হেটুলুকা: চৰাইৰ প্ৰজাতি

হেটুলুকা (ইংৰাজী: Barbet) ভাৰত উপমহাদেশৰ উত্তৰৰ অঞ্চলসমূ্ত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ হিমালয়ৰ নামনি, বাংলাদেশ আৰু পশ্চিমবংগত বিস্তৃত হৈ আছে৷

হেটুলুকা (Barbet)
হেটুলুকা: বিৱৰণ, প্ৰজাতি, বিতৰণ তথা বাসস্থান
কলিকতাত এটা হেটুলুকা চৰাই
সংৰক্ষণ স্থিতি
হেটুলুকা: বিৱৰণ, প্ৰজাতি, বিতৰণ তথা বাসস্থান
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Piciformes
পৰিয়াল: Megalaimidae
গণ: Megalaima
প্ৰজাতি: M. lineata

বিৱৰণ

প্ৰজাতি

হেটুলুকা কেইবা প্ৰজাতিৰ দেখা যায়।

(১) ঘোংকোলোং হেটুলুকা (ইংৰাজীঃ Lineated Barbet, বৈজ্ঞানিক নাম-Megalaima lineata)

(২) নীলকণ্ঠী হেটুলুকা (ইংৰাজীঃ Blue-Throated Barbet, বৈজ্ঞানিক নাম-Magalaima asiatica)

(৩) বৰ হেটুলুকা (ইংৰাজীঃ Great Barbet,বৈজ্ঞানিক নাম-Magalaima virens)

(৪) বসন্ত চৰাই (ইংৰাজীঃ Coppersmith Barbet,বৈজ্ঞানিক নাম-Magalaima haemacephala)

(৫) সোণালীকণ্ঠী হেটুলুকা (ইংৰাজীঃ Golden Throated Barbet,বৈজ্ঞানিক নাম-Magalaima franklinii)

বিতৰণ তথা বাসস্থান

(১) ঘোংকোলোং হেটুলুকা - প্ৰায় ২৪ ছেণ্টিমিটাৰ ডাঙৰ আকাৰৰ এইবিধ হেটুলুকা হিমালয়ৰ পাদদেশৰ পৰা পূব আৰু উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়।মূৰৰপৰা বুকুলৈকে ডাঠ বগা আঁচ থাকে।থুঁতৰিৰপৰা ডিঙিলৈকে পাতল বগা ৰঙৰ হয়।গাৰ তলৰ অংশ কেতিয়াবা পাতল মটীয়া বৰণৰ দেখা যায়। চকুৰ চাৰিওকাষ আৰু ঠোঁট হালধীয়া ৰঙৰ হয়।

(২) নীলকণ্ঠী হেটুলুকা - প্ৰায় ২৩ ছেণ্টিমিটাৰ , মজলীয়া আকাৰৰ হেঁটুলুকা বিধৰ আগমূৰ ৰঙচুৱা মুকুটৰ দৰে হয়।মুখ,ডিঙি আৰু বুকুৰ ওপৰ ভাগ নীলা বৰণৰ হয়। ঠোঁটটো ডাঙৰ আৰু পাতল ধোঁৱা বৰণীয়া হয়। হিমালয়ৰ লগতে উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়।

(৩) বৰ হেটুলুকা - এইবিধ হেঁটুলুকা প্ৰায় ৩৩ ছেণ্টিমিটাৰ ডাঙৰ আকাৰৰ দেখিবলৈ পোৱা যায়। হিমালয়ৰ লগতে উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়। ইহঁতৰ মূৰ বেঙুনীয়া-নীলা বৰণৰ হয়। ঠোঁটটো ডাঙৰ শেঁতা হালধীয়া হয়।বুকুখন মটীয়া আৰু পেটৰ তললৈকে হালধীয়াৰ পৰা ৰঙচুৱা দেখা যায়।

(৪) বসন্ত হেটুলুকা - ১৭ ছেণ্টিমিটাৰৰ সৰু আকাৰৰ এইবিধ হেটুলুকা সমগ্ৰ ভাৰততে বহুলভাৱে বিস্তৃত হৈ আছে। উজ্জ্বল বৰণৰ আৰু মূৰৰ আগৰখিনি ৰঙচুৱা হয়।বুকুতো ৰঙা দাগ থাকে। চকুৰ চাৰিওভাগ হালধীয়া আৰু ডিঙিও হালধীয়া হয়।মতা আৰু মাইকী দুয়োটা দেখাত একে হয়।ভৰি দুখন ঈষৎ ৰঙা হয়।

(৫) সোণালীকণ্ঠী হেটুলুকা - প্ৰায় ২৩ ছেণ্টিমিটাৰৰ মজলীয়া আকাৰৰ চৰাইবিধ হিমালয়ৰ পাদদেশৰ লগতে উত্তৰ পূব ভাৰত আৰু দক্ষিণ - পূব এচিয়ালৈ বিস্তৃত হৈ আছে। চুটি ডিঙিৰ মজলীয়া আকাৰৰ চৰাইবিধৰ মূৰৰ ওপৰৰ মাজৰ অংশ হালধীয়া মুকুটৰ দৰে হয় আৰু ডিঙিও হালধীয়া হয়। ঠোঁট,ভৰি ডাঠ ৰঙৰ হয় আৰু গাল দুখন পাতল ধোঁৱা বৰণীয়া বগা হয়।

