৩০ নৱেম্বৰ: তাৰিখ

৩০ নৱেম্বৰ (ইংৰাজী: 30 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩৪তম (অধিবৰ্ষত ৩৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

ঘটনাৱলী

  • ১৯৫৬ - ভূপেন হাজৰিকা পৰিচালিত ‘এৰা বাটৰ সুৰ’ অসমীয়া কথাছবিখনে মুক্তি লাভ কৰিছিল।
  • ১৯৬৬ - বাৰবাডোজে স্বাধীনতা লাভ কৰিছিল।
  • ২০২২ - বাৰ্মিহাংম কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। এইক্ষেত্ৰত নয়নমণি শইকীয়া অসমৰ সপ্তম গৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।

জন্ম

  • ১৬৬৭ - ছুইফট, ইংৰাজ ব্যংগ লেখক।
  • ১৮৩৫ - মাৰ্ক টোৱেইন, আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক।
  • ১৮৫৮ - জগদীশ চন্দ্ৰ বসু, এজন জীৱবিজ্ঞানী, পদাৰ্থবিজ্ঞানী, উদ্ভিদবিজ্ঞানী আৰু বিজ্ঞান কল্পকাহিনীৰ প্ৰাৰম্ভিক লেখক। তেওঁ ৰেডিঅ' মাইক্ৰ'ৱেভ অপটিক্সৰ অনুসন্ধানত অগ্ৰণী ভূমিকা পালন কৰে, উদ্ভিদবিজ্ঞানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় আৰু ভাৰতীয় উপমহাদেশত পৰীক্ষামূলক বিজ্ঞানৰ সম্প্ৰসাৰণত মুখ্য ভূমিকা পালন কৰিছিল। মৃত্যু ২৩ নৱেম্বৰ, ১৯৩৭।
  • ১৮৭৪ - ছাৰ উইনষ্টন চাৰ্চিল, ব্ৰিটিছ প্ৰধান মন্ত্ৰী তথা ৰাজনীতিবিদ। তেওঁৰ সম্পূৰ্ণ নাম উইনষ্টন লিঅনাৰ্ড স্পেন্সাৰ চাৰ্চিল।
  • ১৮৮৬ - জেনেট ইটন, আমেৰিকান শিশু সাহিত্যিক।
  • ১৯৩১ - ৰমিলা থাপাৰ, ভাৰতীয় ইতিহাসবিদ।
  • ১৯৪৫ - বাণী জয়ৰাম, ভাৰতীয় সংগীত শিল্পী।
  • ১৯৮৯ - ভক্তি শৰ্মা, ভাৰতীয় সাঁতোৰবিদ (মুকলি পানীৰ)। এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম।
  • ১৯৯০ - ৰাশী খান্না, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৭ - ভীমবৰ দেউৰী, অসমৰ জননেতা আৰু আইনজ্ঞ। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
  • ১৯৬৮ - জ্ঞাননাথ বৰা, যশস্বী সাহিত্যিক। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃতীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ্যকাল শেষ নৌহওঁতেই এখেতৰ মৃত্যু হয়।
  • ২০১২ - ইন্দৰ কুমাৰ গুজৰাল, এজন ভাৰতীয় কূটনীতিবিদ, ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী আছিল যি এপ্ৰিল ১৯৯৭ৰ পৰা মাৰ্চ ১৯৯৮লৈ ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইন্দিৰা গান্ধী (জানুৱাৰী ১৯৬৬ - মাৰ্চ ১৯৬৯) আৰু এইচ ডি দেৱগৌড়া (জুন ১৯৯৬ - এপ্ৰিল ১৯৯৭)ৰ পিছত গুজৰাল ৰাজ্যসভাৰ পৰা অহা তৃতীয় গৰাকী প্ৰধানমন্ত্ৰী আছিল। তেওঁলোকৰ পিছত আছিল ড° মনমোহন সিং (মে' ২০০৪ - মে' ২০১৪)। এজন প্ৰধানমন্ত্ৰী হিচাপে, গুজৰালে সাধাৰণ ৰাইজক প্ৰত্যেক শুক্ৰবাৰে ৰাতিপুৱা লগ কৰাৰ বাবে অভ্যাস গঢ়ি তুলিছিল।
  • ২০১৮ - গিয়াছ উদ্দিন আহমেদ, নাট্যকাৰ, নাট পৰিচালক, সাংস্কৃতিক সংগঠক। ১৯৬০ চনত নলবাৰীত জন্মগ্ৰহণ কৰা আহমেদে ১৫খন মৌলিক নাটক ৰচনা কৰা উপৰিও ১৯৯৫ চনত নটসূৰ্য ফণী শৰ্মা নাট্য সন্মিলন জন্ম দি গিয়াছ উদ্দিন আহমেদে মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰিও তেখেতে দুখন উপন্যাস ৰচনা কৰিছিল "বকুলতলত ৰাতি" আৰু "বুকুৰ মাজত ছবি"। ১৯৮৬ চনত গঠন হোৱা উত্তৰ-পূৰ্বাঞ্চল চেন্ট্ৰেল বেংক কৰ্মচাৰী সংগঠনৰ জন্মলগ্নৰে পৰা সভাপতিৰ দায়িত্বত আছিল।
  • ২০১৯ - চেনেহী বেগম, শিক্ষাবিদ, সমাজকৰ্মী। তেওঁ অনুবাদ কৰা চাৰ এডৱাৰ্ট গেইটহিষ্ট্ৰী অব আছাম নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ গ্ৰন্থখন বুৰঞ্জীৰ এখন উল্লেখযোগ্য গ্ৰন্থ হিচাপে আজিও বিবেচিত হৈ আহিছে।
  • ২০২১ - অতুল কুমাৰ শৰ্মা, নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক। ১৯৫৭ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা শৰ্মাই প্ৰথম অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদ অলংকৃত কৰিছিল। পিছলৈ সক্ৰিয় ৰাজনীতিত যোগদান কৰি ১৯৯৬ চনত চামগুৰি সমষ্টিৰ পৰা অগপ দলৰ হৈ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনক পৰাজিত কৰি বিধায়ক হিচাপে জয়লাভ কৰে।

