৮ ডিচেম্বৰ: তাৰিখ

৮ ডিচেম্বৰ (ইংৰাজী: 8 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪২তম (অধিবৰ্ষত ৩৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

ঘটনাৱলী

  • ২০২১ - ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ বিমান দুৰ্ঘটনা। সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ ১২জনৰ অপঘাত মৃত্যু। নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ।

জন্ম

  • ১৭২০ - বালাজীৰাও ভাট যাক নানা চাহেব প্ৰথম বুলিও জনা যায়, ভাৰতৰ মাৰাঠা সাম্ৰাজ্যৰ অষ্টম সম্ৰাট আছিল। ১৭৪০ চনত তেওঁৰ প্ৰসিদ্ধ পিতৃ বাজিৰাও প্ৰথমৰ মৃত্যুত তেওঁক সম্ৰাট হিচাপে নিযুক্তি দিয়া হয়। বালাজী বাজিৰাও এজন চতুৰ ৰণনীতিবিদ, কূটনীতিবিদ আৰু দক্ষ ৰাজনীতিবিদ আছিল। তেওঁ তেওঁৰ সম্পৰ্কীয় ভাই সদাশিৱৰাও ভাটৰ সৈতে ৰাজ্যখনত নতুন আইনী আৰু বিত্তীয় ব্যৱস্থা প্ৰৱৰ্তন কৰে। তেওঁৰ নেতৃত্বত, মাৰাঠা সাম্ৰাজ্যৰ সীমা বৰ্তমানৰ পাকিস্তানৰ পেছাৱাৰ, দক্ষিণৰ শ্ৰীৰঙ্গপত্তনম আৰু বৰ্তমানৰ পশ্চিম বংগৰ মেদিনীপুৰলৈ সম্প্ৰসাৰিত হৈছিল। নানাচাহেবে পুনেৰ ৰাজধানী চহৰ আৰু মাৰাঠা সাম্ৰাজ্যৰ অন্যান্য অংশত পৰ্যটকৰ বাবে দলং, মন্দিৰ আৰু লজ নিৰ্মাণ কৰিছিল। মৃত্যু ২৩ জুন, ১৭৬১।
  • ১৯০০ - উদয় শংকৰ, ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা।
  • ১৯৩৫ - ধৰম সিং দেউল যাক ধৰ্মেন্দ্ৰ বুলি জনা যায়, এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। বলীউডৰ প্ৰথম "He-Man" হিচাপে পৰিচিত ধৰ্মেন্দ্ৰই ছয় দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত ৩০১ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে। তেওঁ হিন্দী চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম সফল অভিনেতা। ১৯৯৭ চনত হিন্দী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাজস্থানৰ বিকানেৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ভাৰতৰ পঞ্চদশ লোকসভাৰ সদস্য হৈছিল। ২০১২ চনত, তেওঁক ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
  • ১৯৪৪ - শৰ্মিলা ঠাকুৰ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। বেগম আয়েশা চুলতানা নামেৰেও জনাজাত। মুখ্যতঃ হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত তেওঁ কাম কৰিছিল। তেওঁ হিন্দী চলচ্চিত্ৰত শক্তি সামন্তৰ ৰোমাণ্টিক ছবি কাশ্মীৰ কি কলি(১৯৬৪)ৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল। শৰ্মিলা ঠাকুৰে তেওঁৰ অভিনয় জীৱনত দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটাকৈ ফিল্মফেয়াৰ বঁটা আৰু ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছে। অভিনয়ৰ উপৰিও, ঠাকুৰে অক্টোবৰ ২০০৪ৰ পৰা মাৰ্চ ২০১১লৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০০৫ চনৰ ডিচেম্বৰত, তেওঁক ইউনিচেফগুডউইল এম্বেচেডৰ হিচাপে বাছনি কৰা হয়। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক প্ৰদৰ্শন কলাৰ জৰিয়তে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।
  • ১৯৭১ - গীতা গোপীনাথ, ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৯৩ - শিৱ থাপা, এজন ভাৰতীয় বক্সাৰ। অলিম্পিক গোল্ড কোৱেষ্ট আৰু এংলিয়ান মেডেল হান্ট কোম্পানীৰ সমৰ্থনত শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। এ আই বি‌ এ পুৰুষৰ বিশ্ব ৰেংকিঙত শিৱ থাপা বেণ্টমৱেট শ্ৰেণীত তৃতীয় স্থানত আছে। তেওঁ এছিয়ান গেমছত স্বৰ্ণ জয় কৰা তৃতীয় ভাৰতীয়। তাৰোপৰি এ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা শিৱ থাপা তৃতীয় ভাৰতীয় বক্সাৰ। তেওঁ এতিয়া মিডলেণ্ড ক্ৰেডিট মেনেজমেণ্টৰ একাউণ্ট মেনেজাৰ। থাপা আন্তৰ্জাতিক বক্সিং সংস্থা (অপেচাদাৰী) এথলীট কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

