বৃহদান্ত্ৰ

বৃহদান্ত্ৰ (ইংৰাজী: Large intestine) হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে।

বৃহদান্ত্ৰ
বৃহদান্ত্ৰ
বৃহদান্ত্ৰৰ চিত্ৰ
সবিশেষ
ধমনী Superior mesenteric, Inferior mesenteric and Iliac arteries
লসিকা inferior mesenteric lymph nodes
চিনাক্তকাৰক
MeSH D007420
TA98 A05.7.01.001
TA2 2963
FMA 7201
দেহতাত্ত্বিক পৰিভাষা

চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে। অন্য উৎস, যেনে ম'ছবিৰ মেডিকেল ডিক্সনেৰি আৰু দ্য অ'ক্সফৰ্ড ডিক্সনেৰিজ অৱ মেডিচিন আৰু জীৱবিজ্ঞানে পায়ু নলীক বৃহদান্ত্ৰ লগত সাঙুৰি নলয়। মানুহৰ ক্ষেত্ৰত, ককালৰ ঠিক কাষৰ বা তলৰ, পেলভিছৰ সোঁ ইলিয়াক অঞ্চলৰ পৰা, যত ই ক্ষুদ্ৰান্ত্ৰ সৈতে সংযুক্ত হয় তাৰ পৰাই বৃহদান্ত্ৰৰ আৰম্ভ হয়। তাৰ পিছত ই সমগ্ৰ উদৰ গহ্বৰ জুৰি পেটলৈকে বৃস্তৃত হৈ থাকে আৰু পায়ুত অন্ত হয়। মানুহৰ বৃহদান্ত্ৰ সৰ্বমুঠ দৈৰ্ঘ্য ১.৫ মিটাৰ (U=ft}}), যি প্ৰায় গোটেই পৌষ্টিক নলীৰ এক পঞ্চমাংশ।

বৃহদান্ত্ৰৰ অংশ

    চিকাম (Caecum)

বৃহদান্ত্ৰৰ অগ্ৰাংশৰ থলীৰ দৰে আকৃতিবিশিষ্ট অংশক চিকাম বোলে। দীঘলে ই প্ৰায় ৮ ছে. মি. মান। চিকামৰ পশ্চাৎ অংশৰ পৰা সংকীৰ্ণ নলীসদৃশ উপবৃদ্ধি হৈ ভাৰ্মিফৰ্ম এপেণ্ডিক্সৰ (Vermiform appendix) সৃষ্টি হয়। ই সামান্য পাক খোৱা আৰু ইয়াৰ মূৰটো বন্ধ হৈ থাকে। মানুহৰ দেহত ইয়াৰ কোনো কাৰ্য নেথাকে বাবে ইয়াক লুপ্তপ্ৰায় অংগ (Vestigial organ) বুলি কোৱা হয়। এই নলীটোৰ বিসংগতি হৈ ফুলি উঠিলে ইয়াক এপেণ্ডিচাইটিছ (Appendicitis) ৰোগ বুলি কোৱা হয়। তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত চিকামটো বিকশিত আৰু কাৰ্যক্ষম হৈ থাকে।

    ক’লন (Colon)

চিকামৰ পিছৰ অংশটোৱেই হ’ল ক’লন। বৃহদান্ত্ৰৰ এই অংশটো আটাইতকৈ দীঘল আৰু দীঘলে ই প্ৰায় ১.৫ মিটাৰমান। ইয়াৰ বেৰখন পথালিকৈ কোচ খাই থাকি সৰু সৰু মোনাসদৃশ আকৃতি ধাৰণ কৰে। এই মোনাসদৃস আকৃতিবোৰক হ’ষ্ট্ৰা (Haustra) বোলা হয়। তদুপৰি বৃহদান্ত্ৰডালৰ দীঘে দীঘে তিনিডাল অনুদৈৰ্ঘ পটি থাকে। ইহঁতক টেনি ক’লি (Taniae coli) বোলা হয়। ক’লনডাল চাৰিটা খণ্ডত বিভক্ত যেনে – আৰোহী ক’লন (Ascending colon), অনুপ্ৰস্থ ক’লন (Tranverse colon), অৱৰোহী ক’লন (Descending colon) আৰু ছিগ্‌মইড ক’লন।

    মলভাণ্ড (Rectum)

