৫ ডিচেম্বৰ: তাৰিখ

৫ ডিচেম্বৰ (ইংৰাজী: 5 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৩৯তম (অধিবৰ্ষত ৩৪০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৫০ - চীনা সৈন্যই উত্তৰ কোৰিয়াৰ ৰাজধানী প্যংয়াংৰ পৰা ৰাষ্ট্ৰ সংঘৰ বাহিনীক খেদি পঠিয়াই।
  • ১৯৯৫ - শ্ৰীলংকাৰ সৈন্যয়ে ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা জাফনা দখল কৰে।
  • ১৯৬৯ - অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
  • ২০১৮ - আজিৰ দিনটোতে ২৪টা ভাৰতীয় ভাষাৰ বাবে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয়। অসমীয়া ভাষাত কাইলৈৰ দিনটো আমাৰ হ'ব কবিতা পুথিৰ বাবে কবি সনন্ত তাঁতীলৈ আৰু বড়ো ভাষাৰ ছুটি গল্পৰ সংকলন দৌংছে লামা গ্ৰন্থৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়।
  • ২০২১ - নাগালেণ্ডৰ ম'ন জিলাত ভাৰতীয় সেনাৰ দ্বাৰা ১৩ জন নিৰীহ নগালোকক গুলীয়াই হত্যা। এনে এছ চি চনৰ সন্দেহত চলোৱা এই গুলীচালনাত তীব্ৰ প্ৰতিক্ৰিয়া, গাওঁবাসীৰ প্ৰত্যাক্ৰমণত দুজনকৈ সেনা জোৱান নিহত, জ্বলাই দিয়া হ'ল ম'ন জিলাস্থিত অসম ৰাইফলছৰ শিবিৰ। সমগ্ৰ নাগালেণ্ডৰ পৰিস্থিতি অধিক অৱনতি যাৰ ফলত গোটেই ৰাজ্যখনতে ইন্টাৰনেট আৰু এছ এছ এছ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।

জন্ম

  • ১৯০১ - ৱাল্ট ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক (মৃ: ১৯৬৬)
  • ১৯০১ - হাইজেনবাৰ্গ, ন'বেল বটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান(quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা (মৃ: ১৯৭৬)
  • ১৯১৩ - আজলীতৰা নেওগ, অসমীয়া শিশু সাহিত্যিক আৰু কবি। অসমীয়া প্ৰখ্যাত সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ জীয়ৰী আৰু ডিম্বেশ্বৰ নেওগৰ পত্নী আজলীতৰা নেওগে ৰচনা কৰা শিশু গ্ৰন্থসমূহ হ'ল— ‘আলিবাবা আৰু দুকুৰি ডকাইত’, ‘সিন্দবাদ আৰু সাতোটি জলযাত্ৰা’, ‘আলাউদ্দিন আৰু এটি আচৰিত চাকি’, ‘আনন্দৰাম ঢেকিয়াল ফুকন’, ‘গুণাভিৰাম বৰুৱা’। মৃত্যু ১ নৱেম্বৰ, ১৯৪৯।
  • ১৯২৪ - নেক চান্দ চে'নি, ভাৰতীয় শিল্পী যাক চণ্ডীগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায়।
  • ১৯৩৮ - ৰঘুবীৰ চৌধাৰী, গুজৰাটৰ ঔপন্যাসিক, কবি আৰু সমালোচক।
  • ১৯৭৪ - ৰবীশ কুমাৰ, ভাৰতীয় টিভি এংকৰ, সাংবাদিক, লেখক আৰু মিডিয়া ব্যক্তিত্ব।

