পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে। একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ যোজ্যতা একে আৰু ৰাসায়নিক ধৰ্মও প্ৰায় সদৃশ। পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ ধনাত্মকতা ক্ৰমান্বয়ে কমি যায়, ঋণাত্মকতা বাঢ়ি যায়। বহল পৰ্য্যাবৃত্ত তালিকাত লেন্থেনইড আৰু এক্টিনইডক ধৰি ৯টা পৰ্য্যায় আছে। ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলীভে ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে। ১৯১৩ চনত হেনৰী ম’জেলে পাৰমাণবিক সংখ্যাৰ ভিত্তিত আধুনিক পৰ্য্যাবৃত্ত তালিকা প্ৰস্তুত কৰে।
বৰ্গ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ক্ষাৰ ধাতু | ক্ষাৰীয় মৃত্তিকা ধাতু | নিক্ট'জেন | চেলক'জেন | হেল'জেন | আদৰ্শ গেছ | ||||||||||||||
পৰ্যায় ১ | |||||||||||||||||||
২ | |||||||||||||||||||
৩ | |||||||||||||||||||
৪ | |||||||||||||||||||
৫ | |||||||||||||||||||
৬ | |||||||||||||||||||
৭ | |||||||||||||||||||
১ (ৰঙা)=গেছ ৩ (কলা)=কঠিন ৮০ (সেউজীয়া)=তৰল ১০৯ (ধোঁৱা-বৰণীয়া)=অজ্ঞাত পাৰমাণৱিক সংখ্যাৰ ৰঙে পদাৰ্থৰ অৱস্থা (০ °C আৰু ১ atm ত) দেখুৱাইছে।
পৃষ্ঠভূমিৰ ৰঙে ধাতু–ধাতুকল্প–অধাতুৰ প্ৰৱণতাত উপশ্ৰেণী দেখুৱাইছে:
ধাতু | ধাতুকল্প | অধাতু | অজ্ঞাত ৰাসায়নিক ধৰ্ম | |||||||
ক্ষাৰ ধাতু | ক্ষাৰীয় মৃত্তিকা ধাতু | লেণ্ঠেনাইড | এক্টিনাইড | সংক্ৰমণ ধাতু | সংক্ৰমণোত্তৰ ধাতু | বিক্ৰিয়াত্মক অধাতু | আদৰ্শ গেছ |
This article uses material from the Wikipedia অসমীয়া article পৰ্যাবৃত্ত তালিকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.