বৃহদান্ত্ৰৰ শেষৰ অংশক মলভাণ্ড বোলা হয়। এই খণ্ডটোৰ দৈৰ্ঘ প্ৰায় ২০ ছে. মি. মান। ইয়াৰ পাছৰ প্ৰায় ২ ছে. মি. দীঘল সংকীৰ্ণ নলীডালক মলনলী বোলা হয়। মলনলীডাল পায়ুৰন্ধ্ৰৰে বাহিৰত মুক্ত হয়। পায়ুৰ এডাল আভ্যন্তৰিণ পায়ু অৱৰোধিনী আৰু বাহ্যিক পায়ু অৱৰোধিনী (Internal and external anal sphincter) পেশী থাকে। মলনলী আৰু পায়ুৰ অনুদৈৰ্ঘ দিশে ৰক্তশিৰাবোৰ বহল হৈ যি আকৃতি বহন কৰে তাকে হেম’ৰইডচ্‌ বা পাইলচ্‌ (Hemorrhoids or piles) বোলে।

বৃহদান্ত্ৰৰ কাৰ্য

বৃহদান্ত্ৰ প্ৰধান কাৰ্য হ’ল অপাচিত খাদ্যৰ পৰা পানী আৰু আন আন অজৈৱ লৱণৰ অৱশোষণ কৰি অৰ্ধগোটা মল প্ৰস্তুতকৰণ। মলভাণ্ডত মলবিলাক সাময়িকভাবে সঞ্চিত হৈ থাকে। মলত পিত্তৰঞ্জক মিহলি হৈ থাকে বাবে মলৰ ৰং হালধীয়া হয়। ক’লনৰ আভ্যন্তৰীণ শ্লেষ্মাস্তৰত থকা গব্‌লেট কোষবোৰে উৎপন্ন কৰা শ্লেষ্মাই বৃহদান্ত্ৰৰ ভিতৰখন পিছল কৰি ৰাখে বাবে মলবিলাক সহজে বাহিৰলৈ ওলাই আহিব পাৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাপাচন তন্ত্ৰমেৰুদণ্ডী

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰবুৰুণ্ডীকৰম পূজাকল্পনা সাহিত্যঅতুল চন্দ্ৰ হাজৰিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৰাষ্ট্ৰসংঘটি এছ ইলিয়টঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅব্যয় পদকমতা ৰাজ্যত্ৰিভুজঅসমীয়া ভাষা আন্দোলনপ্ৰাকৃতিক দুৰ্যোগকাৰেঙৰ লিগিৰীবিহুৰ খাদ্যমাছআমেৰিকা যুক্তৰাষ্ট্ৰজোনবিল মেলাঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাকাৰ্বি জনগোষ্ঠীহেমচন্দ্ৰ বৰুৱাগোপীনাথ বৰদলৈঅসমীয়া কবিতাপদ (ব্যাকৰণ)তুলসী পূজন দিৱসউদ্যোগকাল সংহতিব’হাগফাট বিহুসমাৰ্থক শব্দসৌৰভ কুমাৰ চলিহাবৰদৈচিলাঅনুবাদবিষুৱ ৰেখামানৰ অসম আক্ৰমণআলোচনীগোলকীকৰণপৰিমেয় সংখ্যাভ্ৰাম্যমাণ থিয়েটাৰবিনালক্ষ্মী নেপ্ৰামঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবিয়া নামদিল্লীঅসমৰ মুখা শিল্পদেওধনী নৃত্যহয়গ্ৰীৱ মাধৱ মন্দিৰপ্ৰাকৃতিক সম্পদগাখীৰমোৰো এটা সপোন আছেনাৰীবাদকুলিসাহিত্য তত্ত্বজ্যোতিপ্ৰসাদ আগৰৱালাভূমিস্খলননিউটনৰ গতিৰ সূত্ৰৰাম গগৈঅৰ্থনীতিবৰগীতঅংগনবাদীৰঘুনাথ চৌধাৰীবিহু নৃত্যলিচুকৃষ্ণচূড়াভটিমাবেটুপাতমায়ামৰা সত্ৰঅসমত হাতী চিকাৰ আৰু হাতী পোহ মনোৱাপদ্ম আতানেপালী জনগোষ্ঠীমাদাৰ টেৰেছাইছলামমৌখিক লোকসাহিত্যমহাভাৰত🡆 More