অশ্বমেধ (সংস্কৃত: अश्वमेध) বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ঠান। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ইয়াৰ বাবে ৰাজকীয় সৈন্যবাহিনীৰ সৈতে এটা ঘোঁৰা এবছৰৰ কাৰণে মুকলিকৈ বিচৰণ কৰি ফুৰিবলৈ এৰি দিয়া হৈছিল। ঘোঁৰাটোৱে বিচৰণ কৰা অঞ্চলত কোনো বিৰোধী বা শত্ৰুৱে ৰজাৰ আধিপত্য অমান্য কৰি লগত যোৱা সৈন্যবাহিনীৰ সৈতে যুদ্ধ কৰিব পাৰে। যদি এবছৰৰ পিছত কোনো শত্ৰুৱে ঘোঁৰাটো ধৰিব বা হত্যা কৰিব নোৱাৰে তেন্তে তাক পুনৰ ৰাজধানীলৈ ঘূৰাই অনা হয়। ইয়াৰ পিছত সেই ঘোঁৰাটো বলি দি ৰজাজনক একচ্ছত্ৰী হিচাপে ঘোষণা কৰা হয়।
মহাভাৰতৰ চতুৰ্দশ পৰ্ব অৰ্থাৎ অশ্বমেধিকা পৰ্বত অশ্ব বলিদানৰ সৰ্বশ্ৰেষ্ঠ বৰ্ণনা পোৱা যায়। কৃষ্ণ আৰু ব্যাসে ৰজা যুধিষ্ঠিৰক অশ্ব উছৰ্গা কৰিবলৈ পৰামৰ্শ দিয়াৰ বিষয়ে যথেষ্ট দীঘলীয়াকৈ বৰ্ণনা কৰা হৈছে। ইয়াত ২টা খণ্ড আৰু ৯৬টা অধ্যায় আছে। আন এক সংস্কৰণত এক উপপাঠ্য আৰু ৯২টা অধ্যায় আছে।
প্ৰাচীন কালৰ বহুসংখ্যক ৰজাই এই অনুষ্ঠান পাতিছিল বুলি তথ্য পোৱা গৈছে যদিও যোৱা এক সহস্ৰাব্দৰ ভিতৰত কেৱল দুজন ৰজাইহে অশ্বমেধ অনুষ্ঠিত কৰিছিল। ইয়াৰে ভিতৰত শেষৰটো জয়পুৰৰ মহাৰজা দ্বিতীয় জয়সিঙে অনুষ্ঠিত কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সংস্কৃত মহাকাব্য আৰু পুৰাণত অসংখ্য অশ্বমেধ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে। যেনে, মহাভাৰতৰ মতে সম্ৰাট ভৰতে যমুনাৰ পাৰত এশটা, সৰস্বতীৰ পাৰত তিনিশটা আৰু গংগাৰ পাৰত চাৰিশটা অশ্বমেধ অনুষ্ঠান সম্পন্ন কৰিছিল। তেওঁ পুনৰ বিভিন্ন স্থানত হাজাৰ অশ্বমেধ আৰু এশ ৰাজসূয় অনুষ্ঠিত কৰে। গুপ্ত আৰু চালুক্য বংশৰ দ্বাৰা শাসন কৰা বিশাল সাম্ৰাজ্যৰ পিছত অশ্বমেধ প্ৰথা উল্লেখযোগ্যভাৱে হ্ৰাস পায়।
অশ্বমেধ কেৱল এজন শক্তিশালী, বিজয়ী ৰজাৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। ইয়াৰ উদ্দেশ্য আছিল ক্ষমতা আৰু গৌৰৱ আহৰণ, চুবুৰীয়া প্ৰদেশসমূহৰ ওপৰত সাৰ্বভৌমত্ব, ৰাজ্যৰ সাধাৰণ সমৃদ্ধি বিচৰা৷ ই যথেষ্ট ব্যয়বহুল আছিল আৰু ইয়াৰ বাবে শ শ ব্যক্তি, বিশেষভাৱে দক্ষ লোক, আৰু শ শ জন্তুৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ লগতে প্ৰতিটো পৰ্যায়ত সঠিকভাৱে নিৰ্ধাৰিত বহুতো ৰীতি-নীতি জড়িত আছিল।