আচৰণ

ই প্ৰধানকৈ ফলভোজী চৰাই৷ হেটুলুকাই গছৰ খোৰোঙত বাহ সাজি বাস কৰে৷

(১) ঘোংকোলোং হেঁটুলোকা - এইবিধ হেঁটুলোকাই নিৰসভাৱে কটুৰ কটুৰকৈ মাত মাতে আৰু মুকলি পৰ্ণপাতী বনাঞ্চল,কাঠনিৰ লগতে ৰাস্তাৰ কাষৰ ফল,গুটি থকা গছতো দেখা যায়। ফল-মূলৰ লগতে পোক-পতংগৰ ওপৰতে খাদ্য ভ্যাস নিৰ্ভৰশীল।

(২) নীলকণ্ঠী হেঁটুলুকা- এইবিধ হেঁটুলুকাৰ মাত ডাঙৰ হয় আৰু ঘনকৈ টুক-এ-ৰুক টুক-এ-ৰুককৈ মাতে।

(৩) বৰ হেঁটুলুকা - ইহঁতৰ মাত ডাঙৰ,বহু দূৰৈৰপৰা পিহো পিহোকৈ দিনটো শুনা যায়। সাধাৰণতে অকলশৰীয়াকৈ আৰু কেতিয়াবা জাকত পাঁচ-ছটাকৈও দেখা পোৱা যায়।

(৪) বসন্ত চৰাই - ইহঁতৰ মাত টুক টুককৈ দোহৰাই থকাৰ দৰে হয়। মুকলি কাঠনি, বনাঞ্চল আদিৰ লগতে ঘৰৰ কাষৰ বাগিচাৰ গছৰ ওপৰত বহি মাতি থকা দেখা যায়।

(৫) সোণালীকণ্ঠী হেঁটুলুকা - ইহঁতৰ মাত তীক্ষ্ণ আৰু মতা চৰাইবিধৰ মাত ডাঙৰ - পুকৌক পুকৌককৈ পুনৰাবৃত্তি কৰি থকাৰ দৰে হয়।সেমেকা ওখ বহল পাতৰ উষ্ণ বনাঞ্চল আদি ঠাইত বাস কৰে।

খাদ্য

এই চৰাইবিধ সাধাৰণতে ফল-মূলৰ লগতে পোক-পতংগৰ ওপৰত নিৰ্ভৰশীল।

তথ্যসূত্ৰ

আলোকচিত্ৰৰ ভঁৰাল

Tags:

হেটুলুকা বিৱৰণহেটুলুকা প্ৰজাতিহেটুলুকা বিতৰণ তথা বাসস্থানহেটুলুকা আচৰণহেটুলুকা খাদ্যহেটুলুকা তথ্যসূত্ৰহেটুলুকা আলোকচিত্ৰৰ ভঁৰালহেটুলুকা

🔥 Trending searches on Wiki অসমীয়া:

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসশিক্ষক দিৱসছ'ভিয়েট সংঘযতি-চিনহলায়ুধস্বাধীনতা দিৱস (ভাৰত)মানুহমামৰে ধৰা তৰোৱালসৌৰজগতআলেকজেণ্ডাৰ ফ্লেমিংতলাতল ঘৰঅসমত দেখা পোৱা মাছৰ তালিকাঅসমৰ পুৰণি স্থাপত্যআহোম ৰাজ্যসংবিধান দিৱস (ভাৰত)বেলি ফুলমাজুলীঅসমত দেখা পোৱা সাপবোৰমণিপুৰপাৰিজাত হৰণ নাটপুথিভঁৰালভাৰতৰ প্ৰধানমন্ত্ৰীভাওনাখামটি জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জীকৃষ্ণকান্ত সন্দিকৈঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিগোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ ইতিহাসপ্ৰাকৃতিক পৰিৱেশসাধুকথামূলা গাভৰুগায়ন-বায়নভাৰতীয় সাহিত্যবেদশক্তিখামটি ভাষাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়বিচূৰ্ণীভৱনঅসমৰ ধান খেতিৰ সঁজুলিসমূহশ্ৰীমদ্ভগৱতগীতাচৰ্যাপদইলন মাস্ক্ফকৰা যোজনাযতীন্দ্ৰ নাথ দুৱৰাজন গণ মনবহনক্ষম ভূমি ব্যৱস্থাপনামানৰ অসম আক্ৰমণপথৰুঘাটৰ ৰণজয়মতী (১৯৩৫ চলচ্চিত্ৰ)চ্যু-কা-ফাকপৌ ফুলৰাম বিজয়পৰিৱেশ তন্ত্ৰকাঞ্চন (উপন্যাস)২৭ এপ্ৰিলপ্ৰাচীন গ্ৰীচজাভাকামৰূপী লিপিমহাসাগৰম'হৰ শিঙৰ পেঁপাজণ্ডিছসংখ্যাঅসমীয়া ভাষা আন্দোলনঅসমৰ নদীসমূহৰ তালিকাকম্পিউটাৰসমোচ্চাৰিত শব্দজাতীয়তাবাদপ্ৰেমচন্দঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাসূৰ্যবৰষুণৰুবুল মাউতভগদত্তশামুক🡆 More