লুই পেষ্ট'ৰ

লুই পেষ্ট'ৰ (Louis Pasteur) (/ˈluːi pæˈstɜr/, ফৰাচী: ; ডিচেম্বৰ ২৭, ১৮২২ – ছেপ্তেম্বৰ ২৮, ১৮৯৫) এজন ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ। তেওঁ প্ৰতিষেধকৰ তত্ত্ব, কিণ্বন (microbial fermentation) আৰু পেষ্টুৰাইজেচন (pasteurization)ৰ উদ্ভাৱনৰ বাবে বিখ্যাত। বিভিন্ন ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ উলিওৱাৰ বাবে তেওঁক সোঁৱৰণ কৰা হয় আৰু তেওঁৰ আৱিষ্কাৰে অগণন মানুহৰ জীৱন ৰক্ষা কৰি আহিছে। তেওঁৰ প্ৰসূতি জ্বৰ (puerperal fever)ৰ পৰা হোৱা মৃত্যুৰ হাৰ কমাইছিল, লগতে ৰেবিজ আৰু এন্‌থ্ৰাক্সৰ বাবে প্ৰথম প্ৰতিষেধক সৃষ্টি কৰিছিল। তেওঁৰ চিকিৎসা বিজ্ঞানৰ আৱিষ্কাৰসমূহে ৰোগৰ জীৱাণু তত্ত্ব (germ theory of disease) আৰু নিদানত ইয়াৰ প্ৰয়োগক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছিল। গাখীৰ আৰু ৱাইনক বেক্টেৰিয়াই দূষণ কৰিব নোৱাৰা কৌশলৰ বাবে তেওঁ সাধাৰণ ৰাইজৰ চিনাকি হৈ পৰিছিল। ফাৰ্ডিনাণ্ড ক'ন আৰু ৰবাৰ্ট কচৰ সৈতে তেওঁক বেক্টেৰিয়া বিজ্ঞানৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰাৰ লগতে তেওঁক অণুজীৱ বিজ্ঞানৰ জনক (father of microbiology) আখ্যা দিয়া হয়।

লুই পেষ্ট'ৰ
লুই পেষ্ট'ৰ
নাডাৰে তোলা ছবি
জন্ম ২৭ ডিচেম্বৰ, ১৮২২
ড'লে, ফ্ৰান্স
মৃত্যু ২৮ ছেপ্টেম্বৰ, ১৮৯৫ (৭২ বছৰ)
মাৰ্নে-লা-ককেট, ফ্ৰান্স
জাতীয়তা ফৰাচী
ক্ষেত্ৰ ৰসায়ন বিজ্ঞান
অণুজীৱ বিজ্ঞান
কৰ্মস্থান * University of Strasbourg
  • Lille University of Science and Technology
  • École Normale Supérieure
  • Pasteur Institute
শিক্ষানুষ্ঠান École Normale Supérieure
উল্লেখযোগ্য বিদ্যাৰ্থী চাৰ্লছ ফ্ৰাইড
স্বাক্ষৰ
লুই পেষ্ট'ৰ

পেষ্ট'ৰে ৰসায়ন বিজ্ঞানতো উল্লেখযোগ্য কেতবোৰ আৱিষ্কাৰ কৰিছিল। তাৰ ভিতৰত কিছুমান স্ফটিকৰ অপ্ৰতিসাম্যতা (Molecular asymmetry) আৰু ৰেচিমাইজেচন (racemization)ৰ আণৱিক কাৰণ উলিওৱাই প্ৰধান। মৃত্যু পৰ্যন্ত তেওঁ ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা পেষ্ট'ৰ ইন্‌ষ্টিটিউটৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃতদেহ সেই প্ৰতিষ্ঠানৰ তলতে এটা সমাধিকক্ষত থোৱা হৈছে আৰু বাইজেন্‌টিন ম'জাইকত তেওঁৰ আৱিষ্কাৰসমূহ অংকন কৰি কক্ষটো ঢাকি ৰখা হৈছে।

