হাইকু

হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে:

  • হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ , যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়। 'কিৰেজি'য়ে চিত্ৰকল্প বা ধাৰণা দুটাক লগ কৰাৰ উপৰিও নিৰ্ণয় কৰে সেই উপাদান কেইটা কি অৰ্থত সাঙোৰা হৈছে।
  • হাইকুৰ পৰম্পৰাগত ৰূপত সোতৰটা 'মাত্ৰা' থাকে। জাপানী ভাষাত 'অন' (ধ্বনি) আৰু 'জি' (বৰ্ণ) লগ লাগি এটা 'উচ্চাৰিত বৰ্ণ' (phonetic character) গঠিত হয়। ইংৰাজী অনুবাদত ইয়াক আখৰ (letter) বুলি কোৱা হৈছে, মূলত: এই ৰূপটো সংস্কৃতৰ 'মাত্ৰা'ৰ সমস্থানীয়। এই সোতৰটা 'মাত্ৰা' তিনিটা শাৰীত ৫, ৭, ৫-টাকৈ ভগোৱা থাকে। যিকোনো এটা শাৰীৰে শেষত 'কিৰেজি' এটা থাকিব পাৰে।
  • হাইকুত এটা ঋতুবাচক শব্দ থাকে। ইয়াক 'কিগো' (kigo) বোলা হয়। এই 'কিগো' সাধাৰণতে ঋতুবাচক শব্দৰ এখন বৃহৎ তালিকাৰ পৰা লোৱা হয়। তালিকাখনক 'ছাইজিকি' (saijiki) বোলা হয়। 'কিগো' শব্দটো প্ৰকৃতিৰ মাজৰ পৰা লোৱা হয়। সেইবাবেই হাইকু সমূহক মূলত: প্ৰকৃতিৰ কবিতা বুলি কোৱা হয়।
হাইকু

আধুনিক জাপানী হাইকু সমূহত ১৭ মাত্ৰাৰ নিয়মটো সদায়ে মানি চলা নহয়। প্ৰকৃতিৰ উল্লেখো সদায়ে নহয়। কিন্তু দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি এতিয়াও মানি চলা হয়। অতি সম্প্ৰতি চিত্ৰকল্পবিলাক সাধাৰণতে দেখি থকা ঘটনা বা দৃশ্য হ'ব লাগে বুলি কোৱা হৈছে।

জাপানত হাইকু সমূহক ওপৰৰপৰা তললৈ লিখা হয়। ইংৰাজী বা অন্য ভাষাত ইয়াক তিনিটা শাৰী হিচাপে লিখা হয়।

হাইকুক আগতে হক্কু (hokku) বুলি কোৱা হৈছিল। হাইকু নামকৰণ প্ৰথমে কৰিছিল উনবিংশ শতাব্দীত মাশ্বাওকা শ্বিকিয়ে।

উদাহৰণ

এটা বহুল পঠিত হাইকু হৈছে 'মাৎছুয়ো বাছ''ৰ দ্বাৰা ৰচিত 'পুৰণি পুখুৰী'।

জাপানী ভাষাত:

    古池や蛙飛込む水の音
    ふるいけやかわずとびこむみずのおと (transliterated into 17 hiragana)
    furuike ya kawazu tobikomu mizu no oto (transliterated into romaji)

মাত্ৰা হিচাপে বিভাজিত:

    fu-ru-i-ke ya (৫)
    ka-wa-zu to-bi-ko-mu (৭)
    mi-zu no o-to (৫)

ইংৰাজী অনুবাদ (২০)

    old pond . . .
    a frog leaps in
    water’s sound

অসমীয়া অনুবাদ

    পুৰণি পুখুৰীত
    ভেকুলীটো জঁপিয়ালে
    পানীত শব্দ

অইন ভাষাত হাইকু

হাইকু জাপানৰ বাহিৰেও বৰ্তমান অন্যান্য ভাষাটো ৰচনা কৰা হয়। মূ ল জাপানী ভাষাৰ শব্দ-বিন্যাসৰ নিয়মবিলাক অইন ভাষাত কঠোৰ ভাৱে মানি চলাটো সম্ভৱ নহয়। কিন্তু প্ৰকৃতিৰ উল্লেখ আৰু ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি মানি চলা হয়।

অসমীয়া ভাষাত হাইকু

জয়ন্তী চুতীয়াই 'বাছ'ৰ হাইকু ভ্ৰমণ' নাম দি মাৎছুয়ো বাছ'ৰ 'হাইকু ভ্ৰমণ' কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে। অৱশ্যে কিতাপখন গদ্য আৰু কবিতাৰ সংমিশ্ৰণ। এই কিতাপখনত হাইকুৰ বাহিৰে অন্যান্য আংগিকৰো কবিতা আছে।

তথ্য উৎস

Tags:

হাইকু উদাহৰণহাইকু অইন ভাষাত হাইকু অসমীয়া ভাষাত হাইকু তথ্য উৎসহাইকুজাপান

🔥 Trending searches on Wiki অসমীয়া:

পানীতাল (বাদ্যযন্ত্ৰ)সংস্কৃত ভাষামিচিং নৃত্য আৰু গীত মাতবিৰিঞ্চি কুমাৰ বৰুৱাৰাসোৎসৱকোণবড়ো সাহিত্য সভাজৈৱ বৈচিত্ৰ্যমহেশ্বৰ নেওগভাৰতত বাল্য বিবাহজিকিৰখেৰাইঈদ-উল-ফিটৰঅসমত দেখা চৰাইবোৰৰুবুল মাউতফুলগুৰি ধেৱাকোষ (জীৱবিজ্ঞান)ৰাভা জনগোষ্ঠীঅসমৰ চলচ্চিত্ৰভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগযোৰহাটমঘাই ওজাগৰু বিহুৰাজ্যসভাবৌদ্ধ ধৰ্মবেলখামটি জনগোষ্ঠীহেমাঙ্গ বিশ্বাসপৰীক্ষামূলক মনোবিজ্ঞানআনন্দৰাম ঢেকিয়াল ফুকনযোগেশ দাসভোলানাথ দাসকাল সংহতিঋতুঅসম লোকসেৱা আয়োগঅসমীয়া লোকসাহিত্যঅসমৰ ৰেচম শিল্পঅসমীয়া লোক-সংস্কৃতিফেইচবুকপাচন তন্ত্ৰবিবাহমণিৰাম দেৱানআউনীআটী সত্ৰআমলখিশিক্ষাৰ অধিকাৰঅলিম্পিকবাঁহহোলোংঅভয়াপুৰীগ্ৰহডাকৰ বচনসিংহ (ৰাশি)শিঙি মাছভাৰতকছাৰী ৰাজ্যঅৰ্জুনভিটামিনপ্ৰহ্লাদ চৰিত্ৰযোগাসনসৎনামী বিদ্ৰোহকৃষ্ণকান্ত সন্দিকৈপাঠ্যক্ৰমভক্তি ৰত্নাৱলীক্ষআগালমাকাচৰিত পুথিআর্গন (পোশাক)কৃষিমিচিং জনগোষ্ঠীৰ সাজপাৰচৰ্যাপদভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাইউক্লিডশব্দ প্ৰদূষণব্ৰহ্মপুত্ৰ নদহাজোঅসমলৈ মুছলমান সকলৰ প্ৰবজনফাকে জনগোষ্ঠীভাৰতীয় জাতীয় কংগ্ৰেছ🡆 More