দিৱস

  • স্বাধীনতা দিৱস (বাৰবাডোজ)।

বাহ্যিক সংযোগ


Tags:

৩০ নৱেম্বৰ ঘটনাৱলী৩০ নৱেম্বৰ জন্ম৩০ নৱেম্বৰ মৃত্যু৩০ নৱেম্বৰ দিৱস৩০ নৱেম্বৰ বাহ্যিক সংযোগ৩০ নৱেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মেলেৰিয়াইংলেণ্ডৰংঘৰবাথৌ পূজাঔষধি উদ্ভিদখামটি জনগোষ্ঠীউত্তৰ গুৱাহাটীত্ৰিপিটকপাৰিজাত হৰণ নাটএৰিষ্ট'টলব্ৰহ্মপুত্ৰ উপত্যকাওজাপালিছিৰিমাভো বন্দৰনাইকেপাঠ পৰিকল্পনালোকবিশ্বাসভট্টদেৱসেউজ গৃহ প্ৰভাৱকাৰ্বি আংলং জিলাৰমন্যাসবাদঅসমীয়া ভাষাজাতনামচন্দ্ৰকুমাৰ আগৰৱালাভাৰতীয় মহাকাশ গৱেষণা সংস্থালোকাচাৰকামৰূপ ৰাজ্যশ্ৰীনিবাস ৰামানুজনথমাছ আলভা এডিচনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীইণ্টাৰনেটআধুনিকতাবাদশব্দ প্ৰদূষণভবেন্দ্ৰ নাথ শইকীয়াগান্ধাৰীমৌলিক সংখ্যাঅসমীয়া লিপিৰ বুৰঞ্জীসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ৰাষ্ট্ৰসংঘকৃষ্ণবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিভাৰতীয় ভাষাগাখীৰআহোম ৰাজ্যবতৰৰাসোৎসৱঅসহযোগ আন্দোলনশব্দডিব্ৰুগড় জিলাঅখণ্ড সংখ্যাগুৱাহাটীপৰিৱেশ তন্ত্ৰয়জ্ঞানপীঠ বঁটামোগল সাম্ৰাজ্যমাধৱী লতাজেং বিহুইছলামমহাভাৰতভঠেলিবেক্টেৰিয়াঅংগৰাগ মহন্তঢ়হেমচন্দ্ৰ গোস্বামীঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমৰ কাঁহ শিল্পচি++মাধৱদেৱৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া প্ৰতিদিনমে ডাম মে ফিবেদপুৰাণগমধৰ কোঁৱৰমোৰ জীৱন সোঁৱৰণ🡆 More