কাৰ্বি ভাষা

কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। শ্বাফাৰ (১৯৭৪) আৰু ব্ৰেডলীয়ে (১৯৯৭) মিকিৰ ভাষাক এক পথচ্যুত (aberrant) কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে, আনহাতে থাৰগুডে (২০০৩) ইয়াক শ্ৰেণীকৰণ নকৰি চীনা-তিব্বতীয়ৰ মাজত ৰাখিছে। ব্লেঞ্চ আৰু প'ষ্টে (২০১৩) ইয়াক গোটেই ভাষা পৰিয়ালটোৰ সকলোতকৈ গুৰি ভাষাৰ এটা বুলিছে।

কাৰ্বি
আৰ্লেং (Arleng)
অঞ্চল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ
জাতীয়তা কাৰ্বি
স্থানীয় ভাষিক
5,28,503 (2011)
ভাষা পৰিয়াল
Sino-Tibetan
  • কুকি-চীন-নগা?
    • নগা
      • কাৰ্বি
ভাষা সংকেত
ISO 639-3 Either:
mjw – কাৰ্বি
ajz – কাৰ্বি ভৈয়াম (আমৰি)
গ্লোটোলগ karb1240

ধুমুৰালী / কামৰূপ কাৰ্বিৰ বাহিৰে কথিত ভাষাটোৰ স্থানবিশেষে বিশেষ পাৰ্থক্য নাই। মান্য ভাষাৰূপে সাধাৰণতে ডিফু অঞ্চলৰ কথিত ভাষাটোকে ধৰা হয়।

ইতিহাস

উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ ভাষাৰ দৰে কাৰ্বি ভাষাও ৰোমান লিপিৰে আৰু কেতিয়াবা অসমীয়া লিপিৰে লিখা হয়। সকলোতকৈ পুৰণি কাৰ্বি লিখিত পাঠ্যবোৰ আমেৰিকান বাপ্টিষ্ট মিচন আৰু কেথলিক গীৰ্জাৰ খ্ৰীষ্টান মিচনেৰীসকলে উলিয়াইছিল। মিচনেৰীসকলে ১৯০৩ চনত Birta নামৰ এখন কাৰ্বি বাতৰি কাকত ছপাইছিল। ৰেভাৰেণ্ড আৰ ই নেইবৰৰ ১৮৭৮ চনত প্ৰকাশিত 'Vocabulary of English and Mikir, with Illustrative Sentences' ক প্ৰথম কাৰ্বি অভিধান বুলিব পাৰি। চাৰ্ড'কা পেৰিন কে'ৰ ১৯০৪ চনত প্ৰকাশিত 'English–Mikir Dictionary' , ছাৰ চাৰ্লছ লিয়াল আৰু এডৱাৰ্ড ষ্টেকৰ ১৯০৮ চনত প্ৰকাশিত কাৰ্বিসকলৰ জনগোষ্ঠীয় বিৱৰণৰ প্ৰথম দলিল The Mikirs আৰু গি ডি ৱাকাৰৰ ১৯২৫ চনৰ 'A Dictionary of the Mikir Language' আদিবোৰ কাৰ্বি লোক, ভাষা আৰু ব্যাকৰণৰ কেইখনমান পুৰণি গ্ৰন্থ।

কাৰ্বিসকলৰ কথিত ভাষাও চহকী। ইয়াৰে এক উদাহৰণ ম'চেৰা (Mosera বা অতীতৰ সোঁৱৰণ) য'ত কাৰ্বিসকলৰ উৎপত্তি আৰু প্ৰব্ৰজন বৰ্ণনা কৰা হয়।

ভিন্নতা

ক'নাৰ্থে (২০১৪)কাৰ্বি ভাষাৰ দুটা ৰূপ আঙুলিয়াই দিছে।

ধ্বনি

কাৰ্বি ভাষাত সাতটা স্বৰবৰ্ণ আৰু উনৈছটা ব্যঞ্জনবৰ্ণ উচ্চাৰণ হয় (দুয়োটা মিলি ছাব্বিছটা)। স্বৰবৰ্ণবোৰৰ হস্ৰ আৰু দীৰ্ঘৰ পাৰ্থক্য নাই। তলৰ তথ্যসমূহ ক'নাৰ্থৰ (২০১৭) পৰা উদ্ধৃত।

