শেলাই

শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে।

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ। ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে। কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়।

শেলাই 
False-color Scanning electron micrograph of the unicellular coccolithophore, Gephyrocapsa oceanica.

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়।

কোষৰ গঠন

শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়। প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত। কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে।

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়। ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে। এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।।

সঞ্চিত খাদ্য

শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে কাৰ্ব'হাইড্ৰেট থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত কাৰ্ব'হাইড্ৰেটৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি। বিভিন্ন ধৰণৰ কাৰ্ব'হাইড্ৰেটৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষত সঞ্চিত খাদ্যৰূপে থাকে।

প্ৰজনন

শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

  1. অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে। বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ প্ৰকৃতিৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে।
  2. অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে। এই ৰেণুবিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি। ,
  3. যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে। মিলিত হোৱা জননকোষ দুটা একে উদ্ভিদ সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে। শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
  • সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে। সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে। https://www.irs.gov/refunds#
  • অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে। অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে।
  • উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে। এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg)টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়।

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

Tags:

শেলাই বাসস্থানশেলাই দেহৰ গঠনশেলাই কোষৰ গঠনশেলাই ৰঞ্জক পদাৰ্থশেলাই সঞ্চিত খাদ্যশেলাই প্ৰজননশেলাই তথ্য সংগ্ৰহশেলাই বাহ্যিক সংযোগশেলাইইংৰাজী ভাষাউদ্ভিদ

🔥 Trending searches on Wiki অসমীয়া:

অযোধ্যা (পৌৰাণিক নগৰ)শিশুশিক্ষা মনোবিজ্ঞানবিশ্ব বেংকঅসমৰ গামোচাআলি আঃয়ে লৃগাংতলাতল ঘৰঅসমমাম্প্‌ছপানীপতঞ্জলিৰ যোগসূত্ৰপাঁচালীবসন্ত ঋতুকৃষ্ণ ভূঞামল্লিকা ফুলবাঁহী (আলোচনী)যোগেশ দাসভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাআলোচনীচ'মাংকানবুঢ়ী আইৰ সাধুমৌলিক সংখ্যাকাৰ্ল মাৰ্ক্সচ্যু-লিক-ফানৱ-বৈষ্ণৱ ধৰ্মশিৱসাগৰৰ শিৱদৌলবুৰঞ্জীঅসমৰ চাহ জনগোষ্ঠীভাৰতীয় চলচ্চিত্ৰসংযুক্ত মুক্তি বাহিনী, অসমশদিয়াএৰিষ্ট'টলএকচেটীয়া বজাৰনিমাতী কইনাৰাম সৰস্বতীচৰিত পুথিঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঔষধি উদ্ভিদভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫মানৱ শৰীৰদুৰ্যোগঅসমৰ সমস্যালোককথাকৌটিল্যৰ অৰ্থশাস্ত্ৰমোৱামৰীয়া বিদ্ৰোহঅসমীয়া জাতিনাৰীবাদতথ্য জনাৰ অধিকাৰ আইন, ২০০৫আমজ্যোতিপ্ৰসাদ আগৰৱালাবলকামৰূপ ৰাজ্যজৱাহৰলাল নেহৰুঅসমৰ মন্ত্ৰ-সাহিত্যশ্ৰীমদ্ভগৱতগীতাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাতগৰবায়ু প্ৰদূষণঅসমৰ সাধুকথাভৌতিক সংস্কৃতিস্তন সংগমমানস ৰাষ্ট্ৰীয় উদ্যানঅংগৰাগ মহন্তনাগালেণ্ডবাঁহীবংগ বিভাজন (১৯০৫)বিৰিঞ্চি কুমাৰ বৰুৱাবিষ্ণুপ্ৰসাদ ৰাভাকামৰূপ জিলাস্বৰাজদেউৰী জনগোষ্ঠীমহাভৈৰৱ মন্দিৰসিংহঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমীয়া কবিতা২৩ এপ্ৰিলকছাৰী ৰাজ্যসন্ধ্যাৰাগ (চলচ্চিত্ৰ)🡆 More