যজ্ঞটোৰ ঘোঁৰাটো ক'লা ফুটফুটীয়া বা বগা বৰণৰ হ'ব লাগে। অনুষ্ঠানটোৰ বাবে এটা বিশেষ এটা জুইৰ বেদী নিৰ্মাণ কৰা হৈছিল। ঘোঁৰাটোৱে ভ্ৰমণ আৰম্ভ কৰাৰ আগতে জ্যোতিষীসকলে বাছনি কৰা লগ্নত উক্ত গৃহত এক অনুষ্ঠান সম্পন্ন কৰা হৈছিল আৰু এক সৰু বলি উছৰ্গা কৰা হৈছিল। ইয়াৰ পিছত ৰজাই ৰাণীৰ সৈতে যৌন সম্ভোগত লিপ্ত নোহোৱাকৈ ৰাতিটো যাপন কৰিব লাগিছিল।
পিছদিনা বিভিন্ন ৰীতি-নীতিৰে ঘোঁৰাটোৰ শুদ্ধিকৰণ কৰা হয় আৰু এটা খুটাত বান্ধি দেৱতা হিচাপে গণ্য কৰা হয়। ঘোঁৰাটোৰ গাত পানী ছটিয়াই আৰু বলিদান কৰোঁতাই ইয়াৰ কাণত মন্ত্ৰ উচ্চাৰণ কৰে। এটা ক'লা কুকুৰ কাঠেৰে নিৰ্মিত এডাল লাঠিৰে বধ কৰা হয় আৰু ঘোঁৰাটোৰ তলেৰে পাৰ কৰি ঘোঁৰাটোৰ শুদ্ধিকৰণৰ বাবে ছটিওৱা পানী যিখন নদীৰ পৰা সংগ্ৰহ কৰা হৈছিল সেই নদীলৈ নি পশ্চিম দিশলৈ উটুৱাই দিয়া হয়। ইয়াৰ পিছত ঘোঁৰাটো এবছৰৰ বাবে উত্তৰ-পূব দিশে ইচ্ছা অনুসৰি বিচৰণ কৰিবলৈ এৰি দিয়া হয়। এই ঘোঁৰাটো সূৰ্য আৰু ইয়াৰ বাৰ্ষিক গতিৰ সৈতে সম্পৰ্কিত। যদিহে ঘোঁৰাটো চুবুৰীয়া শত্ৰু দেশসমূহৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে সেই দেশ অশ্বমেধ কৰোঁতা ৰজাৰ বহতীয়া হ'ব লাগে। এই ঘোঁৰাৰ সৈতে এশ অশ্বাৰোহী আৰু এশ বা চাৰিশ ক্ষত্ৰিয় লোক, ৰাজকুমাৰৰ পুত্ৰ বা ৰাজসভাৰ উচ্চপদস্থ বিষয়া ইয়াৰ সুৰক্ষাৰ বাবে লগত যায়। কিন্তু তেওঁলোকে ঘোঁৰাটো নচলায় আৰু ইয়াক বাধা নিদিয়ে।
এই অংগৰক্ষকসকলে ঘোঁৰাটোক কোনো মাইকী ঘোঁৰাৰ সৈতে যৌন মিলনৰত হোৱাত বাধা দিব লাগিছিল আৰু এনে হ'লে বায়ুৰ প্ৰতি দুগ্ধ উছৰ্গা কৰা হৈছিল। ঘোঁৰাটো আঘাতপ্ৰাপ্ত হ'লে পোষণক উদ্দ্যেশ্যি মণ্ড আহাৰ, আঘাত অবিহনে ৰুগীয়া হ'লে অগ্নিক উদ্দেশ্যি পিঠা উছৰ্গা কৰা হৈছিল। চকুৰ ৰোগত ই আক্ৰান্ত হ'লে সূৰ্যক উদ্দেশ্যি আৰু পানীত পৰিলে বৰুণক উদ্দেশ্যি উছৰ্গা আগবঢ়োৱা হৈছিল। কেনেবাকৈ ঘোঁৰাটো নিৰুদ্দেশ হ'লে