জ্ঞাননাথ বৰা

জ্ঞাননাথ বৰা (ইংৰাজী: Gyannath Bora; ১৮৯০ - ১৯৬৮) এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ্যকাল শেষ নৌহওঁতেই এখেতৰ মৃত্যু হয়।

জ্ঞাননাথ বৰা
জন্ম ২০ মাৰ্চ, ১৮৯০ (১৩৪ বছৰ)
গুৱাহাটী, অসম
মৃত্যু ৩০ নৱেম্বৰ, ১৯৬৮ (৭৮ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত

জন্ম আৰু শিক্ষাজীৱন

জ্ঞাননাথ বৰাৰ জন্ম ১৮৯০ চনত গুৱাহাটীত হৈছিল। এখেতৰ পিতৃৰ নাম আছিল সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুবনমোহিনী। গুৱাহাটীতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা জ্ঞাননাথে ১৯১৬ চনত কটন কলেজৰ পৰা বি.এ. আৰু ১৯২০ চনত "আৰ্ল ল কলেজ"ৰ পৰা বি.এল পাছ কৰে। তাৰ পাছত গুৱাহাটীতে উকীলৰ কাম আৰম্ভ কৰে।

কৰ্মজীৱন

গুৱাহাটীত পাঁচ বছৰ কাল উকীল হিচাপে কাম কৰাৰ পাছত ১৯২৭ চনত কলিকতালৈ যায় আৰু ১৯৪৭ চনলৈ কলিকতা উচ্চ নায়্যালয়ত ওকালতি কৰে। ১৯৫১ চনত গুৱাহাটীত ল কলেজৰ অধ্যক্ষ নিযুক্ত হয় আৰু ১৯৫৮ চনলৈ এই পদতে কাম কৰে।

সাহিত্যিক অৱদান

ছাত্ৰজীৱনত কবিতা ৰচনাত মনোনিবেশ কৰা জ্ঞাননাথ বৰাৰ কবিতা 'উষা'-ত প্ৰকাশ পাইছিল। পাছলৈ বাঁহী, আৱাহন, মণিদীপ আদি আলোচনীত ৰাজনৈতিক আৰু সাহিত্যিক বিষয়ৰ ওপৰত প্ৰৱন্ধ লিখিছিল। অসমীয়াৰ উপৰিও ইংৰাজী ভাষাটো তেখেতে প্ৰৱন্ধ ৰচনা কৰিছিল। এলডুছ হাক্সলি-ৰ "The Brave New World"ৰ গ্ৰন্থ 'নতুন পৃথিৱী' নাম দি অসমীয়া ভাঙনি কৰিছিল ।

১৮৬৮ চনত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতেই ১৯৬৮ চনৰ ৩০ নৱেম্বৰ তাৰিখে জ্ঞাননাথ বৰাৰ মৃত্যু হয়।

সাংগঠনিক কাম-কাজ

জ্ঞাননাথ বৰা গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু প্ৰথম সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ লগতো জড়িত আছিল আৰু ১৯১৮ চনত বহা ইয়াৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক নিযুক্ত আছিল। অসম ৰাজ্যিক মহাসভাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল।

সাহিত্যিক কৰ্ম

  • আলোচনাত্মক
    • অসমত বিদেশী (১৯২২)
    • যুগতত্ব (১৯২৪)
    • শ্ৰীহট্ট বিচ্ছেদ (১৯৩৫)
    • অসমীয়া পুৰণি সাহিত্য (১৯৫০)
    • A Plea For Sanskrit As National Language (১৯৫৪)
    • Provincialism (১৯৫৫)
    • আধুনিক অসমীয়া সাহিত্য (১৯৬০)
  • অনুবাদ
    • নতুন পৃথিৱী (১৯৪৫) (The New World-ৰ অসমীয়া ভাঙনি)

তথ্য সংগ্ৰহ

Tags:

জ্ঞাননাথ বৰা জন্ম আৰু শিক্ষাজীৱনজ্ঞাননাথ বৰা কৰ্মজীৱনজ্ঞাননাথ বৰা সাহিত্যিক অৱদানজ্ঞাননাথ বৰা সাংগঠনিক কাম-কাজজ্ঞাননাথ বৰা সাহিত্যিক কৰ্মজ্ঞাননাথ বৰা তথ্য সংগ্ৰহজ্ঞাননাথ বৰাঅসম সাহিত্য সভাইংৰাজী ভাষাতেজপুৰ

🔥 Trending searches on Wiki অসমীয়া:

ভূমি প্ৰদূষণএকলব্যবুলু ফিল্মনলবাৰীবিত্তীয় ব্যৱস্থাসাঁথৰত্ৰিভুজলোক-সংগীতঅসমশিক্ষানগাঁও জিলাজুবিন গাৰ্গসংযুক্ত মুক্তি বাহিনী, অসমবানপানীঅসমীয়া গীতি সাহিত্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঔষধি উদ্ভিদশ্ৰীমদ্ভগৱতগীতাএৰী ৰেচমবিজ্ঞানবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসশদিয়াব্ৰহ্মপুত্ৰ নদশিশুৰ খেল-ধেমালিঅসমীয়া ভাষাভট্টদেৱমদন কামদেৱ দেৱালয়কেশৱ মহন্তভাৰতকানাই বৰশী বোৱা শিলালিপিমহেশ্বৰ নেওগফুলগুৰি ধেৱাগড়মূৰ সত্ৰযোগাসনকুলিঅসমৰ সাধুকথাসংক্ৰমণচন্দ্ৰকুমাৰ আগৰৱালানেপালসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকালিখন পদ্ধতিপথৰুঘাটৰ ৰণউত্তৰ-পূব ভাৰতফাট বিহুঅপাৰেটিং চিষ্টেমপ্ৰথম বিশ্বযুদ্ধনুৰ জাহান (মোগল সম্ৰাজ্ঞী)ৰূপালীমমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰত ত্যাগ আন্দোলনঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা২৬ এপ্ৰিলশিৱসাগৰবীৰেন্দ্ৰনাথ দত্তকামাখ্যা মন্দিৰব্ৰহ্মগুপ্তঘৰএইচ.আই.ভি/এইড্‌ছতৎসমকবিতাপাঠ্যক্ৰমবৰপেটা (লোকসভা সমষ্টি)চুতীয়া ৰাজ্যহৰপ্পাশ্ৰীমন্ত শংকৰদেৱভূৱন মোহন বৰুৱামৰিগাঁও জিলাসূৰ্যকুমাৰ ভূঞাকীৰ্তন-ঘোষা🡆 More