ব্যঞ্জনবৰ্ণ

আৰম্ভণিৰ ব্যঞ্জনবৰ্ণ

ওষ্ঠ্য দন্তমূলীয় তালব্য পশ্চতালব্য কণ্ঠনালীয়
বিৰাম অল্পপ্ৰাণ-কণ্ঠীয় p t c k
অল্পপ্ৰাণ-অকণ্ঠীয় b d ɟ~j
মহাপ্ৰাণ pʰ~ɸ
উষ্ম β~w s h
নাসিক্য m n
লুঠিত r~ɾ
সমকাৰক l ɟ~j


শেষৰ ব্যঞ্জনবৰ্ণ

দ্বৌষ্ঠ্য দন্তমূলীয় তালব্য পশ্চতালব্য কণ্ঠনালীয়
বিৰাম p t k
নাসিক্য m n ŋ
লুঠিত r~ɾ~ɹ

স্বৰবৰ্ণ

  প্ৰান্তীয় কেন্দ্ৰীয় মূলীয়
উচ্চ /i/ /u/
উচ্চ-মধ্য /e/ /o/
নিম্ন /a/
কাৰ্বিৰ যুক্তাক্ষৰ (ei) ai oi ui

শব্দাংশৰ গঠন

কাৰ্বি শব্দাংশ মুক্ত (C)(C)V(V) বা বন্ধ (C)(C)VC হ'ব পাৰে। এনেধৰণৰে ব্যঞ্জন গোটৰ সংযোগ হ'ব পাৰে: /pl pr pʰl pʰr tʰr kl kr kʰr/.

অসমীয়াৰ প্ৰভাৱ

কাৰ্বি ভাষাত বহুতো অসমীয়া মূলৰ শব্দ পোৱা যায়। কাৰ্বি উচ্চাৰণৰে বহুকেইটাই অন্য ৰূপ লৈছে। যেনে- চাৰিজন বুঢ়া> চাৰবুৰা, ঘৰ> কহৰ, মধুৰী আম> মাদুৰাম, ঘণ্টা> খন্তা আদি। কিতাপ, আলহী, আপদ, কেৰাহী আদি শব্দ একে ৰূপতে ব্যৱহাৰ হয়।

শব্দ গঠন

মিচিং ভাষাত দুটা শব্দৰ সংযোগত নতুন এটা শব্দৰ গঠন হোৱাৰ দৰে কাৰ্বি ভাষাতো এনে উদাহৰণ পোৱা যায়। এনেকৈ সৃষ্টি হোৱা নতুন শব্দটোত সাধাৰণতে মূল শব্দ দুটাৰ প্ৰথম অংশকেইটা লোপ পায় আৰু দ্বিতীয় অংশকেইটা ৰৈ যায়। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। উদাহৰণস্বৰূপে- আৰলং+ কেচৰ= লংচৰ, তমন+ কেদেং= মনদেং, কিন্তু থেংপি+ আফাং= থেংফাং, কেল'ক+ পিক= লক্‌পিক আদি।

