উত্তৰ মহাসাগৰ: মহাসাগৰ

উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ (ইংৰাজী: Arctic Ocean, আৰ্কটিক অচিন) হৈছে উত্তৰ গোলাৰ্ধৰ সুমেৰু অঞ্চলত অৱস্থিত এক মহাসাগৰ। এই মহাসাগৰ পৃথিৱীৰ মূল পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ সৰু আৰু অগভীৰ মহাসাগৰ (smallest and shallowest)।আন্তৰ্জাতিক হাইড্ৰ’গ্ৰাফিক সংগঠনে (International Hydrographic Organization, IHO) ইয়াক মহাসাগৰ বুলি স্বীকৃতি দিছে যদিও কোনো কোনো সাগৰ বিশেষজ্ঞই (oceanographers) ইয়াক উত্তৰ-ভূমধ্য সাগৰ (Arctic Mediterranean Sea) বা সৰলভাৱে উত্তৰ সাগৰ (Arctic Sea) বুলি আখ্যা দিয়ে আৰু আটলাণ্টিক মহাসাগৰৰ এটা অংশ বুলিহে গণ্য কৰে।

উত্তৰ মহাসাগৰ: মহাসাগৰ
উত্তৰ মহাসাগৰ

উত্তৰ মহাসাগৰৰ প্ৰায় সমগ্ৰ অংশ ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা মহাদেশ দ্বাৰা পৰিবেষ্টিত। বছৰৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে। এই বৰফৰ আৱৰণ গলা আৰু পুনৰ গোট মৰাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ মহাসাগৰৰ পৃষ্ঠীয় উষ্ণতা (surface temperature) আৰু লুণীয়া গুণ (লৱণত্ব) (salinity) ৰ ঋতু অনুযায়ী তাৰতম্য ঘটে। অৱশ্যে ইয়াৰ গড় লৱণত্বৰ পৰিমাণ পাঁচোখন মহাসাগৰৰ ভিতৰত আটাইতকৈ কম। নদী আৰু জুৰিবোৰৰ পৰা নিৰ্মল পানীৰ অধিক সোঁত আৰু কাষৰীয়া সাগৰীয় পানীৰ সৈতে সীমিত সংযোগেই ইয়াৰ মূল কাৰণ বুলি ধাৰণা কৰা হয়। আমেৰিকাৰ নেশ্যনেল স্ন' এণ্ড আইচ ডে'টা চেণ্টাৰে (National Snow and Ice Data Centre, NSIDC) ছেটেলাইটৰ তথ্যৰ সহায়ত এই মহাসাগৰৰ বৰফাৱৰণ বা বৰফ গলাৰ হাৰৰ তুলনা বিগত বৰ্ষসমূহৰ সমান্তৰাল ভাবে নিয়মীয়াকৈ বিশ্লেষণ কৰি খাকে।

উত্তৰ মহাসাগৰ: মহাসাগৰ
The Arctic region; of note, the region's southerly border on this map is depicted by a red isotherm, with all territory to the north having an average temperature of less than 10 °C (50 °F) in July.

তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

আটলাণ্টিক মহাসাগৰইংৰাজী ভাষাপৃথিৱীমহাসাগৰসুমেৰু

🔥 Trending searches on Wiki অসমীয়া:

ত্ৰিভুজবানপানীৰাষ্ট্ৰসংঘউত্তৰ আমেৰিকাগৰু বিহুহাতীঅসমৰ চাহ জনগোষ্ঠীঅংগনবাদীদৰং জিলাবাল্য বিবাহ নিষেধ আইন, ২০০৬গেলিলিঅ’ গেলিলিগামখাৰুত্ৰৈলোক্য নাথ গোস্বামীবিল গেট্‌ছদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানমৌৰ্য সাম্ৰাজ্যবিশ্ব পশু চিকিৎসা দিৱসঅসমীয়া লিপিমানৱ শৰীৰভাৰতৰ সংবিধানখৰ্গেশ্বৰ তালুকদাৰজীৱনীলিংগসাত বিহুউপভাষাবাথৌ পূজাকুলধৰ শইকীয়াঅৰ্জুন ভঞ্জনচ্যু-কা-ফাসুভাষ চন্দ্ৰ বসুকাঠৰ জোখ মাপউপেন্দ্ৰচন্দ্ৰ লেখাৰুসালোক সংশ্লেষণৰিহামামণি ৰয়ছম গোস্বামীবহুৱা নাচপ্ৰতিজৈৱিকচিপাহী বিদ্ৰোহ ১৮৫৭চিতল মাছহেম বৰুৱাশিৱসাগৰৰ শিৱদৌলচাৰুল পৰৱআনন্দৰাম ঢেকিয়াল ফুকনঅৰ্জুনঅৰুণ শৰ্মানৱ-বৈষ্ণৱ ধৰ্মভাৰতঅসম লোকসেৱা আয়োগঅখণ্ড সংখ্যাঅসমৰ জাতীয় গীতঅসমীয়া সাহিত্যত মালিতাহনুমানমাহভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিশ্ব বেংকঅসমীয়া ভাষা উন্নতি সাধিনী সভাশূন্যমৰাণ জনগোষ্ঠীমহাদেশদিনলোকসভাৰ অধ্যক্ষৰুছ-ইউক্ৰেনীয় যুদ্ধতাজমহলকৃষ্ণচূড়াজ্যোতিপ্ৰসাদ আগৰৱালাবৰ্ণালী কলিতাবিদ্যুৎঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅমূল্য বৰুৱাগ্ৰহঅণুবীক্ষণ যন্ত্ৰআনন্দ চন্দ্ৰ আগৰৱালা🡆 More