গান্ধীনগৰ: গুজৰাটৰ ৰাজধানী নগৰ

গান্ধীনগৰ (ইংৰাজী: Gandhinagar) ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজধানী নগৰ। গান্ধীনগৰ ভাৰতৰ ৰাজনৈতিক ৰাজধানী দিল্লী আৰু ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মধ্যৱৰ্তী ঔদ্যোগিক কৰিড'ৰৰ পশ্চিম কেন্দ্ৰীয় পইণ্ট, আহমেদাবাদৰ প্ৰায় ২৩ কিলোমিটাৰ উত্তৰে অৱস্থিত।

গান্ধীনগৰ
—  ৰাজধানী নগৰ  —
Akshardham Gandhinagar Gujarat.jpgগান্ধীনগৰস্থিত অক্ষৰধাম মন্দিৰ
গান্ধীনগৰ is located in Gujarat
গান্ধীনগৰ: ইতিহাস, জনগাঁথনি, ভূগোল
গান্ধীনগৰ
গুজৰাটত অৱস্থান
ভৌগোলিক স্থানাংক: 23°13′23″N 72°39′00″E / 23.223°N 72.650°E / 23.223; 72.650
দেশ গান্ধীনগৰ: ইতিহাস, জনগাঁথনি, ভূগোল ভাৰত
ৰাজ্য গুজৰাট
জিলা গান্ধীনগৰ জিলা
Named for মহাত্মা গান্ধী
চৰকাৰ
 - প্ৰকাৰ মেয়ৰ–কাউঞ্চিল
 - পৰিষদ গান্ধীনগৰ পৌৰ নিগম
মাটিকালি
 - মুঠ ১৭৭ কি.মি. 
(৬৮.৩ বৰ্গ মাইল)
উচ্চতা ৮১ মিটাৰ (২৬৫.৭৫ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,৯২,১৬৭ জন
 - জনঘনত্ব ১,৬৫০.৭ প্ৰতি বৰ্গ কি.মি. 
(৪,২৭৫.২ প্ৰতি বৰ্গ মাইল)
ভাষা
 - আধিকাৰিক গুজৰাটী, হিন্দী আৰু ইংৰাজী
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
পিন ক'ড ৩৮২০১০
টেলিফোন ক'ড ০৭৯
যানবাহনৰ নম্বৰ GJ-18
ৱেবছাইট gujaratindia.com

গুজৰাটৰ নতুন ৰাজধানী গান্ধীনগৰ সাবৰমতী নদীৰ পশ্চিম পাৰে, ভাৰতৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ প্ৰায় ৪৫৫ কিলোমিটাৰ (৩৩৮ মাইল) উত্তৰে আৰু ৰাজনৈতিক ৰাজধানী দিল্লীৰ ৯০১ কিলোমিটাৰ (৫৬০ মাইল) দক্ষিণ-পশ্চিমে অৱস্থিত। হিন্দুসকলৰ পবিত্ৰ ধৰ্মস্থল অক্ষৰধাম মন্দিৰ গান্ধীনগৰত অৱস্থিত।

ইতিহাস

গান্ধীনগৰৰ পৰিকল্পনা কৰ্ণেল বিশ্ববিদ্যালয়ত শিক্ষিত মুখ্য স্থপতিবিদ এইচ কে মেৱাডা আৰু তেওঁৰ সহকাৰী প্ৰকাশ এম আপ্টেৰ দ্বাৰা কৰা হৈছে।

জনগাঁথনি

গান্ধীনগৰৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৯৪.৪৬%
মুছলমান
  
০৩.২৯%

২০০১ চনৰ লোকপিয়ল অনুসৰি গান্ধীনগৰৰ জনসংখ্যা ১,৯৫,৮৯১ জন। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৫৩% আৰু ৪৭%। গান্ধীনগৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৭.১১%। পুৰুষৰ সাক্ষৰতা ৮২% আৰু মহিলাৰ সাক্ষৰতা ৭৩%। গান্ধীনগৰৰ জনসংখ্যাৰ ১১% ০-৬ বছৰীয়া শিশু। গান্ধীনগৰৰ ৯৫%-ৰো অধিক জনসংখ্যা হিন্দু ধৰ্মাৱলম্বী লোক।

ভূগোল

গান্ধীনগৰৰ গড় উচ্চতা হ'ল ৮১ মিটাৰ (২৬৬ ফুট)। নগৰখন উত্তৰ-মধ্য-পূব গুজৰাটৰ সাবৰমতী নদীৰ পাৰত অৱস্থিত। গান্ধীনগৰৰ চাৰিওফালৰ ২০,৫৪৩ বৰ্গ কিলোমিটাৰ অঞ্চলটো গুজৰাটৰ ৰাজধানী ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। এই নগৰখন ২০৫ বৰ্গ কিলোমিটাৰ (৭৯ বৰ্গ মাইল)-লৈ বিস্তৃত হৈ আছে। নদীখন গ্ৰীষ্মকালত প্ৰায়েই শুকাই যায়, যাৰ ফলত নদীখনে জুৰিৰ ৰূপ লৈ লয়। ৫৪% সেউজীয়া অঞ্চলৰ সৈতে গান্ধীনগৰ ভাৰতৰ বৃক্ষ ৰাজধানী।

