কপিলীপৰীয়া সাধু (ইংৰাজী: Kopilipariya Xadhu) হৈছে অসমৰ কবি-সাহিত্যিক-গীতিকাৰ নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত প্ৰথমখন উপন্যাস। গ্ৰন্থখন ১৯৫৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।গ্ৰন্থখনত মানৱীয় প্ৰেম, সংগ্ৰাম আৰু সংঘাত, ভাগ্য আৰু ব্যস্ততা, কল্পনা আৰু বাস্তৱ, বিশ্বাস-অন্ধবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আদি সকলোৰে সমাহাৰ ঘটিছে। কপিলীপৰীয়া সাধু কপিলীপাৰৰ জীৱন যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰা প্ৰথমখন উপন্যাস।
কপিলীপৰীয়া সাধু | |
---|---|
গ্ৰন্থখনৰ বেটুপাত | |
লেখক | নৱকান্ত বৰুৱা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশক | লয়াৰ্ছ |
প্ৰকাশ | ১৯৫৩ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ হিচাপে জনপ্ৰিয় নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেখেতে সাহিত্য অকাডেমি, অসম উপত্যকা বঁটাকে ধৰি একাধিক বঁটা-সন্মান লাভ কৰে। ১৯৭৬ চনত তেখেতক পদ্মভূষণ প্ৰদান কৰা হৈছিল। হে অৰণ্য হে মহানগৰ, কপিলীপৰীয়া সাধু, শিয়ালী পালেগৈ ৰতনপুৰ, ৰাৱণ আদি তেখেতৰ উল্লেখযোগ্য সৃষ্টি।
গ্ৰন্থখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানী, বানবিধ্বস্ত নৈ পৰিয়ালৰ দুৰ্যোগ, সুবিধাবাদীসকলৰ ভ্ৰষ্টাচাৰ আদিকে ধৰি বানৰ লগত জড়িত কিছুমান আনুষংগিক বিষয়ক সামৰি লৈছে। কপিলী নদী গ্ৰন্থখনৰ অন্যতম বিষয়বস্তু বুলি ক'ব পাৰি।
“ক্ৰন্দসী’। আকাশৰো নাম। আকাশে কান্দে। খাচিয়া পাহাৰত বৰষুণ হয়। বৰাপানী উপচি পৰে। জয়ন্তীয়া পাহাৰত মনচুন নামে।” এনেদৰে আৰম্ভ হোৱা “কপিলীপৰীয়া সাধু”খন সাধাৰণ উপন্যাসতকৈ ব্যতিক্ৰমী গদ্যশৈলীৰে লিখিত। কাব্যিক সুৰৰ দৰে পঢ়িবপৰা এই গদ্যক “স্পন্দিত গদ্য” বুলি অভিহিত কৰা হয়। নাতিদীৰ্ঘ উপন্যাসখনিৰ নায়ক মনচিঙৰ নাতি, ধীৰচিঙৰ পুতেক ৰূপাই। ৰজা পোৱালিৰ ঘৰৰ ল’ৰা হ'লেও কপিলী পাৰৰ নগাঁৱৰ বেথাৰাম পণ্ডিতৰ ‘পাতচেলা ইচকুল’ত পঢ়া ৰূপাইৰ পঢ়াতকৈ কাষেদি বৈ যোৱা কপিলীৰ প্ৰতিহে ধাউতি বেছি। দুখীয়া বাপেকে বৃত্তিৰ বাবে নগৰৰ বঙালী উকীল এজনৰ ঘৰত ৰাখি পঢ়ুৱাইছিল। অৱশ্যে দৰিদ্ৰতাৰ বাবে শিক্ষা আধৰুৱা হয়। নগৰত থাকোঁতে স্বৰাজৰ আন্দোলনতো যোগ দি ৰূপায়ে জেল খাটিবলগীয়া হ’ল। জেলত থাকোঁতেও ৰূপাইৰ কপিলীলৈ মনত পৰি থাকে। জেল'ত বহুতো লোকৰ লগত তাৰ সংযোগ ঘটিল। তাৰে ভিতৰত সত্যাগ্ৰহী তিলক গোঁসাইৰ পৰা গান্ধীজীৰ সত্যাগ্ৰহ, অহিংসা নীতি, স্বদেশ প্ৰেম আদি ভালেমান জ্ঞান লাভ কৰে। জেলৰপৰা ওলাই ৰূপাইয়ে আপোন গাঁওখনলৈ আহি বন্ধ হৈ যোৱা স্কুলখন পুনৰ্নিমাণত লাগে, খেতি-বাতি, পঢ়াশালি পতা আদি কামত মন দিলে। ৰূপাইৰ মৰমৰ কপিলী নৈৰ এবাৰ প্ৰবল বানে ৰূপাইহঁতৰ গাঁওখনৰ চিনচাব নোহোৱা অৱস্থাৰ সৃষ্টি কৰাৰ সময়ত বানপানী প্ৰপীড়িত সাহায্যৰ বাবে, উদ্ধাৰৰ বাবে অহা চৰকাৰী বিষয়াৰ লগত ৰূপাইও সহযোগ কৰিলে। তেনে সময়তে অভূতপূৰ্ব বানপানীৰ মাজত পানীয়ে উটাই অনা গাভৰু সোণপাহীক উদ্ধাৰ কৰে। সোণপাহীৰ সৈতে সংযোগ, ধীৰচিঙৰ মৃত্যুৰ সময়ত সি ধীৰচিঙৰ ল’ৰা নহৈ কপিলীত উটি অহা ল’ৰা বুলি জানিবলৈ পোৱা, মনৰ দুখত কপিলীকে মাতৃজ্ঞান কৰি কপিলীৰ বুকুতে আত্মজাহ দিয়া কিন্তু সোণপাহীৰ পৰিয়ালৰ লোকে তাক উদ্ধাৰ কৰা, এইবোৰ ঘটনাৰ পিছতে কপিলীক লৈ বলিয়া, দুৰ্বাৰ টান থকা ল’ৰাটোৱে প্ৰতিটো কথাই ‘কপিলী’ৰ ‘অন্তৰাত্মা’ৰ আহ্বান হিচাপে গ্ৰহণ কৰিবলৈ ধৰিলে। মাক ৰাঙলীৰ ওচৰলৈ ঘূৰি যোৱাৰ পিছতো সোণপাহীৰ লগত তাৰ নিবিড় গোপন প্ৰেমৰ সম্পৰ্ক চলি থাকিল। কিন্তু নিজৰেই পৰিচয় নথকা ৰূপায়ে প্ৰেমিকা সোণপাহীক পত্নীৰূপে চিন্তিব নোৱাৰাত অন্তঃসত্বা সোণপাহীয়ে কপিলীৰ বুকুত ৰহস্যময়তাৰ মাজত সোমাই ৰূপাইক এৰি গ’ল। শেষত সোণপাহীৰ মৃত্যুক ৰূপায়ে কি ভাবে গ্ৰহণ কৰিছে তাতো জড়িত হৈ আছে কপিলী নৈৰ কথা। শেষত মাকৰ কথামতেই বিয়াৰ বাবে প্ৰস্তুত বুলি বসু গোঁসাইক জনোৱাত বসুৰ বাবে সেইয়া এক ৰহস্য হৈয়েই থাকিল। এনে এক কৌতূহলী প্ৰেক্ষাপটতে উপন্যাসখনিৰ সামৰণি পৰিছে।
This article uses material from the Wikipedia অসমীয়া article কপিলীপৰীয়া সাধু, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.