১৫ ডিচেম্বৰ: তাৰিখ

১৫ ডিচেম্বৰ (ইংৰাজী: 15 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৯তম (অধিবৰ্ষত ৩৫০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১০২৫ - দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰে।
  • ১৮৮৪ - যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়।
  • ১৯৯৩ - পৃথিৱীৰ ১১৭খন দেশৰ গেট চুক্তিত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে।

জন্ম

  • ১৮৫২ - এণ্টোইন হেনৰী বেকুৱেৰেল, ফৰাচী পদাৰ্থবিদ, তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক। তেজস্ক্ৰিয় ৰশ্মি আৱিষ্কাৰ কৰাৰ বাবে তেওঁ মেৰী কুৰী আৰু পিয়েৰ কুৰীৰ সৈতে ১৯০৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। বেকুৱেৰেলক বহুতো বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰৰ নাম হিচাপে সন্মানিত কৰা হৈছে। তেজস্ক্ৰিয়তাৰ বাবে এছ.আই. গোট, বেকুৱেৰেল (বি.কিউ.) তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। মৃত্যু ২৫ আগষ্ট, ১৯০৮।
  • ১৮৬০ - নীলছ ৰাইবাৰ্গ ফিনচেন, এগৰাকী ফাৰোইজ-আইচলেণ্ডীয় চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ আধুনিক ফটো থেৰাপীৰ জনক বুলি কোৱা হয়। তেওঁ বিশেষকৈ লুপাছ ভালগাৰিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিক ঘনীভূত পোহৰৰ বিকিৰণৰ দ্বাৰা আৰোগ্য কৰি তুলিবলৈ সক্ষম হোৱাত চিকিৎসা বিজ্ঞানত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ১৯০৩ চনৰ মেডিচিন আৰু ফিজিঅ'লজীৰ নবেল বঁটা প্ৰদান কৰা হৈছিল। এই আৱিষ্কাৰৰ দ্বাৰা তেওঁ চিকিৎসা বিজ্ঞানৰ বাবে এক নতুন পথ মুকলি কৰিছিল। মৃত্যু ২৪ ছেপ্তেম্বৰ, ১৯০৪ ।
  • ১৯৩০ - দুৰ্গেশ্বৰ বৰঠাকুৰ, এগৰাকী অসমীয়া নাট্যকাৰ, অভিনেতা। ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ আৰম্ভণি কৰা দুৰ্গেশ্বৰ বৰঠাকুৰে পৰৱৰ্তী সময়ত সেই চাকৰি ত্যাগ কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান প্ৰযোজক হিচাপে যোগদান কৰে। এগৰাকী অনাতাঁৰ নাট্যকাৰ হিচাপে দুৰ্গেশ্বৰ বৰঠাকুৰৰ বিহ গুটিৰ বিলৈ, প্ৰবীন ফুকনৰ চাকৰি, ফেৰিৱালা, তমশা ৰাতিয়েও শ্ৰোতাৰ মন জয় কৰিছে। মৃত্যু ২২ জানুৱাৰী, ১৯৯৬।
  • ১৯২৪ - মীনা আগৰৱালা, অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ। মীনা আগৰৱালা তেজপুৰ মহিলা সমিতিৰ প্ৰধান হোতা আছিল। অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পদাংক অনুসৰণ কৰি তেজপুৰ মহিলা সমিতিক পুনৰ গঠন কৰিছিল। এগৰাকী গান্ধীবাদী নেত্ৰী হোৱা বাবে তেওঁ সকলো শ্ৰেণীৰ লোককে সম-মৰ্যদাৰে চাইছিল। তেওঁৰ কামৰ কৃতিত্ববোৰৰ ভিতৰত এটা আছিল ১৯৫৯ চনত তিব্বতীয় শৰণাৰ্থীসকলৰ বাবে কৰা কাম। তেখেতে চীনাসকলৰ অত্যাচাৰত বিচলিত হোৱা দুখী শৰণাৰ্থীসকলক আশ্ৰয় দিছিল। ১৯৬২ চনত, তেওঁ তেওঁৰ দলৰ সৈতে চীনা আক্ৰমণৰ পিছত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ বাবে পুঁজি সংগ্ৰহ অভিযানৰ আয়োজন কৰিছিল। মহিলাৰ কল্যাণৰ উপৰিও, তেওঁ শিশুৰ বিকাশত অৰিহণা যোগাইছিল। তেওঁ ১৯৫৪ চনত তেজপুৰ মহিলা সমিতিৰ চৌহদৰ ভিতৰত শিশু ভাৰতী নামেৰে এখন স্থানীয় প্ৰাথমিক বিদ্যালয় খুলিছিল। মহিলা সৱলীকৰণৰ ক্ষেত্ৰত জীৱনযোৰা শ্ৰমৰ বাবে মীনা আগৰৱালাক অমল প্ৰভা দাস স্মাৰক বঁটা, জানকী দেৱী বাজাজ বঁটা আৰু নাৰী শক্তি বঁটা (১৯৯৮)ৰ দৰে সন্মানীয় বঁটা লাভ কৰিছিল। মৃত্যু ২৪ জুলাই, ২০১৪।
  • ১৯৩৫ - ঊষা মংগেশকাৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ অসমীয়া, হিন্দী, মাৰাঠী, কানাড়া, ভোজপুৰী, বাংলা, মণিপুৰী আৰু নেপালী ভাষাত গীত বাণীবদ্ধ কৰিছে। ইয়াৰ উপৰি এগৰাকী প্ৰযোজক হিচাপে তেওঁ আখে(১৯৬৮), নাচিব(১৯৮১) আৰু দিৱাৰ(১৯৭৫)ৰ বাবে জনাজাত।
  • ১৯৮৮ - গীতা ফোগাট, ভাৰতীয় মহিলা মল্লযোদ্ধা। এগৰাকী ফ্ৰীষ্টাইল মল্লযোদ্ধা যিয়ে ২০১০ চনত কমনৱেলথ গেমছত মল্লযুদ্ধত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জিকিছিল। তেওঁ গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়াৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা। ইয়াৰ উপৰি তেওঁ ডেভ শুল্ট্জ মেম'ৰিয়েল টুৰ্ণামেণ্ট ২০১৩ চনত ৰূপৰ পদক আৰু ২০১৪ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