প্ৰাৰম্ভিক জীৱন

২৭ ডিচেম্বৰ ১৮২২ তাৰিখে ফ্ৰান্সৰ পূৰ্ব দিশৰ পাহাৰীয়া অঞ্চলৰ ড'লে নামৰ এখন গাঁৱত এক দৰিদ্ৰ পৰিয়ালত লুই পেষ্ট'ৰৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটোৱে মৃত জন্তুৰ চামৰাৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল। জিন-জ'ছেফ পেষ্ট'ৰ আৰু জিন-ইটিয়েনেট ৰকিৰ তেওঁ আছিল তৃতীয় সন্তান। ১৮২৭ চনত তেওঁৰ পৰিয়ালটো আৰ্ব'ইছলৈ উঠি আহে আৰু ১৮৩১ চনত লুইয়ে পঢ়াশালিত নাম লগায়। সৰুৰে পৰাই বালক লুই পেষ্ট'ৰৰ ৰাপ আছিল চিত্ৰাংকণত। কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল'ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি ১৮৪০ চনত কলা বিষয়ত স্নাতক আৰু ১৮৪২ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৮৪৭ চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত অধ্যাপনা আৰম্ভ কৰে ষ্ট্ৰেচবাৰ্গ বিশ্ববিদ্যালয়ত। লগে লগে তেওঁ বিভিন্ন বিষয়ৰ গৱেষণাত মনোনিবেশ কৰিবলৈ ধৰে। ১৮৪৯ চনৰ ২৯ মে'ত বিশ্ববিদ্যালয়ৰ ৰেক্টৰ আৰু উপাচাৰ্য্যৰ কন্যা মেৰী ল'ৰেটৰ লগত লুই পেষ্ট'ৰৰ বিবাহ সম্পন্ন হয়।

তেওঁ পাঁচটা সন্তানৰ পিতৃ হয় যদিও তিনিটা সন্তানেই টায়ফয়েড ৰোগত মৃত্যুবৰণ কৰে। এই দুখজনক অভিজ্ঞতাই তেওঁক সংক্ৰামক ৰোগৰ আৰোগ্য বিচৰাত অনুপ্ৰেৰণা যোগায়।

বৈজ্ঞানিক অৱদান

আণৱিক অসামঞ্জস্য

লুই পেষ্ট'ৰ 
পেষ্ট'ৰে সোঁ আৰু বাঁও স্ফটিক আকৃতি ইটো-সিটোৰ পৰা পৃথক কৰি স্ফটিকৰ দুটা গোট সাজে: দ্ৰৱণত এটা আকৃতিয়ে পোহৰ বাঁওফাললৈ ঘূৰায় আৰু আনটোৱে সোঁফাললৈ ঘূৰায়; দুয়োটা আকৃতিৰ সমান সমান বা ৰেচিমিক মিশ্ৰণে ইটো সিটোৰ প্ৰভাৱ নোহোৱা কৰে আৰু প'লাৰাইজ পোহৰ নুঘূৰায়।

ৰসায়নবিদ হিচাপে কাম কৰা সময়ত পেষ্ট'ৰে টাৰ্টাৰিক এচিডৰ এটা সমস্যা সমাধান কৰে (১৮৪৮)। জীৱিত বস্তুৰ পৰা উলিওৱা (বিশেষকৈ ৱাইনৰ কিণ্বন কাৰক) এই যৌগৰ এটা দ্ৰৱণে মাজৰে পঠিওৱা প'লাৰাইজ পোহৰ ঘূৰাই দিয়ে। ৰাসায়নিকভাৱে প্ৰস্তুত কৰা টাৰ্টাৰিক এচিডৰ বিক্ৰিয়া বা আণৱিক গঠন একে হোৱা সত্ত্বেও ই এনে ঘটনা প্ৰদৰ্শন নকৰিছিল আৰু বিজ্ঞানীসকল বিভ্ৰান্ত হৈছিল। কাইৰেল অণুৰ ব্যাখ্যা আগবঢ়োৱা এয়াই আছিল প্ৰথম।

কিণ্বনৰ জীৱাণু তত্ত্ব

পেষ্ট'ৰে দেখুৱায় যে খাদ্যৰ কিণ্বন অণুজীৱৰ বাবেহে হয় আৰু নিউট্ৰিয়েণ্ট ব্ৰ'থত বেক্টেৰিয়াৰ বিকাশ নিজে নিজে নহয়, বৰং বায়'জেনেছিছৰ বাবেহে হয় (Omne vivum ex vivo "সকলো জীৱন জীৱনৰ পৰা")।

লুই পেষ্ট'ৰ 
গৱেষণাগাৰত ব্যস্ত পেষ্ট'ৰ
লুই পেষ্ট'ৰ 
পেষ্ট'ৰে ব্যৱহাৰ কৰা Bottle en col de cygne (swan neck duct)।
লুই পেষ্ট'ৰ 
Institut Pasteur de Lille

