কাৰ্বি আংলং জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত এক প্ৰশাসনিক জিলা। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড ৰাজ্য। ডিফু এই জিলাৰ সদৰ চহৰ। কাৰ্বি আংলং জিলাৰ মাটিকালি ৭,৩৯৯ বৰ্গ কিলোমিটাৰ।

কাৰ্বি আংলং জিলা
—  অসমৰ জিলা  —
কাৰ্বি আংলং জিলা: নামৰ উৎপত্তি, ইতিহাস, প্ৰশাসনীয় বিভাগ
অসমত কাৰ্বি আংলংৰ অৱস্থান
অসমত কাৰ্বি আংলংৰ অৱস্থান
দেশ কাৰ্বি আংলং জিলা: নামৰ উৎপত্তি, ইতিহাস, প্ৰশাসনীয় বিভাগ ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ মধ্য অসম
সদৰ ডিফু
মহকুমা ডিফু, বোকাজান
চৰকাৰ
 - লোকসভা সমষ্টি স্বায়ত্ত্ব শাসিত জিলা
 - বিধানসভা সমষ্টি বোকাজান (১৭), হাওৰাঘাট (১৮), ডিফু (১৯)
মাটিকালি
 - মুঠ ৭,৩৯৯ কি.মি. 
(২,৮৫৬.৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৬,৬০,৯৫৫ জন
 - জনঘনত্ব ৮৯.৩ প্ৰতি বৰ্গ কি.মি. 
(২৩১.৪ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৫৮.২৭% (অবিভক্ত)
 - লিংগ অনুপাত ৯৫৬ (অবিভক্ত)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
যানবাহনৰ নম্বৰ AS-09-X-XXXX
স্থানাঙ্ক 26°11′N 93°34′E / 26.183°N 93.567°E / 26.183; 93.567 93°34′E / 26.183°N 93.567°E / 26.183; 93.567
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

নামৰ উৎপত্তি

কাৰ্বি জনগোষ্ঠী জিলাখনৰ স্থানীয় অধিবাসী। কাৰ্বি ভাষাত 'আংলং' শব্দৰ অৰ্থ হৈছে পাহাৰ, সেয়ে 'কাৰ্বি আংলং' অৰ্থাৎ 'কাৰ্বি লোকসকলৰ পাহাৰ'।

ইতিহাস

ব্ৰিটিছ শাসনৰ আগতে বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ ভূখণ্ড ডিমাচা ৰাজ্যৰ অধীনত আছিল। ১৮৫৪ চনত [তুলাৰাম থাউচেন]ৰ মৃত্যুৰ পাছত কাৰ্বি আংলং জিলা প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ তললৈ আহে আৰু ব্ৰিটিছে ইয়াক 'অনুসূচিত জিলা' আখ্যা দিয়ে। ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি মিকিৰ পাহাৰ অঞ্চলক 'partially excluded areas' হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে বৰ্তমানৰ কাৰ্বি আংলং জিলা, উত্তৰ কাছাৰ জিলা আৰু কাছাৰ, নগাঁও, গোলাঘাট জিলাৰ অংশ বিশেষ আৰু 'সংযুক্ত খাছী আৰু জয়ন্তীয়া পাহাৰ জিলা'ক সাঙুৰি 'সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলা' ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত এই জিলাক দ্বিখণ্ডিত কৰি ক্ৰমে 'মিকিৰ পাহাৰ জিলা' আৰু 'উত্তৰ কাছাৰ জিলা' গঠন কৰা হয়। ১৯৭৬ চনৰ ১৪ অক্টোবৰ তাৰিখে মিকিৰ পাহাৰ জিলাৰ নাম সলনি কৰি কাৰ্বি আংলা জিলা কৰা হয়। ২০১৬ চনত জিলাখনক পুনৰ দুভাগত বিভক্ত কৰি হামৰেণ মহকুমাক লৈ পশ্চিম কাৰ্বি আংলং জিলা নামেৰে এখন নতুন জিলাৰ গঠন কৰা হয়। বাকী থকা অঞ্চল বৰ্তমানৰ কাৰ্বি আংলং জিলাত থাকি যায়।

প্ৰশাসনীয় বিভাগ

কাৰ্বি আংলং জিলাক দুখন মহকুমাত ভগোৱা হৈছে: এখন ডিফু মহকুমা যাৰ অধিনত ডিফু ৰাজহ চক্ৰ আৰু ফুলনি ৰাজহ চক্ৰ আছে। আনখন বোকাজান মহকুমা যাৰ অধিনত চিলনীজান ৰাজহ চক্ৰ আছে।

কাৰ্বি আংলং জিলাত অসম বিধানসভাৰ তিনিখন সমষ্টি আছে: বোকাজান (১৭), হাওৰাঘাট (১৮), ডিফু (১৯)। এই আটাইকেইটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। কাৰ্বি আংলং আৰু ডিমা-হাছাও জিলা সংলগ্ন কৰি স্বায়ত্ত্ব শাসিত জিলা লোকসভা সমষ্টি এটা সংসদীয় সমষ্টি।

