বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

২০১২
জুন
কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰ।
কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰ


জুলাই

অসমৰ পবিতৰা অভয়াৰণ্যত মাতৃৰ সৈতে এটা শিশু গঁড়।
অসমপবিতৰা অভয়াৰণ্যত মাতৃৰ সৈতে এটা শিশু গঁড়


আগষ্ট

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত ১৩ জন শিশু আৰু মাতৃৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহত সকলৰ স্মৃতিত প্ৰতিষ্ঠিত "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ"ত আছে।


ছেপ্টেম্বৰ

যোৰহাটৰ চেউনী আলি (এ.টি. ৰোড)ৰ এটা দৃশ্য
যোৰহাটৰ চেউনী আলি (এ.টি. ৰোড)ৰ এটা দৃশ্য

আলোকচিত্ৰশিল্পী: বিক্ৰমজিত কাকতি

অক্টোবৰ

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সঙ্গীত নাটক অকাডেমিৰ গুৱাহাটী শাখাৰ দ্বাৰা আয়োজিত ‘নৃত্য পৰ্ব’ অনুষ্ঠানত সত্ৰীয়া নৃত্য পৰিবেশন
গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সঙ্গীত নাটক অকাডেমিৰ গুৱাহাটী শাখাৰ দ্বাৰা আয়োজিত ‘নৃত্য পৰ্ব’ অনুষ্ঠানত সত্ৰীয়া নৃত্য পৰিবেশন

আলোকচিত্ৰশিল্পী: শুভ্ৰজিত্‍ ৰয়


নৱেম্বৰ

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিৰ অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। এই খেল মহাপুৰুষ শ্ৰী মন্ত শংকদেৱৰ মৃত্যুবাৰ্ষিকীৰ দিনাখন বাৰ্ষিকভাৱে অনুষ্ঠিত হৈ আহিছে।

আলোকচিত্ৰশিল্পী: যুগল ভৰালী



২০১৩

জানুৱাৰী

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰমাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ

আলোকচিত্ৰশিল্পী: যুগল ভৰালী

মাৰ্চ

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
বান্দৰৰ এক আপুৰুগীয়া প্ৰজাতি সোণালী বান্দৰ (ইংৰাজী: Golden langur) ভাৰতবৰ্ষত মূলত: পশ্চিম অসম, ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায়৷এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷ এই আলোকচিত্ৰ গুৱাহাটীৰ উমানন্দত তোলা হৈছিল৷

আলোকচিত্ৰশিল্পী: ডনিভ’ ৭৯


মে'

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
বিহুৱতীয়ে গগণা বজাই থকা দৃশ্য। বাঁহেৰে সজা এই বাদ্য দুই প্ৰকাৰৰ। পুৰুষে বজোৱাবিধক "ৰামধন গগণা" আৰু মহিলাই বজোৱাবিধক "লাহৰী গগণা" বোলা হয়।


জুন

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
মৰণা মৰা হোৱাৰ পাছত ধানৰ পৰা পতান, খেৰ ইত্যাদি বাচিবৰ বাবে ডলাৰে বা দিয়া দৃশ্য


২০১৪

অক্টোবৰ

নৱেম্বৰ

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
কাকডোঙা নদীৰ এক নৈসৰ্গিক দৃশ্য

আলোকচিত্ৰশিল্পী: অনুপম শৰ্মা

ডিচেম্বৰ

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
এগৰাকী অসমীয়া গাভৰুৱে তাঁতশালত গামোচা বৈ থকা অৱস্থাৰ স্থিৰচিত্ৰ।

আলোকচিত্ৰশিল্পী: দ্বীজেন মহন্ত

২০১৫

জানুৱাৰী

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
অসমগহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।

আলোকচিত্ৰশিল্পী: দ্বীজেন মহন্ত


ফেব্ৰুৱাৰী

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
বিশ্বনাথ ঘাটৰপৰা ব্ৰহ্মপুত্ৰৰ দৃশ্য

আলোকচিত্ৰশিল্পী: দ্বিজেন মহন্ত


মাৰ্চ

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য


এপ্ৰিল

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
বিহুৰ বাদ্যযন্ত্ৰ - ঢোল, পেঁপা আৰু খুটি তাল আদি


২০১৬

ফেব্ৰুৱাৰী

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
মুকলি পথাৰত মহিলাই বিহু নচা দৃশ্য।।

বিক্ৰমজিৎ কাকতি


২০১৯

ফেব্ৰুৱাৰী

ঢলা–শদিয়া দলং
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ২৬ মে', ২০১৭ ত অসমৰ লোহিত নদীৰ ওপৰত উদ্বোধিত ঢলা–শদিয়া দলঙৰ এক বিহংগম দৃশ্য।

