ইচ্ছা অনুসৰি তেখেতৰ মৃত্যুৰ এশ বছৰ পিছত ১৯১০ চনৰ নৱেম্বৰত প্ৰকাশ পায়।

শেষ জীৱন আৰু মৃত্যু

১৮৯৬ চনত জীয়ৰী চুজিৰ মৃত্যুৰ পিছত মাৰ্ক টোৱেইন বিষাদগ্ৰস্ত হৈ পৰে। তাৰ পিছত ১৯০৪ চনত পত্নী অ’লিভিয়া আৰু ১৯০৯ চনত আনজনী জীয়ৰী জিনৰ লগতে নিকট বন্ধু হেনৰী ৰজাৰ্ছৰো মৃত্যুৱে তেখেতৰ বিষণ্ণতা গভীৰ কৰি তোলে। ১৯০৬ চনত তেখেতে আত্মজীৱনী লিখা আৰম্ভ কৰে। ১৯০৭ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে তেখেতক সন্মানজনক ডক্টৰেট উপাধি প্ৰদান কৰে। ১৯০৯ চনত হৃদৰোগত এইগৰাকী লেখকৰ মৃত্যু ঘটে।

তথ্যসূত্ৰ

বহিঃ সংযোগ

    মাৰ্ক টোৱেইনৰ কৰ্মৰাজী
    Academic studies
    জীৱন
    অন্যান্য

Tags:

মাৰ্ক টোৱেইন শৈশৱ আৰু যৌৱনকালমাৰ্ক টোৱেইন লেখক জীৱনমাৰ্ক টোৱেইন শেষ জীৱন আৰু মৃত্যুমাৰ্ক টোৱেইন তথ্যসূত্ৰমাৰ্ক টোৱেইন অতিৰিক্ত পঠনমাৰ্ক টোৱেইন বহিঃ সংযোগমাৰ্ক টোৱেইন

🔥 Trending searches on Wiki অসমীয়া:

মণিৰাম দেৱান (চলচ্চিত্ৰ)অলিম্পিকপ্ৰদূষণচৰ্যাপদফলৰ তালিকাঅসমৰ জিলাসমূহৰংঘৰখামটি জনগোষ্ঠীমহাভাৰতশৰাইঘাট দলংগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাৰঘুনাথ চৌধাৰীজয়মতী কুঁৱৰীৰামধেনুআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰমামণি ৰয়ছম গোস্বামীযোগ দৰ্শনঈয়াৰুইঙ্গমঅসমৰ ধান খেতিৰ সঁজুলিসমূহভট্টদেৱমাইলছ ব্ৰনছনগোৱালপাৰা জিলাঅসমৰ মহকুমাসমূহৰ তালিকাবাণীকান্ত কাকতিকাঞ্চন (উপন্যাস)হিমালয়পৰম্পৰাঅসমৰ নদীসমূহৰ তালিকামিচিং জনগোষ্ঠীশোণিত কুঁৱৰীব্যাকৰণযোগাসনউপন্যাসকেশৱ মহন্তকৰব্লগৰাজনীতিকোষ (জীৱবিজ্ঞান)নলবাৰীপ্ৰশান্ত মহাসাগৰগায়ন-বায়ননামঘোষাকৃষ্ণঅসমঅসমীয়া ভাষাচ্যু-লিক-ফামহাসাগৰকামৰূপ ৰাজ্যমনোবিজ্ঞানভাৰতৰ সংবিধানঋকবেদহিউমাছজৈৱ বৈচিত্ৰ্যসূৰ্যআফগানিস্তানইছলামঅনিৰুদ্ধদেৱঅসমৰ মুখা শিল্পচুতীয়া ৰাজ্যমানচিত্ৰছক্ৰেটিছপাইথেগাৰাছউত্তৰ গুৱাহাটীহোমেন বৰগোহাঞিঘৰঅসমীয়া বৰ্ণমালাবড়ো জনগোষ্ঠীনগেন শইকীয়ামহেঞ্জোদাৰোৰসায়ন বিজ্ঞানহীৰেন গোহাঁইঅনুবাদভট্টদেৱৰ গদ্যশৈলীজাতীয়তাবাদ🡆 More