ৰংবং তেৰাং

ৰংবং তেৰাং (ইংৰাজী: Rongbong Terong) অসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ। কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল। তেখেতে ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেখেতক অৰ্পণ কৰা হৈছিল। ৰংবং তেৰাঙৰ জীৱনৰ আদৰ্শ ব্যক্তি আছিল জাতিৰ পিতা মহাত্মা গান্ধী। ৰংবং তেৰাঙে পাহাৰ ভৈয়ামৰ মাজৰ একতাৰ জৰীডাল অধিক কটকটীয়া কৰাত দৃঢ় পদক্ষেপ লৈছিল। কাৰ্বি সমাজৰ পৰা কিছুদিন আঁতৰি থাকিও কাৰ্বি আংলঙৰ জলবায়ু, নদ-নদী, পৰ্বত-পাহাৰ আদি প্ৰাকৃতিক পৰিবেশৰ লগত নিজকে খাপখুৱাই পাহাৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষিত কৰিব পাৰি তাৰ বাবে চিন্তা কৰিছিল। কেৱল সাহিত্যৰ সাধনাৰেই নহয় শিক্ষকতাৰেও কাৰ্বি আংলং আৰু অসমৰ সমাজ জীৱনত বিশেষ ভাবে প্ৰভাৱ পেলোৱা ৰংবং তেৰাং সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস। ১৯৮৯ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।

ৰংবং তেৰাং
জন্ম ১৩ জানুৱাৰী, ১৯৩৭ চন
লাংবুদিংপি, বকলীয়াঘাট, কাৰ্বি আংলং, অসম
পেচা সহিত্যিক, শিক্ষাবিদ, গন্থকাৰ,শিক্ষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা অসমীয়া বিষয়ত স্নাতকোত্তৰ,১৯৬৬ চন
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী বঁটা (১৯৮৯)
বিষ্ণুৰাভা বঁটা (১৯৮১)
অসম উপত্যকা সাহিত্য বঁটা (২০০৮)
মাধৱদেৱ বঁটা (২০০৮)
চ্যু-কা-ফা বঁটা (২০০৯),লুম্বেদাই বঁটা (২০১৯)
দাম্পত্যসংগী কাজিৰ হান্সেপী

প্ৰভাবিত হয়

জন্ম আৰু শিক্ষা

ৰংবং তেৰাঙৰ জন্ম ১৯৩৭ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী আছিল। ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল।

কৰ্মজীৱন

ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়, কাকী উচ্চ মাধ্যমিক বিদ্যালয়, ডিফু বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিত এৰা-ধৰাকৈ শিক্ষকতা কৰি পাছলৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে স্থায়ী কৰ্মজীৱনৰ সূচনা কৰিছিল। সেই পদৰ পৰা ২০০২ চনৰ ৩০ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।

ব্যক্তিগত জীৱন

১৯৬৭ চনত কাজিৰ হান্সেপীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

সাহিত্য জগতলৈ বৰঙণি

১৯৬৬ চনত তেওঁ কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৬৬ চনৰ পৰা ১৯৮৩ চনলৈ এই সুদীৰ্ঘ সময়লৈ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। অসমীয়া ভাষা, সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাধেমাজি অধিৱেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিৱেশন আৰু দেৰগাঁও অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৰংবং তেৰাঙৰ মনোবল আৰু প্ৰচেষ্টাৰ বাবেই ২০১০ ৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ বিশেষ বাৰ্ষিক অধিৱেশন সকলো অপায়-অমঙ্গলকো নেওচি স্থানীয় ৰাইজে অনুষ্ঠিত কৰিব পাৰিছিল। তদুপৰি তেওঁ কাৰ্বি ভাষাত সোমাই থকা অসমীয়া আৰু খাচী শব্দবিলাক উলিয়াই সুন্দৰ বিশ্লেষণেৰে পাঠক সমাজলৈ আগবঢ়াইছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত, পৰ্বত-ভৈয়ামৰ মাজত তেওঁৰ ৰচনাই এডাল সংযোগী সূতাৰ দৰে কাম কৰিছিল।

প্ৰাপ্ত বঁটাসমূহ

  1. পদ্মশ্ৰী বঁটা (১৯৮৯),
  2. বিষ্ণুৰাভা বঁটা (১৯৮১),
  3. অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮১),
  4. মাধৱদেৱ বঁটা (২০০৮),
  5. চ্যু-কা-ফা বঁটা (২০০৯),
  6. ডি-লিট উপাধি: কটন বিশ্ববিদ্যালয় (২০২২)

