পূব কাৰ্বি আংলং অভয়াৰণ্য

পূব কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: East Karbi Anglong Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।

পূব কাৰ্বি আংলং অভয়াৰণ্য ( East Karbi Anglong Wildlife) Sanctuary
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান অসম, ভাৰত
মাটিকালি ২২১.৮১ বৰ্গ কিলোমিটাৰ
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

ডিফু চহৰৰপৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত পূব কাৰ্বি আংলং অভয়াৰণ্যই কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ প্ৰায় ২২,১৮১ হেক্টৰ (22১.৮১ বৰ্গ কিঃ মিঃ) বনাঞ্চল আগুৰি আছে। ২০০০ চনৰ ২৭ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনাযোগে মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অৰণ্য অঞ্চল সাঙুৰি লৈ এই বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰে। বনাঞ্চলখন কাৰ্বি আংলং পূৰ্ব সংমণ্ডলৰ অন্তৰ্গত। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই বিশেষে ৮০ৰ পৰা ৫০০ মিটাৰ।

ভৌগিলিক বিৱৰণ

পূব কাৰ্বি আংলং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২১.৮১ বৰ্গকিলোমিটাৰ। ই গুৱাহাটী আৰু যোৰহাটৰ পৰা ক্ৰমান্বয়ে ১৯০ আৰু ১১০ কিমি দুৰত্বত অৱস্থিত।

জলবায়ু

অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ অলপ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৬ চেণ্টিগ্ৰেড।

জৈৱবৈচিত্ৰ্য

উদ্ভিদ

বনাঞ্চলখনৰ অৰণ্যৰাজি প্ৰধানকৈ ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠাইবিশেষে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্য দেখিবলৈ পোৱা যায়। অভয়াৰণ্যখনত শলখ, খকন, ভেলেউ, নাহৰ, পমা, ঔটেঙা, শিলিখা, আম, চেগুন, গমাৰি, কঁঠাল আদিৰ উপৰি বিভিন্ন লতাজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ আদিও উপলব্ধ।

প্ৰাণী

হাতী, বনৰীয়া মেকুৰী, শৰপহু, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।

চৰাই-চিৰিকটি

হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা,গলমণিকা ইত্যাদি।

সৰীসৃপ

ফেঁটীসাপ, পাইথন, পাহাৰীয়া কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

পূব কাৰ্বি আংলং অভয়াৰণ্য ইতিহাসপূব কাৰ্বি আংলং অভয়াৰণ্য ভৌগিলিক বিৱৰণপূব কাৰ্বি আংলং অভয়াৰণ্য জলবায়ুপূব কাৰ্বি আংলং অভয়াৰণ্য জৈৱবৈচিত্ৰ্যপূব কাৰ্বি আংলং অভয়াৰণ্য তথ্য সংগ্ৰহপূব কাৰ্বি আংলং অভয়াৰণ্য বাহ্যিক সংযোগপূব কাৰ্বি আংলং অভয়াৰণ্যঅসমইংৰাজী ভাষাকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰকৃতিবংগ বিভাজন (১৯০৫)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপায়ু সংগমঅসমৰ জনগোষ্ঠীঔষধি উদ্ভিদবুৰঞ্জীহিউমাছশিৱসাগৰৰ শিৱদৌলপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসমৰ পৰম্পৰাগত সাজ- পাৰশ্ৰী শ্ৰী বটদ্ৰৱা থানআত্মজীৱনীৰূপালীমফুলগুৰি ধেৱাঅসমৰ জাতীয় গীতঘৰ শালিকাঅসমত দেখা পোৱা সাপবোৰপাৰিপাৰ্শ্বিক সংঘাতসংস্কৃত ভাষাযতীন্দ্ৰ নাথ দুৱৰামুগা (ৰেচম)অসমীয়া ভাষাবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণচ্যু-কা-ফাঅসমীয়া কবিতাশাল গছনীতি আয়োগকামদেৱঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদপঞ্চভুজযতি-চিনআয়ুৰ্বেদউইলিয়াম শ্বেইকছপীয়েৰহেম বৰুৱা (ত্যাগবীৰ)ভূমি প্ৰদূষণকুলিমৰাণ জনগোষ্ঠীহিমাংশু প্ৰসাদ দাস২০২৩ জি-২০ নতুন দিল্লী সন্মিলনসুন্দৰীদিয়া সত্ৰকামৰূপ জিলামহামায়া ধামপাচনকেঁচুগোৱালপৰীয়া লোকগীতএৰিষ্ট'টললভিতাঅসমীয়া লোকসাহিত্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰশক্তিপ্ৰাকৃতিক পৰিৱেশমণিৰাম দেৱানব্ৰহ্মগুপ্তলুৰিন জ্যোতি গগৈপথেৰ পাঁচালীভাৰত২৫ এপ্ৰিলঅসমৰ ৰাজ্যিক প্ৰতীকসমূহছক্ৰেটিছবিশ্ব স্বাস্থ্য সংস্থাপাঠ পৰিকল্পনাচ'মাংকানৰাইমনা ৰাষ্ট্ৰীয় উদ্যানথমাছ আলভা এডিচনআনন্দ চন্দ্ৰ আগৰৱালাৰাভা জনগোষ্ঠীহীৰেন ভট্টাচাৰ্যতিৱা জনগোষ্ঠীমোহনদাস কৰমচান্দ গান্ধীমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰত-চীন যুদ্ধসংঘাতৰাষ্ট্ৰসংঘভেদাই লতা🡆 More