পিঠা, ভঙা মৃণ্ময় পাত্ৰৰ টুকুৰা আৰু তিনিবিধ ব্যঞ্জন আকাশ আৰু পৃথিৱীৰ দেৱতাসকললৈ আগবঢ়োৱাৰ লগতে বায়ুলৈ দুগ্ধ আৰু সূৰ্যলৈ মণ্ড আহাৰ উছৰ্গা কৰা হৈছিল। কেনেবাকৈ ইয়াৰ প্ৰাণনাশ হ'লে নতুন এটা ঘোঁৰা ইয়াৰ ঠাইত বাছি লৈ শুদ্ধিকৰণ কৰা হৈছিল৷ ঘোঁৰাটোৰ অনুপস্থিতিৰ সময়ছোৱাত এই অনুষ্ঠানৰ আয়োজন কৰোঁতাজনৰ গৃহত লেথাৰি নিচিগাকৈ বিভিন্ন আচাৰ-অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। প্ৰতিদিনাই পুৰোহিতৰ দ্বাৰা তিনিটা সৱিত্ৰেষ্টি কাজ-কৰ্ম আৰু এক সান্ধ্য ধৃতহোমৰ আয়োজন কৰা হৈছিল। ধৃতহোমৰ পিছত দুজন ব্ৰাহ্মণ আৰু দুজন ক্ষত্ৰিয় গায়ক তথা বাদ্য বাদকে অশ্বমেধৰ আৰম্ভণিৰ দিনা চাৰি হাজাৰ গৰু আৰু চাৰিশ মুদ্ৰা অৰ্পণ কৰা ৰজাজনৰ গুণানুকীৰ্তন কৰিছিল। ইয়াৰ পিছতেই পৰিপ্লাৱক্ষণ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ পৰিপ্লাৱন চাক্ৰাকাৰে কৰা গাথা-পাঠ য'ত প্ৰতি নিশা দহটা বিষয়ৰ মাজৰ একোটা বিষয়ৰ আলোচনা কৰা হৈছিল। এই দহটা বিষয়ৰ মুঠ চক্ৰ আছিল ৩৬টা। এই গাথাসমূহ নিজৰ আজৰি সময় অনুসৰি দৰ্শকে প্ৰত্যক্ষ কৰিছিল আৰু তেওঁলোকক কোৱা হৈছিল উপদ্ৰষ্টা।
ঘোঁৰাটো উলটি অহাৰ পিছত এমাহৰ বাবে মূল বলিদানৰ আগত বিভিন্ন কাজ-কৰ্মৰ আয়োজন কৰা হৈছিল। ১২দিনীয়াকৈ হোৱা দীক্ষা আৰু উপাসদ পালন কৰা হৈছিল। দীক্ষা হৈছে উছৰ্গা বা বলিদানৰ আগেয়ে কৰা শুদ্ধিকৰণ কাৰ্য। এই কাৰ্যত প্ৰাথমিক ভোগ উছৰ্গা কৰাৰ লগতে ৰজাজনে স্নান কৰি কৃষ্ণসাৰ মৃগৰ ছাল পৰিধাম কৰি এটা জুপুৰী ঘৰত একুৰা জুইৰ সন্মুখত আন এডোখৰ ছালৰ ওপৰত আসন গ্ৰহণ কৰিছিল। তেওঁ নীৰৱতাৰ মাজত শিৰ ঢাকি উপবাস কৰাৰ লগতে মাটিত শুব লাগিছিল। উপাসদ হৈছে হোমৰ আগতে কৰা এক প্ৰক্ৰিয়া। ইয়াত হোমৰ অধিগ্ৰহণ তথা স্বাগত কৰা হৈছিল আৰু বলিৰ বাবে বিভিন্ন সাজ-সজ্জা বা নিৰ্মাণকাৰ্য কৰাৰ লগতে এটা ছাগলী বলি দিয়া হৈছিল৷