তেওঁ উতলাই লোৱা ব্ৰ'থ ফিল্টাৰ লগাই থোৱা এটা পাত্ৰত ৰাখিছিল যাতে ভিতৰলৈ একো সোমাব নোৱাৰে, আৰু দীঘল অকওৱা-পকোৱা নলী থকা পাত্ৰতো সেই দ্ৰৱ ৰাখিছিল। পাত্ৰকেইটাৰ মুখ ভাঙি নিদিয়ালৈকে তাত একো জন্ম ল'ব পৰা নাছিল। তাৰ ফলৰ প্ৰমাণ হয় যে তেনে দ্ৰৱত নিজে নিজে জীৱৰ বিকাশ নহয়, বৰং সেইবোৰ বাহিৰৰ উৎস যেনে ধূলিত থকা ৰেণু আদিৰপৰাহে হয়। এই গুৰুত্বপূৰ্ণ পৰীক্ষাই স্বয়ংক্ৰিয় সৃষ্টি মতবাদক নস্যাৎ কৰিছিল।

যদিও জীৱাণু তত্ত্ব আগবঢ়োৱা পেষ্ট'ৰ প্ৰথমজন ব্যক্তি নাছিল (জিৰ'লেম' ফ্ৰাকাষ্ট'ৰ', অগষ্টিন' বেচি, ফ্ৰেডেৰিক গুস্তাভ জেকব হেনলী আৰু আন কিছুমানে আগতেই এনে কথা কৈছিল), তেওঁ কৰা পৰীক্ষাই এই তত্ত্বক শুদ্ধতা প্ৰমাণ কৰে আৰু ইউৰোপৰ বেছিভাগ বিজ্ঞানী পতিয়ন যায়। বৰ্তমান পেষ্ট'ৰকে জীৱাণু তত্ত্বৰ জনক বোলা হয়।

পেষ্ট'ৰে দেখুৱায় যে অণুজীৱৰ বিকাশৰ বাবেই গাখীৰ, ৱাইন, বিয়েৰ আদি বেয়া হয়। পেষ্ট'ৰে এনে এবিধ প্ৰক্ৰিয়া উলিয়ায় যাৰ দ্বাৰা খাদ্য-সামগ্ৰীসমূহ (বিশেষকৈ ডায়েৰীৰ সামগ্ৰী) অধিক দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি। সাধাৰণতে এনে জুলীয়া খাদ্য-সামগ্ৰীক এটা নিৰ্দিষ্ট তাপমানত এক নিৰ্ধাৰিত সময়লৈ উত্তাপ দি লগে লগে শীতল কৰিলে জীৱাণুৰ দ্বাৰা খাদ্য-সামগ্ৰীবিধ সোনকালে বিনষ্ট নহয়। এই প্ৰক্ৰিয়াক "পেষ্টুৰাইজেচন" বুলি কোৱা হয়। ২০ এপ্ৰিল, ১৮৬২ চনত প্ৰথমবাৰ সম্পন্ন কৰা এই পৰীক্ষাত তেওঁক সহযোগ কৰিছিল ক্লউড বাৰ্ণাডে। আজি গোটেই বিশ্বতে ডায়েৰী উদ্যোগত পেষ্টুৰাইজেচন নহলেই নচলে।

পানীয় দূষিত হোৱা ঘটনাৰ পৰা পেষ্ট'ৰে অনুমান কৰে যে অণুজীৱ‌ই জন্তু আৰু মানুহক আক্ৰমণ কৰি ৰোগৰ সৃষ্টি কৰে। তেওঁ মানৱ দেহত অণুজীৱ সোমোৱা প্ৰতিৰোধ কৰিবলৈ প্ৰস্তাৱ দিয়ে আৰু ইয়াৰ ফলতে জ'ছেফ লিষ্টাৰে শল্য চিকিৎসাত প্ৰয়োগৰ বাবে এণ্টিছেপ্টিক কৌশল উদ্ভাৱন কৰে।

১৮৬৫চনত পেষ্টু'ৰে চিল্কৰ পলুসমূহক বেক্টেৰিয়াই ৰোগাক্ৰান্ত কৰা কথা ধৰা পেলায় আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়ায়।

পেষ্ট'ৰে অবাত শ্বসনো আৱিষ্কাৰ কৰে যিটো প্ৰক্ৰিয়াৰ ফাল্ত কিছুমান অণুজীৱ‌ অম্লজান নোহোৱাকৈ জীৱাই থাকে। ইয়াক পেষ্ট'ৰ প্ৰভাৱ (Pasteur effect) বুলিও কোৱা হয়।

প্ৰতিৰোধ বিজ্ঞান আৰু প্ৰতিষেধক

পেষ্টু'ৰৰ ধাৰণামতে বেচি ভাগ ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া আৰু তাৰ বিনাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি। তেওঁ পোনতে মূৰ্গীৰ কলেৰাৰ প্ৰতিষেধক আবিষ্কাৰ কৰিলে। ১৮৭০ চনত তেওঁ প্ৰতিৰোধী কৌশল প্ৰয়োগ কৰি জন্তুক আক্ৰন্ত কৰা এন্‌থ্ৰাক্সৰ প্ৰতিষেধক সৃষ্টি কৰে।