ডিফু চহৰ কাৰ্বি আংলং জিলাৰ সদৰ। এই জিলাৰ আন চহৰকেইখন হৈছে বোকাজান আৰু হাওৰাঘাট। অবিভক্ত কাৰ্বি আংলং জিলাৰ সৰ্বমুঠ গাঁৱৰ সংখ্যা ২,৯২৮।

জনগাঁঠনি

২০১১ চনৰ লোকপিয়লৰ সাময়িক তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মুঠ জনসংখ্যা ৬,৬০,৯৫৫ জন। জনবসতিৰ ঘনত্ব ৮৯.৩ জন প্ৰতি বৰ্গ কিলোমিটাৰত। ২০০১ চনৰ তুলনাত অবিভক্ত কাৰ্বি আংলং জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৫৮% আৰু লিংগ অনুপাত ৯৫৬ গৰাকী মহিলা প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে। স্বাক্ষৰতাৰ হাৰ ৫৮.২৭%।

কাৰ্বি আংলং জিলা কেইবাটাও পাৰ্বত্য জনগোষ্ঠীৰ বাসভূমি। ২০১১ চনৰ লোকপিয়ল অনুসৰি অবিভক্ৰ কাৰ্বি আংলং জিলাত অনুসূচিত জনজাতিৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫৬.৩৩%। কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও কাৰ্বিং আংলং জিলাত ৰেংমা নগা, ডিমাছা, বড়ো, কুকি, গাৰো, তিৱা, খাচী, মাৰ, মিজো আৰু চাক্‌মা জনগোষ্ঠীৰ লোক আছে।

প্ৰচলিত ভাষা

কাৰ্বি ভাষী লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও বড়ো, কুকি, অসমীয়া আৰু আইটন ভাষাৰ প্ৰচলন আছে। আইটন ভাষী লোকৰ সংখ্যা প্ৰায় ১৫০০ জন। এই ভাষা শান ভাষাৰ লগত মিলে আৰু লিখা হয় মান (ব্ৰহ্মদেশীয়) লিপিত।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কাৰ্বি আংলং জিলা নামৰ উৎপত্তিকাৰ্বি আংলং জিলা ইতিহাসকাৰ্বি আংলং জিলা প্ৰশাসনীয় বিভাগকাৰ্বি আংলং জিলা জনগাঁঠনিকাৰ্বি আংলং জিলা তথ্য সংগ্ৰহকাৰ্বি আংলং জিলা বাহ্যিক সংযোগকাৰ্বি আংলং জিলাঅসমঅসমৰ জিলাগোলাঘাট জিলাডিফুডিমা হাছাও জিলানগাঁও জিলানাগালেণ্ডপশ্চিম কাৰ্বি আংলং জিলাহোজাই জিলা

🔥 Trending searches on Wiki অসমীয়া:

মাটিৰ হিচাপনাগাৰা নামধৰ্মজয়মতী (১৯৩৫ চলচ্চিত্ৰ)পতঞ্জলিৰ যোগসূত্ৰস্বামী বিবেকানন্দভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকা২০২৪অৰুণোদইহৰিদত্তলোক-সংগীতৰঘুনাথ দাস মহন্তভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাভূমি প্ৰদূষণআৱাহন (আলোচনী)আলি আঃয়ে লৃগাংহনুমান জয়ন্তীলক্ষ্মীধৰ শৰ্মাবাঁহী (আলোচনী)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমহিলাৰ বিৰুদ্ধে হিংসামহাকাব্যহাতীপটিবাঁহীকেতেকীঅতুল চন্দ্ৰ হাজৰিকাকেওঁট জনগোষ্ঠীঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমৰ বাঁহ-বেতৰ শিল্পপঞ্চায়তী ৰাজযাদৱ পায়েংমানৰ অসম আক্ৰমণচুতীয়া ৰাজ্যগগনাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজয়মতী কুঁৱৰীমণিৰাম দেৱানহেম বৰুৱাএইচ টি এম এলঈয়াৰুইঙ্গমঅলিম্পিকঅসমীয়া লোক-সংস্কৃতিৰাষ্ট্ৰসংঘ দিৱসকনকলতা বৰুৱাভাস্কো দা গামাচ্যু-কা-ফাশ্ৰীমন্ত শংকৰদেৱবিষ্ণুৰাম মেধিজৈৱিক কৃষিবিশেষ্য পদশ্ৰীকৃষ্ণকীৰ্তনমোৱামৰীয়া বিদ্ৰোহউত্তৰ-পূব ভাৰতবতাহএণ্ড্ৰইডঅসমৰ ছপাশালধেমাজিচিলাৰায়কমলা মিৰিগৱেষণাএলবাৰ্ট আইনষ্টাইনহস্তমৈথুনছুনামিমাঘ বিহুঅসমৰ চিত্ৰকলাৰ ইতিহাসবহুমূত্ৰ ৰোগমৌলিক সংখ্যাজাপানবিজ্ঞাপনঁ (চন্দ্ৰবিন্দু)শামুকসাঁথৰপুঁজিবাদপ্ৰাগজ্যোতিষপুৰ🡆 More