মৃত্য

  • ১৮৭০ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আৰু নাট্যকাৰ।
  • ১৯৪১ - অমৃতা শ্বেৰগিল, এগৰাকী হাংগেৰিয়ান-ভাৰতীয় চিত্ৰশিল্পী আছিল। তেওঁক বিংশ শতিকাৰ আৰম্ভণিৰ এগৰাকী মহান মহিলা শিল্পী আৰু আধুনিক ভাৰতীয় চিত্ৰকলাৰ অগ্ৰগামী বুলি কোৱা হয়। সৰুৰে পৰা চিত্ৰাংকনৰ প্ৰতি আকৰ্ষিত হৈ শ্বেৰগিলে আঠ বছৰ বয়সত চিত্ৰকলাৰ আনুষ্ঠানিক পাঠ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১৯ বছৰ বয়সত তেওঁৰ তৈলচিত্ৰ ইয়ং-গাৰ্লছ(১৯৩২)ৰ বাবে স্বীকৃতি লাভ কৰিছিল। শ্বেৰগিলে তেওঁৰ চিত্ৰসমূহ মানুহৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰত অংকন কৰিছিল। জন্ম ৩০ জানুৱাৰী, ১৯১৩।
  • ১৯৫০ - শ্ৰী অৰবিন্দ, প্ৰকৃত নাম অৰবিন্দ ঘোষ। এজন ভাৰতীয় দাৰ্শনিক, কবি আৰু যোগগুৰু আছিল। তাৰোপৰি তেওঁ এজন সাংবাদিকো আছিল, যি বন্দে মাতৰমৰ দৰে বাতৰি কাকত সম্পাদনা কৰিছিল। তেওঁ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতাৰ বাবে ভাৰতীয় আন্দোলনত যোগদান কৰিছিল, ১৯১০ চনলৈকে এই আন্দোলনৰ এজন প্ৰভাৱশালী নেতা আছিল। তাৰ পিছত ক্ৰমান্বয়ে তেওঁ আধ্যাত্মিক সংস্কাৰক হৈ পৰিছিল। তেওঁ বিশেষকৈ মানৱ প্ৰগতি আৰু আধ্যাত্মিক বিৱৰ্তনৰ ওপৰত নিজৰ দৃষ্টিভংগী দাঙি ধৰিছিল। জন্ম ১৫ আগষ্ট, ১৮৭২ ।
  • ১৯৫১ - অৱনীন্দ্ৰনাথ ঠাকুৰ, ইণ্ডিয়ান চছাইটি অফ অৰিয়েণ্টেল আৰ্টৰ মুখ্য শিল্পী আৰু প্ৰতিষ্ঠাপক আছিল। তেওঁ ভাৰতীয় কলাত স্বদেশী মূল্যবোধ প্ৰতিষ্ঠা কৰা প্ৰথম ব্যক্তি আছিল। বিশেষকৈ তেওঁ বেংগল স্কুল অৱ আৰ্ট প্ৰতিষ্ঠা কৰে, যাৰ ফলত আধুনিক ভাৰতীয় চিত্ৰকলাৰ বিকাশ ঘটে। তাৰোপৰি তেখেত এজন প্ৰসিদ্ধ লেখক আছিল, বিশেষকৈ শিশুসকলৰ বাবে। অবান ঠাকুৰ নামেৰে জনাজাত তেওঁৰ কিতাপ ৰাজকাহিনী, বুৰো আংলা, নলক আৰু খিৰেৰ পুতুল বাংলা ভাষাৰ শিশু সাহিত্য আৰু কলাৰ চিহ্ন আছিল। জন্ম ৭ আগষ্ট, ১৮৭২।
  • ১৯৯২ - মনিষা উন্নি, ভাৰতীয় অভিনেত্ৰী।
  • ২০১৬ - জয়ললিতা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। প্ৰকৃত নাম জয়ৰাম জয়ললিতা। জয়ললিতাই ১৯৯১-২০১৬ চনৰ ভিতৰত ছয়টা কাৰ্যকালত চৈধ্য বছৰতকৈও অধিক সময় তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ৪ ডিচেম্বৰ ২০১৬ লৈ, তেওঁ অল এই আই পি ওম কেৰ ৫ম আৰু দীৰ্ঘকালীন সাধাৰণ সম্পাদক আছিল। এটা দলৰ দলীয় লোকসকলে তেওঁক তেওঁলোকৰ আম্মা (মাতৃ) আৰু পুৰাচ্চি থালাইভি (বিপ্লৱী নেত্ৰী) হিচাপে শ্ৰদ্ধা কৰিছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে জয়ললিতা তামিল চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁ ইংৰাজী আৰু হিন্দী চলচ্চিত্ৰৰ উপৰিও ১৪০ খনতকৈও অধিক তামিল, তেলেগু আৰু কানাড়া চলচ্চিত্ৰত অভিনয় কৰিছে। জয়ললিতাৰ মাতৃয়ে তেওঁক ১৫ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰত কাম কৰিবলৈ প্ৰেৰণা যোগাইছিল তাৰ ফলত তেওঁ ইংৰাজী চলচ্চিত্ৰ এপিষ্টল (১৯৬১)ত আত্মপ্ৰকাশ কৰে আৰু কানাড়া চলচ্চিত্ৰ চিন্নাদা গোম্বে (১৯৬৪)ত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৪৮।
  • ২০১৯ - ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি (২০০২-২০০৮), কবি, সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ সভাপতিৰ কাৰ্যকালতে বড়ো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীভুক্ত হয়। ১৯৪৩ চনৰ পহিলা জুনত জন্ম লাভ কৰা ব্ৰহ্মই তেওঁৰ কাব্য সংকলন বায়দি দেংখো বায়দি গাবৰ বাবে ২০১৫ বৰ্ষত বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