লুই পেষ্ট'ৰ 
গৱেষণাগাৰত লুই পেষ্ট'ৰ, এলবাৰ্ট এদেলফেল্টে ১৮৮৫ চনত অঁকা ছবি

পেষ্ট'ৰে ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে তেওঁ বেছিলাছবিধক অক্সিজেনৰ প্ৰভাৱত অকামিলা কৰি এন্‌থ্ৰাক্স প্ৰতিষেধক তৈয়াৰ কৰিছিল। কিন্তু পেৰিছৰ Bibliothèque Nationale-ত থকা তেওঁ টোকাবহীবোৰ পৰীক্ষা কৰি জনা গ'ল যে প্ৰকৃততে পেষ্ট'ৰে তেওঁৰ প্ৰতিদ্বন্দ্ব্ব্বী জিন-জ'ছেফ-হেনৰী টুঁছেৰ কৌশলহে ব্যৱহাৰ কৰিছিল। এই কৌশলত জাৰক পটাছিয়াম ডাইক্ৰমেট ব্যৱহাৰ কৰা হৈছিল। পেষ্ট'ৰৰ অক্সিজেন কৌশল ব্যৱহাৰ কৰি শেষত এটা প্ৰতিষেধক প্ৰস্তুত কৰা হৈছিল, কিন্তু সেয়া তেওঁ এন্‌থ্ৰাক্স প্ৰতিষেধকৰ পেটেণ্ট লাভ কৰাৰ পিছতহে।

তেওঁ পাগল কুকুৰে কামোৰাৰ বাবে হোৱা 'ৰেবিজ'ৰ প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ সক্ষম হয় ১৮৮৫ চনত। জ'চেফ মেইষ্টাৰ নামৰ ৯বছৰীয়া কিশোৰ এজনক ৬ জুলাই, ১৮৮৫ ৰ দিনাখন ৰেবিজৰ প্ৰতিষেধক বেজী প্ৰদান কৰে। তিনিমাহ পিছত ল'ৰাটোক পৰীক্ষা কৰাত সুস্থতা ওলাই পৰে। ইয়াৰ দ্বাৰা লুই পেষ্টু'ৰৰ নাম জগতত জনাজাত হৈ পৰে।

সন্মান আৰু শেষৰ দিনকেইটা

১৮৬৮ চনৰ পৰা পেষ্ট'ৰৰ কেইবাবাৰো ষ্ট্ৰ'ক হৈছিল আৰু ১৮৯৪ চনত তেনে হওঁতে তেওঁৰ স্বাস্থ্য ভাঙি আহে। সম্পূৰ্ণ আৰোগ্য লাভ নকৰি তেওঁ পেৰিছৰ ওচৰত ১৮৯৫ চনত মৃত্যুবৰণ কৰে। ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া পাতি নটৰ ডেমৰ কেথেড্ৰেলত সমাধিস্থ কৰা হয়। কিন্তু পিছলৈ তেওঁৰ শৰীৰৰ অৱশিষ্ট পেষ্ট'ৰ ইন্‌ষ্টিটিউটৰ এটা সমাধিগৃহত ৰখা হয়।

ৰেচিমিক এচিডৰ সংশ্লেষণৰ বাবে ১৮৫৩ চনত এটা ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানে তেওঁক ১৫০০ ফ্ৰাংকৰ বঁতা দিছিল। ১৮৫৬ চনত লণ্ডনৰ ৰয়েল ছ'চাইটিয়ে ৰেচিমিক এচিডৰ বৈশিষ্ট্য আৱিষ্কাৰৰ বাবে তেওঁক "ৰামফৰ্ড মেডেল" আৰু ১৮৭৪ চনত কিণ্বনৰ গৱেষণাৰ বাবে "ক'পলি মেডেল" আগবঢ়ায়। ফ্ৰেঞ্চ একাডেমী অৱ চায়েঞ্চে ১৮৫৯ চনত পৰীক্ষামূলক ফিজিঅ'লজীৰ বাবে তেওঁলৈ "মণ্টায়ন বঁটা", আৰু স্বয়ংক্ৰিয় সৃষ্টি মতবাদক নাকচ কৰা গৱেষণাৰ বাবে ১৮৫৯ চনত "জেকাৰ বঁটা" আৰু ১৮৬১ চনত "এলহামবাৰ্ট বঁটা" দিয়ে। ১৮৫৭ চনত একাডেমীৰ সদস্যতাৰ বাবে নিৰ্বাচনত তেওঁ পৰাস্ত হয় যদিও ১৮৬২ চনত mineralogy বিভাগত নিৰ্বাচিত হয় আৰু ১৮৮৭ চনত ভৌতিক বিজ্ঞানৰ স্থায়ী সম্পাদকৰূপে নিযুক্তি দিয়া হয়। ১৮৭৩ চনত তেওঁ Académie Nationale de Médecine-লৈ নিৰ্বাচিত হয়। ১৮৮১ চনত Académie française-ত তেওঁক Littré's আসন প্ৰদান কৰা হয়।