কাৰ্বি বাক্য

ড° অৰ্পণা কোঁৱৰৰ প্ৰবন্ধৰ পৰা লোৱা কিছুমান কাৰ্বি ভাষাৰ বাক্য তলত দিয়া হ'ল -

  • নে আন চ’ - মই ভাত খাওঁ
  • চাইনং বাপচ’ - গৰুৱে ঘাঁহ খায়
  • লা কিতাপ ত’ক - সি কিতাপ লিখে
  • নে নাং ফান নিং দ’ক - মই তোমাক ভাল পাওঁ
  • নে ফান মাৰৱে এপুম - মোক এটা আম দিয়া
  • চহাং-চৰেক আকান ছাং চিকিপ ইছি পিথা - ভিক্ষাৰীক চাউল এমুঠি দিয়া
  • নে কলম পেনছি ত'ক - মই কলমেৰে লিখোঁ
  • নে হেম দামজি - মই ঘৰলৈ যাম
  • নে বজাৰ পেনছি অ'ক নাম - ম‍ই বজাৰৰ পৰা মাছ আনিছোঁ
  • দিফুছি বাজাৰ দ' - দিফুত এখন বজাৰ আছে
  • হি থাই আলং হন-হনথা আৱে - বজাৰত শাক-পাচলি নাই

ভৌগোলিক বিতৰণ

কাৰ্বি ভাষা উত্তৰ-পূব ভাৰতৰ এই ঠাইসমূহত কোৱা হয়।


তথ্যসূত্ৰ

Tags:

কাৰ্বি ভাষা ইতিহাসকাৰ্বি ভাষা ভিন্নতাকাৰ্বি ভাষা ধ্বনিকাৰ্বি ভাষা অসমীয়াৰ প্ৰভাৱকাৰ্বি ভাষা শব্দ গঠনকাৰ্বি ভাষা কাৰ্বি বাক্যকাৰ্বি ভাষা ভৌগোলিক বিতৰণকাৰ্বি ভাষা তথ্যসূত্ৰকাৰ্বি ভাষাউত্তৰ-পূব ভাৰতকাৰ্বি জনগোষ্ঠীচীনা-তিব্বতীয় ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বৰাইল পৰ্বতৰুক্মিণী হৰণ নাটঅসম আন্দোলনমণিকুন্তলা ভট্টাচাৰ্যআহোম জনগোষ্ঠীজাহানাৰা শ্বাহনৱাজৰমন্যাসবাদচেৰা-বিহুযোৰহাট (লোকসভা সমষ্টি)বচন (ব্যাকৰণ)বৰগীতহাবুংসৌৰজগতঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাগেইম্‌ল'ফ্টভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসমাজমোহনদাস কৰমচান্দ গান্ধীৱিকিমিডিয়া ফাউণ্ডেশ্যনকৰ্কট ক্ৰান্তিবাঁহীমহাকাব্যমানচিত্ৰগোলাঘাটনামঘৰসাপপদ্মনাথ গোহাঞি বৰুৱাভাৰত ত্যাগ আন্দোলনবিহুৰ বাদ্যযন্ত্ৰমাধৱ কন্দলিবিষ্ণুপ্ৰসাদ ৰাভাব্যষ্টিবাদী অৰ্থনীতিমাৰ্ক্সবাদৰত্নকান্ত বৰকাকতীমায়ংথাইৰইড হৰম'নবিহু নৃত্যপ্ৰেমচন্দমণিৰাম দেৱানদেউৰী জনগোষ্ঠীপৰ্বতকলাখাৰঅশোকৰ অনুশাসনকীৰ্তন ঘোষা সংকলনলক্ষ্মীধৰ শৰ্মামিচিং জনগোষ্ঠীপিঠাপৰ্যটনফাট বিহুমুদ্ৰামেজিশিৱসাগৰৰ শিৱদৌললোকাচাৰআধুনিকতাবাদগৱেষণাস্বামী বিবেকানন্দগুৰু আসনসাহিত্য অকাডেমি বঁটাঅসমীয়া লোক-সংস্কৃতিঅসমৰ বনৌষধিঅসমৰ কাঁহ শিল্পকোষ (জীৱবিজ্ঞান)পুথিভঁৰালকৃষ্ণচূড়াশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পতঞ্জলিৰ যোগসূত্ৰআমেৰিকা যুক্তৰাষ্ট্ৰভীমৰাও ৰামজী আম্বেদকাৰশিৱসাগৰ জিলাধাতু আৰু অধাতুআপেলমোৰ জীৱন সোঁৱৰণ🡆 More