পঞ্চবিংশ দিনটোত অগ্নিষ্টোম কৰা হৈছিল। অগ্নিষ্টোম আছিল সোম যজ্ঞৰ মূল অংশ। ৰাতিপুৱা সোমৰস চেপি উলিয়াই "চাউলৰ পিঠা, শুকান বাৰ্লি, টেঙা গাখীৰত আটা, শুকান চাউল, আৰু গাখীৰ আৰু টেঙা গাখীৰৰ তপত মিশ্ৰণ"ৰ সৈতে আগবঢ়োৱা হৈছিল। চেপন কাৰ্য আৰু তৰ্পনৰ সময়ত পঞ্চসুৰৰ পঞ্চমন্ত্ৰ উচ্চাৰণ কৰা হয়। তাৰ পিছত পুৰোহিতসকলে সোমৰস পান কৰাত অংগ্ৰহণ কৰাৰ লগতে ঋতুসমূহলৈ বাৰবিধ নৈবেদ্য, আৰু অগ্নিক উদ্দেশ্যি এটা ছাগলী উছৰ্গা কৰে। দুপৰীয়াও একেধৰণেৰে ইন্দ্ৰৰ বাবে উৎসৰ্গা আগবঢ়োৱা হৈছিল আৰু সেইদিনা পুৰোহিতসকলক গাইগৰুৰ দক্ষিণা দান কৰা হৈছিল। সন্ধিয়া মাত্ৰ দুই সুৰৰ দ্বিমন্ত্ৰ জপ কৰা হৈছিল। তাৰ পিছত সূৰ্য্যলৈ তৰ্পন আগবঢ়োৱাৰ পিছতেই অৱভৃত অনুষ্ঠিত কৰা হৈছিল। অৱভৃত আছিল যজ্ঞৰ শেষত যজ্ঞকৰ্তাৰ স্নান কাৰ্য। জলভাগত হৰিণৰ ছাল দিয়াৰ পিছত ৰজা, তেওঁৰ পত্নী আৰু পুৰোহিতসকলে বিধিগতভাৱে স্নান কৰিছিল। ইয়াৰ পিছত এটা বন্ধ্যা গৰু বা আন এঘাৰটা জীৱ-জন্তু বলি দিয়া হয়। গোটেই ৰাতিটো উত্তৰবেদীত অন্নহোম কৰা হৈছিল। ইয়াত শুদ্ধ মাখন, ভজা চাউল, ভজা বাৰ্লি আৰু ভজা শস্যৰ অৰ্ঘ্য থাকিছিল।
ষষ্ঠবিংশ দিনা ৰজাক ৰীতি অনুসাৰে শুদ্ধ কৰা হয় আৰু ঘোঁৰাটো আন তিনিটা ঘোঁৰাৰ সৈতে এখন সোণালী ৰথত জুটি দিয়াৰ লগতে ঋকবেদ পাঠ কৰা হয়। ইয়াৰ পিছত পানীলৈ চলাই নি ঘোঁৰাটোক নোওৱা-ধুওৱা হয়। স্নান কাৰ্যৰ পিছত ৰজাৰ প্ৰধান মহিষীয়ে আন দুগৰাকী ৰাণীৰ সৈতে ইয়াৰ গাত ঘিঁউৰ লেপন দিয়ে। প্ৰধান মহিষীয়ে সন্মুখৰ ভাগত প্ৰিয় মহিষীয়ে মাজৰ ভাগত আৰু এলাগী মহিষীয়ে পশ্চাদভাগত লেপন দিয়াৰ কাৰ্য সম্পাদন কৰে। তেওঁলোকে ঘোঁৰাটোৰ শিৰ, ডিঙি আৰু নেজত স্বৰ্ণ অলংকাৰ আৰু ১০১টা বা ১০৯টা মুক্তা পৰিধান কৰোৱাই ইয়াক সজাই তোলে। ইয়াৰ পিছত ক’লা ডিঙিৰ শিং নোহোৱা এটা মতা ছাগলী আৰু এটা গোমৃগ বলিৰ খুটাত বান্ধি জুইৰ কাষত ৰখা হয় আৰু ১৭টা অন্য জন্তু ৰছীৰে ঘোঁৰাটোৰ সৈতে জুটি বন্ধা হয়। অগ্নিৰ প্ৰতি উছৰ্গিত ছাগলীটো ঘোঁৰাটোৰ বুকুত, সৰস্বতীৰ প্ৰতি উছৰ্গিত এক ভেড়ী মুখত, অশ্বিনদ্বয়ৰ প্ৰতি উছৰ্গিত দুটা ক’লাপেটীয়া মতা ছাগলী আগঠেং দুটাত আৰু সোম-পোষণৰ প্ৰতি উছৰ্গিত ডাঠ ধোঁৱাবৰণীয়া দুটা মতা ছাগলী ঘোঁৰাটোৰ তলফালে বন্ধা হয়। ঘোঁৰাটোৰ একাষে সূৰ্যৰ প্ৰতি এটা ক’লা ছাগলী আৰু যমৰ প্ৰতি এটা বগা ছাগলী