১৮৭৩ চনত তেওঁক ব্ৰাজিলিয়ান অৰ্ডাৰ অৱ দা ৰ'জৰ কমাণ্ডাৰ পতা হয়।

১৮৯৫ চনত পেষ্ট'ৰে বিজ্ঞান-কলাৰ ক্ষেত্ৰত নেডাৰলেণ্ডৰ সৰ্বোচ্চ বঁটা "লিউৱেনহুক মেডেল" লাভ কৰে। ১৮৯৫ চনত তেওঁৰ নামৰেই Institute Pasteur আৰু Université Louis Pasteur-ৰ নাম ৰখা হয়।

তথ্যসূত্ৰ

বহিঃ সংযোগ

The complete work of Pasteur, BNF (Bibliothèque nationale de France)

Tags:

লুই পেষ্ট'ৰ প্ৰাৰম্ভিক জীৱনলুই পেষ্ট'ৰ বৈজ্ঞানিক অৱদানলুই পেষ্ট'ৰ সন্মান আৰু শেষৰ দিনকেইটালুই পেষ্ট'ৰ তথ্যসূত্ৰলুই পেষ্ট'ৰ অতিৰিক্ত পঠনলুই পেষ্ট'ৰ বহিঃ সংযোগলুই পেষ্ট'ৰen:Help:IPA for Englishen:WP:IPA for Frenchগাখীৰচিকিৎসা বিজ্ঞানৰোগৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

মানৱ ভূগোলনৱকান্ত বৰুৱাহয়গ্ৰীৱ মাধৱ মন্দিৰবিহুৰ সাজ-পোচাক আৰু অলংকাৰচন্দ্ৰপ্ৰভা শইকীয়ানীমহেশ্বৰ নেওগস্বাধীনতা দিৱস (ভাৰত)সদৌ অসম ছাত্ৰ সন্থানীলপৱন বৰুৱামামণি ৰয়ছম গোস্বামীৰ উপন্যাসবৰপেটাবিহুগীতনৱ-বৈষ্ণৱ ধৰ্মঅসমচিপাহী বিদ্ৰোহ ১৮৫৭অন্নপ্ৰাশনগোপীনাথ বৰদলৈ১ এপ্ৰিলসাহিত্য সমালোচনামালিনী থানচ'তউপনিষদড্যাউ ম্যা থ্বিনসংস্কৃত সাহিত্যমহক্ৰমবিকাশতামোলহেম বৰুৱাহেমচন্দ্ৰ বৰুৱাবাবৰী মছজিদপিঠাবেণুধৰ শৰ্মাচুতীয়া ৰাজ্যঅসমৰ সত্ৰসমূহৰ তালিকাযাদৱ পায়েংচানডুবি বিলৰামধেনু (আলোচনী)ডিব্ৰুগড়মাধৱদেৱআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাভাৰতৰ জলবায়ুভাৰতৰ জাতীয় পতাকাপদ্ম পুৰাণওজাপালিযতীন্দ্ৰ নাথ দুৱৰাড়তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ধ্বনিবিজ্ঞানগুৱাহাটীমোহনদাস কৰমচান্দ গান্ধীপদ্মনাথ গোহাঞি বৰুৱামুদ্ৰাস্ফীতিঅণুবীক্ষণ যন্ত্ৰকামাখ্যা মন্দিৰগুণাভিৰাম বৰুৱাভীমৰাও ৰামজী আম্বেদকাৰভৌতিক সংস্কৃতিকুমাৰী নাম আৰু বিবাহিত নামপ্ৰকৃতিসৰুআইচেংগিজ খানবুলু ফিল্মমুহাম্মাদযোৰানামঅসমৰ বৰষুণকবিতাআজান পীৰকীৰ্তন-ঘোষাবাগ্‌ধ্বনিকলেৰানৰেন্দ্ৰ মোদীউপভাষাভঠেলিজাতীয়তাবাদজাপানবৃত্ত🡆 More