প্ৰেছ ইনফৰমেশ্যন ব্যুৰো


এপ্ৰিল

সুতুলি
অসমব’হাগ বিহুৰ এক বাদ্যযন্ত্ৰ সুতুলি। মাটিৰে তৈয়াৰ কৰা এই সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে।

আলোকচিত্ৰশিল্পী: অভিজিত কলিতা


অক্টোবৰ

কাৰেংঘৰ
আলোকসজ্জাৰে সজ্জিত গড়গাঁও স্থিত আহোম ৰাজপ্ৰসাদ কাৰেংঘৰ

আলোকচিত্ৰশিল্পী: ময়ূৰ গগৈ


২০২০

এপ্ৰিল

অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ অসমৰ তামোল-পাণ।
অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ “তামোল-পাণ

নৱজ্যোতি লহকৰ

২০২১

মাৰ্চ

গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওপাহাৰত উদ্ধাৰ হোৱা শিলত খোদিত ভাস্কৰ্য
গোলাঘাট জিলাৰ নুমলীগড়দেওপাহাৰত শিলত খোদিত ভাস্কৰ্য ৷ দেওপাহাৰ অসমৰ এক পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।

আলোকচিত্ৰ শিল্পী: বেৱী দেৱী


জুলাই

অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত দৃষ্টিগোচৰ হোৱা এটি নীলবৰণীয়া মাছৰোকা
অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এটি নীলবৰণীয়া মাছৰোকা

আলোকচিত্ৰ শিল্পী: নেজিব আহমেদ


২০২২

জুন

২০১৫ চনত অসমৰ বানপানী
বানপানী অসমৰ এটা জ্বলন্ত সমস্যা। ১৯৫০ চনৰ ভূমিকম্পৰ পিচতে ব্ৰহ্মপুত্ৰকে আদি কৰি অন্যান্য কিছুমান নদীৰ তলি বাম হোৱাত তাৰ কাষৰ ঠাই সমূহত বানপানীৰ সৃষ্টি হয়। বানপানীৰ ফলত মানুহৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ ফলত অসমৰ একমাত্ৰ সম্বল আহু আৰু শালিধানৰ খেতি নষ্ট হয়। মানুহৰ মাজত জ্বৰ, গ্ৰহণী আদি মহামাৰিৰ সৃষ্টি হয়। বানপানীৰ ফলত চৰকাৰ তথা জনসাধাৰণৰ অৰ্থনৈতিক দিশটোৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে।

আলোকচিত্ৰ শিল্পী: প্ৰদীপ নেমানে


জুলাই

দেওধনী নৃত্য
দেওধনী নৃত্য পৰিৱেশন কৰি থকা অৱস্থাত এগৰাকী শিল্পী
দেওধনী নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকল যেনে: বড়ো, তিৱা, পাতিৰাভা, ডিমাছা, মিচিংসকলৰ মাজত এই নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাইখাতী, সুবচনী, বুঢ়ী গোঁসানী ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত সুকনানী (সুকবি নাৰায়ণী) আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য্য।

আলোকচিত্ৰ শিল্পী: ৰমেশ লালৱানী


আগষ্ট

মাহ-প্ৰসাদ
অসমৰ নামঘৰ আৰু মন্দিৰত নৈবেদ্য হিচাপে ব্যৱহৃত এবিধ পৰম্পৰাগত প্ৰসাদ
মাহ-প্ৰসাদ হল অসমৰ নামঘৰ আৰু মন্দিৰত নৈবদ্য হিচাপে ব্যৱহৃত এবিধ পাৰম্পৰিক প্ৰসাদ। ফলা বা গুটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবদ্য হিচাপে উৎসৰ্গা কৰাৰ সময়ত অলপ ভিজোৱা চাউলো কাষত দিয়াৰ নিয়ম আছে যদিও নিমখ মিহলোৱা নহয়। পাচত প্ৰসাদ হিচাপে ভকতৰ মাজত বিতৰণ কৰাৰ সময়ত প্ৰয়োজনীয় নিমখ, সৰু সৰু টুকুৰা কৰা আদা আৰু নাৰিকল মিহলাই দিয়া হয়। সাধাৰণতে কলপাতত এই মাহ প্ৰসাদৰ লগত কল, কুঁহিয়াৰ, কমলা, আপেল, ৰবাব টেঙা আদি বিভিন্ন ঋতুফলো দিয়া দেখা যায়।

আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন


২০২৩ মাৰ্চ

বৰপেটাৰ দৌল যাত্ৰাৰ এটি দৃশ্য।
ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে।

