ভূপাল দুৰ্ঘটনা

১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন (UCC)-ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (UCIL; বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট (MIC) বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। এই দুৰ্ঘটনাটোক ভূপাল দুৰ্ঘটনা বা ভূপালত গেছৰ শোকাৱহ ঘটনা হিচাপে আখ্যা দিয়া হয়। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।

ভূপাল দুৰ্ঘটনা
বিষাক্ত গেছৰ বাবে মৃত্যুবৰণ কৰা আৰু ঘূণীয়া সকলৰ স্মৃতিত ওলন্দাজ শিল্পী ৰুথ কুফাৰস্কিমিডিটে নিৰ্মাণ কৰা স্মৃতিসৌধ
বিষাক্ত গেছৰ বাবে মৃত্যুবৰণ কৰা আৰু ঘূণীয়া সকলৰ স্মৃতিত ওলন্দাজ শিল্পী ৰুথ কুফাৰস্কিমিডিটে নিৰ্মাণ কৰা স্মৃতিসৌধ
দিনাংক ২ ডিচেম্বৰ ১৯৮৪ (1984-12-02) – ৩ ডিচেম্বৰ ১৯৮৪ (1984-12-03)
স্থান ভূপাল, মধ্যপ্ৰদেশ, ভাৰত
স্থানাংক 23°16′51″N 77°24′38″E / 23.28083°N 77.41056°E / 23.28083; 77.41056 77°24′38″E / 23.28083°N 77.41056°E / 23.28083; 77.41056
মৃত্যু অতি কমেও ৩,৭৮৭; প্ৰায় ১৬,০০০ জনৰ হৈ দাবী
আহত অতি কমেও ৫,৫৮,১২৫

উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃত্যুৰ সংখ্যা ২,২৫৯। ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে। ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল। ভাৰত চৰকাৰ আৰু স্থানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্থাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ ওভতনি প্ৰবাহ হয় আৰু দুৰ্ঘটনাটোৰ সূত্ৰপাত হয়। আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায় আৰু বৃহৎমাত্ৰাত MIC নিগৰ্মন হয়।

UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল। কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ পুনৰ প্ৰৰণ কৰিছিল। UCC, UCIL আৰু UCC ৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডাৰছেনক সাঙুৰি দেৱানী আৰু অপৰাধমূলক গোচৰ ভূপালৰ জিলা আদালততো দিয়া হৈছিল। ২০১০ চনৰ জুন মাহত সেই সময়ৰ অধ্যক্ষকে ধৰি ৮জন (এজনৰ ইতিমধ্যে মৃত্যু হয়) কৰ্মচাৰীক তেওঁলোকে নিজ কামত কৰা গাফিলতিয়ে সহসৃজনৰ প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ভাৰতীয় কানুন মতে ২ বছৰৰ কাৰাদণ্ড আৰু প্ৰত্যেকজনকে ২০০০ ডলাৰৰ জৰিমনা ভৰায়।

তথ্যউৎস

বাহ্যিক সংযোগ

Tags:

ভাৰতমধ্যপ্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

নিৰ্ম্মল ভকতফলৰ তালিকাসূৰ্যঅশোকৰ অনুশাসনঅসম বৈভৱ বঁটাবড়ো সাহিত্য সভাগামখাৰুঅংকীয়া নাটতলাতল ঘৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহকনকলতা বৰুৱাচিত্ৰ-ভাগৱতৰাভা জনগোষ্ঠীগান্ধীবাদমায়ংকৃষ্ণমোহনদাস কৰমচান্দ গান্ধীজোনবিৰি (অলংকাৰ)শিৱনাথ বৰ্মনপ্ৰযুক্তিগোপীনাথ বৰদলৈমণিৰাম দেৱানঅসমৰ শাক-পাচলিৰ তালিকামোগল সাম্ৰাজ্যনাটকতথ্যভিয়েটনামমৌলানা আব্দুল হামিদ খান ভাসানীলোকগীতৰবীন্দ্ৰনাথ ঠাকুৰবাল্য বিবাহ নিষেধ আইন, ২০০৬স্বামী বিবেকানন্দবৰ্মণ ৰাজবংশশৰ্মা মন্ত্ৰীসভাচন্দ্ৰকুমাৰ আগৰৱালাঅসমীয়া কবিতাৰ ইতিহাসকীৰ্তন-ঘোষাজ্যোতিপ্ৰসাদ আগৰৱালাফ্ৰান্সভাৰতত নাৰীবাদভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাজৈন ধৰ্মবনঘোষাকামৰূপ ৰাজ্যচৰাইস্বৰাজদেওধনী নৃত্যনাৰী সবলীকৰণঅসমৰ সাহিত্যিকসকলৰ তালিকাযাদৱ পায়েংনামদাঙৰ শিলৰ সাঁকোপোহৰৰ বেগশিলঘাটবাথৌ পূজাসত্ৰীয়া নৃত্যচুটিগল্পগুণমালানতুন দিল্লীগণৰাজ্য দিৱস (ভাৰত)আইনামপাইথেগাৰাছখিলঞ্জীয়া লোকভ্ৰাম্যমাণ থিয়েটাৰভঠেলিআত্মসহায়ক গোটবিঘাচাহেবপুৰাৰ বৰষুণগদী ভাষাকল্পনা সাহিত্যবৰষুণপঃৰাগবিহু নৃত্যপ্ৰদূষণঅসমৰ মহকুমাসমূহৰ তালিকা🡆 More