দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। |
কোষ (ইংৰাজী: cell লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে সৰু কোঠা ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত। কোষবোৰ কোষাবৰণে আবৃত্ত কিছু cytoplasmৰে গঠিত যত বহুতো biomolecules যেনে প্ৰটিন আৰু নিউক্লিক এচিড থাকে। অধিকাংশ উদ্ভিদ আৰু প্ৰাণী কোষ ৰশ্মি অণুবীক্ষণৰ দ্বাৰা চাব পৰা যায়। জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক এককোষী জীৱ(unicellular organism) বোলে (যেনে-এমিবা)। আনহাতে বহুতো কোষেৰে গঠিত জীৱবোৰক বহুকোষী জীৱ(multicellular organism) বোলে (যেনে-মানুহ)। বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক।
ভিন্ন সময়ত ভিন্ন বিজ্ঞানীৰ দ্বাৰা কোষ সম্বন্ধে অধ্যয়ন কৰি আহিছিল। ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে।
১৬৬৫ খৃ:ত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰে।
কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছত স্লেইডন আৰু স্ব'ৱানে ১৮৩৯ খৃ:ত কোষ মতবাদ (cell theory) প্ৰৱৰ্তন কৰে। এই মতবাদ মতে প্ৰত্যেক জীৱদেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে। গতিকে,কোষ হ'ল কোনো জীৱদেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)।কোষ মতবাদ মতে প্ৰত্যেক জীৱৰ জীৱনক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়।
কোষ মতবাদৰ মূল বৈশিষ্ট্য চাৰিটা:
কোষ সম্বন্ধে সাম্প্ৰতিক জ্ঞানে কিন্তু কোষ মতবাদক সম্পূৰ্ণভাৱে সমৰ্থন নকৰে। কাৰণ সকলো জীৱদেহ কোষৰদ্বাৰা গঠিত-এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়। ইয়াৰ সপক্ষে যুক্তিবোৰ হ'ল -
বিজ্ঞানীসকলে বিভিন্ন সময়ত কোষ সম্পৰ্কে দিয়া সংজ্ঞা-
জীৱৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়। জীৱজগতৰ আটাইতকৈ ক্ষুদ্ৰতম জীৱকোষ হ'ল মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii) নামৰ এককোষী বেক্টেৰিয়াসদৃশ জীৱ। এইবিলাকৰ ব্যাস হ'ল ০.১μm। বেক্টেৰিয়া কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়। উটপক্ষীৰ কণীয়েই হ'ল আটাইতকৈ ডাঙৰ প্ৰাণীকোষ। ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)। বহুকোষী উদ্ভিদৰ ভিতৰত ৰেমী(ramie-Boehmeria) নামৰ গছৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.। আটাইতকৈ ডাঙৰ এককোষী উদ্ভিদকোষ হ'ল এছিটাবুলেৰিয়া(Acetabularia) নামৰ শেলাইবিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.। মানুহৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ,ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়।
১৯৫৭ খৃ:ত ডগহাৰ্টি(Dougherty) এ সৰ্বপ্ৰথমে কোষকেন্দ্ৰৰ গঠনৰ ওপৰত ভিত্তি কৰি জীৱজগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে। তেওঁ প্ৰকৃত কোষকেন্দ্ৰবিহীন আদিম প্ৰকৃতিৰ কোষক প্ৰকোষকেন্দ্ৰীয় কোষ (Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত কোষকেন্দ্ৰযুক্ত কোষক সংকোষকেন্দ্ৰীয় কোষ (Eukaryotic cell) হিচাপে আখ্যা দিয়ে। আধুনিক জীৱবিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে।
যিবোৰ কোষত সুসংগঠিত কোষকেন্দ্ৰ নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে। যেনে-মাইকা'প্লাজমা,বেক্টেৰিয়া আদি। প্ৰকোষকেন্দ্ৰিয় কোষ বোৰ সাধাৰণতে সৰু হয় আৰু ইয়াৰ ক্ৰমজম এডাল হে থাকে । কোনো জীৱদেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে জীৱক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে। গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
যিবোৰ জীৱৰ কোষত কোষকেন্দ্ৰটো স্পষ্ট আৰু সুসংগঠিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে। এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,ভেঁকুৰ,বেছিভাগ শেলাই,সকলো উন্নত প্ৰকাৰৰ উদ্ভিদ,আৰু প্ৰাণীদেহত দেখা যায়। এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল।এই কোষ বিলাক সাধাৰণতে ডাঙৰ হয় (1-100mm)। ইহঁতৰ এডালতকৈ বেছি ক্ৰমজম থাকে । স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত জীৱক ইউকেৰিঅ'টছ(eukaryotes) বোলে। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।
This article uses material from the Wikipedia অসমীয়া article কোষ (জীৱবিজ্ঞান), which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.