কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে। উদ্যানখনত ৫০০ বিধ বনৰীয়া অৰ্কিড, ১৩২ টা প্ৰজাতিৰ টেঙা ফল আৰু শাক পাচলি, ৪৬ বিধ বাঁহ, ১২টা প্ৰজাতিৰ বেত আৰু আন বহুতো উদ্ভিদৰ লগতে বিভিন্ন প্ৰজাতিৰ স্থানীয় মাছ আছে।

অৰ্কিড

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান 
উদ্যান খনত থকা অৰ্কিডৰ ছবি

পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে ; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়। পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে ; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে উত্তৰ-পূব ভাৰত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৬০০ তকৈও অধিক প্ৰজাতিৰ বন্য অৰ্কিডৰ বাসস্থান। দৰ্শনাৰ্থীসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাবলৈ প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰাৰ বাবে এই ধুনীয়া অৰ্কিড সমূহ বন্য অৱস্থাৰ মাজত ৰখা হৈছে।

ধানৰ সংগ্ৰহালয়

কাজিৰঙা অৰ্কিড পাৰ্কত বিশেষজ্ঞৰ দলে চাউলৰ স্থানীয় নমুনা সংগ্ৰহ কৰিছে। তেওঁলোকে নমুনা সমূহৰ ইতিহাস সংগ্ৰহ কৰে আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলত খেতি কৰা ২০০ তকৈও অধিক প্ৰকাৰৰ চাউলৰ ভঁৰাল পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে।

মাছ সংৰক্ষণ

অসমৰ জাতীয় ঐতিহ্যৰ এটা অংশ মাছ বিভিন্ন কাৰণত নদী, বিল আৰু পুখুৰীৰ পৰা দ্ৰুতগতিত নাইকিয়া হৈ আহিছে। পৰীক্ষামূলকভাৱে কাজিৰঙা অৰ্কিড পাৰ্কৰ বিশেষজ্ঞৰ দলে কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰত থকা দুটা পুখুৰীত মাছৰ থলুৱা প্ৰজাতি সংগ্ৰহ আৰু বাছনি কৰিছিল আৰু সংৰক্ষণ কৰিছিল। উদ্যানখনত নৌকাবিহাৰৰ সুবিধাও উপলব্ধ।

লোক সংস্কৃতি অনুশীলন

কাজিৰঙা অৰ্কিড উদ্যানখনত অসমৰ স্থানীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে এটা কেন্দ্ৰও আছে। এই কলা সমূহ নিয়মীয়াকৈ আহি থকা পৰ্যটকসকলক দেখুওৱা হয়। কাজিৰঙা অৰ্কিড উদ্যানলৈ যোৱা পৰ্যটকসকলেও উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰো সুযোগ পায়।

তথ্য উৎস

Tags:

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান অৰ্কিডকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান ধানৰ সংগ্ৰহালয়কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান মাছ সংৰক্ষণকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান লোক সংস্কৃতি অনুশীলনকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান তথ্য উৎসকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানঅসমঅৰ্কিডগোলাঘাট

🔥 Trending searches on Wiki অসমীয়া:

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভূপাল দুৰ্ঘটনাকাঞ্চন (উপন্যাস)হেমচন্দ্ৰ গোস্বামীঝুমৰঅসমীয়া লিপিৰ বুৰঞ্জীকুঁহিয়াৰঅসমৰ সাহিত্যিকসকলৰ তালিকানগা জনগোষ্ঠী৩১ মাৰ্চমহিম বৰাটি এছ ইলিয়টআয়ুৰ্বেদসৰুআইলোকসভাপৰিৱেশ অধ্যয়নপঞ্চায়তী ৰাজচাপাটিকেঁচুসাৰৰাজনৈতিক দলয়অসমৰ মহকুমাসমূহৰ তালিকাভাৰতীয় জনতা পাৰ্টিজ্যোতিপ্ৰসাদ আগৰৱালামামণি ৰয়ছম গোস্বামীহেম সৰস্বতীকপৌ ফুলশংকৰপালীভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকামহা মৃত্যুঞ্জয় মন্দিৰনামদাঙৰ শিলৰ সাঁকোপাইথেগাৰাছআনন্দৰাম বৰুৱাশিৱসাগৰ পুখুৰীউষ্ণতাহমফবিয়াহেমচন্দ্ৰ বৰুৱাকামাখ্যা মন্দিৰউপনিষদৰাজিয়া চুলতানামানৱতাবাদভূপেন হাজৰিকালতাকটা ৰণকুলিভাৰতবগেজাৰী গীতঅন্ধ্ৰপ্ৰদেশভূ-বিজ্ঞানগুপ্ত সাম্ৰাজ্যভেঁকুৰউত্তৰ-পূব ভাৰতস্তন্যপানম’বাইল ফোনসাঁচিগছঅসমৰ শাক-পাচলিৰ তালিকাপ্ৰাকৃতিক সম্পদঅভিধানজৈৱিক কৃষিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআত্মজীৱনীঅণুগল্পজালিয়ানৱালাবাগৰ হত্যাকাণ্ডপায়ু সংগমভাৰতীয় নাগৰিকত্ব আইনভাৰতৰ ইতিহাসভাৰতৰ স্বাধীনতা আন্দোলনগুৱাহাটী বিশ্ববিদ্যালয়কথা কবিতাপৰিৱেশ তন্ত্ৰকামৰূপী উপভাষানাৰীবাদী তত্ত্বজয়মতী কুঁৱৰীসংযুক্ত মুক্তি বাহিনী, অসমসাহিত্যৰ সমাজতত্ত্বপাঠ্যক্ৰমঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিআইন অমান্যকুমাৰী নাম আৰু বিবাহিত নামনাৰায়ণদেৱ🡆 More