জলবায়ু

গান্ধীনগৰ
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
২.৬
 
২৮
১২
 
 
১.১
 
৩১
১৪
 
 
 
৩৬
১৯
 
 
০.৯
 
৪০
২৩
 
 
 
৪২
২৬
 
 
১০৯
 
৩৮
২৭
 
 
২৬৫
 
৩৩
২৬
 
 
২২০
 
৩২
২৫
 
 
১৭২
 
৩৩
২৪
 
 
১১
 
৩৬
২১
 
 
৮.৯
 
৩৩
১৭
 
 
২.৬
 
৩০
১৩
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত

গান্ধীনগৰ এক ক্ৰান্তীয় অঞ্চল। সেয়েহে ইয়াৰ জলবায়ু আদ্ৰ আৰু শুষ্ক।

চৰকাৰ আৰু ৰাজনীতি

১৯৬০ চনৰ ১ মে' তাৰিখে পূৰ্বৰ বোম্বাই ৰাজ্যৰ পূব অংশৰ ১৭খন জিলাৰে গুজৰাট ৰাজ্যৰ গঠন কৰা হয়। পিছত এই জিলাকেইখন পুনৰ্বিভাজিত কৰা হ'ল। ৰাজ্যখনত ৩৩খন প্ৰশাসনিক জিলা আছে। গান্ধীনগৰ গুজৰাট ৰাজ্যৰ এক ৰাজনৈতিক কেন্দ্ৰ।

২০১১ চনত কংগ্ৰেছে প্ৰথম পৌৰসভা নিৰ্বাচনত জয়লাভ কৰিছিল। মহেন্দ্ৰসিংহ ৰানা নগৰখনৰ প্ৰথম মেয়ৰ হ'ল। গান্ধীনগৰৰ বাবে লোকসভাৰ বৰ্তমান সদস্য হ'ল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-ৰ অমিত শ্বাহ

গান্ধীনগৰ ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ পশ্চিম কমাণ্ড প'ষ্টৰো ওচৰতে অৱস্থিত আৰু নগৰখনত কমাণ্ড চেণ্টাৰ এখনো আছে।

গান্ধীনগৰত শেহতীয়াকৈ গুজৰাট ৰাজ্যিক জৰুৰীকালীন দুৰ্যোগ পৰিচালনা কেন্দ্ৰ বিকাশ কৰা হৈছে।

পৰিবহণ আৰু যাতায়াত

গান্ধীনগৰ: ইতিহাস, জনগাঁথনি, ভূগোল 
গান্ধীনগৰৰ পথ

বিমান পৰিবহণ

আহমেদাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গান্ধীনগৰৰ পৰা ১৮ কিলোমিটাৰ দূৰৈত অৱস্থিত, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰদান কৰে।

ৰেল পৰিবহণ

গান্ধীনগৰ ৰাজধানী ৰেল ষ্টেশ্যন (GNC; জি এন চি) ছেক্টৰ ১৪-ত অৱস্থিত। পশ্চিমাঞ্চলত চলাচল কৰা বহুতো ট্ৰেইন গান্ধীনগৰেৰে হৈ যায়। বৰ্তমান এইখন ষ্টেশ্যনৰ পৰা পাঁচখন ট্ৰেইন চলাচল কৰে, য'ৰ তিনিখন এক্সপ্ৰেছ ট্ৰেইন আৰু দুখন MEMU ট্ৰেইন। জয়পুৰ-বান্দ্ৰা গৰীব ৰথ, দিল্লী আৰু হৰিদুৱাৰৰ বাবে হৰিদুৱাৰ মেইল আৰু ইন্দোৰ জংশ্যন BGৰ বাবে শান্তি এক্সপ্ৰেছ ট্ৰেইনকেইখন এই ষ্টেশ্যনেৰে হৈ চলাচল কৰা মুখ্য এক্সপ্ৰেছ ট্ৰেইন।

আহমেদাবাদৰ কালুপুৰত থকা আহমেদাবাদ ৰেল ষ্টেশ্যন (ADI) হ'ল আটাইতকৈ নিকটৱৰ্তী ৰেল জংশ্যন (২৫ কিলোমিটাৰ দূৰৈত) যিয়ে ভাৰতৰ সকলো প্ৰধান নগৰ আৰু নগৰৰ সৈতে যাতায়ত ব্যৱস্থা প্ৰদান কৰে। কাল'ল জংশ্যন ৰেল ষ্টেশ্যন (KLL)-ৰ পৰা উত্তৰ ভাৰত আৰু পূব ভাৰতত চলাচল কৰাৰ বাবে ভাৰতীয় ৰে'লপথ পৰিবহণ ব্যৱস্থা উপলব্ধ।