মৃত্যু

  • ২০০২ - জুনুমণি শইকীয়া, আন্তৰ্জাতিক এথ্লীট্। অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল তাৰকা। জুনুমণি আৰু তেওঁৰ সতীৰ্থসকলে ১৯৯২ চনত নতুন দিল্লীত জুনিয়ৰ এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিটত ৪x১০০ মিটাৰ ৰিলেত এটা মিট ৰেকৰ্ড স্থাপন কৰিছিল। তেওঁ ১৯৯১ত বেইজিংত হোৱা এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও জুনুমণি শইকীয়াই ১৯৯১ চনত কলম্বোত অনুষ্ঠিত ছাউথ এছিয়ান গেমছত ৰূপৰ পদক জিকিছিল, লগতে কুৱালালমপুৰত অনুষ্ঠিত হোৱা নৱম এথলেটিকছ এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত জুনুমণিয়ে চণ্ডীগড়(১৯৮৮) আৰু কটক(১৯৯০)ত অনুষ্ঠিত হোৱা ক্ৰমে ৩৩ সংখ্যক আৰু ৩৪ সংখ্যক বিদ্যালয়সমূহৰ খেলত ১০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল। তেওঁ জলন্ধৰত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত মাত্ৰ ১২.৩ ছেকেণ্ডত ১০০ মিটাৰ‌দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক লাভ কৰিছিল। আৰু ১৯৮৯ চনত বাংগালোৰৰ চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইগৰাকী অসমীয়া চেম্পিয়ন এথলীটৰ জন্ম হৈছিল ১৯৭৩ চনত মাজুলীত।
  • ২০২১ - বিপিন ৰাৱাট ভাৰতীয় সামৰিক বিষয়া আছিল যি ভাৰতীয় সেনাৰ চাৰিতাৰকাযুক্ত মুখ্য সেনাধ্যক্ষ আছিল। ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ২০২১ চনৰ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱালৈকে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিডিএছ ৰ দায়িত্ব লোৱাৰ আগতে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ কমিটিৰ (অধ্যক্ষ চিঅ'এছচি) ৫৭তম অধ্যক্ষ আৰু লগতে ভাৰতীয় সেনাৰ ২৬তম সেনা প্ৰধান (চিঅএএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জন্ম ১৬ মাৰ্চ, ১৯৫৮।

দিৱস

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ

Tags:

৮ ডিচেম্বৰ ঘটনাৱলী৮ ডিচেম্বৰ জন্ম৮ ডিচেম্বৰ মৃত্যু৮ ডিচেম্বৰ দিৱস৮ ডিচেম্বৰ বাহ্যিক সংযোগ৮ ডিচেম্বৰ তথ্য সংগ্ৰহ৮ ডিচেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসম আৰক্ষীঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসম সাহিত্য সভামনোবিজ্ঞানগৌতম বুদ্ধদৈনিক বাতৰিপ্ৰকৃতিভাৰতৰ স্বাধীনতা আন্দোলনউদাৰনৈতিকতাবাদশব্দনিমাতী কইনামামণি ৰয়ছম গোস্বামীৰ উপন্যাস৭ ফেব্ৰুৱাৰীদেউৰী জনগোষ্ঠীকামদেৱঅসমৰ পৰম্পৰাগত সাজ-পাৰসিন্ধু সভ্যতাস্বামী বিবেকানন্দঅসমীয়া ভাষাৰ শব্দসম্ভাৰড়অণুগল্পঅপাৰেটিং চিষ্টেমকবিতাঅষ্ট্ৰেলিয়াবসন্ত ঋতুভাৰতৰ সংৰক্ষণ ব্যৱস্থাভট্টদেৱৰ গদ্যশৈলীৰেখামহাকাব্যআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডশকুন্তলাবহনক্ষম ভূমি ব্যৱস্থাপনামানস ৰাষ্ট্ৰীয় উদ্যানযক্ষ্মাএককোষী জীৱচৰাইনীতি আয়োগপৰ্যাবৃত্ত তালিকাথমাছ আলভা এডিচনৰাষ্ট্ৰসংঘ দিৱসলখিমপুৰ জিলাভূৱন মোহন বৰুৱাসাপপাঠ্যক্ৰমমানৰ অসম আক্ৰমণঅগ্নিগড়ভাৰতীয় মহাকাশ গৱেষণা সংস্থাগ্ৰহযাদৱ পায়েংদৰ্শনডিগবৈ তেল শোধনাগাৰঅসমৰ লোকবাদ্যনেপোলিয়ন বোনাপাৰ্টশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯চাইকেলমানৱ শৰীৰগমধৰ কোঁৱৰমালিতাবিশ্ব মেলেৰিয়া দিৱসবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণজোৰোণকালিদাসমোহনদাস কৰমচান্দ গান্ধীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাউদ্বিগ্নতাসন্ধিকানাই বৰশী বোৱা শিলালিপিনামনি অসম🡆 More