সাহিত্য কৰ্ম

    উপন্যাস
  1. কাৰ্বিলাম তাছাস (১৯৭৪, কাৰ্বি-অসমীয়া-ইংৰাজী ত্ৰিভাষিক অভিধান)
  2. ৰংমিলিৰ হাঁহি (১৯৮১)
  3. জাক হেৰুওৱা পক্ষী (২০০৫)
  4. নীলা আৰ্কিড (২০০১)
  5. ক্ৰান্তিকালৰ অশ্ৰু (২০০৫)
  6. মিৰবিন (২০০৯)
  7. লাংছলিয়েটৰ ক্ৰাক্ৰুং
  8. বন ফৰিঙৰ গীত
  9. সমন্বয় প্ৰবাহ
  10. স্মৃতিৰ পাপৰি

    ব্যাকৰণ সংকলন
  1. কাৰবি লামকুৰ
  2. কৰ্বি অসমীয়া পাঠ
  3. কাৰ্বি লামতাছাম
  4. দলা আলুন
  5. গণনাপুথি
  6. কাৰবি কালাখা আকিতাপ
    অনুবাদ

শ্ৰীমদ্ভাগৱতগীতা (কাৰ্বি ভাষা)

তথ্য সংগ্ৰহ

Tags:

ৰংবং তেৰাং জন্ম আৰু শিক্ষাৰংবং তেৰাং কৰ্মজীৱনৰংবং তেৰাং ব্যক্তিগত জীৱনৰংবং তেৰাং সাহিত্য জগতলৈ বৰঙণিৰংবং তেৰাং প্ৰাপ্ত বঁটাসমূহৰংবং তেৰাং সাহিত্য কৰ্মৰংবং তেৰাং তথ্য সংগ্ৰহৰংবং তেৰাংঅসমঅসম সাহিত্য সভাইংৰাজী ভাষাকাৰ্বি আংলংকাৰ্বি ভাষাপদ্মশ্ৰীভাৰত চৰকাৰমহাত্মা গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

ব্ৰহ্মপুত্ৰ নদভাৰতৰ ইতিহাসপাচন তন্ত্ৰঅতুল চন্দ্ৰ হাজৰিকাহস্তীবিদ্যাৰ্ণৱপাটবাউসী সত্ৰমিৰি জীয়ৰীহিমন্ত বিশ্ব শৰ্মাবুলু ফিল্মসৌৰজগতবসন্ত ঋতুমানৱ উন্নয়ন সূচকশুৱালকুছিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমৰ সাধুকথাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাওড়িয়া ভাষাকিতাপঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদকথা-ভাগৱতউত্তৰ-পূব ভাৰতপুৰন্দৰ সিংহপূৰ্ণ স্বৰাজঅশ্বত্থামাআউনীআটী সত্ৰপ্লাষ্টিকগৰীয়সীদুৰ্গাবৰ কায়স্থঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া প্ৰতিদিনভাৰত ৰত্নকনকলতা বৰুৱাৰূপালীমঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভাস্কো দা গামাভাৰতীয় জাতীয় কংগ্ৰেছঅখণ্ড সংখ্যাআজান পীৰহীৰেন ভট্টাচাৰ্যভাইটি (চলচ্চিত্ৰ)ছাইমন কমিশ্যনবাঁহএ কে গাৰ্নিমোৰ জীৱন সোঁৱৰণলক্ষ্মীধৰ শৰ্মাবানপানীলোক-সংগীতক্ষকালিদাসকলামিডিয়াৱিকিজেতুকায়সংস্কৃত সাহিত্যফৰাচী বিপ্লৱঅসমৰ ছপাশালদিহানামকপৌ ফুলঅসমৰ পৰম্পৰাগত সাজ-পাৰযতি-চিননিমাতী কইনাপূৰবী বৰমুদৈশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাদৰিদ্ৰতাসম্পাদনাহেমচন্দ্ৰ গোস্বামীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমোগল সাম্ৰাজ্য২৩ এপ্ৰিলযোগাসনজৱাহৰলাল নেহৰুকৃষ্ণচূড়াকাতি বিহু🡆 More