বন্ধা হয়। ত্বষ্টৰ প্ৰতি দুটা নোমাল উৰুৰ ছাগলী, বায়ুৰ প্ৰতি এটা বগা ছাগলী, ইন্দ্ৰৰ প্ৰতি এজনী জগো জগো অৱস্থাত থকা গাইগৰু আৰু বিষ্ণুৰ প্ৰতি এজনী চুটি-চাপৰ গাইগৰু উছৰ্গা কৰা হয়। কিছুসংখ্যক ভাষ্যকাৰৰ মতে এই জন্তুসমূহৰ সংখ্যা ৬০৯। বলি দিওঁতাগৰাকীয়ে ঘোঁৰাটোক ৰাতি ৰৈ যোৱা শস্যৰ মণ্ড খাবলৈ দিয়ে। ইয়াৰ পিছত ঘোঁৰাটো শ্বাসৰুদ্ধ কৰি বধ কৰা হয়।
প্ৰধান মহিষীয়ে বিধিগতভাৱে ৰজাৰ সতীৰ্থ পত্নীসকলক আহ্বান কৰিছিল। ৰাণীসকলে মৃত ঘোঁৰাটোৰ চাৰিওফালে ঘূৰি মন্ত্ৰপাঠ কৰি পুৰোহিতৰ সৈতে অশ্লীল সংলাপ প্ৰক্ষেপ কৰিছিল। তাৰ পিছত মুখ্য ৰাণীয়ে যৌন সম্পৰ্ক স্থাপন কৰাৰ ভংগিমাত মৃত ঘোঁৰাটোৰ কাষত ৰাতিটো কটাবলগীয়া হৈছিল আৰু তেওঁক কম্বলেৰে ঢাকি থোৱা হৈছিল।
পিছদিনা ৰাতিপুৱা পুৰোহিতসকলে সেই ঠাইৰ পৰা মহিষীক উঠাই আনিছিল। এজন পুৰোহিতে ঘোঁৰাটো কাটিছিল আৰু আন পুৰোহিতসকলে বেদৰ শ্লোকসমূহ পাঠ কৰি ঘোঁৰাটোৰ বাবে আৰোগ্য আৰু পুনৰ্জীৱন কামনা কৰিছিল। ঘোঁৰাটোৰ বৃহদান্ত্ৰ সোমৰ সৈতে তৰ্পন হিচাপে উৎসৰ্গা কৰা হৈছিল আৰু পুৰোহিতসকলে ঘোঁৰাটো আৰু বলি দিয়া অন্যান্য পশুৰ অংগ-প্ৰত্যংগ ছিন্ন কৰি এইসমূহৰ তেজৰ তৰ্পন আগবঢ়াইছিল। তৃতীয় দিনা অতিৰাত্ৰ কৰা হৈছিল। অতিৰাত্ৰ আছিল নিশাৰ ভাগত অনুষ্ঠিত কৰা এক সোম (হোম) যজ্ঞ য'ত সোমৰস পান কৰা হৈছিল৷ ইয়াৰ পিছত এটা অৱভৃত অনুষ্ঠিত হৈছিল। কিন্তু অশ্বমেধত পাপী আৰু অপৰাধীয়েও শুদ্ধিকৰণ স্নানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত একবিংশটা বন্ধ্যা গৰু বলি দিয়াৰ লগতে পুৰোহিতসকলক দক্ষিণা বিতৰণ কৰা হৈছিল। মূল দক্ষিণাত আছিল ৰজাৰ চাৰিগৰাকী পত্নী বা তেওঁলোকৰ চাৰিশ পৰিচাৰিকা।
মনুৰ বিধানসমূহে অশ্বমেধক বুজায় (শ্লোক ৫৩): "যি মানুহে এশ বছৰ ধৰি প্ৰতিদিনে ঘোঁৰা-বলি দিয়ে, আৰু যি মানুহে মাংস নাখায়, তেওঁ দুয়োজনে একেটা ভাল কৰ্মৰ ফল লাভ কৰে।
দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ সংস্কাৰ আন্দোলনত অশ্বমেধক "অন্তৰ্নিহিত সূৰ্য্য" অৰ্থাৎ প্ৰাণৰ সৈতে সংযোগ স্থাপনৰ বাবে এক ৰূপক বা ৰীতি বুলি গণ্য কৰা হয়৷ দয়ানন্দৰ মতে, যজুৰ্বেদৰ ৰীতি-নীতি অনুসৰি প্ৰকৃততে কোনো ঘোঁৰাক বধ কৰিবলগীয়া নাছিল। দয়ানন্দৰ পিছতে আৰ্য সমাজে প্ৰাক-বেদান্তিক ৰীতি-নীতিৰ অস্তিত্বৰ ওপৰত বিতৰ্ক কৰে। স্বামী সত্য প্ৰকাশ সৰস্বতীয়ে দাবী কৰিছে যে
ঘোঁৰাবলিৰ অৰ্থত শব্দটো সংহিতাসমূহত দেখা নাযায় [...] মহাজাগতিক উপমাৰ ক্ষেত্ৰত অশ্ব হৈছে সূৰ্য্য। অধ্যাত্ম পক্ষৰ প্ৰতি সন্মান জনাই প্ৰজাপতি-অগ্নি বা পুৰুষ, সৃষ্টিকৰ্তা, হৈছে অশ্ব; তেওঁ বৰুণৰ সৈতে একে, পৰম। মেধ শব্দৰ অৰ্থ শ্ৰদ্ধাঞ্জলি; পিছলৈ ই আচাৰ-অনুষ্ঠানত বলিদানৰ সমাৰ্থক হৈ পৰিল, কিয়নো আমি শ্ৰদ্ধাঞ্জলি জনোৱাজনক উৎসৰ্গিত বলিদান আগবঢ়োৱা হয়। 'বধ' বা 'বলিদান'ৰ অৰ্থৰ আগমনত শব্দটোৰ আৰু অধিক অৱনতি ঘটিল।
তেওঁ যুক্তি আগবঢ়ায় যে বলিদানৰ বলি হিচাপে তালিকাভুক্ত জীৱ-জন্তুবোৰ পুৰুষমেধত তালিকাভুক্ত মানৱ বলিৰ তালিকাৰ দৰেই প্ৰতীকী (যিটো ঋগ্বেদিক সময়ত ইতিমধ্যে সম্পূৰ্ণ প্ৰতীকী বলিদান হিচাপে সাধাৰণতে গ্ৰহণ কৰা হয়)।
১৯৯১ চনৰ পৰা গায়ত্ৰী পৰিৱাৰে অশ্বমেধৰ এটা "আধুনিক সংস্কৰণ"ৰ আয়োজন কৰি আহিছে য'ত প্ৰকৃত ঘোঁৰাৰ ঠাইত এটা মূৰ্তি ব্যৱহাৰ কৰা হয়। হিন্দুইজম টুডেৰ মতে ১৯৯৪ চনৰ ১৬ৰ পৰা ২০ এপ্ৰিললৈকে মধ্যপ্ৰদেশৰ চিত্ৰকুটত এক মিলিয়ন লোকে ইয়াত অংশগ্ৰহণ কৰিছে৷ এনে আধুনিক পৰিবেশন হৈছে সাত্ত্বিক যজ্ঞ য'ত জন্তুটোক বধ নকৰাকৈ পূজা কৰা হয়৷
ঘোঁৰা বলি প্ৰকৃততে সংঘটিত হৈছিল নে নাই আৰু প্ৰতীকি বলি কাৰ্যৰ উদ্ভৱ পৰৱৰ্তী সময়তহে হৈছে নেকি এই বিষয়ে ধৰ্মীয় ইতিহাসবিদসকলে মত পোষণ কৰে যে উক্ত অনুষ্ঠানটোৰ ক্ৰমবিকাশ এইদৰেই হৈছিল। শতপথ ব্ৰাহ্মণত (শ্লোক ৬.২১.৩৯) উল্লেখ আছে যে ৰজা স্যাপৰ্ন শাক্যযানৰ পূৰ্বে প্ৰকৃতাৰ্থত বহুসংখ্যক জন্তু বলি দিয়া হৈছিল যদিও বৰ্তমান এয়া ছাগলীতেই সীমিত। সুভাষ কাকৰ দ্য অশ্বমেধ দ্য ৰাইট এণ্ড ইটছ লজিক গ্ৰন্থত এই বিষয়ে দুটা সম্ভাৱনীয়তাৰ বিষয়ে আছে। প্ৰথমটো হৈছে যে, সেইসময়ত ঋগ্বেদিক লোকসকলৰ বাহিৰেও ভাৰতত যিসকল লোক আছিল তেওঁলোকে জন্তুৰ বলি আগবঢ়াইছিল। গতিকে ভাৰতীয় ৰীতি-নীতিৰ ইতিহাসক এই দুয়োটা গোটৰ মাজৰ মিলন হিচাপে চাব লাগিব। দ্বিতীয়তে, প্ৰকৃত বলিৰ পৰিৱৰ্তে প্ৰতীকি বলিৰ কাৰ্যৰ পৰৱৰ্তী কালত উত্থান ঘটে।