আলোকচিত্ৰ শিল্পী: ভৃগু বায়ন


এপ্ৰিল

ৰঙালী বিহুৰ সময়ত খোৱা ১০১ বিধ শাক।
অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুত সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন।

আলোকচিত্ৰ শিল্পী: চন্দন চিৰিং ফুকন


মে’

বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ
শিল্পৰমম ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা-কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়। ভাৰতৰ প্ৰযুক্তিৰ চহৰত ৬৫ একৰ (২৬০,০০০ মিটাৰ বৰ্গফুট) মাটিত বিস্তৃত শিল্পৰমমে পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক দৃশ্যমান পৰিৱেশ প্ৰদান কৰে। ভাৰতীয় কলা-কৃষ্টিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে তথা শিপিনীসকলক প্ৰেৰণা যোগাবৰ বাবে ৰাজ্য চৰকাৰে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।

আলোকচিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা


জুন

পৌৰাণিক কাইথেলী অসমীয়া লিপিত লিখিত দক্ষিণপাট সত্ৰত সংৰক্ষিত ভাগৱতৰ এখন সচিত্ৰ সাঁ‌চিপাতৰ পৃষ্ঠা।
সাঁচিপাত হৈছে "সাঁচিগছ"(Aquilaria agallocha)ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।

আলোকচিত্ৰ শিল্পী: Msasag


জুলাই

টিলিকি কপৌ
টিলিকি কপৌ বা শালিকী কপৌ (বৈজ্ঞানিক নাম: Micropera rostrata)

আলোকচিত্ৰ শিল্পী: প্ৰান্তৰ ভাগৱতী


আগষ্ট ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/আগষ্ট, ২০২৩

চেপ্টেম্বৰ ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/চেপ্টেম্বৰ, ২০২৩

অক্টোবৰ ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/অক্টোবৰ, ২০২৩

নৱেম্বৰ

ঘনশ্যাম দৌল
ঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাইছিল। আহোম যুগত নিৰ্মিত টেৰাকোটা শিল্পৰ নিদৰ্শন ঘনশ্যাম দৌলৰ স্থাপত্যত পোৱা যায়। এই দৌল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত আৰু দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত।
আলোকচিত্ৰ:ৰফিউদ্দিন আহমেদ


ডিচেম্বৰ

মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প
শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে নিৰ্মাণ কৰা মাজুলীৰ চামগুৰি সত্ৰৰ ৰাৱণৰ মুখা। মুখাশিল্প অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়।
আলোকচিত্ৰ:চন্দন চিৰিং ফুকন


Tags:

commons:Commons:Featured pictures

🔥 Trending searches on Wiki অসমীয়া:

অনুবাদবাণীকান্ত কাকতিএজাৰমাটিফাকে জনগোষ্ঠীসদৌ অসম ছাত্ৰ সন্থাপদুমবাঁহঅসমৰ চাহ জনগোষ্ঠীকুলিশিৱসাগৰঅসমীয়া জলপানকলিমাশূন্যতগৰসমাৰ্থক শব্দপাচন তন্ত্ৰসমাজবাদশ্ৰী সূৰ্য পাহাৰহলীৰাম ডেকানৃত্যমৌখিক পৰম্পৰাপানীপ্ৰকৃতিশিৱসাগৰ জিলাহিতেশ ডেকামৰুভূমিহাঁচতিজোনবিৰি (অলংকাৰ)জল সংৰক্ষণগোলকীকৰণশীতল যুদ্ধমেলেৰিয়াশ্ৰীমদ্ভগৱতগীতাখোলচেঙেলী মাছজৈৱ বৈচিত্ৰ্যজোৰোণভেঁকুৰওজাপালিভিটামিনগণৰাজ্য দিৱস (ভাৰত)গোৱালপাৰাবৰুণীঅসমীয়া বৰ্ণমালালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপঞ্চায়তী ৰাজঅসমৰ লোকবাদ্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহযজ্ঞসুঁৱৰিঅসমৰ পৰম্পৰাগত সাজ- পাৰআমেৰিকা যুক্তৰাষ্ট্ৰজোনবিল মেলাঅসুৰঅভ্যাসগোপীনাথ বৰদলৈপায়ু সংগমআহোম ৰাজ্যসতী সাধনীমূলা গাভৰুজয়মতী (১৯৩৫ চলচ্চিত্ৰ)দেওপাহাৰতেজবৰপেটা সত্ৰশৰাইঘাটৰ যুদ্ধশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মঙ্গলদৈ (লোকসভা সমষ্টি)টিকেন্দ্ৰজিৎৰজনীকান্ত বৰদলৈআনন্দৰাম ঢেকিয়াল ফুকন🡆 More