ভাস্কো দা গামা (ইংৰাজী: Vasco da Gama) এগৰাকী পৃথিৱী বিখ্যাত পতুৰ্গীজ ভ্ৰমণকাৰী৷ তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল৷তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল৷তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে(১৪৯৭-১৪৯৯) এই কাম সম্পূৰ্ণ কৰিছিল৷ভাস্কো দা গামাৰ এই আৱিষ্কাৰ গোলকীয় সাম্ৰাজ্যবাদৰ ইতিহাসত অতি তাৎপৰ্য্যপূৰ্ণ আছিল কাৰণ এই ভ্ৰমণৰ দ্বাৰাই এছিয়া মহাদেশত দীৰ্ঘকালীন উপনিৱেশ স্থাপনৰ পথ মুকলি হৈছিল৷তেখেতৰ দ্বাৰা আৱিষ্কৃত পথটোৱে বিবাদপূৰ্ণ ভূমধ্য সাগৰ আৰু বিপদজনক আৰবীয় উপদ্বীপ পাৰ হোৱাৰ পৰা ৰেহাই দিছিল কাৰণ গোটেই পথটো আছিল সাগৰীয়৷তেওঁ অহা যোৱা মিলাই অতিক্ৰম কৰা দূৰত্বৰ দৈৰ্ঘ্য সেই সময়ৰ সৰ্বাধিক ভ্ৰমণ দৈৰ্ঘ্য আছিল৷আৰু এই দৈৰ্ঘ্য বিষুৱৰেখাৰ দৈৰ্ঘ্যতকৈয়ো বেছি আছিল৷১৪৯৮চনৰ ২০মে’ত ভাস্কো দা গামাই ভাৰতৰ কালিকট(Calicut) বন্দৰত উপস্থিত হ’বলৈ সক্ষম হৈছিল৷ইয়াৰ পিছতো তেওঁ আৰু দুটা ভাৰত অভিমুখী নৌযাত্ৰাৰ নেতৃত্ব দিছিল৷১৫১৯চনত তেখেতক ভাইচৰয় উপাধি দি ভাৰতত থকা পতুৰ্গীজ সাম্ৰাজ্যৰ গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল৷১৫১৯চনত নগঠিত ভিডিগুৱেৰা(Vidiguera)ৰ কাউণ্টৰ পদবী প্ৰদান কৰা হৈছিল৷তেখেতৰ প্ৰথম ভ্ৰমণটো বিশ্ব বুৰঞ্জীত মাইলৰ খুঁটি বুলি বিবেচনা কৰা হয় কাৰণ এই ভ্ৰমণৰ ফলতেই গোলকীয় বহুসাংস্কৃতিক ধাৰণাৰ ঢৌ আৰম্ভ হয়
| ২০১১ চনৰ শেহৰফালৰ কোনোবা এটা দিন আছিল। ফেচবুকৰ কোনোবা এজন বন্ধুৱে আচামিজ ৱিকিপিডিয়া কমিউনিটী গোটটোত সদস্যভুক্ত কৰাই দিছিল। ইয়াৰ আগলৈকে অসমীয়া ভাষাত ৱিকিপিডিয়া এখন উপলব্ধ হোৱাৰ ভূকে পোৱা নাছিলো। সি যি কি নহওক, উক্ত গোটটোত ৱিকিপিডিয়ানসকলৰ প’ষ্ট, আলোচনাবোৰ পঢ়ি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ ৱিকিপিডিয়াৰ বহু কথাৰ উমান পোৱাৰ লগতে সততে মাতৃভাষাৰ ৱিকিপিডিয়াৰ ব্যৱহাৰ কৰাটোও সম্ভৱপৰ হ’ল। সেই সময়ত ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ অৱস্থাটো বৰ উন্নত বা বৰ্ধিত পৰ্যায় এটাত আছিল বুলি ক’ব নোৱাৰি। গতিকে বৰ্তমানৰ ইংৰাজী মাধ্যম আৰু ডিজিটেলকৰণৰ জয়যাত্ৰাৰ যুগত অসমীয়া ভাষাৰ স্থিতি মুঠেই সন্তোষজনক নাছিল। এমুঠিমান ব্যক্তিগত তথা সমূহীয়া ব্লগ আৰু দুই-এখন ই-আলোচনীৰ বাদে ইণ্টাৰনেটত অসমীয়া ভাষাৰ কোনো সমল নাছিল। অসমীয়াত কথা-বতৰাকে ধৰি ফেচবুকৰ অন্যান্য গোটত বহু লোকে অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কত শংকা প্ৰদৰ্শন আৰু অন্তহীন আলোচনাত লিপ্ত থকাৰ বিপৰীতে মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ বাবে প্ৰকৃতাৰ্থত পৰিকল্পিতভাৱে কাম কৰি আছিল। ইয়াৰ ভিতৰত মাথো কেইজনমান লোকেহে ৱিকিপিডিয়াৰ কাৰিকৰী দিশটোৰ লগতে প্ৰৱন্ধ লিখাত অহৰহ অৰিহণা যোগোৱা দেখিছিলো। ভাবিছিলো এই প্ৰকল্পটোৰ সৈতে কেনেবাকৈ জড়িত হৈ সহায় আগবঢ়াব পাৰি নেকি! এইদৰেই ২০১২ চনৰ ১৫ মে’ত অসমীয়া ৱিকিপিডিয়াত