বিচূৰ্ণীভৱন

বিচূৰ্ণীভৱন হৈছে ভূ-পৃষ্ঠৰ শিলাসমূহ নিজ স্থানতে প্ৰাকৃতিক আৰু মানৱ প্ৰভাৱিত প্ৰক্ৰিয়াৰ দ্বাৰা খণ্ড-বিখণ্ড হোৱা কাৰ্য। এই প্ৰক্ৰিয়াত কোনো বাহক কাৰ্য জড়িত নাথাকে।

বিচূৰ্ণীভৱনৰ কাৰকসমূহ

শিলৰ গঠন আৰু সংযুক্তি

ভূ-পৃষ্ঠৰ ঢাল

জলবায়ু ভিন্নতা

উদ্ভিদৰ প্ৰভাৱ

বিচূৰ্ণীভৱনৰ প্ৰকাৰ

ভৌতিক বিচূৰ্ণীভৱন

ৰাসায়নিক বিচূৰ্ণীভৱন

জৈৱিক বিচূৰ্ণীভৱন

ভৌতিক বিচূৰ্ণীভৱন(physical weathering)

ভূ-পৃষ্ঠৰ শিলসমূহ প্ৰাকৃতিক চাপ প্ৰতিচাপ আৰু পীড়ণৰ বাবে গাঠনিক ভাৰসাম্য হেৰুৱাই ভাগিবলৈ আৰম্ভ কৰে। কিন্তু শিলাসমূহৰ মূল ৰাসায়নিক উপাদান একে থাকে। এই প্ৰক্ৰিয়াক ভৌতিক বিচূৰ্ণীভৱন বোলে।ইয়াৰ প্ৰকাৰ সমূহ হ'ল

হৈম বিচূৰ্ণীভৱন( frost shattering)

 যেতিয়া 0°ডিগ্ৰী উষ্ণতাত শিলাসমূহৰ ছিদ্ৰভাগৰ পানী বৰফলৈ ৰূপান্তৰিত হয় । ই শিলাখণ্ডৰ বিচূৰ্ণীভৱনত সহায় কৰে।ইয়াক হৈম বিচূৰ্ণীভৱন বোলে। scree আৰু felscnmeer এনে ধৰণৰ ভূ অৱয়ব।

Salt cristalisation

যেতিয়া ভূগৰ্ভৰ পানীভাগ ভূপৃষ্ঠৰ সমান্তৰালকৈ বৈ যায় ইয়াত দ্ৰৱীভূত লৱণ উপাদান বোৰে শিলাসমূহৰ বিচূৰ্ণীভৱনত সহায় কৰে।

পিয়াঁজী বিচূৰ্ণীভৱন(onion weathering)

উত্তাপ আৰু বতাহৰ দ্বাৰা পিয়াঁজৰ বাকলিৰ দৰে শিলবিলাকৰ পৃষ্ঠাভাগৰ ছাল এৰি যায় তাকে পিয়াঁজী বিচূৰ্ণীভৱন বোলে।

ৰাসায়নিক বিচূৰ্ণীভৱন(chemical weathering)

বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ ফলত শিলাখণ্ডৰ অৱক্ষয় হোৱাকে ৰাসায়নিক বিচূৰ্ণীভৱন বোলে।এই বিক্ৰিয়াসমূহ হ'ল

অংগাৰীকৰণ(carbonation)

বৰষুণৰ পানী বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত মিশ্ৰিত হৈ কাৰ্বনিক এচিডলৈ ৰূপান্তৰিত হয় আৰু চূণশিলৰ ওপৰত প্ৰভাৱ পেলাই।

দ্ৰৱণ(solution)

পানীৰ সংস্পৰ্শত শিলবিলাকত থকা দ্ৰৱীভূত পদাৰ্থবোৰ গলি যোৱা প্ৰক্ৰিয়াকে দ্ৰৱণ বোলে।

জাৰণ

শিলত থকা লৌহজাতীয় মণিকৰ লগত জলীয় ভাপ মিশ্ৰিত হৈ বায়ুমণ্ডলৰ অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়া ঘটি লৌহ কণিকাবোৰ ফেৰাচ হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হয়।

জৈৱিক বিচূৰ্ণীভৱন(biological weathering)

উদ্ভিদ , প্ৰাণী আৰু মানুহৰ দ্বাৰা সংঘটিত হোৱা বিচূৰ্ণীভৱনক জৈৱিক বিচূৰ্ণীভৱন বোলে।

Tags:

বিচূৰ্ণীভৱন ৰ কাৰকসমূহবিচূৰ্ণীভৱন ৰ প্ৰকাৰবিচূৰ্ণীভৱন ভৌতিক (physical weathering)বিচূৰ্ণীভৱন ৰাসায়নিক (chemical weathering)বিচূৰ্ণীভৱন জৈৱিক (biological weathering)বিচূৰ্ণীভৱনমানৱ

🔥 Trending searches on Wiki অসমীয়া:

চাহেবপুৰাৰ বৰষুণনিউটনৰ গতিৰ সূত্ৰপোহৰৰ বেগবুঢ়ী আইৰ সাধুকৃষিজেং বিহুধ্বনিবিজ্ঞানকলগুণাভিৰাম বৰুৱাচানডুবি বিলফিফা বিশ্বকাপপোহৰইউক্লিডবীৰবলবনঘোষামহাযানআজান পীৰখিলঞ্জীয়া লোকলাচিত বৰফুকনঅসমত দেখা চৰাইবোৰবজ্ৰাংগী আইনেপালী জনগোষ্ঠীহিন্দ স্বৰাজযতি-চিনসিন্ধু সভ্যতাশিৱসাগৰ পুখুৰীলখিমী সবাহৰেখাকালিদাসগোলকীয় নাগৰিকত্বঅসমৰ মহকুমাসমূহৰ তালিকাবিজ্ঞানদীপৰ বিলভাৰতীয় সংবিধানডাকৰ বচনঅসমৰ তেল শোধনাগাৰমনোবিজ্ঞানগদ্যৰাভা জনগোষ্ঠীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগামখাৰুসময়ডালিমীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত৩০ মাৰ্চবিহুগীতজুবিন গাৰ্গকৃষ্ণখেৰাইৰমন্যাসবাদসমাজবাদতাল (বাদ্যযন্ত্ৰ)ভূমিদান প্ৰথাৰজনীকান্ত বৰদলৈগৌতম বুদ্ধসিংহভাৰতৰ মুখ্য ন্যায়াধীশআৰ. এম. এছ. টাইটানিকএমিবাঅসহযোগ আন্দোলনজেৰুজালেমবৰদৈচিলাঅসম সাহিত্য সভাভূপেন হাজৰিকাৰ সাহিত্যঅসমৰ পুৰণি স্থাপত্যমানৰ অসম আক্ৰমণঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজয়মতী কুঁৱৰী (নাটক)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহযাদৱ পায়েংশিৱ পুৰাণশাল গছঅম্বুবাচীজয়মতী (২০০৬ চলচ্চিত্ৰ)ৰবীন্দ্ৰনাথ ঠাকুৰ🡆 More