এই অনুষ্ঠানৰ আটাইতকৈ প্ৰাচীন লিপিবদ্ধ সমালোচনা চাৰ্বাকৰ ভাৰতীয় দৰ্শনৰ নাস্তিক ধাৰাৰ পৰা আহিছে যি বিভিন্ন ধৰণৰ দাৰ্শনিক সন্দেহবাদ আৰু ধৰ্মীয় উদাসীনতা গ্ৰহণ কৰিছিল। মাধৱাচাৰ্যৰ সৰ্বদৰ্শন-সংগ্ৰহৰ চাৰ্বাকৰ এটা উদ্ধৃতিত কোৱা হৈছে- "বেদৰ তিনিজন ৰচক আছিল বহুৱা, অসৎ, দানৱ। পণ্ডিত, জাৰফৰী, তুৰ্ফাৰী আদিৰ সকলো সুপৰিচিত সূত্ৰ আৰু অশ্বমেধত ৰাণীৰ বাবে আজ্ঞা কৰা সকলো অশ্লীল ৰীতি-নীতি, এইবোৰ বহুৱাই আৱিষ্কাৰ কৰিছিল, আৰু সেইদৰে পুৰোহিতসকলক সকলো ধৰণৰ উপহাৰ দিয়া হৈছিল, আনহাতে মাংস খাবলৈ একেদৰেই নিশাচৰ দানৱে আজ্ঞা দিছিল।"
কিছুমান লেখকৰ মতে অশ্বমেধ বৰ্তমান যুগ অৰ্থাৎ কলিযুগৰ বাবে এক নিষিদ্ধ ৰীতি।
পণ্ডিত মনোহৰ এল বৰাদপাণ্ডেই এই অনুষ্ঠানটোক "অতিমাত্ৰিক সামাজিক অনুষ্ঠান" বুলি প্ৰশংসা কৰিছিল। ৰিক এফ টেলবটে লিখিছে যে "মিৰ্চা ইলিয়াডে অশ্বমেধক এটা ব্ৰহ্মাণ্ডীয় গঠন থকা এটা আচাৰ হিচাপে গণ্য কৰিছিল যি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক পুনৰুৎপাদন কৰিছিল আৰু ইয়াৰ পৰিবেশনৰ সময়ত প্ৰতিটো সামাজিক ব্যৱস্থাক পুনৰ প্ৰতিষ্ঠা কৰিছিল।"
গুপ্ত সাম্ৰাজ্যৰ ৰজা সমুদ্ৰগুপ্ত (৩৫০-৩৭০ চনৰ ওচৰে-পাজৰে) আৰু কুমাৰগুপ্তৰ (৪১৫-৪৫৫ চনৰ ওচৰে-পাজৰে) সময়ৰ দুই প্ৰকাৰৰ স্বৰ্ণমুদ্ৰাত তেওঁলোকে অশ্বমেধ অনুষ্ঠিত কৰাৰ চানেকি পোৱা যায়। মুদ্ৰাৰ এটা পিঠিত বলি দিবৰ বাবে বলিৰ খুঁটাৰ সন্মুখত থিয় কৰাই ঘোঁৰা এটাৰ গাত প্ৰলেপ লগোৱা আৰু অলংকাৰ পিন্ধোৱাৰ দৃশ্য আছে। ইয়াত লিখা আছে যে "বাজীমেধ পালন কৰা ৰজাৰো ৰজাই পৃথিৱীখন সুৰক্ষিত কৰাৰ পিছত স্বৰ্গলাভ কৰে।" মুদ্ৰাৰ সিপিঠিত এখন বিচনী আৰু গামোচাসদৃশ বস্ত্ৰ লৈ থিয় হৈ থকা ৰাণীৰ প্ৰতিচ্ছবি আছে। ইয়াত লিখা আছে যে "অশ্বমেধ বলি অনুষ্ঠিত কৰিব পৰাকৈ বলশালী।"
This article uses material from the Wikipedia অসমীয়া article অশ্বমেধ, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.