যোগদান কৰি (প্ৰথমটো প্ৰৱন্ধ ২১ মে’ত) অসমীয়া ভাষাৰ এই সূৰ্যমুখী যাত্ৰাৰ অংশীদাৰ হ’লো। এই বিষয়ত তেজপুৰৰ বিষ্ণু শইকীয়া দাই যিকোনো সময়তে পৰামৰ্শ আৰু সহায় আগবঢ়াই উৎসাহিত কৰিছিল। এই উৎসাহৰে ফলত পিছলৈ ইংৰাজী ৱিকিপিডিয়াতো সৰু-সুৰা সম্পাদনা কৰিবলৈ আৰম্ভ কৰাৰ লগতে ৱিকিউৎসতো দুই-এটা বৰঙণি আগবঢ়াইছিলো। পৰৱৰ্তী সময়ত এই যাত্ৰাত মাজে সময়ে বিৰাম ল’লেও ৱিকিপিডিয়াৰ প্ৰতি টান আৰু অসমীয়া ভাষাৰ প্ৰতি দায়িত্ববোধ আজিও অলপো কমা নাই। বৰঞ্চ ২০১৪ চনত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৱিকি মীট-আপত অংশগ্ৰহণ কৰি যঠেষ্ট সতেজহে অনুভৱ কৰিছো। এজন ৱিকিপিডিয়ান হিচাপে অৱধাৰিতভাৱে বন্ধু-বান্ধৱকো অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে জনাই আহিছো। এটা কথা উপলব্ধি কৰি দুখ লাগে যে অসমীয়া ভাষাত এখন ৱিকিপিডিয়া থকাৰ কথা এতিয়াও বহুতে নাজানে বা জানিলেও আজিলৈকে ইয়াৰ সদব্যৱহাৰ কৰি পোৱা নাই। আনহাতে বহুতে ইয়াক ইংৰাজী ৱিকিপিডিয়াৰ এক অনুকৰণ মাত্ৰ বুলি ভাবে। প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লয়। কিন্তু অনলাইন বিশ্বকোষখনৰ আঞ্চলিক ভাষাৰ অন্যতম ভাগ হিচাপে অসমীয়া ৱিকিপিডিয়াতো সেই একেখিনি তথ্যই যে মাতৃভাষাত উপলব্ধ। তাৰোপৰি ইংৰাজী বা অন্য ভাষাৰ ৱিকিপিডিয়াত বিতংকৈ তথ্য নোপোৱা অসমৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী, লোক সংস্কৃতি বা ব্যক্তিৰ বিষয়েও সবিশেষ অসমীয়া ভাষাৰ সংস্কৰণত আছে। এই কথাবোৰ সৰ্বসাধাৰণ ব্যৱহাৰকাৰীয়ে উমান পোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। এইক্ষেত্ৰত ৱিকি মীট-আপসমূহে যঠেষ্ট সফলতা লাভ কৰিছে। এইক্ষেত্ৰত ৱিকিপিডিয়ানসকলৰ লগতে অফলাইন সমন্বয়ৰক্ষী যেনে বাতৰি কাকত-আলোচনীৰ সহযোগিতাৰো আৱশ্যক যেন অনুভৱ হয়। ২০১১ চনৰ অসমীয়া ৱিকিপিডিয়াৰ নিশকতীয়া অৱস্থাৰ বিপৰীতে আজিৰ তাৰিখত (৩ নৱেম্বৰ, ২০১৫) অসমীয়া ৱিকিপিডিয়াত প্ৰৱন্ধৰ সংখ্যাই ৩,৭৭১ পাইছেগৈ। ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প অনলাইন মুক্ত পুথিভঁৰাল ৱিকিউৎসৰ অৱস্থা চকুত লগা নহ’লেও মুষ্টিমেয় কেইজনমান সদস্যৰ অশেষ চেষ্টাৰ বলত ইয়াৰ লেখাৰ সংখ্যা ১,২১৫ হৈছেগৈ। ইয়াত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদি অসমীয়া অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰীসকলৰ মহা মূল্যৱান লেখাসমূহৰ লগতে গুৰু দুজনাৰ কীৰ্তন ঘোষা আৰু নামঘোষাকো ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে। সেইফালৰ পৰা চাবলৈ গ’লে অসমীয়া ৱিকিপিডিয়াৰ ভাল দিন আৰম্ভ হৈছে। এই উন্নতিৰ গতি খৰতকীয়া কৰি অসমীয়া ভাষা-সংস্কৃতিক সময়োপযোগী ৰূপত নিৰাপদ কৰি ৰাখিবলৈ পৰৱৰ্তী সময়তো আমাক বৰ্তমানৰ কৰ্মোদ্যমৰ প্ৰয়োজন হ’ব।
|
|
|
This article uses material from the Wikipedia অসমীয়া article নৱেম্বৰ-২০১৫, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.