দিৱস

  • শিশু দিৱস (ছুৰিনাম)।
  • বিশ্ব ভূমি দিৱস।

বাহ্যিক সংযোগ

Tags:

৫ ডিচেম্বৰ ঘটনাৱলী৫ ডিচেম্বৰ জন্ম৫ ডিচেম্বৰ মৃত্য৫ ডিচেম্বৰ দিৱস৫ ডিচেম্বৰ বাহ্যিক সংযোগ৫ ডিচেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকালোকাচাৰঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰতুলসীম'হৰ শিঙৰ পেঁপাসম্পাদনাপাঠ্যক্ৰমএলবাৰ্ট আইনষ্টাইনপদুমভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসহযোগ আন্দোলনকীৰ্তন-ঘোষাবিষুৱ ৰেখাজ্ঞানপীঠ বঁটাসংঘাতমুগা (ৰেচম)কালিদাসগোলকীকৰণভবেন্দ্ৰ নাথ শইকীয়াশ্ৰীনিবাস ৰামানুজনঅষ্ট্ৰেলিয়াব্যৱস্থাপনাফুলঅসমীয়া গীতি সাহিত্যযোৰহাটমহেঞ্জোদাৰোমহাদেশহিউমাছপাইথেগাৰাছহেম বৰুৱাৰসায়ন বিজ্ঞানমাঘ বিহুকেঁচুসাৰভাৰত-চীন যুদ্ধৰজনীকান্ত বৰদলৈকামৰূপ জিলাজাতনামগুণাভিৰাম বৰুৱাফকৰা যোজনাহিমালয়অসমীয়া গালি-গালাজশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯আয়ুৰ্বেদবৰ্মণ ৰাজবংশশিৱসাগৰৰ শিৱদৌলআৰবী ভাষাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)মানৱ শৰীৰভাৰতৰ উপৰাষ্ট্ৰপতিকলউত্তৰ-পূব ভাৰতউচ্চ ৰক্তচাপচুটিগল্পহুমায়ুনৰ সমাধিক্ষেত্ৰচৰিত পুথিসুন্দৰীদিয়া সত্ৰএৰী ৰেচমচ্যু-কা-ফাইন্দিৰা মিৰিবিজ্ঞানবংগ বিভাজন (১৯০৫)নামঘৰযতি-চিনপৰ্যাবৃত্ত তালিকাশ্ৰীমদ্ভগৱতগীতাদেওপাহাৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাগড়গাঁওযৌন সংগমৰাজনৈতিক দলভটিমাগাঁও পঞ্চায়তপাঠ পৰিকল্পনাচৰাই🡆 More