আদা: উদ্ভিদৰ প্ৰজাতি

আদা (ইংৰাজী: Ginger) এবিধ শিপাজাতীয় উদ্ভিদ যাৰ শিপা সাধাৰণতে মছলা আৰু বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়।এই উদ্ভিদজোপা দক্ষিণ-পূব এছিয়াৰ থলুৱা যদিও বৰ্তমান বিশ্বৰ আন বহু ঠাইত ইয়াৰ খেতি কৰা হয়। আদাত থকা ৰাসায়নিক যৌগ (chemical compounds) সমূহে ইয়াৰ সোৱাদক ফুৰফুৰীয়া, জ্বলা–পোৰা আৰু উত্তেজক ধৰণৰ কৰিছে।

খেতি প্ৰণালী

ঔষধিযুক্ত আদা গছৰ গাৰ বৰণ সেউজীয়া, পাতৰ বৰণ ঘন সেউজীয়া আৰু ইয়াৰ পাতবোৰ দীঘলীয়া আকৃতিৰ। আদাৰ গছ ২ পৰা ৩ ফুট ওখ থাকে। আদাৰ ভিতৰৰ অংশৰ বৰণ পাতল হালধীয়া। মছলাজাতীয় উদ্ভিদ হিচাপে আদাৰ বৃহৎ পৰিমাণে খেতি কৰা হয়। সাধাৰণতে ব'হাগ-জেঠত আদা ৰুই সচৰাচৰ আঘোণ-পুহ মাহত চপোৱা হয়। আদা খেতি ডিচেম্বৰত চপোৱাৰ পাছত আদখিনি এপ্ৰিল-মে মাহলৈ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে আৰু তাৰ পিছত অংকুৰণ হয় আৰু উৎপাদন হ্ৰাস পায়।

কৃষকসকলে কোঠাৰ এটা চুকত দম কৰি আদাবোৰ মজুত কৰে। নাইবা খেৰি ঘৰৰ চুকত আদখিনি দমাই ৰাখি ওপৰত বালি অৰু শুকান ডাল-পাতেৰে ঢাকি থয়। কিছুমানে আকৌ ঘৰৰ কাষতে থকা গছৰ তলত গাঁত কৰিও আদা মজুত কৰি ৰাখে। আন কিছুমানে কেইশাৰীমান আদা পথাৰৰে এচুকত ৰাখি থয় আৰু এপ্ৰিল মাহত চপাই পুনঃ কঠীয়া হিচাপে ব্যৱহাৰ কৰি আদা লগায়।

আদা উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম। ভাৰতীয় আদা পৃথিৱীৰ ভিতৰত অতি উৎকৃষ্ট আৰু ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতেই ইয়াৰ ৭০ শতাংশ উৎপাদন হয়। অসমৰ জলবায়ু আৰু মাটি আদা খেতিৰ বাবে অতি উত্তম। অসমত প্ৰায় ১৭,৮৭০ হেক্টৰ মাটিত আদা খেতি কৰা হয় আৰু তাৰ পৰা প্ৰায় ১,১৪,৪০৮ টন আদা উৎপাদন হয়। অসমৰ কাছাৰ জিলাই আদা উৎপাদনত প্ৰথম স্থান অধিকাৰ কৰি আছে।

ঔষধিয় গুণাগুণ

গৱেষক সকলৰ মতে আদাক কমেও পাঁচ হেজাৰ বছৰ ধৰি ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ লগতে এণ্টি-ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট, এণ্টিমাইক্ৰ’বিয়াল বৈশিষ্ট্য আছে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। পৰম্পৰাগতভাৱে ইয়াক বমি, বমি, আৰু বদহজম আদি পাচনতন্ত্ৰৰ সমস্যাৰ লগতে মূৰৰ বিষ, চৰ্দি, ঋতুস্ৰাৱৰ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ‌ আদাৰ উপয়োগে মাংস পেশীৰ বিষৰ পৰাও মুক্তি দিয়ে।

আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ আদা বহুলভাৱে ব্যৱহৃত হয়। আয়ুৰ্বেদ শাস্ত্ৰমতে আদা এবিধ দীপনীয় ঔষধি অৰ্থাৎ ই ভোক বঢ়োৱাত সহায় কৰে। বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে বহুতো ঔষধৰ উৎপাদনত আদাৰ ব্যৱহাৰ হয়।

ৰন্ধনত ব্যৱহাৰ

ৰান্ধনীঘৰৰ দৈনিক ব্যৱহৃত হোৱা মছলা বিধেই হ’ল আদা। আদাৰ ব্যৱহাৰে ব্যঞ্জনক সুস্বাদু কৰি তোলে। শুকান আদা বহুদিন সংৰক্ষণ কৰি ৰাখিব পাৰি।

আদা চাহ, পৰিপূৰক বা খাদ্য হিচাপে বহু ৰূপত সেৱন কৰিব পাৰি। সাধাৰণতে ইয়াক মধ্যমীয়া পৰিমাণে সেৱন কৰিলে বেছিভাগ মানুহৰে বাবে নিৰাপদ বুলি গণ্য কৰা হয়, কিন্তু কিছুমান লোকৰ পাৰ্শ্বক্ৰিয়া যেনে কলিজা, ডায়েৰিয়া বা এলাৰ্জিৰ প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে।

তথ্য সংগ্ৰহ

Tags:

আদা খেতি প্ৰণালীআদা ঔষধিয় গুণাগুণআদা ৰন্ধনত ব্যৱহাৰআদা তথ্য সংগ্ৰহআদাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

যোগিনী তন্ত্ৰবাথৌ ধৰ্মপাঠ পৰিকল্পনাভোলানাথ দাসঋতুঅষ্ট্ৰেলিয়া (মহাদেশ)কুশান নৃত্য২ মে'ৰাতি বিহুৰংবং তেৰাংগগনালোকসভাৰ অধ্যক্ষঅৰুণোদইমাটি আখৰাযুগ্ম সংখ্যাউদ্ভিদআহোম ধৰ্মঅসমৰ তামোল-পাণ সংস্কৃতিতামিলনাডুমোৰ জীৱন সোঁৱৰণসমাজঅসমৰ লোকবাদ্যপঞ্চভুজগড়গাঁওমহাভাৰতৰ পাত্ৰগায়ত্ৰী মহন্ততোলনি বিয়াপদুমশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাধৰ্মপঃৰাগখেৰাইবেটুপাতহৰিশংকৰ ব্ৰহ্মশব্দ প্ৰদূষণৰাৱণঘৰচিৰিকাউইলিয়াম শ্বেইকছপীয়েৰনামেৰি ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপিঠালাভলীনা বৰগোহাঁইশালস্তম্ভ ৰাজবংশসমাজবাদথাই ভাষাতেজমাজুলীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাদূৰবীক্ষণ যন্ত্ৰদিছপুৰহেমচন্দ্ৰ বৰুৱাভট্টদেৱআজান পীৰঅসমৰ জনগোষ্ঠীগুৱাহাটীঅসমীয়া গীতি সাহিত্যবহুভাষাবাদকেতেকীসন্ধিমানৰ অসম আক্ৰমণঅৰুন্ধতী দেৱীজীৱবৈজ্ঞানিক বৰ্গীকৰণতুলসীকাল সংহতিব্ৰহ্মপুত্ৰ উপত্যকাপদ্মনাথ গোহাঞি বৰুৱাসোণোৱাল কছাৰীশিশু সাহিত্যমহীচন্দ্ৰ মিৰিবৌদ্ধ ধৰ্মঅৰূপা পটংগীয়া কলিতাকৰবী ডেকা হাজৰিকাসূত্ৰধাৰ নৃত্য🡆 More