আহমেদাবাদ আৰু গান্ধীনগৰৰ বাবে মেট্ৰ'-লিংক এক্সপ্ৰেছ

গুজৰাটৰ পৰিচালনা সমিতিয়ে গান্ধীনগৰ আৰু আহমেদাবাদৰ বাবে মেট্ৰ'-লিংক এক্সপ্ৰেছ (মেট্ৰ'-লিংক এক্সপ্ৰেছ ফৰ গান্ধীনগৰ এণ্ড আহমেদাবাদ; MEGA) প্ৰস্তাৱিত কৰি নগৰখনত দ্ৰুত পৰিবহণৰ পৰিকল্পনা কৰিছে যাক আহমেদাবাদ মেট্ৰ' বুলিও জনা যায়। চাৰিটা কৰিড'ৰ থকা ছিষ্টেমটোৰ চুক্তি দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যন (DMRC; ডি এম আৰ চি)ক প্ৰদান কৰা হৈছিল, যিয়ে দিল্লী মেট্ৰ'ৰো পৰিচালনা কৰে। দিল্লী মেট্ৰ'য়ে ২০০৪-০৫ চনত প্ৰাক-সম্ভাৱনীয়তা সৰ্বেক্ষণ কৰিছিল। ২০০৩ চনত যেতিয়া প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছিল তেতিয়া ইয়াৰ বাবে ৪৫০০ কোটি টকা ধৈৰ্য্য কৰা হৈছিল যদিও পৰৱৰ্তী পোন্ধৰ বছৰলৈকে মেট্ৰ'ৰ কাৰ্য্য আৰম্ভ হোৱা নাছিল। কিন্তু আহমেদাবাদত মেট্ৰ' প্ৰকল্পৰ আংশিক সমাপ্তিৰ ফলত ২০১৯ চনত প্ৰকল্পটোৱে গতি লাভ কৰিছে।

ডি এম আৰ চি (দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যন লিমিটেড)-এ ইতিমধ্যে ইয়াৰ প্ৰযুক্তিগত-সম্ভাৱনীয়তা অধ্যয়ন কৰি প্ৰতিবেদন জমা দিছে।

তথ্য সংগ্ৰহ

বাহ্যিক লিংক

Tags:

গান্ধীনগৰ ইতিহাসগান্ধীনগৰ জনগাঁথনিগান্ধীনগৰ ভূগোলগান্ধীনগৰ জলবায়ুগান্ধীনগৰ চৰকাৰ আৰু ৰাজনীতিগান্ধীনগৰ পৰিবহণ আৰু যাতায়াতগান্ধীনগৰ তথ্য সংগ্ৰহগান্ধীনগৰ বাহ্যিক লিংকগান্ধীনগৰআহমেদাবাদইংৰাজী ভাষাগুজৰাটদিল্লীভাৰতমুম্বাই

🔥 Trending searches on Wiki অসমীয়া:

বেণুধৰ শৰ্মাদৰ্শনবিত্তীয় ব্যৱস্থাতিৱা জনগোষ্ঠীকাৰ্বি ভাষাঅনুবাদসাহিত্যথাই ভাষাপাৰ চৰাইজ'মাট'পুৰাণজল সংৰক্ষণপুঁজিবাদইণ্ডোনেছিয়াঅণুগল্পযক্ষ্মাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচলচ্চিত্ৰউইলিয়াম শ্বেইকছপীয়েৰগণিতমামণি ৰয়ছম গোস্বামীকৃষ্ণকান্ত সন্দিকৈৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া লোকসাহিত্যহিমবাহপ্ৰতিমা (কাব্য গ্ৰন্থ)সমাজঅসমত দেখা পোৱা সাপবোৰখ্ৰীষ্টান ধৰ্মঅসমীয়া প্ৰতিদিনমানস ৰাষ্ট্ৰীয় উদ্যানশিৱসাগৰ পুখুৰীমৃত্যুপৰিসংখ্যামই আৰু নেফাকোকৰাঝাৰ (লোকসভা সমষ্টি)সপ্তকাণ্ড ৰামায়ণমোৱামৰীয়া বিদ্ৰোহবিষুৱ ৰেখাবিহু নৃত্যউদ্ভিদভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাযাদৱ পায়েংখাদ্য সুৰক্ষাদিনভোলানাথ দাসআকাশবাণী গুৱাহাটীঅগ্নিগড়জুবিন গাৰ্গপঞ্চভুজহেমচন্দ্ৰ বৰুৱাচন্দ্ৰকুমাৰ আগৰৱালালোকসভাবুৰঞ্জী সাহিত্যআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিগদ্যবনঘোষালেটিন ভাষাআফগানিস্তানপৃথিৱীবৰ্মণ ৰাজবংশযৌন সংগমৰাজহুৱা ক্ষেত্ৰভূমি প্ৰদূষণঅপৰিমেয় সংখ্যাসংযুক্ত মুক্তি বাহিনী, অসমঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামুখমৈথুনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅন্নপ্ৰাশনভিটামিনভূগোললাচিত বৰফুকনপায়ু সংগম🡆 More