মৃত্যু

  • ১৯৬৬ - ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ তথা উদ্যোগী।
  • ১৯৭৪ - ৰচুলন বাঈ, ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী।
  • ২০১৯ - ৰাজেশ খৈতান, পশ্চিমবঙ্গৰ ৰাজনীতিবিদ।
  • ২০২২ - ড° শিৱনাথ বৰ্মন, এগৰাকী অসমীয়া সাহিত্যিক, চিন্তাবিদ। আৰ্য কলেজৰ প্ৰাক্তন অধ্যাপক। তেখেত জনসাধাৰণ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়। ২০২২ চনত, তেখেতক অসম সাহিত্য সভাছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল। জন্ম ১৯৪২।

দিৱস

বাহ্যিক সংযোগ

Tags:

১৫ ডিচেম্বৰ ঘটনাৱলী১৫ ডিচেম্বৰ জন্ম১৫ ডিচেম্বৰ মৃত্যু১৫ ডিচেম্বৰ দিৱস১৫ ডিচেম্বৰ বাহ্যিক সংযোগ১৫ ডিচেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

উৎসৱশিক্ষক দিৱসঅসমৰ পোক - পৰুৱাৰাজহুৱা ক্ষেত্ৰশিৱসিন্ধী ভাষালক্ষ্মীনাথ বেজবৰুৱাভাৰতীয় ৰেলভাৰতৰ সংৰক্ষণ ব্যৱস্থামহজলসিঞ্চনজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভাৰতীয় জাতীয় কংগ্ৰেছপুৰুষোত্তম দাসগোলাঘাটশিক্ষাৰ অধিকাৰজেং বিহুতাজমহলৰঘুনাথ চৌধাৰীভাৰতৰ ইতিহাসনৱকান্ত বৰুৱাঅণুবীক্ষণ যন্ত্ৰভাৰত-আৰ্য ভাষা পৰিয়ালঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসূৰ্যআৱাহন (আলোচনী)খামটি জনগোষ্ঠীঅসমৰ সাহিত্যিকসকলৰ তালিকাকম্পিউটাৰওজাপালিভাইটি (চলচ্চিত্ৰ)জুবিন গাৰ্গযোৰহাটভীমৰাও ৰামজী আম্বেদকাৰটুক্ৰেশ্বৰী দেৱালয়চৰকাৰপুৰাণমিজোৰামঅসমৰ কাঁহ শিল্পমৃত্যুঞ্জয়কলিমানামঘৰভাস্কৰ (প্ৰথম)হেম বৰুৱা (ত্যাগবীৰ)ঢ়মুদ্ৰাসাগৰলিমাৰিক (কবিতা)সেউজ গৃহ প্ৰভাৱজৈৱ বৈচিত্ৰ্যআহোম ৰাজবংশমহেশ্বৰ নেওগভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅতুল চন্দ্ৰ হাজৰিকাবেলিমাৰ (নাটক)পদ্মনাথ গোহাঞি বৰুৱাশাল গছগৌতম বুদ্ধহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)দূৰদৰ্শন (চেনেল)হাজং জনগোষ্ঠীঅসমৰ মুখা শিল্পএকচেটীয়া বজাৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাবিশেষ্য পদঅসম চুক্তিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যপলাশীৰ যুদ্ধভাৰত ৰত্ননৱবিধা ভক্তিঅলিম্পিকহৃদযন্ত্ৰইতিহাসকামাখ্যা মন্দিৰকুলিযোগেশ দাসগুগলপদুম🡆 More